সমললৈ যাওক

গেভাকালাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডাচ্চ ভাষাত গেভাকালাৰ-ফিল্মৰ বিজ্ঞাপন। চন অজ্ঞাত।

গেভাকালাৰ (ইংৰাজী: Gevacolor) এক ৰঙীন মোচন পিকচাৰ প্ৰক্ৰিয়া। ১৯৪৭ চনত বেলজিয়ামৰ গেভাৰ্টে ইয়াক প্ৰৱৰ্তন কৰিছিল আৰু ই আগফাকালাৰৰ সহযোগী প্ৰতিষ্ঠান আছিল। ১৯৫০ৰ দশকত এই প্ৰক্ৰিয়া আৰু কোম্পানীটো ফলে-ফুলে জাতিস্কাৰ হৈ উঠে; কাৰণ অন ল’কেচন শ্বুটিঙৰ বাবে ই উপযোগী আছিল। ১৯৬৪ চনত দুয়োটা কোম্পানীয়ে একত্ৰিত হৈ আগফা-গেভাৰ্ট (Agfa-Gevaert) গঠন কৰে আৰু ১৯৮০ৰ দশকলৈ ফিল্ম ষ্টক উৎপাদন কৰি থাকে।[1]

যদিও ১৯৪৭ চনত গেভাৰ্টে প্ৰথমবাৰৰ বাবে গেভাকালাৰ নিৰ্মাণ কৰিছিল, ব্ৰেণ্ড নামটো তিনি বছৰৰ পিছতহে সুৰক্ষিত কৰা হৈছিল, কাৰণ কোম্পানীয়ে এই নামটো আন কোনোৱে দাবী নকৰে বুলি ধৰি লৈছিল।[2] তেওঁলোকৰ আভ্যন্তৰীণ আলোচনী Foto-dienst ত কোম্পানীয়ে গেভাকালাৰৰ দুটা প্ৰাৰম্ভিক প্ৰকাৰ নিৰ্দিষ্ট কৰিছিল: এটা দিনৰ পোহৰত চিত্ৰগ্ৰহণৰ বাবে আৰু এটা কৃত্ৰিম পোহৰত চিত্ৰগ্ৰহণৰ বাবে। দুয়োটাই ৩৫ মিলিমিটাৰৰ সৰু ফৰ্মেট ফিল্মত উপলব্ধ আছিল।[3] দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ সময়ছোৱাত গেভাৰ্টেই ৰঙীন ছবি নিৰ্মাণ কৰা প্ৰথমটো কোম্পানী বুলি দাবী কৰা হৈছে যদিও ৰুজেন্সে এই দাবীক লৈ সন্দেহ প্ৰকাশ কৰিছে। ফেৰানিয়াই ইতিমধ্যে ১৯৪২-১৯৪৪ চনৰ ভিতৰত আৰু পুনৰ ১৯৫১ চনত এক ডায়েপজিটিভ ফিল্ম নিৰ্মাণ কৰিছিল।

গেভাকালৰত চিত্ৰগ্ৰহণ কৰা কেইখনমান ছবি

[সম্পাদনা কৰক]
নাম চন দেশ/ভাষা টোকা
La maison du printemps ১৯৪৯ গেভাকালাৰত চিত্ৰগ্ৰহণ কৰা প্ৰথম ছবি
Lúdas Matyi ১৯৫০ হাংগেৰী গেভাকালাৰত হাংগেৰীৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্য ছবি
কল্য়াণম পান্নিপ্পাৰ ১৯৫২ তামিল/ভাৰত আংশিক ৰঙীন প্ৰথম তামিল আৰু দক্ষিণ ভাৰতীয় ছবি। "এংগু চেন্দ্ৰাই"ৰ গীতটো গেভাকালাৰত চিত্ৰগ্ৰহণ কৰা হৈছে।
ছাহেনশ্বাহ ১৯৫৩ ভাৰত গেভাকালাৰত প্ৰথম সম্পূৰ্ণ পূৰ্ণদৈৰ্ঘ্যৰ ভাৰতীয় ছবি
মেৰা নাম হ্যায় মোহব্বত ১৯৫৫ পাকিস্তান

তথ্যউৎস

[সম্পাদনা কৰক]
  1. Susan Hayward (2013). Cinema Studies: The Key Concepts (4 সম্পাদনা). Routledge. পৃষ্ঠা. 86. ISBN 978-1135120856. https://books.google.com/books?id=6vyun52nQtAC&q=Gevacolor&pg=PA86. 
  2. Roosens, Laurent (1996) (nl ভাষাত). Arbeid Adelt. Een geschiedenis van de door Lieven Gevaert opgerichte fotografische industrie. Deel 5b.. প্ৰকাশক Mortsel: Agfa-Gevaert. পৃষ্ঠা. 502. 
  3. Roosens, Laurent (1996) (nl ভাষাত). Arbeid Adelt. Een geschiedenis van de door Lieven Gevaert opgerichte fotografische industrie. Deel 5b. প্ৰকাশক Mortsel: Agfa-Gevaert. পৃষ্ঠা. 544–545. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]