গুলাব বাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গুলাব বাই
জন্ম ১৯২৬
বালপূৰ্ব, কনৌজ জিলা, উত্তৰ প্ৰদেশ, ভাৰত
মৃত্যু ১৯৯৬
অন্য নাম গুলাব জান
পেচা মঞ্চ শিল্পী
লোক সংগীতশিল্পী
জনা যায় নৌটংকীৰ প্ৰথম মহিলা শিল্পী
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী, ১৯৯০

গুলাব বাই (জন্ম ১৯২৬, মৃত্যু ১৯৯৬), জনপ্ৰিয় ভাবে গুলাব জান নামে বিখ্যাত, এগৰাকী ভাৰতীয় নৌটংকী অভিনেত্ৰী।[1] নৌটংকী মূলতঃ উত্তৰ প্ৰদেশৰ লোক গীতিনাট্য। তেওঁ প্ৰচলিত লোক গীতিনাট্য নৌটংকীৰ প্ৰথম মহিলা শিল্পী।[2] বহুতেই তেওঁক নৌটংকীৰ অগ্ৰণী খ্যাতিমান শিল্পী হিচাপে অভিহিত কৰে।[3] তেওঁ দা গ্ৰেট গুলাব থিয়েটাৰ কোম্পানী নামেৰে সফল নৌটংকীৰ দল প্ৰতিষ্ঠা কৰিছিল।[4] ১৯৯০ চনত ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে কলা শিতানত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[5]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯২৬ চনত ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ ফাৰুকাবাদ জিলাৰ বালপূৰ্বা গাঁৱত গুলাব বাইৰ জন্ম হৈছিল। বিনোদনমূলক অভিনয়ৰ লগত জড়িত পিছপৰা বেদিয়া সম্প্ৰদায়ৰ পৰিয়ালত তেওঁৰ জন্ম হৈছিল।[1][6] ১৯৩১ চনত তেওঁ কানপুৰ ঘৰানাৰ ওস্তাদ ত্ৰিমোহন লাল আৰু হাথৰাস ঘৰানাৰ ওস্তাদ মোহম্মদ খানৰ অধীনত আনুষ্ঠানিক ভাবে সংগীতৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল।

কৰ্মজীৱন[সম্পাদনা কৰক]

মাত্ৰ তেৰ বছৰ বয়সতে তেওঁ ত্ৰিমোহন লালৰ নৌটংকীৰ যোগদান কৰি অভিনয় আৰম্ভ কৰিছিল। এই ধৰণৰ শিল্পকলাৰ তেওঁ প্ৰথম মহিলা পৰিবেশক আছিল। অতিশীঘ্ৰে তেওঁ সংগীতৰ এক স্বতন্ত্ৰ শৈলীৰ উন্নয়ন সাধে আৰু গুলাব জান হিচাপে প্ৰসিদ্ধি লাভ কৰে। তেওঁৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তা অনুভৱ কৰি তেওঁ নিজাকৈ দা গ্ৰেট গুলাব থিয়েটাৰ কোম্পানী নামেৰে এটা নৌটংকী দল প্ৰতিষ্ঠা কৰে। কিন্তু ইয়াত তেওঁৰ গুৰু ত্ৰিমোহন লালৰ মত নাছিল।[4] গুলাব বাইৰ নৌটংকী দলৰ যাত্ৰা আৰম্ভণিৰ লগে লগেই সফলতা মুখ দেখা পায়। কোম্পানীৰ পৰিচালনাৰ দায়িত্ব আৰু বয়সৰ বাবে তেওঁ ১৯৬০ৰ দশকত তেওঁ নিজা ৰাজহুৱা পৰিবেশন কমাবলৈ বাধ্য হৈছিল।[2] তাৰপিছত তেওঁ তেওঁৰ সৰু ভগ্নী সুখবদনক নৌটংকীৰ মুখ্য চৰিত্ৰৰ অভিনেত্ৰী হিচাপে উপস্থাপন কৰিবলৈ লয়। পিছলৈ সুখবদন নন্দ গুহ নামেৰে জনা যায়। কালক্ৰমত তেওঁ নিজৰ অভিনয় আৰু পৰিবেশন ক্ষমতাত এগৰাকী বিখ্যাত অভিনেত্ৰী তথা পৰিবেশক হিচাপে জনপ্ৰিয়তা লাভ কৰিছিল।[4]গুলাব বাইৰ কন্যা মধুয়ো এগৰাকী নৌটংকী শিল্পী।[2] তেওঁৰ জীৱনৰ শেষৰ ফালে শিল্পৰূপ হিচাপে নৌটংকীৰ আবেদন ধীৰে ধীৰে লোপ পায়।[6]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

১৯৯০ চনত ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে কলা শিতানত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।.[5][1] দীপ্তি প্ৰিয়া মহাপাত্ৰৰ গুলাব বাই: দা কুইন অফ নৌটংকী নামেৰে তেওঁৰ জীৱনী পেংগুইন ইণ্ডিয়ায়ে প্ৰকাশ কৰিছে।[7] ২০১৪ চনত তেওঁৰ জীৱনৰ ওপৰত আধাৰিত এখন এখন নাটক কানপুৰত মঞ্চস্থ কৰা হৈছিল।[8]

মৃত্যু[সম্পাদনা কৰক]

১৯৯৬ চনত ৭০ বছৰ বয়সত গুলাব বাইৰ মৃত্যু হৈছিল।

তথ্যউৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 Ananda Lal (2004). "Gulab Bai (1926–96)". The Oxford Companion to Indian Theatre. ISBN 9780195644463. http://www.oxfordreference.com/view/10.1093/acref/9780195644463.001.0001/acref-9780195644463-e-0203। আহৰণ কৰা হৈছে: 28 September 2015. 
  2. 2.0 2.1 2.2 "Dying Drama". Booji. 2015. http://www.boloji.com/index.cfm?md=Content&sd=Articles&ArticleID=6264। আহৰণ কৰা হৈছে: 28 September 2015. 
  3. "Amazon profile". Amazon. 2015. https://www.amazon.in/Gulab-Bai-Queen-Nautanki-Theatre/dp/0143100432। আহৰণ কৰা হৈছে: 28 September 2015. 
  4. 4.0 4.1 4.2 "Biography Page 179". Rediff. 2015. https://books.google.com/books?id=tjyemJStPpUC&pg=PA179&lpg=PA179&dq=the+Great+Gulab+Theatre+Company&source=bl&ots=yrNMY5kE-Y&sig=ZQM0A8AGmCcKPwZAw2dQB_QpvB4&hl=en&sa=X&ved=0CCYQ6AEwAmoVChMI4sCU5LSbyAIVxSOOCh0hGw9Q#v=onepage&q=the%20Great%20Gulab%20Theatre%20Company&f=false। আহৰণ কৰা হৈছে: 29 September 2015. 
  5. 5.0 5.1 "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 21 July 2015. 
  6. 6.0 6.1 "Penguin Books profile". Penguin India. 2015. http://www.penguinbooksindia.com/en/content/gulab-bai%3Frate=vj-3_Ysjn8fztsCuUwS58mO9GKm6pQF6ryBeBtgAo-M.html। আহৰণ কৰা হৈছে: 28 September 2015. 
  7. Deepti Priya Mehrotra (2006). Gulab Bai: The Queen of Nautanki Theatre. Penguin India. পৃষ্ঠা. 318. ISBN 9780143100430. https://books.google.com/books/about/Gulab_Bai.html?id=tjyemJStPpUC&redir_esc=y. 
  8. "Actors and theatre artists watch the play 'Gulab Bai' in Lucknow". Times of India. 12 May 2014. http://timesofindia.indiatimes.com/entertainment/events/lucknow/Actors-and-theatre-artists-watch-the-play-Gulab-Bai-in-Lucknow/articleshow/35017259.cms। আহৰণ কৰা হৈছে: 29 September 2015. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]