সমললৈ যাওক

গোধাফুটুকী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গোধাফুটুকী (Clouded leopard)
কায়েং ক্ৰাচান ৰাষ্ট্ৰীয় উদ্যানত গোধাফুটুকী৷
সংৰক্ষণ স্থিতি
CITES Appendix I (CITES)[2]
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
অধিজগৎ: সংকোষকেন্দ্ৰী
ৰাজ্য: প্ৰাণী
পৰ্ব: পৃষ্ঠদণ্ডী
শ্ৰেণী: স্তন্যপায়ী
বৰ্গ: Carnivora
উপবৰ্গ: Feliformia
মহাপৰিয়াল: Feloidea
গণ: Neofelis
প্ৰজাতি: N. nebulosa[1]
দ্বৈৰাশিক নামকৰণ
Neofelis nebulosa[1]
(Griffith, 1821)
গোধাফুটুকীৰ বিতৰণক্ষেত্ৰ [2]

গোধাফুটুকী (ইংৰাজী: Clouded leopard; বৈ‍জ্ঞানিক নামঃ Neofelis nebulosa)ক মূল ভূ-খণ্ডৰ গোধাফুটুকী বুলিও কোৱা হয়, ই হিমালয়ৰ পাদদেশৰপৰা উত্তৰ-পূব ভাৰত আৰু ভূটানৰ মাজেৰে মূল দক্ষিণ-পূব এছিয়াৰ দক্ষিণ চীনলৈকে ঘন অৰণ্যত বাস কৰা এবিধ বনৰীয়া মেকুৰীজাতীয় প্ৰাণী। ১৮২১ চনত চীনৰপৰা পোৱা এটা গোধাফুটুকীৰ ছালৰ ভিত্তিত ইয়াক প্ৰথম বৰ্ণনা কৰা হৈছিল। গোধাফুটুকীৰ ডাঙৰ ডাঙৰ ছাইৰঙী ধূসৰ বৰণৰ দাগৰ লগতে‍ অনিয়মিত দাগ আৰু ৰেখা থাকে যিয়ে ডাৱৰৰ কথা মনত পেলায় দিয়ে। ইয়াৰ মূৰ আৰু শৰীৰৰ দৈৰ্ঘ্য ৬৮.৬ৰপৰা ১০৮ চে.মি. (২৭.০ৰপৰা ৪২.৫ ইঞ্চি) আৰু নেজডাল ৬১ৰপৰা ৯১ চে.মি. দীঘল হয়। ই গছত আহ-যাহ কৰাৰ সময়ত ভৰসাম্য ৰক্ষাৰ বাবে নেজ ব্যৱহাৰ কৰে আৰু প্ৰথমে উলম্ব গছৰ ডালৰ মূৰৰপৰা নামিবলৈ সক্ষম হয়। ই দিনত গছত জিৰণি লয় আৰু ৰাতি হাবিৰ তলভাগত চিকাৰ কৰে।

গোধাফুটুকী আন পেন্থেৰিন মেকুৰীৰ ভগ্নী প্ৰজাতিৰপৰা জিনগতভাৱে ৯.৩২ৰপৰা ৪.৪৭ মিলিয়ন বছৰ আগতে বিচ্ছিন্ন হোৱা দেখা গৈছে। আজি গোধাফুটুকী ছিংগাপুৰ, টাইৱান আৰু সম্ভৱতঃ হাইনান দ্বীপ আৰু ভিয়েটনামতো স্থানীয়ভাৱে বিলুপ্ত হৈ পৰিছে। ইয়াৰ বন্য সংখ্যা হ্ৰাস পাইছে বুলি ধাৰণা কৰা হয় আৰু ১০ হাজাৰতকৈও কম প্ৰাপ্তবয়স্ক আছে বুলি জনা গৈছে আৰু কোনো উপ-সংখ্যা ১০০০ তকৈ অধিক নহয়। সেয়েহে ২০০৮ চনৰপৰা ইয়াক আই ইউ চি এন ৰঙা তালিকাত স্পৰ্শকাতৰ হিচাপে তালিকাভুক্ত কৰা হৈছে। বৃহৎ পৰিমাণৰ বনাঞ্চল ধ্বংস আৰু ব্যৱসায়িক চোৰাং চিকাৰে ইয়াৰ সংখ্যাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। যদিও ইয়াক বেছিভাগ বিচৰণক্ষেত্ৰ থকা দেশতে আইনগতভাৱে সুৰক্ষিত কৰা হৈছে তথাপি‍ ইয়াৰ শৰীৰৰ অংগসমূহ সজ্জা আৰু কাপোৰৰ বাবে ব্যৱহাৰ কৰা হয়৷

২০ শতিকাৰ আৰম্ভণিৰ পৰাই গোধাফুটুকীক প্ৰাণীবিজ্ঞানৰ উদ্যানত ৰখা হৈছে। ১৯৮০ চনত বন্দী প্ৰজনন কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। বন্দী অৱস্থাত গোধাফুটুকীৰ গড় আয়ুস ১১ বছৰ।

বিতৰণ আৰু বাসস্থান

[সম্পাদনা কৰক]
ভাৰতৰ মিজোৰামৰ আইজলত গোধাফুটুকী

গোধাফুটুকী নেপাল, ভূটান আৰু ভাৰতৰ হিমালয়ৰ পাদদেশৰপৰা ম্যানমাৰ, দক্ষিণ-পূব বাংলাদেশ, থাইলেণ্ড, উপদ্বীপ মালয়েছিয়া আৰু চীনৰ ইয়াংচে নদীৰ দক্ষিণে দেখা যায়। ছিংগাপুৰ আৰু টাইৱানত ই স্থানীয়ভাৱে বিলুপ্ত হৈছে।[2]

১৯৮৭ আৰু ১৯৮৮ চনত নেপালত গোধাফুটুকী পোৱা গৈছিল, ইয়াৰ পূৰ্বে দেশখনৰপৰা ই বিলুপ্ত হোৱা বুলি ধৰা হৈছিল।[3] তেতিয়াৰপৰাই শিৱপুৰী নাগাৰ্জুন ৰাষ্ট্ৰীয় উদ্যান আৰু অন্নপূৰ্ণা সংৰক্ষণ এলেকাত গোধাফুটুকীৰ তথ্য পোৱা গৈছে।[4][5] ২০১৪ চনৰপৰা ২০১৫ চনৰ ভিতৰত ইয়াক লেংটাং ৰাষ্ট্ৰীয় উদ্যানতো ১,৮২৩–৩,৪৯৮ মিটাৰ (৫,৯৮১–১১,৪৭৬ ফুট) উচ্চতাত নথীভুক্ত কৰা হৈছে।[6]

ভাৰতত ছিকিম, উত্তৰ পশ্চিমবংগ, ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ, অসম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ ৰাজ্যৰ লগতে মেঘালয়ৰ উপগ্ৰীষ্মমণ্ডলীয় অৰণ্যতো গোধাফুটুকী দেখা যায়।[7][8][9][10] পাকে বাঘ্ৰ সংৰক্ষিত বনাঞ্চলত ১৪৪ মিটাৰ (৪৭২ ফুট) উচ্চতাত অৰ্ধ চিৰসেউজ অৰণ্যত এটা গোধাফুটুকীৰ ফটো তোলা হৈছিল।[11] ছিকিমত ২০০৮ চনৰ এপ্ৰিলৰপৰা ২০১০ চনৰ মে' মাহৰ ভিতৰত খাংচেডজংগা বায়'স্ফিয়াৰ ৰিজাৰ্ভত ২,৫০০–৩,৭২০ মিটাৰ (৮,২০০–১২,২০০ ফুট) উচ্চতাত কেমেৰা ট্ৰেপৰদ্বাৰা গোধাফুটুকীৰ ফটো তোলা হৈছিল।[12] মানাহ ৰাষ্ট্ৰীয় উদ্যানত ২০১০ চনৰ নৱেম্বৰৰপৰা ২০১১ চনৰ ফেব্ৰুৱাৰীলৈকে কৰা এক সমীক্ষাৰ সময়ত ১৬টা গোধাফুটুকী নথীভুক্ত কৰা হৈছিল।[13] ২০১৩ চনৰ জানুৱাৰীৰপৰা ২০১৮ চনৰ মাৰ্চ মাহৰ ভিতৰত ডাম্পা টাইগাৰ ৰিজাৰ্ভ, ইগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য আৰু চিংচুং-বুগুন ভিলেজ কমিউনিটি ৰিজাৰ্ভ, মেঘালয়ৰ নংকিলেম বন্যপ্ৰাণী অভয়াৰণ্য আৰু বালপাক্ৰাম-বাঘমাৰা অঞ্চলতো গোধাফুটুকী নথীভুক্ত কৰা হৈছে।[14]

ভূটানত ইয়াক ৰয়েল মানাহ ৰাষ্ট্ৰীয় উদ্যান, জিগমে চিংগে ৱাংচুক ৰাষ্ট্ৰীয় উদ্যান, ফিবছু বন্যপ্ৰাণী অভয়াৰণ্য, জিগমে ডৰ্জি ৰাষ্ট্ৰীয় উদ্যান, ফ্ৰুমচেংলা ৰাষ্ট্ৰীয় উদ্যান, বুমডেলিং বন্যপ্ৰাণী অভয়াৰণ্য আৰু কেইবাটাও অসুৰক্ষিত অঞ্চলত লিপিৱদ্ধ কৰা হৈছে।[15][16] বাংলাদেশত ২০১৬ চনত চিটাগং পাহাৰীয়া অঞ্চলৰ চাংগু মাটামুহাৰীত ইয়াক লিপিৱদ্ধ কৰা হৈছিল।[17] ম্যানমাৰত ২০১৫ চনত কেৰেন ৰাজ্যৰ পাহাৰীয়া অৰণ্যত প্ৰথমবাৰৰ বাবে ইয়াক কেমেৰা ট্ৰেপৰদ্বাৰা নথীভুক্ত কৰা হৈছিল।[18]

থাইলেণ্ডত ই হুয়াই খা খাইং বন্যপ্ৰাণী অভয়াৰণ্যৰ তুলনামূলকভাৱে মুকলি, শুকান গ্ৰীষ্মমণ্ডলীয় অৰণ্য আৰু খাও য়াই ৰাষ্ট্ৰীয় উদ্যানৰ আবদ্ধ অৰণ্যৰ বাসস্থানত ই বাস কৰে।[19][20][21] লাওছত ইয়াক শুকান চিৰসেউজ আৰু অৰ্ধচিৰসেউজ অৰণ্য নাম এট-ফৌ ল'ই ৰাষ্ট্ৰীয় সংৰক্ষিত এলেকাত লিপিৱদ্ধ কৰা হৈছে।[22] কম্বোডিয়াত ২০০৮ চনৰ পৰা ২০০৯ চনৰ ভিতৰত ফনম প্ৰিচ বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰ্ণপাতী ডিপ্টেৰ'কাৰ্প বনাঞ্চলত ইয়াক লিপিৱদ্ধ কৰা হৈছিল [23] আৰু ২০১২ চনৰ পৰা ২০১৬ চনৰ ভিতৰত চেণ্ট্ৰেল ইলাচি পৰ্বতমালা ৰাষ্ট্ৰীয় উদ্যান, দক্ষিণ ইলাচি ৰাষ্ট্ৰীয় উদ্যান, বোটুম ছাকোৰ ৰাষ্ট্ৰীয় উদ্যান আৰু ফনম ছামকোছ বন্যপ্ৰাণী অভয়াৰণ্যত ইয়াক লিপিৱদ্ধ কৰা হৈছিল।[24] উপদ্বীপীয় মালয়েছিয়াত ইয়াক তামান নেগাৰা ৰাষ্ট্ৰীয় উদ্যান, উলু মুডা বনাঞ্চল, পাছ'হ বনাঞ্চল, বেলুম-টেমেংগ'ৰ, টেমেংগ'ৰ বনাঞ্চল সংৰক্ষিত বনাঞ্চলত আৰু ২০০৯ চনৰ পৰা ২০১৫ চনৰ ভিতৰত কেইটামান সংযোগ স্থানত ইয়াক লিপিৱদ্ধ কৰা হৈছে৷[25]

ফৰ্মোছান গোধাফুটুকীৰ অন্তিম নিশ্চিত ৰেকৰ্ড ১৯৮৯ চনত কৰা হৈছিল যেতিয়া টাৰোকো ৰাষ্ট্ৰীয় উদ্যানত এটি ডেকেৰুৱা গোধাফুটুকীৰ ছাল পোৱা গৈছিল।[26] ১৯৯৭ চনৰ পৰা ২০১২ চনলৈকে টাইৱানৰ সংৰক্ষিত অঞ্চলৰ ভিতৰত আৰু বাহিৰৰ ১,৪৫০ টাতকৈও অধিক স্থানত কৰা এক বিস্তৃত কেমেৰা ট্ৰেপিং জৰীপৰ সময়ত ইয়াক ৰেকৰ্ড কৰা হোৱা নাছিল।[27]

আচৰণ আৰু পৰিৱেশতন্ত্ৰ

[সম্পাদনা কৰক]

গোধাফুটুকী অকলশৰে থকা মেকুৰীজাতীয় প্ৰাণী৷ প্ৰাথমিক বিৱৰণীত ইয়াক ঘন অৰণ্যৰ বিৰল, গোপনীয় আৰু নিশাচৰ প্ৰাণী হিচাপে চিত্ৰিত কৰা হৈছে।[28]

মেকুৰীজাতীয় প্ৰাণীৰ ভিতৰত ই অন্যতম প্ৰতিভাৱান বগাব পৰা প্ৰাণী৷ বন্দী গোধাফুটুকীক প্ৰথমে উলম্ব গছৰ ডালৰ পৰা মূৰটো তললৈ দি‍ নামি অহা দেখা যায়, আৰু পাছফালৰ হাতোৰাৰে‍ গছৰ ডালৰ চাৰিওফালে মেৰিয়াই ধৰি‍ ডালত ওলমি থকা দেখা গৈছে৷[29]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. সাঁচ:MSW3 Wozencraft
  2. 2.0 2.1 2.2 2.3 Gray, T.; Borah, J.; Coudrat, C.N.Z.; Ghimirey, Y.; Giordano, A.; Greenspan, E.; Petersen, W.; Rostro-García, S. et al. (2021). Neofelis nebulosa. doi:10.2305/IUCN.UK.2021-2.RLTS.T14519A198843258.en. 
  3. Dinerstein, E.; Mehta, J. N. (1989). "The clouded leopard in Nepal". Oryx খণ্ড 23 (4): 199–201. doi:10.1017/s0030605300023024. 
  4. Pandey, B. P. (2012). "Clouded leopard in Shivapuri Nagarjun National Park, Nepal". Cat News (57): 24–25. 
  5. Ghimirey, Y.; Acharya, R.; Adhikary, B.; Werhahn, G.; Appel, A. (2013). "Clouded leopard camera-trapped in the Annapurna Conservation Area, Nepal". Cat News (58): 25. 
  6. Can, Ö. E.; Yadav, B. P.; Johnson, P. J.; Ross, J.; D'Cruze, N.; Macdonald, D. W. (2020). "Factors affecting the occurrence and activity of clouded leopards, common leopards and leopard cats in the Himalayas". Biodiversity and Conservation খণ্ড 29 (3): 839–851. doi:10.1007/s10531-019-01912-7. 
  7. Choudhury, A. U. (1992). "The Clouded Leopard in Assam". Oryx খণ্ড 27 (1): 51–53. doi:10.1017/s0030605300023966. 
  8. Choudhury, A. U. (1996). "The clouded leopard". Cheetah খণ্ড 35 (1–2): 13–18. 
  9. Choudhury, A. (1997). "The clouded leopard in Manipur and Nagaland". Journal of the Bombay Natural History Society খণ্ড 94 (2): 389–391. 
  10. Choudhury, A. U. (2003). "The cats in North East India". Cat News খণ্ড 39: 15–19. 
  11. Borah, J.; Sharma, T.; Lyngdoh, S.; Tapi, T. (2010). "First photograph of a clouded leopard at Pakke Tiger Reserve, India". Cat News (52): 24–25. https://www.researchgate.net/publication/315673188. 
  12. Sathykumar, S.; Bashir, T.; Bhattacharya, T.; Poudyal, K. (2011). "Assessing mammal distribution and abundance in intricate Eastern Himalayan habitats of Khangchendzonga, Sikkim, India". Mammalia খণ্ড 75 (3): 257–268. doi:10.1515/mamm.2011.023. 
  13. Borah, J.; Sharma, T.; Das, D.; Rabha, N.; Kakati, N.; Basumatary, A.; Ahmed, M. F.; Vattakaven, J. (2014). "Abundance and density estimates for common leopard Panthera pardus and clouded leopard Neofelis nebulosa in Manas National Park, Assam, India". Oryx খণ্ড 48 (1): 149–155. doi:10.1017/s0030605312000373. 
  14. Mukherjee, S.; Singh, P.; Silva, A.; Ri, C.; Kakati, K.; Borah, B.; Tapi, T.; Kadur, S. et al. (2019). "Activity patterns of the small and medium felid (Mammalia: Carnivora: Felidae) guild in northeastern India". Journal of Threatened Taxa খণ্ড 11 (4): 13432–13447. doi:10.11609/jott.4662.11.4.13432-13447. 
  15. Tempa, T.; Hebblewhite, M.; Mills, L. S.; Wangchuk, T. R.; Norbu, N.; Wangchuk, T.; Nidup, T.; Dendup, P. et al. (2013). "Royal Manas National Park, Bhutan: a hot spot for wild felids". Oryx খণ্ড 47 (2): 207–210. doi:10.1017/s0030605312001317. 
  16. Penjor, U.; Macdonald, D. W.; Wangchuk, S.; Tandin, T.; Tan, C. K. W. (2018). "Identifying important conservation areas for the clouded leopard Neofelis nebulosa in a mountainous landscape: Inference from spatial modeling techniques". Ecology and Evolution খণ্ড 8 (8): 4278–4291. doi:10.1002/ece3.3970. PMID 29721297. 
  17. Petersen, W. J.; Savini, T.; Ngoprasert, D. (2020). "Strongholds under siege: Range-wide deforestation and poaching threaten mainland clouded leopards (Neofelis nebulosa)". Global Ecology and Conservation খণ্ড 24. doi:10.1016/j.gecco.2020.e01354. 
  18. Saw Sha Bwe Moo; Froese, G. Z. L.; Gray, T. N. E. (2017). "First structured camera-trap surveys in Karen State, Myanmar, reveal high diversity of globally threatened mammals". Oryx খণ্ড 52 (3): 537. doi:10.1017/S0030605316001113. 
  19. Rabinowitz, A. R.; Walker, S. R. (1991). "The carnivore community in a dry tropical forest mosaic in Huai Kha Khaeng Wildlife Sanctuary, Thailand". Journal of Tropical Ecology খণ্ড 7: 37–47. doi:10.1017/s0266467400005034. 
  20. Grassman, L. I. Jr.; Tewes, M. E.; Silvy, N. J.; Kreetiyutanont, K. (2005). "Ecology of three sympatric felids in a mixed evergreen forest in North-central Thailand". Journal of Mammalogy খণ্ড 86: 29–38. doi:10.1644/1545-1542(2005)086<0029:eotsfi>2.0.co;2. 
  21. Austin, S. C.; Tewes, M. E.; Grassman, L. I. Jr.; Silvy, N. J. (2007). "Ecology and conservation of the leopard cat Prionailurus bengalensis and clouded leopard Neofelis nebulosa in Khao Yai National Park, Thailand". Acta Zoologica Sinica খণ্ড 53: 1–14. 
  22. Rasphone, A.; Kamler, J.F.; Macdonald, D.W. (2020). "Temporal partitioning by felids, dholes and their potential prey in northern Laos". Mammal Research খণ্ড 65 (4): 679–689. doi:10.1007/s13364-020-00524-9. 
  23. Gray, T.N.; Phan, C. (2011). "Habitat preferences and activity patterns of the larger mammal community in Phnom Prich Wildlife Sanctuary, Cambodia". The Raffles Bulletin of Zoology খণ্ড 59 (2): 311–318. 
  24. Gray, T.N.; Billingsley, A.; Crudge, B.; Frechette, J.L.; Grosu, R.; Herranz-Muñoz, V.; Holden, J.; Keo, O. et al. (2017). "Status and conservation significance of ground-dwelling mammals in the Cardamom Rainforest Landscape, southwestern Cambodia". Cambodian Journal of Natural History খণ্ড 2017 (1): 38–48. 
  25. Tan, C. K. W.; Rocha, D. G.; Clements, G. R.; Brenes-Mora, E.; Hedges, L.; Kawanishi, K.; Mohamad, S. W.; Rayan, D. M. et al. (2017). "Habitat use and predicted range for the mainland clouded leopard Neofelis nebulosa in Peninsular Malaysia". Biological Conservation খণ্ড 206: 65–74. doi:10.1016/j.biocon.2016.12.012. https://www.researchgate.net/publication/311954581. 
  26. Anonymous (1996). "The mystery of the Formosan clouded leopard". Cat News খণ্ড 24: 16. 
  27. Chiang, P. J.; Pei, K. J. C.; Vaughan, M. R.; Li, C. F.; Chen, M. T.; Liu, J. N.; Lin, C. Y.; Lin, L. K. et al. (2015). "Is the clouded leopard Neofelis nebulosa extinct in Taiwan, and could it be reintroduced? An assessment of prey and habitat". Oryx খণ্ড 49 (2): 261–269. doi:10.1017/S003060531300063X. 
  28. Guggisberg, C.A.W. (1975). "Clouded leopard Neofelis nebulosa (Griffiths, 1821)". Wild cats of the World. প্ৰকাশক New York: Taplinger Publishing. পৃষ্ঠা. 125–130. ISBN 978-0-8008-8324-9. 
  29. Hemmer, H. (1968). "Untersuchungen zur Stammesgeschichte der Pantherkatzen (Pantherinae) II: Studien zur Ethologie des Nebelparders Neofelis nebulosa (Griffith 1821) und des Irbis Uncia uncia (Schreber 1775)". Veröffentlichungen der Zoologischen Staatssammlung München খণ্ড 12: 155–247. https://archive.org/stream/verfentlichungen121968zool#page/n209/mode/2up.