গুগল লেন্স
| বিকাশক | গুগল |
|---|---|
| প্ৰথম মুক্তি | মে ২০১৭ |
| অপাৰেটিং চিষ্টেম | এণ্ড্ৰইড, iOS, ChromeOS |
| ৱেবছাইট | https://lens.google/ |
গুগল লেন্স (ইংৰাজী: Google Lens) হৈছে গুগল কোম্পানীৰদ্বাৰা বিকশিত এক চিত্ৰ চিনাক্তকৰণ সঁজুলি বা ভিজুৱেল চাৰ্চ সঁজুলি। যিয়ে ব্যৱহাৰকাৰীৰ ফোনৰ কেমেৰা ব্যৱহাৰ কৰি কোনো বস্তু, ফুল, ফল, জন্তু, লিখনি, স্থান বা অন্য কোনো সামগ্ৰী চিনাক্তকৰণ কৰি সেই সম্পৰ্কীয় তথ্যৰ যোগান ধৰে।[1]
ইতিহাস আৰু বিকাশ
[সম্পাদনা কৰক]গুগল লেন্স প্ৰথমবাৰৰ বাবে গুগল আই/ও (Google I/O) ২০১৭ অনুষ্ঠানত গুগলৰ চিফ এক্সিকিউটিভ অৱিচাৰ ছুন্দৰ পিচাইৰদ্বাৰা ঘোষণা কৰা হৈছিল। আৰম্ভণিতে এই সুবিধা কেৱল গুগল পিক্সেল শ্ৰেণীৰ ফোনৰ বাবে উপলব্ধ আছিল, কিন্তু পাছত ২০১৮ চনৰপৰা সকলো এণ্ড্ৰইড আৰু iOS ব্যৱহাৰকাৰীৰ বাবে উন্মুক্ত কৰা হয়। গুগল লেন্স প্ৰথমতে গুগল সহায়ক (Google Assistant) আৰু গুগল ফটোছ (Google Photos)ৰ অংশ হিচাপে প্ৰৱেশ কৰিছিল। তাৰপাছত, গুগল ক্ৰ'মব্ৰাউজাৰতো “Search with Google Lens” ৰূপে সংহিত কৰা হয়।[2]
কাৰ্যপদ্ধতি
[সম্পাদনা কৰক]গুগল লেন্সে দীপ লাৰ্নিং (Deep Learning), নিউৰেল নেটৱৰ্ক (Neural Network), আৰু মেশিন ভিছন (Machine Vision) প্ৰযুক্তি ব্যৱহাৰ কৰি চিত্ৰ বিশ্লেষণ কৰে। কেমেৰাৰ জৰিয়তে কোনো বস্তু বা লিখনি ধৰা পৰাৰ লগে লগে সেইটো চিনি, বিৱৰণ, বা সম্পৰ্কিত ফলাফল দেখুৱায়। প্ৰযুক্তিটোৱে তলত দিয়া ধৰণে কাম কৰে —
- চিত্ৰৰ মুখ্য অংশ চিনাক্ত কৰে।
- গুগলৰ ডেটাবেচৰ সৈতে মিলাই বস্তুটো চিনে।
- তদনুৰূপ তথ্য, লিংক বা অনুবাদ প্ৰদৰ্শন কৰে।
মুখ্য বৈশিষ্ট্য
[সম্পাদনা কৰক]বস্তু চিনাক্তকৰণ: ফুল, গছ, জন্তু, গাড়ী, যন্ত্ৰ, খোৱা-খাদ্য, ইত্যাদি চিনাক্ত কৰি নাম আৰু তথ্য প্ৰদৰ্শন কৰে।
লিখনি চিনাক্তকৰণ (OCR): কাগজ বা ফলকত থকা লিখা কপি, অনুবাদ, বা সংৰক্ষণ কৰিবলৈ ব্যৱহৃত হয়।
স্থান চিনাক্তকৰণ: কোনো স্থান, দেৱালয়, প্ৰতিমূৰ্তি, বা লেণ্ডমাৰ্ক চিনাক্ত কৰি মানচিত্ৰৰ তথ্য দেখুৱায়।
অনুবাদ: ফটোত থকা লিখা তৎক্ষণাৎ অন্য ভাষালৈ অনুবাদ কৰা যায়।
বাণিজ্যত সহায়: কোনো সামগ্ৰী চিনাক্ত কৰি অনলাইন দোকানৰ লিংক প্ৰদৰ্শন কৰে।
গাণিতিক সমস্যা সমাধান: শিক্ষাৰ ক্ষেত্ৰত গাণিতিক বা বৈজ্ঞানিক সমস্যা চিনাক্ত কৰি ব্যাখ্যা প্ৰদৰ্শন কৰে।
ব্যৱহাৰ ক্ষেত্ৰ
[সম্পাদনা কৰক]- শিক্ষা: গাণিতিক সূত্ৰ, ইতিহাস, বিজ্ঞান ইত্যাদি চিনাক্ত কৰি বিৱৰণ দিয়ে।
- ভ্ৰমণ: কোনো স্থান বা সঁজুলি চিনাক্ত কৰি পৰ্যটন তথ্য প্ৰদৰ্শন কৰে।
- কৰ্মক্ষেত্ৰ: লিখা স্কেন কৰি ডিজিটেল ৰূপত সংৰক্ষণ।
- কৃষি আৰু প্ৰকৃতি: গছ,ফুল,শাক-পাচলি আদিৰ ৰোগ চিনাক্তকৰণ লগতে প্ৰতিৰোধৰ বিষয়ে তথ্য লাভ কৰে।
- স্বাস্থ্য: জন্তু বা খাদ্য চিনাক্ত কৰি পুষ্টি তথ্য প্ৰদৰ্শন।
প্ৰভাৱ আৰু প্ৰয়োগ
[সম্পাদনা কৰক]গুগল লেন্সে কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তিৰ দৈনন্দিন ব্যৱহাৰ সহজ কৰি তুলিছে। এই প্ৰযুক্তিৰ ফলত দৃষ্টিনিৰ্ভৰ অনুসন্ধান (Visual Search)ৰ নতুন যুগ আৰম্ভ হৈছে। শিক্ষাৰপৰা বাণিজ্যলৈকে সকলো ক্ষেত্ৰতে ইয়াৰ প্ৰয়োগ বৃদ্ধি পাইছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Google Lens app gets two new features". The Times of India. https://timesofindia.indiatimes.com/gadgets-news/google-lens-app-gets-two-new-features/articleshow/69568473.cms.
- ↑ "Google Lens app gets two new features". The Times of India. https://timesofindia.indiatimes.com/gadgets-news/google-lens-app-gets-two-new-features/articleshow/69568473.cms.
