গুৰুমাপা
গুৰুমাপা (নেপাল ভাষা: 𑐐𑐸𑐬𑐸𑐩𑐵𑐥𑐵 ; দেৱনাগৰী: गुरुमापा) নেপাল মণ্ডলৰ লোককথাৰ এক পৌৰাণিক কিংবদন্তিমূলক জীৱ। কিংবদন্তি অনুসৰি তেওঁ অবাধ্য শিশুক লৈ যায় বুলি কোৱা হয়, আৰু সেয়েহে তেওঁক কাঠমাণ্ডুৰ এখন পথাৰলৈ নিৰ্বাসিত কৰা হয়।[1][2]
গুৰুমাপাৰ কাহিনী নেৱাৰ সমাজৰ অন্যতম পৰিচিত লোককথা। তেওঁক ভয়ংকৰ মুখ আৰু ওলাই থকা দাঁতেৰে এটা দৈত্য হিচাপে চিত্ৰিত কৰা হৈছে৷
কিংবদন্তি
[সম্পাদনা কৰক]এই কিংবদন্তিৰ কাহিনী অনুসৰি মধ্য কাঠমাণ্ডুৰ পবিত্ৰ ঠাই ইটুম্বাহাত কেশ চন্দ্ৰ নামৰ এজন প্ৰবীণ ব্যক্তি বাস কৰিছিল।[3][4] নিজৰ সকলো সম্পত্তি জুৱা খেলি হাৰি যোৱাৰ পিছত সি ভগ্নীৰ লগত থাকিবলৈ গ’ল। এবাৰ তেওঁ জুৱা খেলিবলৈ তেওঁক দুপৰীয়া আহাৰ দিয়া কাঁহীখনো চুৰি কৰি লৈছিল৷ তেতিয়া তেওঁৰ ভগ্নীয়ে তেওঁক শিক্ষা দিবৰ কাৰণে তেওঁৰ মজিয়াত ভাত খাবলৈ দিছিল।[5]
এই ঘটনাত গভীৰ আঘাত পাই কেশ চন্দ্ৰই ৰুমাল এখনত খাদ্যখিনি গোটাই লৈ বহু দূৰ খোজ কাঢ়ি চহৰৰ বাহিৰৰ হাবিলৈ গুছি গ’ল। ভোক অনুভৱ কৰি তেওঁ যেতিয়া ভাতখিনি মেৰ খুলি খাবলৈ ল’লে, তেতিয়া দেখিলে যে সেইবোৰ বেয়া হৈ গৈছে আৰু গোটেই ভাতখিনি পলুৱে ভৰ্তী হৈ আছে। গতিকে তেওঁ খাদ্যখিনি ৰ’দত শুকুৱাবলৈ মেলি দি টোপনি গ’ল।
কেশচন্দ্ৰ সাৰ পাই দেখিলে যে পাৰচৰায়ে সকলো খাদ্য খাই পেলাইছে। তেওঁৰ ইমানেই দুখ লাগিল যে তেওঁৰ চকুলো বাগৰি গ’ল। তেওঁক কৰুণা কৰি পাৰবোৰে তেওঁলৈ নিজৰ মল এৰি থৈ গ’ল৷ সেই মলবোৰ সোণলৈ পৰিণত হ’ল। তাত ইমানেই সোণ আছিল যে তেওঁ সকলোবোৰ সোণ কঢ়িয়াব পৰা নাছিল। এতিয়া তেওঁ কি কৰিব তাকে চিন্তা কৰি থাকোঁতে দেখিলে যে হাবিত বাস কৰা মানুহ খোৱা দৈত্য গুৰুমাপা ওচৰ চাপি আহিছে। চিকাৰৰ গোন্ধে তেওঁক আকৰ্ষণ কৰিছিল।
কেশ চন্দ্ৰনে তেওঁক ককা বুলি সম্বোধন কৰিলে আৰু ভোজ-ভাতৰ প্ৰতিশ্ৰুতি দিলে৷ লগতে মাক-দেউতাকৰ অবাধ্য ল’ৰা-ছোৱালীক তেওঁ লৈ যোৱাৰ অধিকাৰৰ দি সোণখিনি তেওঁৰ ঘৰত থৈ আহিবলৈ বুজাই দিলে। কেশ চন্দ্ৰই গুৰুমাপাক ইটুম্বহাৰ ঘৰলৈ লৈ আনি আহি বস্তু থোৱা চাঙত থাকিবলৈ দিলে। বছৰবোৰ পাৰ হৈ যোৱাৰ লগে লগে মাক-দেউতাকে গুৰুমাপা আহি ধৰি লৈ যাব বুলি ল’ৰাছোৱালীক সকীয়াই দিয়াৰ পিছতে ল’ৰা-ছোৱালীবোৰ নোহোৱা হ’বলৈ ধৰিলে।
ইয়াৰ পিছতে স্থানীয় ৰাইজে সিদ্ধান্ত লয় যে গুৰুমাপাক চুবুৰীটোত ৰখাটো নিৰাপদ নহয়। টিংখ্যা (টুণ্ডিখেল) পথাৰত তেওঁ থাকিবলৈ মান্তি হ’লে তেওঁক সিজোৱা চাউল আৰু ম’হৰ মাংসৰ বাৰ্ষিক ভোজ দিম বুলি প্ৰতিশ্ৰুতি দিলে। আৰু সেইদৰে দৈত্যটোক গাঁৱৰ বাহিৰলৈ গুচি যাবলৈ মান্তি কৰা হ'ল।[6] আজিলৈকে স্থানীয় ৰাইজে হোলীৰ নিশা গুৰুমাপাৰ বাবে ভোজ প্ৰস্তুত কৰি সেই খেলপথাৰত দি থৈ আহে ৷ এই খেলপথাৰ খন বৰ্তমান পেৰেড খেলপথাৰ হিচাপে ব্যৱৰাৰ কৰা হয়৷[7]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Slusser, Mary Shepherd (1982). Nepal Mandala: A Cultural Study of the Kathmandu Valley. Princeton University Press. আই.এচ.বি.এন. 0691031282, 9780691031286. Page 364.
- ↑ Finlay, Hugh; Everist, Richard and Wheeler, Tony (1999). Nepal: Lonely Planet Travel Guides. Lonely Planet. আই.এচ.বি.এন. 0864427042, 9780864427045. Page 154.
- ↑ Pal, Pratapaditya and National Centre for the Performing Arts (India) (2004). Nepal, old images, new insights. Marg Publications. আই.এচ.বি.এন. 8185026688, 9788185026688. Page 108.
- ↑ "Lonely Planet review for Itum Bahal". Lonely Planet. 2012. http://www.lonelyplanet.com/nepal/kathmandu/sights/square-plaza/itum-bahal। আহৰণ কৰা হৈছে: 10 July 2012.
- ↑ Goodman, Jim (1981). Guide to enjoying Nepalese festivals: an introductory survey of religious celebration in Kathmandu Valley. Kali Press. Page 21.
- ↑ "Polishing up the past". Nepali Times. 22–28 July 2005. http://www.nepalitimes.com.np/issue/2005/07/22/Arts/604.
- ↑ Bisht, Kapil (November 2011). "A walk into the heritage". ECS Nepal. http://ecs.com.np/features/a-walk-into-the-heritage.