গৃহলক্ষ্মী (আলোচনী)
| প্ৰকাৰ | মহিলা আলোচনী |
|---|---|
| প্ৰকাশনৰ হাৰ | দ্বি-সাপ্তাহিক |
| প্ৰতিষ্ঠা | ১৯৭৯ |
| কোম্পানী | মাতৃভূমি গ্ৰুপ |
| দেশ | ভাৰত |
| ভিত্তি | কোঝিকোড |
| ভাষা | মালয়ালম |
| ৱেবচাইট | mathrubhumi.com |
গৃহলক্ষ্মী হ'ল মাতৃভূমি গ্ৰুপৰ দ্বাৰা প্ৰকাশিত এখন পষেকীয়া ভাৰতীয় আলোচনী। ২০১৩ চনৰ ডিচেম্বৰ মাহলৈকে আই আৰ এছ জৰীপ ২০১৩ অনুসৰি প্ৰচলনৰ ভিত্তিত ই ভাৰতৰ পঞ্চম বৃহত্তম আঞ্চলিক আলোচনী, ইয়াৰ গড় যোগ্যতাসম্পন্ন বিক্ৰী ৮২৬,০০০ কপি।[1]
ইতিহাস আৰু প্ৰফাইল
[সম্পাদনা কৰক]মালয়ালম ভাষাত প্ৰকাশিত মহিলা আলোচনী গ্ৰহলক্ষ্মী ১৯৭৯ চনত[2][3] মাহেকীয়া প্ৰকাশন হিচাপে মুকলি কৰা হয়। ২০১৩ চনত ই দ্বি-সাপ্তাহিক কাকতত পৰিণত হয়। গৃহলক্ষ্মীৰ মালিক আৰু প্ৰকাশ মথৰুভূমি, আৰু ইয়াৰ ভিত্তি কোজিকোডত।[3]
মহিলাৰ মিডনাইট হাফ মাৰাথন
[সম্পাদনা কৰক]২০১৬ চনৰ ৩০ জানুৱাৰীত গৃহলক্ষ্মীয়ে কেৰেলাৰ কোচিত মহিলাৰ মিডনাইট হাফ-মাৰাথনৰ আয়োজন কৰে৷ বিশিষ্ট মালয়ালম অভিনেতা মমতা মহনদাস, অলিম্পিক খেলুৱৈ অঞ্জু ববী জৰ্জ আৰু সমাজকৰ্মী সুনীতা কৃষ্ণন এই অনুষ্ঠানৰ ৰাষ্ট্ৰদূত আছিল।[4]
নাৰীত্বৰ উদযাপন হিচাপে আয়োজিত এই কাৰ্যসূচী আছিল ৰাতিও মহিলাৰ বাবে ৰাজপথ নিৰাপদ আৰু মুক্ত বুলি বাৰ্তা প্ৰচাৰ কৰা। প্ৰায় ২০০০ লোকে এই মাৰাথন দৌৰত অংশগ্ৰহণ কৰে। তদানীন্তন গৃহমন্ত্ৰী ৰমেশ চেন্নীথালাই এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে। ৩০ জানুৱাৰীৰ নিশা ১০:৩০ বজাৰ পৰা আৰম্ভ হোৱা এই মাৰাথন দৌৰ ৩১ জানুৱাৰীলৈ পাৰ হৈ দুদিনীয়া মাৰাথন হিচাপে পৰিগণিত হয়।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "New IRS 2013: Dainik Jagran tops dailies list". exchange4media.com. 29 January 2014. http://www.exchange4media.com/print/new-irs-2013dainik-jagran-tops-dailies-list_54391.html.
- ↑ . 19 July 2015. http://www.dnaindia.com/lifestyle/report-of-recipes-and-g-spots-on-india-s-magazine-era-2105879.
- ↑ 3.0 3.1 The Far East and Australasia 2003. Psychology Press. 2002. পৃষ্ঠা. 491. ISBN 978-1-85743-133-9. https://books.google.com/books?id=LclscNCTz9oC&pg=PA491.
- ↑ "Grihalakshmi to Hold Women's Marathon". newindianexpress.com. 24 January 2016. Archived from the original on 24 January 2016. https://web.archive.org/web/20160124091248/http://www.newindianexpress.com/cities/kochi/Grihalakshmi-to-Hold-Womens-Marathon/2016/01/24/article3241951.ece.
- ↑ "Midnight Half Marathon: they ran to fulfill the dream". mathrubhumi.com. 31 January 2016. Archived from the original on 9 May 2021. https://web.archive.org/web/20210509044455/https://english.mathrubhumi.com/news/kerala/midnight-half-marathon-they-ran-to-fulfill-the-dream-english-news-1.834634। আহৰণ কৰা হৈছে: 25 February 2025.