গুণ্ডিচা মন্দিৰ
| গুণ্ডিচা মন্দিৰ | |
|---|---|
গুণ্ডিচা মন্দিৰ | |
| স্থান | |
| দেশ | ভাৰত |
| ৰাজ্য | ওড়িশা |
| জিলা | পুৰী |
| এলেকা | বড়শংখ |
| স্থানাংক | 19°49′00.9″N 85°50′25.3″E / 19.816917°N 85.840361°Eস্থানাংক: 19°49′00.9″N 85°50′25.3″E / 19.816917°N 85.840361°E |
| ইতিহাস | |
| মন্দিৰ ফলক | শ্ৰী জগন্নাথ মন্দিৰ প্ৰশাসন, পুৰী |
| ৱেবছাইট | www |
গুণ্ডিচা মন্দিৰ (ওড়িয়া: ଗୁଣ୍ଡିଚା ମନ୍ଦିର), হৈছে ভাৰতৰ ওড়িশা ৰাজ্যৰ মন্দিৰ চহৰত পুৰীত অৱস্থিত এটা হিন্দু মন্দিৰ। ই পুৰীত উদ্যাপিত বাৰ্ষিক ৰথ যাত্ৰাৰ গন্তব্যস্থান হোৱাৰ বাবে বিখ্যাত।[1] বছৰৰ বেছিভাগ সময় খালী হৈ থকাৰ বিপৰীতে বাৰ্ষিক ৰথ যাত্ৰা উৎসৱৰ সময়ত প্ৰতি বছৰে সম্পূৰ্ণ সাত দিন (ৰথ যাত্ৰাৰ আৰম্ভণি আৰু সামৰণি দিনকে ধৰি মুঠ ৯ দিন) জগন্নাথ, তেওঁৰ ভাতৃ বলোভদ্ৰ আৰু ভগ্নী সুভদ্ৰাৰ প্ৰতিমূৰ্তিয়ে বসবাস কৰে।
মন্দিৰ
[সম্পাদনা কৰক]জগন্নাথৰ "উদ্যান ঘৰ" নামেৰে পৰিচিত, গুণ্ডিচা মন্দিৰটো এটি সুন্দৰ উদ্যানৰ মাজত অৱস্থিত, যি সকলো দিশৰ পৰা দেৱালেৰে ঘেৰি ৰখা। এই মন্দিৰটো শ্ৰীমন্দিৰৰ পৰা প্ৰায় ৩ কিল'মিটাৰ দূৰত্বত অৱস্থিত, যি জগন্নাথৰ মুখ্য মন্দিৰ। এই দুয়োটা মন্দিৰ বড় দাণ্ড (গ্ৰেণ্ড এভিনিউ)-ৰ দুয়োটা প্ৰান্তত অৱস্থিত, যিটো ৰথযাত্ৰাৰ পথ হিচাপে ব্যৱহৃত হয়।
এই মন্দিৰটো হালধীয়া-ধূসৰ ৰঙৰ বালি-পাথৰৰে নিৰ্মিত আৰু স্থাপত্য শৈলীত ই সাধাৰণ কলিংগ স্থাপত্যৰ নিদৰ্শনত নিৰ্মিত।[2] মন্দিৰ পৰিসৰত চাৰিটা মুখ্য অংশ আছে: বিমান (গাৰ্ভগৃহ থকা শিখৰ), জগমোহন (সমাবেশ কক্ষ), নৃত্য-মণ্ডপ (উৎসৱ মণ্ডপ), আৰু ভোগ-মণ্ডপ (নৈৱেদ্যৰ কক্ষ)। এইবোৰৰ উপৰিও এটি সৰু পথেদি সংযুক্ত ৰান্ধনীশালো আছে।[3] মন্দিৰটো এখন উদ্যানৰ মাজত অৱস্থিত[2] আৰু "ভগৱানৰ গ্ৰীষ্মকালীন উদ্যান নিবাস" অথবা জগন্নাথৰ উদ্যান ঘৰ নামেৰে জনাজাত।[4] সমগ্ৰ পৰিসৰটো দেৱালেৰে ঘেৰি ৰখা।
গাৰ্ভগৃহত এখন সৰল ওপৰলৈ তোলা মঞ্চ থাকে, যাৰ উচ্চতা ৪ ফুট, দৈৰ্ঘ্য ১৯ ফুট, যিটো ক্ল'ৰাইট পাথৰেৰে নিৰ্মিত আৰু যাক ৰত্নবেদী বুলি কোৱা হয়, য'ত দেৱতাসকল ৰথযাত্ৰাৰ সময় পূজিত হয়।[3] মন্দিৰটোত দুটা প্ৰৱেশদ্বাৰ আছে: পশ্চিম দিশৰ দুৱাৰখন মুখ্য প্ৰৱেশদ্বাৰ, যাৰ জৰিয়তে দেৱতাসকল ৰথযাত্ৰাৰ সময় মন্দিৰত প্ৰৱেশ কৰে। পূব দিশৰ দুৱাৰখন নাকাচানা দুৱাৰ নামেৰে জনাজাত, যাৰ জৰিয়তে দেৱতাসকল বাহিৰলৈ ওলাই যায়।[3]
প্ৰতি বছৰৰ ৰথযাত্ৰাৰ ৯ দিনৰ বাহিৰে মন্দিৰটো গোটেই বছৰ খালী থাকে। পৰ্যটকে এই মন্দিৰত প্ৰৱেশৰ বাবে কোনো মাচুল দিব নালাগে। বিশ্বাস কৰা হয় যে, জগন্নাথে তেওঁৰ সকলো ভক্তক সমানে আদৰ কৰে। মন্দিৰত ধনী বা দৰিদ্ৰ বুলি কথা নাই, সকলোৱে একে নিয়ম অনুসৰণ কৰিব লাগে। মূল মন্দিৰত বিদেশীৰ প্ৰৱেশ নিষিদ্ধ থাকিলেও, এই সময়ছোৱাত তেওঁলোকে গুণ্ডিচা মন্দিৰত প্ৰৱেশ কৰিব পাৰে।[5]
এই মন্দিৰ জগন্নাথ মন্দিৰ প্ৰশাসন, পুৰীৰ অধীনস্থ — যি মুখ্য মন্দিৰটোৰ শাসক সংস্থা। এটি সৰু দলৰ সেৱকসকলে মন্দিৰটো চোৱা-চিতা কৰে[3]।
ৰথযাত্ৰা
[সম্পাদনা কৰক]ৰথযাত্ৰা আৰম্ভ হয় আহাৰ মাহৰ শুক্ল পক্ষৰ দ্বিতীয়া তিথিত।[6] ৰথযাত্ৰাৰ আগদিনা, গুণ্ডিচা মন্দিৰত ধৰ্মীয় নিয়ম অনুসৰি দেৱতাসকলৰ বাবে বাসোপযোগী কৰি সম্পূৰ্ণ পৰিষ্কাৰ কৰা হয়।[7][8]
ৰথযাত্ৰাৰ প্ৰথম দিনা, দেৱতাসকলক ৰথত আৰোহণ কৰাই মুখ্য মন্দিৰৰ পৰা গুণ্ডিচা মন্দিৰলৈ লৈ যোৱা হয়। এই উৎসৱকেই "জগন্নাথ পুৰীৰ ৰথযাত্ৰা" নামেৰে বিশ্ববিখ্যাত। তিনিটা দেৱতা — জগন্নাথ, বলভদ্ৰ, আৰু সুভদ্ৰাক — তিনিটা আকৰ্ষণীয় ৰথত লৈ যোৱা হয়, যিবোৰ অসংখ্য ভক্তৰ দ্বাৰা টানি নিয়া হয়। এই তিনিটা ৰথৰ ভিতৰত কেন্দ্ৰীয় ৰথ নন্দিঘোষ, যিটো জগন্নাথক বহন কৰে; দ্বিতীয় ৰথ তালধ্বজ, যিটো বলভদ্ৰৰ বাবে; আৰু তৃতীয় ৰথ দৰ্পদলন, যিটো সুভদ্ৰাৰ বাবে। এই ৰথযাত্ৰা প্ৰায় ৩ কিমি দীঘল "বড় দাণ্ড" (দীঘল পথ)-ৰে অগ্ৰসৰ হয় আৰু সন্ধিয়া হোৱাৰ আগতে গুণ্ডিচা মন্দিৰৰ দুৱাৰলৈ উপনীত হয়। প্ৰথম দিনা দেৱতাসকলে ৰথতে থাকে, আৰু দ্বিতীয় দিনা মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰে। তাৰ পিছত পৰৱৰ্তী ৭ দিনলৈ দেৱতাসকলে গুণ্ডিচা মন্দিৰত থাকে।[7][9]
কিংবদন্তী
[সম্পাদনা কৰক]
গুণ্ডিচা মন্দিৰ আৰু ৰথযাত্ৰাৰ সময়ত জগন্নাথ আৰু তেওঁৰ ভাই-ভনীৰ সাত দিনীয়া বাসক লৈ বহুতো কিংবদন্তী বিদ্যমান।
এটা কিংবদন্তী অনুসৰি, এই মন্দিৰটো গুণ্ডিচা নামৰ ৰাণীৰ সৈতে জড়িত, যি ইন্দ্ৰদ্যুম্নৰ পত্নী (মুখ্য মন্দিৰৰ কিংবদন্তী নিৰ্মাতা) আছিল — আৰু তেওঁৰ নাম অনুসাৰেই "গুণ্ডিচা মন্দিৰ" নামাকৰণ কৰা হয়। গুণ্ডিচাই ঐশ্বৰিক স্থপতি বিশ্বকৰ্মাৰ দ্বাৰা গঠন হোৱা জগন্নাথৰ ৰূপ দেখা পাই অভিভূত হৈ পৰিছিল। তেতিয়া তেওঁ তেওঁৰ পতি ইন্দ্ৰদ্যুম্নক অনুৰোধ কৰিছিল যে দেৱতাৰ বাবে এটি মন্দিৰ নিৰ্মাণ কৰক আৰু ৰথযাত্ৰা আৰম্ভ কৰক। আন এটা কাহিনী অনুসৰি, জগন্নাথ গুণ্ডিচাৰ ভক্তিত সন্তুষ্ট হৈছিল আৰু তেওঁৰ ঘৰলৈ (অৰ্থাৎ বৰ্তমানৰ গুণ্ডিচা মন্দিৰ) বছৰি এবাৰ আহিবলৈ প্ৰতিশ্ৰুতি দিছিল।[2][3][10]
আন এটা কিংবদন্তী অনুসৰি, জগন্নাথ (যাক কৃষ্ণৰ ৰূপ হিচাপে ধৰা হয়) গুণ্ডিচা মন্দিৰত সাত দিন বাস কৰিবলৈ আহোঁতে তেওঁৰ পত্নী লক্ষ্মীক মূল মন্দিৰৰ এটা ঘৰত আৱদ্ধ কৰি থৈ আহে। এই সময়ছোৱাত জগন্নাথক কেৱল গোপীসকলে — যাৰ নেতৃত্বত থাকে তেওঁৰ প্ৰেমিকা ৰাধা — সেৱা-সুশ্ৰূষা কৰে। এই গোপীসকলক মন্দিৰৰ দেৱদাসীসকলে প্ৰতিনিধিত্ব কৰে। যেতিয়া জগন্নাথ মন্দিৰলৈ উভতি আহে, লক্ষ্মীয়ে মন্দিৰৰ দুৱাৰত তেওঁক লগ ধৰে আৰু তেওঁক এটি জাদুময় ধূলি ছটিয়ায়, যাৰ ফলত জগন্নাথে গুণ্ডিচা মন্দিৰত হোৱা তেওঁৰ ৰস-লীলা পাহৰি যায়, আৰু তেওঁলোক পুনৰ মিলিত হয়।[10]
আন এটা কাহিনীয়ে কয় যে "গুণ্ডিচা" নামটো স্থানীয় এটি দেৱী গুণ্ডিচাৰ পৰা আহে, যাক দুৰ্গাৰ ৰূপ হিচাপে ধৰা হয় আৰু বসন্ত বা বসন্ত জ্বৰ নাশ কৰাৰ বাবে পূজা কৰা হৈছিল। "গুণ্ডি" মানে ওড়িয়া ভাষাত বসন্ত, আৰু এই দেৱী গুণ্ডিচাক কৃষ্ণ-জগন্নাথৰ "মামী" বুলি ধাৰণা কৰা হৈছে আৰু তেওঁলোক বছৰি তেওঁৰ ঘৰ (অৰ্থাৎ গুণ্ডিচা মন্দিৰ)লৈ আহে।[3]
আৰু এটি কিংবদন্তী চৈতন্য মহাপ্ৰভুৰ সৈতে জড়িত, যাক ভৱিষ্য পুৰাণ অনুসৰি কৃষ্ণৰ অৱতাৰ বুলি ধৰা হয়। তেওঁ গৌড়ীয় বৈষ্ণৱ ধৰ্ম প্ৰতিষ্ঠা কৰিছিল আৰু "জগন্নাথ অষ্টকম" ৰচনাৰ সৈতে জনাজাত। তেওঁ বহু বছৰ পুৰীত বাস কৰিছিল আৰু চন্দন যাত্ৰা আৰু ৰথযাত্ৰাৰ সময়ত জগন্নাথৰ সন্মুখত ভজন আৰু সাংকীৰ্তন আয়োজন কৰিছিল। জনবিশ্বাস অনুসৰি, তেওঁ ৰথযাত্ৰাৰ সময় ভক্তিৰ উন্মাদনাত নাচিছিল আৰু বহু সময়ত আবেগত অচেতন হৈছিল। তেওঁ সদায় গৰুড় স্তম্ভৰ পিছুত দাঁড়ি জগন্নাথলৈ চকুপানীৰে প্ৰাৰ্থনা কৰিছিল। এটি সময়ত ৰাজাৰ অনুমতিৰে তেওঁ ৰথযাত্ৰাৰ পূৰ্বদিনা গুণ্ডিচা মন্দিৰ পৰিষ্কাৰ কৰা কাৰ্যত অংশ লৈছিল — আৰু এই পৰম্পৰা গৌড়ীয় বৈষ্ণৱ অনুসাৰীসকলে আজিও মানি চলে। জনবিশ্বাস অনুসৰি, এদিন তেওঁ নীৰৱে গুণ্ডিচা মন্দিৰলৈ গৈছিল আৰু মাণিকোঠা নামৰ স্থানটোত প্ৰৱেশ কৰিছিল যদিও পুনৰ কেতিয়াও তেওঁক দেখা নগ'ল। এই অদৃশ্য হোৱা ঘটনাৰ কোনো লিখিত তথ্য নাই, কিন্তু জনবিশ্বাস অনুসৰি তেওঁ গুণ্ডিচা মন্দিৰত জগন্নাথৰ সৈতে একাত্ম হৈছিল।[10]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত গুণ্ডিচা মন্দিৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Chakraborty, Yogabrata (28 June 2023). "পুৰীধাম ও জগন্নাথদেবেৰ ব্ৰহ্মৰূপ বৃত্তান্ত" (bn ভাষাত). প্ৰকাশক Kolkata: Dainik Statesman (The Statesman Group)dainikstatesmannews.com. পৃষ্ঠা: 4. https://epaper.thestatesman.com/m5/3725372/Dainik-Statesman/28TH-JUNE-2023। আহৰণ কৰা হৈছে: 28 June 2023.
- ↑ 2.0 2.1 2.2 "Tourism in Sonepur". http://orissa.gov.in/tourism/sonepur.htm.
- ↑ 3.0 3.1 3.2 3.3 3.4 3.5 Shree Kshestra
- ↑ Sehgal, Sunil (1999). Encyclopaedia of Hinduism, Volume 4. Sarup & Sons. পৃষ্ঠা. 1077. ISBN 9788176250641. https://books.google.com/books?id=sDmwCcLza2AC&pg=PA1077। আহৰণ কৰা হৈছে: 4 December 2012.
- ↑ Panda, Namita (22 June 2012). "Ready for the Trinity". The Telegraph. http://www.telegraphindia.com/1120622/jsp/odisha/story_15644438.jsp.
- ↑ Panda, Swarnaprava (July 2006). "Rathayatra of Puri". Orissa Review: 25–27. http://orissa.gov.in/e-magazine/Orissareview/july2006/engpdf/25-27.pdf। আহৰণ কৰা হৈছে: 4 December 2012.
- ↑ 7.0 7.1 "The Car Festival of Lord Jagannath, Unique in many respect". Official Website of Government of Odisha. http://odisha.gov.in/e-magazine/Orissareview/2013/jul/engpdf/87-89.pdf। আহৰণ কৰা হৈছে: 4 December 2012.
- ↑ Sharma, Dr. Shiv (2008). O India - A Travel Guide. Diamond Pocket Books (P) Ltd. পৃষ্ঠা. 327. ISBN 9788128400674. https://books.google.com/books?id=COHI7LlpkSAC&q=Architecture+of+Gundicha+Temple&pg=PA326। আহৰণ কৰা হৈছে: 4 December 2012.
- ↑ মন্দিৰৰ বিস্তাৰিত তথ্য
- ↑ 10.0 10.1 10.2 Ghosh, Pika (2005). Temple To Love: Architecture And Devotion In Seventeenth-Century Bengal. Indiana University Press. পৃষ্ঠা. 49–50. ISBN 9780253344878. https://books.google.com/books?id=yiTSsaOd0xkC&pg=PA49.