গুৰদীপ কোহলী
| গুৰদীপ কোহলী | |
|---|---|
স্বামী অৰ্জুন পুঞ্জৰ সৈতে গুৰদীপ | |
| জন্ম | গুৰদীপ কৌৰ কোহলী ৩০ জানুৱাৰী, ১৯৮০ (৪৬ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
| পেচা | মডেল, অভিনেত্ৰী, টেলিভিছন উপস্থাপিকা |
| সক্ৰিয় হৈ থকা সময় | ১৯৯৫–বৰ্তমান |
| জনা যায় | বেষ্ট অৱ লাক নিক্কি |
| দাম্পত্যসঙ্গী | অৰ্জুন পুঞ্জ (বি. ২০০৬) |
| সন্তান | ২ |
গুৰদীপ কোহলী (জন্ম ৩০ জানুৱাৰী ১৯৮০), তেওঁৰ বিবাহিত নাম গুৰদীপ পুঞ্জ নামেৰেও পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী টেলিভিছনত কাম কৰে।[1] তেওঁ ‘বেষ্ট অৱ লাক নিক্কি’ত হিমানী সিং, ‘সঞ্জীৱনী’ত ডা° জুহী আৰু ‘কচম ছে’ত বাণী চৰিত্ৰৰ বাবে পৰিচিত।[2]
প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]গুৰদীপ কৌৰ কোহলী পঞ্জাবী মূলৰ মহিলা। তেওঁ মহাৰাষ্ট্ৰৰ মুম্বাইৰ এটা শিখ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।
কৰ্মজীৱন
[সম্পাদনা কৰক]টেলিভিছন
[সম্পাদনা কৰক]গুৰদীপে ভাৰতীয় টেলিভিছনৰ বিজ্ঞাপনৰ মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ ফাল্গুনী পাঠকৰ সংগীত ভিডিঅ’ "হাইৰে মেৰে হুই গুলাবী"-ত অভিনয় কৰে। তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চৰিত্ৰটো আছিল ‘সঞ্জীৱনী’ৰ ডা° জুহী সিং, যাৰ বাবে তেওঁ যথেষ্ট প্ৰশংসা বুটলিছিল।[3][4] পিছলৈ তেওঁ জী টিভিৰ ‘সিন্দূৰ তেৰে নাম কা’-ত কাম কৰে। তেওঁ ষ্টাৰ ৱানৰ ‘জেট ছেট গো’ আৰু স্বামী অৰ্জুন পুঞ্জৰ সৈতে ‘নাচ বলিয়ে ২’-ৰ অংশ আছিল। পৰৱৰ্তী সময়ত তেওঁ ‘কচম ছে’-ত প্ৰণিতা ৱালিয়া মিত্ৰৰ চৰিত্ৰত অভিনয় কৰে, যি পিছলৈ বাণী জয় ৱালিয়া বুলি জনা যায়। তেওঁক ‘বেষ্ট অৱ লাক নিক্কি’-ত হিমানী সিং হিচাপে দেখা গৈছিল। তেওঁ জী খানা খাজানাত ‘বাচ্চা পাৰ্টি’ আৰু এবিচি (All 'Bout Cooking) নামৰ নিজা ৰন্ধন অনুষ্ঠানৰ আঁত ধৰিছে। তেওঁ ‘দিয়া ঔৰ বাতী হাম’[5] আৰু ‘দিল কী বাতেঁ দিল হী জানে’-ত নেতিবাচক চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ জী টিভিৰ শ্ব’ ‘শেঠজী’-ত "শেঠজী" অহল্যা দেৱীৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ অল্ট বালাজীৰ ‘কেহনে কো হমচফৰ হ্যায়’-ত ৰণিত ৰায় আৰু মোনা সিঙৰ সৈতে অভিনয় কৰিছিল। তেওঁ কালাৰ্ছ টিভিৰ ‘দাস্তান-ই-মহব্বত: চেলিম অনাৰকলি’-ত জোধা বাইৰ চৰিত্ৰত অভিনয় কৰিছিল।[6] ২০১৯ চনৰ ১২ আগষ্টত প্ৰিমিয়াৰ হোৱা ‘সঞ্জীৱনী ২’-ত তেওঁ পুনৰ ডা° জুহী সিঙৰ চৰিত্ৰত অভিনয় কৰে।
২০২৩ চনৰ জুন মাহৰপৰা ২০২৪ চনৰ ছেপ্টেম্বৰ মাহলৈকে তেওঁ ছনী ছাবৰ ৰাজনৈতিক ব্যাৱসায়িক ড্ৰামা ‘বংশজ’-ত ভূমি মহাজনৰ চৰিত্ৰত অভিনয় কৰিছিল।
চলচ্চিত্ৰ
[সম্পাদনা কৰক]গুৰদীপে ২০১২ চনত প্ৰভু দেৱাই পৰিচালনা কৰা বলিউডৰ ছবি ‘ৰাউডী ৰাঠোৰ’ৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।[7] তেওঁ ২০১৯ চনৰ ছবি ‘ষ্টুডেণ্ট অৱ দ্য ইয়াৰ ২’-তো অনামিকা বাণীৰ চৰিত্ৰত অভিনয় কৰিছিল।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]টেলিভিছন আৰু মডেল হিচাপে কেইবাবছৰো কাম কৰাৰ পাছত, ২০০৬ চনৰ ১০ ডিচেম্বৰত গুৰদীপে তেওঁৰ ‘সঞ্জীৱনী’ৰ সহ-অভিনেতা অৰ্জুন পুঞ্জৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দম্পতীটোৰ দুটাকৈ সন্তান আছে— ২০১০ চনত জন্ম হোৱা মেহৰ নামৰ এগৰাকী কন্যা আৰু ২০১৫ চনত জন্ম হোৱা মাহীৰ নামৰ এজন পুত্ৰ।[8]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Gurdip Punjj (@gurdippunjj) • Instagram photos and videos" (en ভাষাত). instagram.com. https://www.instagram.com/gurdippunjj/। আহৰণ কৰা হৈছে: 18 February 2020.
- ↑ "Gurdeep Kohli News | Latest News of Gurdeep Kohli | Times of India Entertainment". The Times of India. https://timesofindia.indiatimes.com/topic/gurdeep-kohli/news.
- ↑ "Gurdeep Kohli is back on small screen". Zee News. 2 April 2011. https://zeenews.india.com/entertainment/idiotbox/gurdeep-kohli-is-back-on-small-screen_85024.html। আহৰণ কৰা হৈছে: 21 April 2020.
- ↑ "TV stars Gurdeep Kohli, Pratyusha Banerjee to participate in Big Boss season 7? - NDTV Movies". NDTVMovies.com. https://movies.ndtv.com/television/tv-stars-gurdeep-kohli-pratyusha-banerjee-to-participate-in-big-boss-season-7-613438। আহৰণ কৰা হৈছে: 21 April 2020.
- ↑ "Gurdeep Kohli returns to television in 'Raavan Avatar' in Diya Aur Baati Hum". NDTV. 25 September 2014. http://movies.ndtv.com/television/gurdeep-kohli-returns-to-tv-in-raavan-avatar-in-diya-aur-baati-hum-670655। আহৰণ কৰা হৈছে: 1 April 2015.
- ↑ "Shaheer Sheikh's Dastaaan-e-Mohabbat goes off air abruptly. Gurdeep Kohli reveals the reason". India Today. https://www.indiatoday.in/television/soaps/story/shaheer-sheikh-s-dastaaan-e-mohabbat-goes-off-air-abruptly-gurdeep-kohli-reveals-the-reason-1455758-2019-02-14। আহৰণ কৰা হৈছে: 7 October 2019.
- ↑ "Gurdeep Kohli to play lady cop in Rowdy Rathore". Hindustan Times. IANS. 29 May 2019. Archived from the original on 10 September 2015. https://web.archive.org/web/20150910184337/http://www.hindustantimes.com/bollywood/gurdeep-kohli-to-play-lady-cop-in-rowdy-rathore/article1-863055.aspx.
- ↑ Khan, Shameem (14 May 2006). "Winter wedding for Arjun!". DNA India. https://www.dnaindia.com/entertainment/report-winter-wedding-for-arjun-1029252। আহৰণ কৰা হৈছে: 21 April 2020.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Gurdeep Kohli সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।