সমললৈ যাওক

গুৱান্‌ইন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গুৱান্‌ইন
কাঠৰ খোদিত গুৱান্‌ইনৰ আৰু তেওঁলোকৰ মুকুটত অমিতাভউত্তৰ ছঙ বংশ, প্ৰায় 1025
চীনা নাম
পৰম্পৰাগত চীনা লিপি 觀音
সৰলীকৃত চীনা লিপি 观音
সম্পূৰ্ণ চীনা নাম
পৰম্পৰাগত চীনা লিপি 觀世音
সৰলীকৃত চীনা লিপি 观世音
আক্ষৰিক অৰ্থ "[যিজনে] জগতৰ ধ্বনি বা আহ্বান শ্ৰৱণ কৰে"
Second alternative Chinese name
পৰম্পৰাগত চীনা লিপি 觀自在
সৰলীকৃত চীনা লিপি 观自在
আক্ষৰিক অৰ্থ "জগতৰ ওপৰত দৃষ্টি ৰাখোঁতা প্ৰভু"
Third alternative Chinese name
পৰম্পৰাগত চীনা লিপি 觀音媽
সৰলীকৃত চীনা লিপি 观音妈
Burmese name
Burmese ကွမ်ယင်
IPA [kwàɴ jɪ̀ɴ]
Tibetan name
Tibetan སྤྱན་རས་གཟིགས
Vietnamese name
Quốc ngữ Quan Âm (Quán Âm)
Quán Thế Âm (Quan Thế Âm)
Quán Tự Tại
Thai name
Thai กวนอิม, พระอวโลกิเตศวรโพธิสัตว์
RTGS Kuan Im, Phra Awalokitesuanphotisat
Korean name
Hangul 관음, 관세음, 관자재
Hanja 觀音, 觀世音, 觀自在
Mongolian name
Mongolian script সাঁচ:MongolUnicode
Japanese name
Kanji 観音, 観世音, 観自在
Hiragana かんのん, かんぜおん, かんじざい
Indonesian name
Indonesian Kwan Im, Kwan She Im, Awalokiteswara
Filipino name
Tagalog Kuan im ma (ᜃᜓᜀᜈ᜔ᜁᜋ᜔ᜋ)
Sanskrit name
Sanskrit अवलोकितेश्वर (অৱলোকিতেশ্ৱৰ)
Hmong name
Hmong Kabyeeb, Niam-Txiv Kabyeeb, Dabpog, Niam-Txiv Dabpog

কৰুণাৰ প্ৰতীক হিচাপে জনাজাত বোধিসত্ত্ৱ অৱলোকিতেশ্ৱৰৰ (সংস্কৃত: अवलोकितेश्वर) এটি সচৰাচৰ ব্যৱহৃত চীনা নাম হ’ল 'গুৱান্‌ইন' (চীনা ভাষা: 觀音; পিনয়িন: Guānyīn; জ্যুৎপিং: Gun1 jam1)।[1] 'গুৱান্‌ইন' শব্দটো আচলতে 'গুৱান্‌শ্বিইন'ৰ (Guanshiyin) চমু ৰূপ, যাৰ অৰ্থ হ’ল "[যিজনে] জগতৰ ধ্বনি বা আহ্বান শ্ৰৱণ কৰে"।[2] ভাৰতীয় বৌদ্ধ ধৰ্মত মূলতঃ পুৰুষ হিচাপে গণ্য কৰা হ’লেও, প্ৰায় দ্বাদশ শতিকাৰ পৰা চীন আৰু পূব এচিয়াৰ সৰহভাগ ঠাইতে গুৱান্‌ইনক নাৰীৰ ৰূপত চিত্ৰিত কৰা হৈ আহিছে। বিভিন্ন সামাজিক-ভৌগোলিক কাৰকৰ বাবে ঐতিহাসিকভাৱে গুৱান্‌ইনক লিঙ্গহীন বা উভলিঙ্গী বা মিশ্ৰিতলৈংগিক ৰূপতো চিত্ৰিত কৰা দেখা যায়।[3] ষষ্ঠ চান্দ্ৰ মাহৰ ১৯তম দিনা গুৱান্‌ইনে বুদ্ধত্ব লাভ কৰাৰ দিনটো উদযাপন কৰা হয়।[4] গুৱান্‌ইনক তাওবাদ আৰু চীনা লোকধৰ্মকে ধৰি অন্যান্য ধৰ্মতো অন্তৰ্ভুক্ত কৰা হৈছে।[note 1]

কিছুমান বৌদ্ধ ধৰ্মৱলম্বীয়ে বিশ্বাস কৰে যে যেতিয়া তেওঁলোকৰ কোনো অনুগামীয়ে মৃত্যুবৰণ কৰে, তেতিয়া গুৱান্‌ইনে তেওঁলোকক এপাহ পদুমৰ গৰ্ভত স্থান দিয়ে আৰু তাৰপাছত পশ্চিমৰ পৱিত্ৰ ভূমি 'সুখৱতী'লৈ (Sukhāvatī) প্ৰেৰণ কৰে।[5]'পদ্মসূত্ৰ'ৰ (সদ্ধৰ্ম পুণ্ডৰীক সূত্ৰম্) 'সাৰ্বজনীন দ্বাৰ' অধ্যায় আৰু 'কাৰণ্ডব্যূহ সূত্ৰ'ত উল্লেখ থকা অনুসৰি, গুৱান্‌ইনক প্ৰায়ে "সৰ্বাধিক জনপ্ৰিয় আৰু আদৰৰ বৌদ্ধ দেৱতা"[6] হিচাপে অভিহিত কৰা হয়, যাৰ ওচৰত তেওঁৰ প্ৰতি প্ৰাৰ্থনা জনোৱা সকলোকে সহায় কৰিব পৰা অলৌকিক শক্তি আছে।

পূব এছিয়াৰ কেইবাটাও বৃহৎ মন্দিৰ গুৱান্‌ইনৰ প্ৰতি উচৰ্গিত, যাৰ ভিতৰত আছে শাওলিন মঠ, লংঝিং মন্দিৰ, ডুলে মন্দিৰ, পুনিং মন্দিৰ, নানহাই গুৱান্‌ইন মন্দিৰ, কোৱান ইম থং হুড চো মন্দিৰ, শিতেনৌ-জি (Shitennō-ji), সেন্স’-জি (Sensō-ji), কিয়’মিজু-ডেৰা (Kiyomizu-dera), ছানজুছাংগেন-ড’ (Sanjūsangen-dō) আৰু আন বহুতো। ভাৰতত গুৱান্‌ইনৰ বাসস্থান আৰু বোধিমণ্ড ‘পোতলক পৰ্বত’ত অৱস্থিত বুলি উল্লেখ আছে। গুৱান্‌ইন সম্পৰ্কীয় বিশ্বাসৰ স্থানীয়কৰণৰ লগে লগে, প্ৰতিটো অঞ্চলে নিজা নিজা ‘পোতলক’ গ্ৰহণ কৰি লৈছিল।, চীনা বৌদ্ধ ধৰ্মত ‘পুটুঅ’ পৰ্বত’ক (Mount Putuo) গুৱান্‌ইনৰ বোধিমণ্ড বুলি গণ্য কৰা হয়। কোৰিয়াত ‘নাক্‌ছান্‌ছা’ক (Naksansa) গুৱান্‌ইনৰ পোতলক বুলি ধৰা হয়। জাপানৰ পোতলক ‘ফুদাৰাকুছান-জি’ত (Fudarakusan-ji) অৱস্থিত। তিব্বতৰ পোতলক হ’ল ‘পোতালা প্ৰাসাদ’ (Potala Palace) আৰু ভিয়েটনামৰ পোতলক হ’ল ‘হুঅং মন্দিৰ’ (Hương Temple)।[ উদ্ধৃতিৰ প্ৰয়োজন ]

পূব এছিয়াত গুৱান্‌ইনৰ কেইবাটাও তীৰ্থযাত্ৰা কেন্দ্ৰ আছে। চীনত পুটুঅ'শান (পুটুঅ' পৰ্বত) হ'ল মুখ্য তীৰ্থস্থান। কোৰিয়াত ৩৩টা মন্দিৰৰ এক গুৱান্‌ইন তীৰ্থযাত্ৰা আছে, যাৰ ভিতৰত নাক্‌ছান্‌ছাও অন্তৰ্ভুক্ত। জাপানত গুৱান্‌ইনৰ সৈতে জড়িত কেইবাটাও তীৰ্থযাত্ৰা আছে। সেইবোৰৰ ভিতৰত আটাইতকৈ পুৰণিটো হ'ল 'চাইগ’কু কান্নন তীৰ্থযাত্ৰা', যিটো গুৱান্‌ইনৰ উপাসনাস্থলী থকা ৩৩টা মন্দিৰৰ মাজেৰে কৰা এক যাত্ৰা। গুৱান্‌ইনক সম্প্ৰদায় নিৰ্বিশেষে বেছিভাগ বৌদ্ধ পৰম্পৰাই আদৰণীয় বুলি গণ্য কৰে আৰু তেওঁক বেছিভাগ তিব্বতীয় মন্দিৰত চেনৰেজিগ (Chenrézik) নামেৰে পোৱা যায়। নেপালৰ মন্দিৰসমূহতো গুৱান্‌ইনক আদৰ্শ আৰু উপাসনা কৰা হয়। পাটানত অৱস্থিত হিৰণ্য বৰ্ণ মহাবিহাৰ ইয়াৰ এক উদাহৰণ। গুৱান্‌ইনক শ্ৰীলংকাপৱিত্ৰ দাঁতৰ অৱশেষৰ মন্দিৰৰ ওচৰত থকা শ্ৰী গংগাৰাময় মন্দিৰ, কেলাণিয়া ৰাজা মহা বিহাৰ, আৰু নাথা দেৱালয়ৰ দৰে কিছুমান প্ৰভাৱশালী থেৰৱাদ মন্দিৰতো পোৱা যায়। গুৱান্‌ইনক থাইলেণ্ডৰ পান্না বুদ্ধৰ মন্দিৰ, ৱাট হুৱে প্লা কাং (য’ত থকা তেওঁৰ বিশাল মূৰ্তিটো ভুলবশতঃ "ডাঙৰ বুদ্ধ" বুলি কোৱা হয়) আৰু ম্যানমাৰৰ শ্বেডাগন পেগোডাতো পোৱা যায়। গুৱান্‌ইনৰ মূৰ্তিসমূহ এছীয় শিল্পকলাৰ এক বহুলভাৱে চিত্ৰিত বিষয় আৰু বিশ্বৰ বেছিভাগ সংগ্ৰহালয়ৰ এছীয় কলা শাখাত ইয়াক পোৱা যায়।

  1. Lokesh Chandra (1984). "The Origin of Avalokitesvara". Indologica Taurinensia খণ্ড XIII (1985–1986): 189–190. Archived from the original on 6 June 2014. https://web.archive.org/web/20140606205922/http://www.indologica.com/volumes/vol13/vol13_art13_CHANDRA.pdf। আহৰণ কৰা হৈছে: 26 July 2014. 
  2. "Perceiver of the World's Sounds". Archived from the original on 14 December 2017. https://web.archive.org/web/20171214190807/http://www.nichirenlibrary.org/en/dic/Content/P/39। আহৰণ কৰা হৈছে: 2018-10-31. 
  3. Getty, Alice (1988). The Gods of Northern Buddhism Their History and Iconography. Dover Publications. ISBN 0486255751. 
  4. "Bodhisattva Guan Shi Yin's Attainment of Buddhahood 觀世音菩薩成佛 – Purple Cloud" (en-AU ভাষাত). Archived from the original on 18 November 2020. https://web.archive.org/web/20201118033714/https://purplecloudinstitute.com/bodhisattva-guan-shi-yins-attainment-of-buddhahood-%E8%A7%80%E4%B8%96%E9%9F%B3%E8%8F%A9%E8%96%A9%E6%88%90%E4%BD%9B/। আহৰণ কৰা হৈছে: 2020-08-11. 
  5. Johnson, Reginald (2008) [1913]. Buddhist China. Soul Care Publishing. ISBN 978-0-9680459-3-0. 
  6. "Avalokiteshvara – bodhisattva". 6 October 2023. https://global.britannica.com/topic/Avalokiteshvara. 


উদ্ধৃতি ত্ৰুটি: <ref> টেগ্‌সমূহ "note" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="note"/> টেগ্‌ পোৱা নগ'ল