সমললৈ যাওক

গোপালচন্দ্ৰ মুখোপাধ্যায়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গোপালচন্দ্ৰ মুখোপাধ্যায়

গোপালচন্দ্ৰ মুখোপাধ্যায়
জন্ম ১৩ মে', ১৯১৩
কলিকতা, বংগ, ব্ৰিটিছ ভাৰত (বৰ্তমান পশ্চিমবংগ, ভাৰত)
মৃত্যু ১০ ফেব্ৰুৱাৰী, ২০০৫ (৯১ বছৰ)
কলিকতা, পশ্চিমবংগ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম গোপাল পাঁঠা
পেচা ব্যৱসায়ী
উল্লেখযোগ্য কৰ্ম ১৯৪৬ চনৰ ১৬ আগষ্ট তাৰিখে সৰ্বভাৰতীয় মুছলিম লীগৰ দ্বাৰা সংঘটিত কলিকতা দাঙ্গাৰ পৰা হিন্দুসকলক সুৰক্ষা প্ৰদান কৰা।

গোপালচন্দ্ৰ মুখোপাধ্যায়[1], জনপ্ৰিয়ভাৱে গোপাল পাঁঠা (ইংৰাজী: Gopal Patha বা Gopal Pantha) নামেৰে জনাজাত, এগৰাকী ভাৰতীয় ব্যৱসায়ী আছিল। ১৯৪৬ চনৰ কলিকতা দাঙ্গাৰ সময়ত হিন্দুসকলক সুৰক্ষা দিবলৈ তেওঁ ভাৰতীয় জাতীয় বাহিনী নামৰ এটা সশস্ত্ৰ গোট গঠন কৰিছিল।[2][3][4][5][6][7]

প্ৰাৰম্ভিক জীৱন আৰু কৰ্মজীৱন

[সম্পাদনা কৰক]

কলিকতাৰ বৌবজাৰৰ মলঙ্গা লেনত এটি বঙালী হিন্দু পৰিয়ালত গোপালৰ জন্ম হৈছিল।[5] তেওঁ আছিল বিপ্লৱী অনুকূল চন্দ্ৰ মুখোপাধ্যায়ৰ ভাগিন।[8] শৈশৱতে তেওঁ ‘পাঁঠা’ উপনাম লাভ কৰিছিল, কিয়নো তেওঁৰ পৰিয়ালে সেই সময়তকলেজ ষ্ট্ৰীটত মাংসৰ দোকান এখন চলাইছিল।[6][9] ডাঙৰ হৈ তেওঁ মাংসৰ দোকানখন চলোৱাৰ দায়িত্ব ল’লে। ব্যৱসায়ৰ অংশ হিচাপে নিয়মিতভাৱে মুছলমান ব্যৱসায়ীসকলৰ সৈতে তেওঁৰ যোগাযোগ আছিল।[10] ইতিহাসবিদ সন্দীপ বন্দ্যোপাধ্যায়ৰ মতে গোপালে মুছলমানসকলৰ বিৰুদ্ধে কোনো ধৰণৰ তিক্ততা প্ৰকাশ কৰা নাছিল।[10]

শেষ জীৱন

[সম্পাদনা কৰক]

১৯৪৬ চনৰ ১৬ আগষ্ট তাৰিখে মুছলিম লীগে পাকিস্তান নিৰ্মাণৰ বাবে ঘোষণা কৰা প্ৰত্যক্ষ সংগ্ৰাম দিৱসৰ দিনা কলিকতা দাঙ্গাৰ সময়ত বহুতে গোপাল আৰু তেওঁৰ ভাৰতীয় জাতীয় বাহিনীক উদ্ধাৰকাৰী আৰু নায়ক বুলি অভিহিত কৰিছিল।[11] তেওঁৰ শেষ জীৱনকালত গোপালে এগৰাকী সমাজ কৰ্মীৰূপে নেচনেল ৰিলিফ চেণ্টাৰ ফৰ ডিষ্টিটিউটছ নামৰ এটি দাতব্য সংস্থা চলাইছিল। তেওঁ নিজ অঞ্চলত এটি বাৰ্ষিক কালী পূজাৰ আৰম্ভ কৰিছিল। প্ৰতি বছৰে কালী পূজাৰ সময়ত তেওঁৰ দ্বাৰা আৰম্ভ কৰা বিখ্যাত পূজাখন চাবলৈ কলিকতালৈ বহু লোকৰ সমাগম ঘটে।[12] ২০১৪ চনত হিন্দু সংহতিয়ে গোপাল পাঁঠাৰ শতবাৰ্ষিকী উদ্‌যাপন কৰে।[13]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "৪৬-'ৰ ‘গ্ৰেট কলকাতা কিলিং’ একাই ৰুখে দিয়েছিলেন গোপাল পাঁঠা, কে তিনি?". https://bangla.aajtak.in/specials/story/calcutta-killings-1946-gopal-mukherjee-patha-saved-hindus-riots-muslim-league-direct-action-day-veer-gopal-patha-sus-632731-2023-08-16। আহৰণ কৰা হৈছে: ২০২৪-০৬-২১. 
  2. Mazumdar, Jaideep. "Remembering Gopal Mukherjee, The Braveheart Who Saved Calcutta In 1946" (en ভাষাত). Swarajyamag. https://swarajyamag.com/politics/remembering-gopal-mukherjee-the-braveheart-who-saved-calcutta-in-1946। আহৰণ কৰা হৈছে: 2023-03-28. 
  3. "Gopal Mukherjee: The man who led Hindu resistance and saved Calcutta from falling into Pakistani hands" (en ভাষাত). Firstpost. 2022-11-11. https://www.firstpost.com/opinion-news-expert-views-news-analysis-firstpost-viewpoint/gopal-mukherjee-the-man-who-led-hindu-resistance-and-saved-calcutta-from-falling-into-pakistani-hands-11564121.html। আহৰণ কৰা হৈছে: 2023-03-28. 
  4. "गोपाल मुखर्जी - विभाजन के दौरान बंगाल के हिंदुओं का रक्षक". Voice of Hinduism - Hinduism book in PDF | Latest news | History | Religion |. https://www.voiceofhinduism.in/2019/10/Gopal-Mukherjee-was-savier-of-Hindus-in-Bengal-On-Direct-action-day.html। আহৰণ কৰা হৈছে: 2023-03-28. 
  5. 5.0 5.1 Das, Suranjan (1994). The 'Goondas': Towards a Reconstruction of the Calcutta Underworld through Police Records. 29. Economic and Political Weekly. pp. 2879. 
  6. 6.0 6.1 Whitehead, Andrew (July 1, 1997). "Duty does not permit repentance - The Butchers of Calcutta". Indian Express. Archived from the original on October 16, 2013. https://web.archive.org/web/20131016133334/http://expressindia.indianexpress.com/news/ie/daily/19970701/18250453.html। আহৰণ কৰা হৈছে: March 5, 2011. 
  7. Sengupta, Debjani (2006). "A City Feeding on Itself: Testimonies and Histories of 'Direct Action' Day". SARAI. Archived from the original on May 25, 2011. https://web.archive.org/web/20110525140315/http://www.sarai.net/publications/readers/06-turbulence/04_debjani.pdf। আহৰণ কৰা হৈছে: March 5, 2011. 
  8. Bandyopadhyay, Sandip (2010). ইতিহাসেৰ দিকে ফিৰে ছেচল্লিশেৰ দাঙ্গা (Itihasher Dike Fire Chhechallisher Danga). প্ৰকাশক Kolkata: Radical. পৃষ্ঠা. 58. ISBN 978 - 81 85459-07-3. 
  9. Khan, Yasmin (2007). The Great Partition: The Making of India and Pakistan. Yale University Press. পৃষ্ঠা. 66. ISBN 0-300-12078-8. https://books.google.com/books?id=i9WdQp2pwOYC। আহৰণ কৰা হৈছে: March 6, 2011. 
  10. 10.0 10.1 "Celebrating the centenary of a "divisive" figure". The Hindu. 18 August 2014. http://www.thehindu.com/news/cities/kolkata/celebrating-the-centenary-of-a-divisive-figure/article6326661.ece। আহৰণ কৰা হৈছে: 21 August 2014. 
  11. "The Lionhearted Gopal 'Patha' Who Saved Calcutta & Bengali Hindus From Jinnah's Direct Action Day Genocide" (en-US ভাষাত). Kreately. 2021-04-23. Archived from the original on 2023-06-08. https://web.archive.org/web/20230608062031/https://kreately.in/the-lionhearted-gopal-patha-who-saved-calcutta-bengali-hindus-from-jinnahs-direct-action-day-genocide/। আহৰণ কৰা হৈছে: 2023-03-28. 
  12. "Howrah keeps alive ‘tantrik’ puja tradition". Times of India. October 25, 2003. Archived from the original on March 8, 2012. https://web.archive.org/web/20120308235859/http://articles.timesofindia.indiatimes.com/2003-10-25/kolkata/27191974_1_pujas-goddess-tantriks। আহৰণ কৰা হৈছে: March 5, 2011. 
  13. "Celebrating the centenary of a “divisive” figure" (en-IN ভাষাত). The Hindu. 2014-08-17. ISSN 0971-751X. https://www.thehindu.com/news/cities/kolkata/celebrating-the-centenary-of-a-divisive-figure/article6326661.ece। আহৰণ কৰা হৈছে: 2023-03-28.