সমললৈ যাওক

গুপ্ত লিপি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(গুপ্তলিপিৰ পৰা পুনঃনিৰ্দেশিত)
গুপ্ত লিপি
(উত্তৰ-ব্ৰাহ্মী লিপি)

বাৰাবৰ গুহাসমূহৰ গোপিকা গুহা শিলালিপি, অনন্তৱৰ্মণৰ নামসহ, সংস্কৃত ভাষাত গুপ্ত লিপিত লিখিত (পঞ্চম বা ষষ্ঠ শতিকা)। স্থান: জেহানাবাদ, বিহাৰ
প্ৰকাৰ অবুগিদা
ভাষা সংস্কৃত
সময় প্ৰায় চতুৰ্থৰ পৰা ষষ্ঠ শতিকাৰ ভিতৰত[1]
মাতৃ লিপি
ইজিপ্তীয় হায়াৰোগ্লিফ
  • Proto-Sinaitic
    • ফিনিচীয় লিপি
      • আৰামাইক লিপি
সন্তান লিপি *শাৰদা লিপি
ভগ্নী লিপি পল্লৱ লিপি, কদম্ব লিপি, টোখাৰিয়ান লিপি
টোকা: এই পৃষ্ঠাত IPA চিহ্ন থাকিব পাৰে।

গুপ্ত লিপি (কেতিয়াবা গুপ্ত ব্ৰাহ্মী লিপি বা উত্তৰ-ব্ৰাহ্মী লিপি বুলিও কোৱা হয়)[6] হৈছে সংস্কৃত ভাষা লিখিবলৈ ব্যৱহৃত এটা প্ৰাচীন লিপি। এই লিপিখন ভাৰতীয় উপমহাদেশগুপ্ত সাম্ৰাজ্যৰ সৈতে গভীৰভাৱে সম্পৰ্কিত। গুপ্ত যুগটো আছিল অৰ্থনৈতিক সমৃদ্ধি আৰু ধৰ্মীয় তথা বৈজ্ঞানিক বিকাশৰ এক গুৰুত্বপূৰ্ণ সময়। গুপ্ত লিপিৰ উদ্ভৱ ব্ৰাহ্মী লিপিৰ পৰা হৈছিল আৰু ইয়াৰ পৰা শাৰদা লিপি আৰু সিদ্ধম লিপিৰ বিকাশ ঘটে। এই লিপিসমূহৰ পৰা পিছলৈ বহুতো গুৰুত্বপূৰ্ণ ভাৰতীয় লিপিৰ জন্ম হয়। ইয়াৰ ভিতৰত আছে দেৱনাগৰী লিপি (১৯শ শতিকাৰ পৰা সংস্কৃত ভাষা লিখিবলৈ আটাইতকৈ বহুল ব্যৱহৃত লিপি), গুৰমুখী লিপি (পঞ্জাবী ভাষাৰ বাবে), ওড়িয়া লিপি, অসমীয়া-বাংলা লিপি আৰু তিব্বতী লিপি

বৰ্ণমালা

[সম্পাদনা কৰক]

গুপ্ত বৰ্ণমালাত মুঠ ৩৭টা বৰ্ণ আছে। ইয়াৰ ভিতৰত ৩২টা ব্যঞ্জনবৰ্ণ আৰু ৫টা স্বৰবৰ্ণ। অসমীয়াৰ দৰে গুপ্ত লিপিতো ব্যঞ্জনবৰ্ণৰ সৈতে স্বৰমাত্ৰা সংযোগ কৰাৰ ব্যৱস্থা আছে আৰু ব্যঞ্জনবৰ্ণৰ সৈতে ব্যঞ্জনবৰ্ণ সংযোগ কৰি যুক্তবৰ্ণ গঠনৰ প্ৰচলনো দেখা যায়।[7][8][9]

স্বৰবৰ্ণ

[সম্পাদনা কৰক]
গুপ্ত ব্ৰাহ্মী লিপিৰ স্বৰবৰ্ণসমূহৰ গৌণ ৰূপ (স্বৰমাত্ৰাসমূহ)-ৰ সৈতে বাংলা স্বৰমাত্ৰাসমূহৰ তুলনা। অসমীয়াৰ দৰে ইয়াতো ‘অ’ স্বৰবৰ্ণৰ কোনো গৌণ ৰূপ নাই। য’ত ব্যঞ্জনবৰ্ণটো থাকিব লাগে, তাত বিন্দুৰে এটা বৃত্ত অংকন কৰা হৈছে।

ব্যঞ্জনবৰ্ণ

[সম্পাদনা কৰক]

ইউনিক'ডত

[সম্পাদনা কৰক]

ইউনিক'ড ষ্টেণ্ডাৰ্ডত স্পষ্টভাৱে কোৱা হোৱা নাই যে গুপ্ত লিপিক ব্ৰাহ্মীৰ শৈলীগত ভিন্নতা বুলি গণ্য কৰা হয়,[10] যদিও ব্ৰাহ্মী এনকোডিঙৰ ব্যৱহাৰ এটা পদ্ধতি।

ব্ৰাহ্মী[1][2]
Official Unicode Consortium code chart (PDF)
  0 1 2 3 4 5 6 7 8 9 A B C D E F
U+1100x 𑀀 𑀁 𑀂  𑀃   𑀄  𑀅 𑀆 𑀇 𑀈 𑀉 𑀊 𑀋 𑀌 𑀍 𑀎 𑀏
U+1101x 𑀐 𑀑 𑀒 𑀓 𑀔 𑀕 𑀖 𑀗 𑀘 𑀙 𑀚 𑀛 𑀜 𑀝 𑀞 𑀟
U+1102x 𑀠 𑀡 𑀢 𑀣 𑀤 𑀥 𑀦 𑀧 𑀨 𑀩 𑀪 𑀫 𑀬 𑀭 𑀮 𑀯
U+1103x 𑀰 𑀱 𑀲 𑀳 𑀴 𑀵 𑀶 𑀷 𑀸 𑀹 𑀺 𑀻 𑀼 𑀽 𑀾 𑀿
U+1104x 𑁀 𑁁 𑁂 𑁃 𑁄 𑁅 𑁆 𑁇 𑁈 𑁉 𑁊 𑁋 𑁌 𑁍
U+1105x 𑁒 𑁓 𑁔 𑁕 𑁖 𑁗 𑁘 𑁙 𑁚 𑁛 𑁜 𑁝 𑁞 𑁟
U+1106x 𑁠 𑁡 𑁢 𑁣 𑁤 𑁥 𑁦 𑁧 𑁨 𑁩 𑁪 𑁫 𑁬 𑁭 𑁮 𑁯
U+1107x 𑁰 𑁱 𑁲 𑁳 𑁴 𑁵  BNJ 
Notes
1.^ Grey areas indicate non-assigned code points

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Salomon, Richard (1998). Indian Epigraphy. পৃষ্ঠা. 32. 
  2. "Epigraphy, Indian Epigraphy Richard Salomon OUP". https://archive.org/details/epigraphyindianepigraphyrichardsalmonoup_908_D. 
  3. Handbook of Literacy in Akshara Orthography, R. Malatesha Joshi, Catherine McBride (2019), পৃষ্ঠা ২৭
  4. Daniels, P. T. (January 2008), Writing systems of major and minor languages 
  5. Masica, Colin (1993). The Indo-Aryan languages. পৃষ্ঠা. 143. 
  6. Sharma, Ram. Brahmi Script. দিল্লী: BR Publishing Corp, ২০০২
  7. Fischer, Steven Roger (2004) (en ভাষাত). History of Writing. Reaktion Books. পৃষ্ঠা. 123. ISBN 9781861895882. 
  8. Britannica Educational Publishing (2010) (en ভাষাত). The Culture of India. Britannica Educational Publishing. পৃষ্ঠা. 82. ISBN 9781615302031. 
  9. "Proposal to Encode the Brahmi Script in ISO/IEC 10646" (en ভাষাত). Unicode Consortium. https://www.unicode.org/L2/L2003/03249r-brahmi-proposal.pdf. 
  10. Unicode Consortium (2022). "The Unicode® Standard Version 15.0 – Core Specification". Unicode Consortium website. https://www.unicode.org/versions/Unicode15.0.0/ch14.pdf.