গুল পান্ৰা
| গুল পান্ৰা | |
|---|---|
| স্থানীয় নাম | گل پانڑہ • ګل پاڼه |
| জন্ম | মেহনাজ ০৬ ছেপ্টেম্বৰ, ১৯৮৯ (৩৬ বছৰ)[1] পেছোৱাৰ, নৰ্থ-ইষ্ট ফ্ৰণ্টিয়াৰ প্ৰভিডেন্স, পাকিস্তান (বৰ্তমানৰ খৈবাৰ পাখতুংখা) |
| শিক্ষানুষ্ঠান | স্নাতকোত্তৰ[2] |
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় | ২০১২–বৰ্তমান |
| উচ্চতা | ৫ ফুট ৭ ইঞ্চি[3] |
| 'সঙ্গীত যাত্ৰা' | |
| সংগীতৰ ধৰণ |
|
| বাদ্যযন্ত্ৰ | কণ্ঠ |
গুল পান্ৰা (ইংৰাজী: Gul Panra; জন্ম: ৬ ছেপ্টেম্বৰ ১৯৮৯) এগৰাকী পাকিস্তানী লোকগায়ক আৰু ভ্ৰমণকাৰী শিল্পী, মূলতঃ পশতু ভাষাৰ সংগীত উদ্যোগৰ সৈতে জড়িত।[4][5] তেওঁক মেহনাজ নামেৰেও জনা যায়৷[6] তেওঁ পাকিস্তান, যুক্তৰাজ্য[7] আৰু আফগানিস্তানত অনুষ্ঠান পৰিৱেশন কৰিছে।[8] পাকিস্তান ছুপাৰ লীগত ঘৰুৱা ক্ৰিকেট দল পেছাৱাৰ জালমীৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে কাম কৰি আহিছে আৰু ২০১৬ চনত দলটোৰ আৰম্ভণিৰ পৰাই দলটোৰ কেইবাটাও থীমচং গাইছে।[9][10][11]
২০১৫ চনত আতিফ আছলামৰ সৈতে পাৰ্চী ভাষাত "মন আমাদেহ আম" গীতৰ ৰিমিক্স সংস্কৰণ গাইছিল। ২০১৮ চনত তেওঁ গায়ক হাছান জাহাংগীৰৰ সৈতে "হাৱা হাৱা" গীতটো গাইছিল।[12][13] ২০২১ চনত আলী জাফৰৰ "লৰ্ছা পেখাৱাৰ"ৰ কভাৰ সংস্কৰণত তেওঁক উপস্থাপন কৰোৱা হয়।[14]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯৮৯ চনৰ ৬ ছেপ্টেম্বৰত উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশৰ পেছোৱাৰ চহৰৰ ইউছুফজাই জনগোষ্ঠীৰ এক মধ্যবিত্ত পৰিয়ালত গুল পান্ৰাই জন্মগ্ৰহণ কৰিছিল। প্ৰথমতে তেওঁৰ নাম আছিল মেহনাজ৷ পাকিস্তানৰ দূৰদৰ্শন আৰু সংবাদ মাধ্যম আত্মপ্ৰকাশৰ পিছতেই তেওঁ চৰ্চালৈ আহিছিল। ৰক্ষণশীল পৰিয়ালৰ আৰু তেওঁৰ মাতৃয়ে তেওঁৰ সংগীত কেৰিয়াৰক লৈ সুখী নাছিল। পেছোৱাৰ বিশ্ববিদ্যালয়ত নামভৰ্তি লাভ কৰি সমাজ সেৱা বিভাগত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। ২০১০ চনত এগৰাকী উৎসাহী আৰু দক্ষ কণ্ঠশিল্পী হিচাপে তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু দ্ৰুতগতিত খ্যাতি লাভ কৰিছিল।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Pakistani artist Gul Panra's profile" (en ভাষাত). Hamari Web. Archived from the original on 2025-01-24. https://web.archive.org/web/20250124051853/https://hamariweb.com/profiles/gul-panra_7273। আহৰণ কৰা হৈছে: 2025-02-25.
- ↑ "Gul Panra: Age, Education, Family, Marriage, Husband, Children, Albums, Songs, Career, Contact, Facebook, Twitter, Instagram" (en ভাষাত). dikhawa.pk. Archived from the original on 2023-06-18. https://web.archive.org/web/20230618183606/https://dikhawa.pk/blogs/content/gul-panra-age-education-family-marriage-husband-children-albums-songs-career-contact-facebook-twitter-instagram। আহৰণ কৰা হৈছে: 2025-02-25.
- ↑ "Pakistani artist Gul Panra's profile" (en ভাষাত). Hamari Web. https://hamariweb.com/profiles/gul-panra_7273.[সংযোগবিহীন উৎস]
- ↑ "Renowned Pakistani singer wishes Afghan fans on 100th Independence Day of Afghanistan". 20 August 2019. https://www.khaama.com/renowned-pakistani-singer-wishes-afghan-fans-on-100th-independence-day-of-afghanistan-03706/.
- ↑ Web Desk (16 February 2020). "Gul Panra looks ethereal in traditional dress: Pictures inside - Entertainment". Geo.tv. https://www.geo.tv/latest/272661-gul-panra-looks-ethereal-in-traditional-wear-pics-inside। আহৰণ কৰা হৈছে: 4 May 2020.
- ↑ Shinwari, Sher Alam (28 December 2019). "Popular Pashto folk singer wins appreciation for a Punjabi song's remake". DAWN.COM. https://www.dawn.com/news/1524854। আহৰণ কৰা হৈছে: 4 May 2020.
- ↑ Web Desk (16 February 2020). "Gul Panra looks gorgeous in traditional outfit: Check out latest pictures - Entertainment". The News International. https://www.thenews.com.pk/latest/614940-gul-panra-looks-gorgeous-in-traditional-wear-check-out-latest-pictures। আহৰণ কৰা হৈছে: 4 May 2020.
- ↑ Shinwari, Sher Alam (12 October 2014). "Rising Pashto artist to launch her singing career in Urdu soon". DAWN.COM. http://www.dawn.com/news/1137454। আহৰণ কৰা হৈছে: 4 May 2020.
- ↑ "Pashto singer Gul Panra's gift for Peshawar Zalmi". Samaa TV. 7 March 2017. https://www.samaa.tv/sports/2017/03/pashto-singer-gul-panras-gift-to-peshawar-zalmi/.
- ↑ "Gul Panra becomes official brand ambassador for Peshawar Zalmi". Dunya News. 28 January 2019. https://dunyanews.tv/amp/english/476260.php.
- ↑ Syed Bukhar Shah (5 April 2021). "Pashto singer Gul Panra says pandemic added to woes of artistes". The News International. https://www.thenews.com.pk/amp/814857.
- ↑ "Gul Panra". Radio Sangam. https://www.radiosangam.co.uk/calendar/event/gul-panra/। আহৰণ কৰা হৈছে: 4 May 2020.
- ↑ Kumar, Vineeta (3 October 2018). "Opinion: Hassan Jahangir's Performance on Coke Studio is Why Hawa Hawa is The Song For Generations". india.com. https://www.india.com/entertainment/music-news-hassan-jahangir-just-performed-hawa-hawa-on-coke-studio-pakistan-and-you-cant-thank-him-enough-for-it-watch-video-3359882/। আহৰণ কৰা হৈছে: 4 May 2020.
- ↑ Eleen Bukhari (22 September 2021). "Watch: Ali Zafar's new version of 'Larsha Pekhawar' ft. Gul Panra will make you groove". Geo News. https://www.geo.tv/amp/371929.