গুলাব গেং
| গুলাব গেং | |
|---|---|
পোষ্টাৰ | |
| পৰিচালক | সৌমিক সেন |
| অভিনয়ত | মাধুৰী দীক্ষিত জুহি চাওলা |
| সূত্ৰধাৰ | অনিল কাপুৰ |
| চিত্ৰগ্ৰহণকাৰী | এলফনছ্ ৰয় |
| সম্পাদনা | ছেৰাগ ট’ডীৱালা |
| সংগীত পৰিচালক | গীত: সৌমিক সেন আৱহ: জন ষ্টিৱাৰ্ট এডুৰী |
মুক্তি |
৭ মাৰ্চ ২০১৪ |
দৈৰ্ঘ্য |
১৩৯ মিনিট |
| দেশ | ভাৰত |
| ভাষা | হিন্দী |
| বাজেট | ₹২৯ কোটি[1] |
| সৰ্বমুঠ আয় | est.₹22.7 crore[2] |
গুলাব গেং (ইংৰাজী: Gulaab Gang ) ২০১৪ চনৰ ভাৰতৰ নাৰী সংগ্ৰামক কেন্দ্ৰ কৰি নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ এখন একচন নাট্যধৰ্মী ছবি।[3][4] পৰিচালনা আৰু সহ-লেখন সৌমিক সেনৰ; প্ৰযোজনা সৌহম শ্বাহ আৰু অনুভৱ সিনহাৰ। ইয়াত মাধুৰী দীক্ষিত আৰু জুহি চাওলাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে আৰু প্ৰথমবাৰৰ বাবে ১৯৯০ দশকৰ দুগৰাকী মহিলা ছুপাৰষ্টাৰে একেলগে অভিনয় কৰা দেখা গৈছে।
২০১৪ চনৰ ৭ মাৰ্চত মুক্তি পোৱা গুলাব গেঙে ছবিখনক প্ৰথম দিনটোতেই ফ্লপ ঘোষণা কৰা হয়।[5] সমালোচকৰ পৰা ই মিশ্ৰিত সমালোচনা লাভ কৰিছিল; কিন্তু চাওলাৰ অভিনয়ে সমালোচকৰ ব্যাপক প্ৰশংসা লাভ কৰে আৰু কেইবাজনো সমালোচকে ইয়াক "বছৰৰ শ্ৰেষ্ঠ অভিনয়" বুলি গণ্য কৰে।[6]
৬০তম ফিল্মফেয়াৰ বঁটাত গুলাব গেং ছবিখনত কৰা অভিনয়ৰ বাবে চাওলাক শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বাবে মনোনয়ন লাভ কৰে যদিও বঁটা পাবলৈ সক্ষম নহ’ল।
নিৰ্মাণ
[সম্পাদনা কৰক]যিহেতু ছবিখন ভাৰতৰ গ্ৰাম্য অঞ্চলৰ ওপৰত আধাৰিত, সেয়েহে বহু অভিনেতাই গ্লেমাৰবিহীন চৰিত্ৰত অভিনয় কৰিব লগা হৈছিল।[7] প্ৰথম অৱস্থাত অভিনেত্ৰী টাবুক মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ যোগাযোগ কৰা হৈছিল যদিও ধনৰ অভাৱৰ বাবে চিত্ৰগ্ৰহণ আৰম্ভ কৰিব পৰা নগ'ল।[8] ২০১২ চনৰ এপ্ৰিল মাহত সৌমিক সেনে মাধুৰী দীক্ষিতৰ সৈতে যোগাযোগ কৰে।[9] পিছলৈ দীক্ষিতে আনুষ্ঠানিকভাৱে তেওঁৰ ফেচবুক পেজৰ জৰিয়তে ছবিখনত অংশগ্ৰহণ কৰাৰ কথা ঘোষণা কৰে।[10] পিছত টাবুক দ্বিতীয় মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ যোগাযোগ কৰা হৈছিল, তেওঁ তাক নাকচ কৰিছিল। গুলাব গেঙত প্ৰথমবাৰৰ বাবে প্ৰাক্তন প্ৰতিদ্বন্দ্বী[11] চাউলা আৰু দীক্ষিতক একেলগে পৰ্দাত দেখা যায়।[12] ২০১২ চনৰ ডিচেম্বৰ মাহত তনিষ্ঠা চেটাৰ্জী, দিব্য জগদালে আৰু প্ৰিয়ংকা বসুৱে এই দলটোৰ সদস্যৰ চৰিত্ৰত অভিনয় কৰিবলৈ চুক্তিবদ্ধ হয়।[13]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Gulaab Gang - Movie - Worldwide Gross & Budget". Box Office India. http://www.boxofficeindia.com/movie.php?movieid=2201। আহৰণ কৰা হৈছে: 18 November 2016.
- ↑ "Gulaab Gang Box Office". Bollywood Hungama. https://www.bollywoodhungama.com/movie/gulaab-gang/box-office/। আহৰণ কৰা হৈছে: 3 September 2024.
- ↑ "Madhuri Dixit: Action-drama in 'Gulaab Gang' is many steps ahead of 'Beta'". Indian Express. https://indianexpress.com/article/entertainment/bollywood/madhuri-dixit-action-drama-in-gulaab-gang-is-many-steps-ahead-of-beta/.
- ↑ "Gulaab Gang Movie Review & Film Summary (2014)". Roger Ebert.com. https://www.rogerebert.com/reviews/gulaab-gang-2014। আহৰণ কৰা হৈছে: 17 May 2019.
- ↑ "Madhuri Dixit gets abusive". The Times of India (Mumbai). 1 May 2012. Archived from the original on 11 April 2013. https://archive.today/20130411040135/http://articles.timesofindia.indiatimes.com/2012-05-01/news-interviews/31526358_1_ishqiya-sampat-pal-films.
- ↑ "'Gulab Gang' shooting to start in October". banglanews24. 2 September 2012. Archived from the original on 3 December 2013. https://web.archive.org/web/20131203003057/http://www.banglanews24.com/English/detailsnews.php?nssl=fe118435c91d798bd66ef6dd9a9c63e0&nttl=2013011651872.
- ↑ "Madhuri Dixit to play gangster in 'Gulab Gang'". The Indian Express. 27 April 2012. http://www.indianexpress.com/news/madhuri-dixit-to-play-gangster-in-gulab-gang/942380/.
- ↑ "Madhuri Dixit signs Anubhav Sinha's next". Hindustan Times (Mumbai). 1 May 2012. Archived from the original on 20 August 2013. https://web.archive.org/web/20130820212441/http://www.hindustantimes.com/Entertainment/Bollywood/Madhuri-Dixit-signs-Anubhav-Sinha-s-next/Article1-846949.aspx.
- ↑ "'Gulab Gang' makes history with Madhuri, Juhi on board". Daily Times (Mumbai). 21 November 2012. http://www.dailytimes.com.pk/default.asp?page=2012%5C11%5C21%5Cstory_21-11-2012_pg9_9.
- ↑ Chaudhuri, Diptakirti (2012). Kitnay Aadmi Thay. Westland. পৃষ্ঠা. 301. ISBN 978-9381626191. https://archive.org/details/kitnayaadmithayc0000chau.
- ↑ "Happy Birthday Madhuri Dixit (2 of 5)". Times of India. 14 May 2012. http://photogallery.indiatimes.com/celebs/indian-stars/Happy-Birthday-Madhuri-Dixit/articleshow/13149284.cms.
- ↑ timesofindia.indiatimes.com | 2012-10-08 | gulab gang soumik sen film
- ↑ "Madhuri Dixit wraps up 'Gulab Gang' schedule". 13 January 2013. http://zeenews.india.com/entertainment/bollywood/madhuri-dixit-wraps-up-gulab-gang-schedule_126214.htm। আহৰণ কৰা হৈছে: 14 February 2013.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- বলিউড হাংগামাত গুলাব গেং-ৰ তথ্য
- গুলাব গেং সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।