সমললৈ যাওক

গুল পানাগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গুল পানাগ

২০২৫ চনত পানাগ
জন্ম গুলকিৰট কৌৰ পানাগ
৩ জানুৱাৰী, ১৯৭৯ (৪৬ বছৰ)[1]
চণ্ডীগড়, ভাৰত[2]
অন্য নাম গুল পানাগ-আট্টাৰী
পেচা অভিনেত্ৰী, ভয়ছ এক্ট্ৰেছ, মডেল
সক্ৰিয় হৈ থকা সময় ২০০৩–বৰ্তমান
উচ্চতা ৫ ফুট ৬ ইঞ্চি
ৰাজনৈতিক দল আম আদমী পাৰ্টি
দাম্পত্যসঙ্গী ঋষি আট্টাৰী (বি. ২০১১)
পিতৃ-মাতৃ এইচ্ছ এচ পানাগ (পিতৃ)
সন্তান
ৱেবছাইট
www.gulpanag.net

গুলকিৰাট কৌৰ পানাগ (ইংৰাজী: Gul Panag; জন্ম: ৩ জানুৱাৰী ১৯৭৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, ভয়ছ আৰ্টিষ্ট আৰু মডেল। তেওঁ ১৯৯৯ চনত ফেমিনা মিছ ইণ্ডিয়া ইউনিভাৰ্ছৰ মুকুট পিন্ধে আৰু ১৯৯৯ চনত মিছ ইউনিভাৰ্ছত ভাৰতক প্ৰতিনিধিত্ব কৰে। ২০০৩ চনত পানাগে নাগেশ কুকুনুৰৰ পৰিচালনাত নিৰ্মিত ধূপ ছবিৰে হিন্দী ছবিত কেৰিয়াৰ আৰম্ভ কৰে আৰু তেতিয়াৰ পৰাই টিভি ধাৰাবাহিক কাশ্মীৰৰ উপৰি জুৰমৰ দৰে কেইবাখনো ছবিত অভিনয় কৰে।[3]

তেওঁৰ ছবিসমূহৰ ভিতৰত আছে ড’ৰ, ধূপ, মনোৰামা ছিক্স ফিট আণ্ডাৰ, হেলো, ষ্ট্ৰেইট, আৰু আব টাক ছপ্পন ২।

২০০৬ চনত নাগেশ কুকুনুৰৰ ছবি ড’ৰত স্বামীক ফাঁচীৰ পৰা বচাবলৈ কঠোৰভাৱে যুঁজ দিয়া এগৰাকী সাধাৰণ মানুহৰ চৰিত্ৰত গুল পানাগে অভিনয় কৰিছিল। ২০০৮ চনত তেওঁ হেলো আৰু ছামাৰ ২০০৭ ছবিত অভিনয় কৰে। ২০০৯ চনত তেওঁ ষ্ট্ৰেইট ত অভিনয় কৰে। ২০০৮ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ মেক্সিমৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰে।[4][5] তেখেতে ছাৰ্ছা নামৰ ছবিখনৰ জৰিয়তে পাঞ্জাবী চিনেমাত অভিষেক ঘটায়।[6]২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে চণ্ডীগড়ৰ পৰা আম আদমী পাৰ্টিৰ প্ৰাৰ্থী আছিল। [7]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

পানাগে পঞ্জাৱৰ ছাংগ্ৰুৰত শিক্ষা আৰম্ভ কৰে।[8] তেওঁৰ পিতৃ লেফটেনেণ্ট জেনেৰেল পানাগ সেনাবাহিনীত আছিল আৰু পৰিয়ালটো সমগ্ৰ ভাৰত আৰু বিদেশৰ বিভিন্ন ঠাইলৈ অহা-যোৱা কৰিবলগীয়া হৈছিল। ইয়াৰ ফলত তেওঁ কেন্দ্ৰীয় বিদ্যালয় (চণ্ডিগড়, মহৌ, লেহ, ৱেলিংটন, তামিলনাডু), দ্য লৰেন্স স্কুল, লাভডেল আৰু জাম্বিয়াৰ আন্তৰ্জাতিক লুছাকা বিদ্যালয়কে ধৰি ১৪খন ভিন্ন বিদ্যালয়ত অধ্যয়ন কৰে।[8] পাটিয়ালাৰ পাঞ্জাবী বিশ্ববিদ্যালয়ৰ পৰা গণিতত স্নাতক আৰু চণ্ডীগড়ৰ পঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[8] ছাত্ৰ হিচাপে পানাগ ক্ৰীড়া আৰু ৰাজহুৱা বক্তৃতাৰ প্ৰতি আগ্ৰহী আছিল। বাৰ্ষিক ৰাষ্ট্ৰীয় আন্তঃবিশ্ববিদ্যালয় বিতৰ্ক প্ৰতিযোগিতাত দুটা সোণৰ পদককে ধৰি ৰাজ্য আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুতো বিতৰ্ক প্ৰতিযোগিতাত তেওঁ জয়ী হয়।[1][9]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৯৯ চনত পানাগে মিছ ইণ্ডিয়াৰ খিতাপ লাভ কৰে, আৰু একেখন প্ৰতিযোগিতাতে মিছ বিউটিফুল স্মাইলৰ মুকুট পিন্ধে।[10][11] ১৯৯৯ চনৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত তেওঁ অংশগ্ৰহণ কৰিছিল।

ব্ৰেণ্ডৰ লগত

[সম্পাদনা কৰক]

টেলিভিছন আৰু ছপা মাধ্যমত অসংখ্য বিজ্ঞাপনত অভিনয় কৰা পানাগে আমিৰ খানৰ সৈতে টাটা স্কাইৰ ব্ৰেণ্ড এম্বেছাদৰ হয়।

২০০৯ চনত অনুষ্ঠিত হোৱা উইলছ লাইফষ্টাইল ইণ্ডিয়া ফেশ্বন উইকৰ বাবে পানাগ আছিল টুইটাৰ ফেচ৷[12]

সামাজিক কৰ্ম

[সম্পাদনা কৰক]
২০১২ চনত জুহুত পানাগ

গুল পানাগে কৰ্ণেল শ্বামশ্বেৰ সিং ফাউণ্ডেশ্যন,[13] পৰিচালনা কৰে, যিটো এটা বেচৰকাৰী সংস্থা যিয়ে লিংগ সমতা, শিক্ষা আৰু দুৰ্যোগ ব্যৱস্থাপনাকে ধৰি বিভিন্ন কাৰণৰ দিশত কাম কৰে। তেওঁ ৱকহাৰ্ড ফাউণ্ডেশ্যনৰ পৰামৰ্শদাতা ব'ৰ্ডত কাৰ্যনিৰ্বাহ কৰিছিল[14] তেওঁ ভাৰত দুৰ্নীতি বিৰোধী আন্দোলনতো অংশগ্ৰহণ কৰিছিল।[15] ২০১০ চনৰ নৱেম্বৰ মাহত দিল্লী হাফ মাৰাথনত দৌৰিছিল যদিও ইভেণ্টত পুৰুষ দৌৰবিদৰ পৰা ইভ-টিজিং (যৌন নিৰ্যাতন) সহ্য কৰিছিল। পিছলৈ তেওঁ মন্তব্য কৰে যে দিল্লীত পুৰুষৰ মনোভাৱ সলনি হোৱাৰ প্ৰয়োজন আৰু চহৰখন মহিলাৰ বাবে অসুৰক্ষিত।[16]

ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

২০১৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ বাবে চণ্ডীগড়ৰ পৰা তেওঁ আম আদমি পাৰ্টিৰ প্ৰাৰ্থী আছিল।[7] তৃতীয় স্থানত ১,০৮,৬৭৯ টা ভোট লাভ কৰাৰ বিপৰীতে প্ৰতিদ্বন্দী কিৰণ খেৰে ১,৯১,৩৬২ টা ভোটেৰে নিৰ্বাচনত জয়ী হয়।[17]

অন্যান্য অনুৰাগ

[সম্পাদনা কৰক]

পানাগ এগৰাকী হাফ মাৰাথন দৌৰবিদ, বাইকাৰ, প্ৰমাণিত পাইলট। স্পেইনৰ কাটালনিয়াৰ চাৰ্কিট ডি কালাফাটত মহিন্দ্ৰা ৰেচিঙৰ সম্পূৰ্ণ নতুন এম৪ইলেক্ট্ৰ'ত ৰেচিং ট্ৰেকত তেওঁ অভিষেক ঘটায়।[18][19]

এগৰাকী স্বাস্থ্য কৰ্মী আৰু ফিটনেছৰ সমৰ্থক গুল পানাগে ২০১৭ চনত স্বাস্থ্য আৰু ফিটনেছ ষ্টাৰ্টআপ মবিফিটৰ সহ-প্ৰতিষ্ঠা কৰে।[20]

গুল পানাগ টিটাৰ লজ প্ৰডাকচন প্ৰাইভেট লিমিটেডৰ পৰিচালক, যিয়ে ডিজিটেল, টেইলাৰ-মেইড টিভি কণ্টেণ্ট, চলচ্চিত্ৰ আৰু তথ্যচিত্ৰৰ বিষয়বস্তু প্ৰদান কৰে।[21]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০১১ চনৰ ১৩ মাৰ্চত চণ্ডীগড়ৰ গুৰুদ্বাৰত পাঞ্জাবী শিখৰ পৰম্পৰাগত অনুষ্ঠানত পানাগে তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক বিমান পাইলট ঋষি আত্তাৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[22][23] দম্পতীটোৰ নিহাল নামৰ এজন পুত্ৰ আছে।[24]

  • ২০০৭ চনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে টাই - জি চিনে ক্ৰিটিক্স বঁটা, ডৰৰ বাবে আয়েশা টাকিয়াৰ সৈতে যুটীয়াভাৱে গ্ৰহণ
  • ২০২০ - মনোনীত – শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী (নাট্য ধাৰাবাহিক)ৰ বাবে ফিল্মফেয়াৰ অ'টিটি বঁটা - পাতাল লোক

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "About Gul". Gul Panag – Official website. Archived from the original on 4 July 2010. https://web.archive.org/web/20100704210017/http://www.gulpanag.net/about_gul_panag.php। আহৰণ কৰা হৈছে: 23 August 2012. 
  2. Dhawan, Himanshi (12 March 2014). "AAP ups the glamour quotient with Gul Panag". The Times of India. TNN. http://timesofindia.indiatimes.com/news/AAP-ups-the-glamour-quotient-with-Gul-Panag/articleshow/31870374.cms. 
  3. "'Kashmeer' - Guns and Roses". Indiantelevision. http://www.indiantelevision.com/special/y2k3/kashmeer.htm। আহৰণ কৰা হৈছে: 30 November 2010. 
  4. "Gul Panag's sexy makeover!". Rediff. http://specials.rediff.com/movies/2008/sep/09slid1.htm। আহৰণ কৰা হৈছে: 4 November 2008. 
  5. "Gul Panag amazing Maxim photoshoot". Maxim India. September 2008. http://www.maximindia.in/girls/Cover_Girls/173129/gul_panag.html. 
  6. "Archived copy". Archived from the original on 9 October 2018. https://web.archive.org/web/20181009101730/http://www.cinemapunjabi.com/films/sarsa। আহৰণ কৰা হৈছে: 27 August 2012. 
  7. 7.0 7.1 PANDHER, SARABJIT (14 March 2014). "Gul Panag declared AAP candidate from Chandigarh". The HINDU. http://www.thehindu.com/news/national/other-states/gul-panag-declared-aap-candidate-from-chandigarh/article5780965.ece. 
  8. 8.0 8.1 8.2 "Gul Panag Biography". Yahoo! Movies. http://in.movies.yahoo.com/artists/Gul-Panag/biography-4728.html। আহৰণ কৰা হৈছে: 30 November 2010. 
  9. Ronjita Kulkarni. "Why Gul Panag doesn't want to be a star overnight". Rediff. http://in.rediff.com/movies/2003/nov/07gul.htm। আহৰণ কৰা হৈছে: 30 November 2010. 
  10. "50 Years of Miss India: Miss Indias who made it to Bollywood". The Times of India. https://photogallery.indiatimes.com/beauty-pageants/miss-india/miss-indias-who-made-it-to-bollywood/50-Years-of-Miss-India-Miss-Indias-who-made-it-to-Bollywood/articleshow/19092847.cms। আহৰণ কৰা হৈছে: 14 March 2018. 
  11. "#ThrowbackThursday: When Gul Panag won Miss India 1999 - BeautyPageants". Femina Miss India. Archived from the original on 14 March 2018. https://web.archive.org/web/20180314180414/https://beautypageants.indiatimes.com/ThrowbackThursday-When-Gul-Panag-won-Miss-India-1999/ThrowbackThursday-When-Gul-Panag-won-Miss-India-1999/eventshow/47910783.cms। আহৰণ কৰা হৈছে: 14 March 2018. 
  12. "Gul: Twitter face for WIFW". The Times of India. 22 October 2009. http://timesofindia.indiatimes.com/entertainment/bollywood/news-interviews/Gul-Twitter-face-for-WIFW/articleshow/5145445.cms. 
  13. "Interview With Gul Panag | Meet The Original Livewire" (en-US ভাষাত). Women's Web: For Women Who Do. 18 May 2015. Archived from the original on 29 May 2017. https://web.archive.org/web/20170529233616/http://www.womensweb.in/2015/05/interview-with-gul-panag/. 
  14. "Gul on advisory board of Wockhardt Foundation". The Indian Express. 10 May 2010. http://archive.indianexpress.com/news/gul-on-advisory-board-of-wockhardt-foundation/616712/. 
  15. "Actress Gul Panag joins AAP, to contest polls from Chandigarh". Firstpost. 3 March 2014. http://www.firstpost.com/politics/actress-gul-panag-joins-aap-to-contest-polls-from-chandigarh-1433067.html. 
  16. Sharma, Kalpana (27 November 2010). Unsafe for women? Archived 29 November 2010 at the Wayback Machine. The Hindu. Retrieved 2010-11-27.
  17. "Election results: BJP's Kirron Kher wins from Chandigarh, Naveen Jindal finishes third". The Times of India. 16 May 2014. http://timesofindia.indiatimes.com/home/lok-sabha-elections-2014/news/Election-results-BJPs-Kirron-Kher-wins-from-Chandigarh-Naveen-Jindal-finishes-third/articleshow/35213795.cms। আহৰণ কৰা হৈছে: 16 May 2014. 
  18. "After becoming a pilot, Gul Panag is now India's first woman to race in Formula E" (en ভাষাত). Deccan Chronicle. 29 April 2017. https://www.deccanchronicle.com/entertainment/bollywood/290417/after-becoming-a-pilot-gul-panag-is-now-indias-first-woman-to-race-formula-e-car.html. 
  19. Dar, Vaishali. "Gul Panag s MobieFit to Roll Out New Fitness Apps in the Next Quarter" (en ভাষাত). BW Disrupt. http://bwdisrupt.businessworld.in/article/Gul-Panag-s-MobieFit-to-Roll-Out-New-Fitness-Apps-in-the-Next-Quarter/20-04-2017-116710/. 
  20. "Gul Panag-cofounded health and fitness startup MobieFit raises $1.35 mn" (en-US ভাষাত). VCCircle. 28 November 2017. https://www.vccircle.com/gul-panag-cofounded-health-and-fitness-startup-mobiefit-raises-1-35-mn/. 
  21. "Gul Panag turns producer". tittarlodgeproductions.com. 21 March 2017. http://tittarlodgeproductions.com/news-media/gul-panag-turns-producer। আহৰণ কৰা হৈছে: 31 March 2020. 
  22. "Gul Panag opts for Band, Baaja, Bullet". The Indian Express. 14 March 2011. http://www.indianexpress.com/news/gul-panag-opts-for-band-baaja-bullet/762218/। আহৰণ কৰা হৈছে: 14 March 2011. 
  23. Mid-Day.com (11 March 2011). "Gul Panag To Marry Her Boyfriend". NDTV Movies. http://movies.ndtv.com/movie_story.aspx?section=Movies&Id=ENTEN20110171231&keyword=bollywood&subcatg=MOVIESINDIA&nid=91092। আহৰণ কৰা হৈছে: 12 March 2011. 
  24. "Gul Panag's adorable picture with son Nihal and husband Rishi Attari is unmissable - Times of India". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/gul-panags-adorable-picture-with-son-nihal-and-husband-rishi-attari-is-unmissable/articleshow/65259618.cms.