গেইলিন মেণ্ডনকা
| গেইলিন মেণ্ডনকা | |
|---|---|
২০১৫ চনত গেইলিন মেণ্ডনকা | |
| জন্ম | বোম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
| শিক্ষানুষ্ঠান | চেইণ্ট জেভিয়াৰ্ছ কলেজ, মুম্বাই (বি.এছচি) |
| পেচা | অভিনেত্ৰী, মডেল, ভিজে |
| সক্ৰিয় হৈ থকা সময় | ২০১৩; ২০১৬–বৰ্তমান |
| দাম্পত্যসঙ্গী | শ্বিহান ফাৰ্টাণ্ডো (বিবাহ: ২৯ ডিচেম্বৰ, ২০১৭) |
| 'Modeling information' | |
| Hair color | ক'লা |
| Eye color | মুগা |
গেইলিন মেণ্ডনকা (ইংৰাজী: Gaelyn Mendonca) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু এমটিভি ইণ্ডিয়াৰ ভিজে। তেওঁ মূলতঃ ডব্লিউডব্লিউই নাও ইণ্ডিয়া আৰু এমটিভি হাছল আঁত ধৰাৰ বাবে পৰিচিত।[1]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]গেইলিন মেণ্ডনকাৰ জন্ম বোম্বাইত হৈছিল আৰু তেওঁ ওৰলেমত ডাঙৰ-দীঘল হৈছিল। তেওঁ কাৰমেল অৱ চেইণ্ট জোচেফ স্কুলৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু পিছলৈ চেইণ্ট জেভিয়াৰ্ছ কলেজত অৰ্থনীতি আৰু সমাজতত্ত্ব অধ্যয়ন কৰে।[2] ধাৰাবাহিকভাৱে পাঁচ বছৰ ধৰি তেওঁ মালহাৰত ষ্ট্ৰীট ডান্স প্ৰতিযোগিতাত জয়লাভ কৰিছিল।[3]
কৰ্মজীৱন
[সম্পাদনা কৰক]মেণ্ডনকাই চেইণ্ট জেভিয়াৰ্ছ কলেজত পঢ়ি থকা সময়তেই মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ লেকমে ফেশ্বন উইককে ধৰি বহুতো ব্ৰেণ্ডৰ বাবে ৰেম্প ৱাক কৰিছে। কলেজৰপৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ গুড টাইমছ চেনেলৰ কুল কুৱেচিয়েণ্ট নামৰ কাৰ্যসূচীৰ জৰিয়তে এগৰাকী ঘোষিকা হিচাপে নিজৰ সম্প্ৰচাৰ কেৰিয়াৰ আৰম্ভ কৰে।
২০১৩ চনত মেণ্ডনকাই সুনন্দা ৱঙৰ সৈতে এমটিভি ভিজে হাণ্টত জয়লাভ কৰে। একে বছৰতে তেওঁ ৰোহন চিপ্পীৰ নৌটংকী চালা! ৰ জৰিয়তে বলীউডত অভিষেক ঘটায়।[4] এগৰাকী ভিজে হিচাপে তেওঁ কেইবাটাও কাৰ্যসূচীৰ আঁত ধৰিছে[5][6] আৰু ২০১১ চনৰ ক্ৰিকেট বিশ্বকাপৰ বাতৰি পৰিৱেশন কৰিছিল।[7] ২০১৬ চনত তেওঁ এমটিভি ৰোডীজ[8] আৰু ৰিয়েলিটী ৰেপ কাৰ্যসূচী এমটিভি হাছল আঁত ধৰিবলৈ আৰম্ভ কৰে।[9][10]
২০১৯ চনত মেণ্ডনকাই ডব্লিউডব্লিউইৰ সৈতে ডব্লিউডব্লিউই নাও ইণ্ডিয়াৰ ঘোষিকা হিচাপে চুক্তিবদ্ধ হয়,[11] যিয়ে ভাৰতৰ দৰ্শকৰ বাবে মল্লযুঁজৰ বাতৰি পৰিৱেশন কৰে।[12][13]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]২০১৭ চনৰ ২৯ ডিচেম্বৰত মেণ্ডনকাই তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক শ্বিহান ফাৰ্টাণ্ডোৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[উদ্ধৃতিৰ প্ৰয়োজন] ২২ জানুৱাৰীত তেওঁ এটি কন্যা সন্তান জন্ম দিয়ে। এই কথা তেওঁ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে ঘোষণা কৰিছিল।[14][অ-প্ৰাথমিক উৎসৰ প্ৰয়োজন]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "WWE launches new WWE NOW INDIA series". WWEWWE. https://www.wwe.com/worldwide/article/wwe-now-india-gaelyn-mendonca-debut। আহৰণ কৰা হৈছে: 17 March 2019.
- ↑ Chakravorty, Vinayak (5 April 2016). "Meet Gaelyn, the new face of Roadies". India Today. https://indiatoday.in/mail-today/story/meet-gaelyn-the-new-face-of-roadies-316328-2016-04-05.
- ↑ VJ Gaelyn Mendonca's B-Town debut with 'Nautanki Saala'
- ↑ "Meet Gaelyn, the new face of Roadies". India Today. 5 April 2016. https://www.indiatoday.in/mail-today/story/meet-gaelyn-the-new-face-of-roadies-316328-2016-04-04। আহৰণ কৰা হৈছে: 30 May 2016.
- ↑ "MTV India dating show airs episode with gay contestants" (en-US ভাষাত). Los Angeles Blade: LGBTQ News, Rights, Politics, Entertainment. 20 November 2018. https://www.losangelesblade.com/2018/11/20/mtv-india-dating-show-airs-episode-with-gay-contestants/। আহৰণ কৰা হৈছে: 8 April 2021.
- ↑ "Get set for the grand finale of MTV Lockdown Stars that goes Live on Instagram this Saturday" (en ভাষাত). indulgexpress.com. 24 April 2020. https://www.indulgexpress.com/entertainment/tv/2020/apr/24/get-set-for-the-grand-finale-of-mtv-lockdown-stars-that-goes-live-on-instagram-this-saturday-24370.html। আহৰণ কৰা হৈছে: 8 April 2021.
- ↑ "Gaelyn Mendonca: My strength is the gift of the gab - Times of India" (en ভাষাত). 27 August 2017. https://timesofindia.indiatimes.com/tv/news/hindi/gaelyn-mendonca-my-strength-is-the-gift-of-the-gab/articleshow/60233773.cms.
- ↑ "MTV Roadies Xtreme 2018 (Season 16) | Here's What Gang leaders are Earning for an Episode" (en-US ভাষাত). Chandigarh Metro. 11 March 2018. https://chandigarhmetro.com/mtv-roadies-xtreme-2018-season-16-heres-what-gang-leaders-are-earning-for-an-episode/। আহৰণ কৰা হৈছে: 8 April 2021.
- ↑ "Meet Nautanki Saala Babe Gaelyn Mendonca". Archived from the original on 2026-04-28. https://web.archive.org/web/20260428071713/https://www.indiatimes.com/entertainment/bollywood/meet-nautanki-saala-babe-gaelyn-mendonca-71282.html। আহৰণ কৰা হৈছে: 2026-03-30.
- ↑ "Nikhil Chinapa and Raja Kumari hold the baton high for gender neutral music at MTV Hustle From Home" (en ভাষাত). radioandmusic.com. http://www.radioandmusic.com/entertainment/editorial/news/200515-nikhil-chinapa-and-raja-kumari-hold-the। আহৰণ কৰা হৈছে: 8 April 2021.
- ↑ "WWE launches new WWE NOW INDIA series" (en ভাষাত). WWE. https://www.wwe.com/worldwide/article/wwe-now-india-gaelyn-mendonca-debut। আহৰণ কৰা হৈছে: 8 April 2021.
- ↑ "WWE Champion Drew McIntyre reveals his 'desi' side and it's sure to make you fall in love!" (en ভাষাত). Hindustan Times. 30 October 2020. https://www.hindustantimes.com/other-sports/wwe-champion-drew-mcintyre-reveals-his-desi-side-and-it-s-sure-to-make-you-fall-in-love/story-rbqOQ3h2WbGHIWcXOj4wMM.html। আহৰণ কৰা হৈছে: 8 April 2021.
- ↑ Dhyani, Kunal (7 March 2019). "WWE presents a new series made just for the WWE Universe in India" (en-gb ভাষাত). InsideSport. https://www.insidesport.co/wwe-launches-new-series-wwe-now-india/। আহৰণ কৰা হৈছে: 8 April 2021.
- ↑ "Instagram". https://www.instagram.com/p/CnzXi2ONI8V/?igshid=YmMyMTA2M2Y=.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- গেইলিন মেণ্ডনকা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।