গোপাল গডছে
| গোপাল গডছে | |
|---|---|
| জন্ম | গোপাল বিনায়ক গডছ ১২ জুন ১৯১৯ বৃটিছ ভাৰত |
| মৃত্যু | ২৬ নৱেম্বৰ ২০০৫ (৮৬ বছৰ বয়স) পুনে, মহাৰাষ্ট্ৰ, ভাৰত |
| জনা যায় | মহাত্মা গান্ধীৰ হত্যাকাণ্ডৰ সৈতে জড়িত |
| দাম্পত্যসঙ্গী | সিন্ধু গডছে[1] |
| আত্মীয়-স্বজন | নাথুৰাম গডছে (ভাই) |
গোপাল বিনায়ক গডছে (ইংৰাজী: Gopal Vinayak Godse ১৯৪৮ চনত মহাত্মা গান্ধীক হত্যাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগত দোষী সাব্যস্ত হোৱা এজন ভাৰতীয় হিন্দুত্ববাদী কৰ্মী।[1][2][3]
জীৱনী
[সম্পাদনা কৰক]২০২১ চনত গান্ধীৰ হত্যাকাণ্ডৰ বিষয়ে লিখা এখন কিতাপত কোৱা হৈছে যে, গোপাল গডছে সেই সময়ত এটা পৰিবহণ কোম্পানীত কাম কৰিছিল আৰু ইয়াৰ পূৰ্বে এংলো-ইৰাক যুদ্ধৰ সময়ত ব্ৰিটিছ সেনাবাহিনীত সেৱা আগবঢ়াইছিল।[4] ১৯৪৮ চনৰ ৩০ জানুৱাৰীত গডছেৰ ভাতৃ নাথুৰাম গডছে গান্ধীক ভয়ংকৰভাৱে গুলীয়াই হত্যা কৰে। এই হত্যাকাণ্ড সংঘটিত কৰাৰ ষড়যন্ত্ৰ কৰাৰ বাবে গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত গোপাল গডছেও আছিল।[5][4] গডছে আৰু তেওঁলোকৰ সহযোগী ষড়যন্ত্ৰকাৰীসকলে ইয়াৰ পূৰ্বে দহ দিন আগতে গান্ধীক হত্যা কৰাৰ চেষ্টা কৰিছিল, এই বিফল প্ৰচেষ্টাৰ বাবে ষড়যন্ত্ৰকাৰী মদনলাল পাহৱাক গ্ৰেপ্তাৰ কৰি কাৰাগাৰত ভৰোৱা হৈছিল।[6] গডছেক দোষী সাব্যস্ত কৰা হয়, আৰু ১৬ বছৰ কাৰাদণ্ড ভুগিবলগীয়া হয়।[2][7] ১৯৪৯ চনৰ নৱেম্বৰ মাহত তেওঁৰ ভাতৃ নাথুৰাম আৰু নাৰায়ণ আপ্তেক হত্যাকাণ্ডত ভূমিকা লোৱাৰ বাবে মৃত্যুদণ্ড আৰু ফাঁচি দিয়া হয়।[2]
১৯৬৪ চনত গডছেক মুকলি কৰি দিয়া হয়।[4] তেওঁ হত্যাকাণ্ডত নিজৰ ভূমিকাৰ বাবে অনুতাপ কৰা নাছিল, ২০০৩ চনত দিয়া এক সাক্ষাৎকাৰত তেওঁ কৈছিল যে, তেওঁ ইয়াৰ বাবে অনুশোচনা কৰা নাই।[1][2] মুক্তিৰ পিছত গডছে পুনেত বাস কৰিছিল, হত্যাকাণ্ডৰ বিষয়ে লিখা কিতাপৰপৰা ৰয়েল্টি লৈ জীৱন-নিৰ্বাহ কৰিছিল।[1][2] ১৯৯৩ চনত তেওঁৰ ভাতৃ নাথুৰামৰদ্বাৰা ৰচিত Why I Assassinated Mahatma Gandhi নামৰ গ্ৰন্থখন তেওঁ প্ৰকাশ কৰে। ইয়াৰ কিছুসময়ৰ পাছতে দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে, নাথুৰাম, তেওঁ আৰু তেওঁলোকৰ দুজন ভাতৃ সকলোৱেই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) দীৰ্ঘদিনীয়া সদস্য আছিল, আৰু কেতিয়াও সংগঠনটো এৰি যোৱা নাছিল। ইয়াৰ পূৰ্বে আৰ এছ এছে গান্ধীৰ হত্যাকাৰীৰপৰা নিজকে আঁতৰাই ৰাখিছিল।[7][8] ৰাজনৈতিক মন্তব্যকাৰী এ জি নুৰানীৰ মতে, তেওঁৰ দুখন গ্ৰন্থ, য'ত হত্যাকাণ্ডৰ বিষয়ে লিখা এখনো আছিল, ১৯৯৭ চনত আৰ এছ এছৰ আলোচনী অৰ্গেনাইজাৰে প্ৰচাৰ কৰিছিল।[8] ২০০৫ চনৰ ২৬ নৱেম্বৰত তেওঁৰ ঘৰতে মৃত্যু হয়, গান্ধী হত্যাৰ ষড়যন্ত্ৰৰ শেষজন জীয়াই থকা সদস্য হিচাপে। তেওঁৰ বিবাহ হৈছিল সিন্ধু গডছেৰ সৈতে, আৰু তেওঁৰ দুগৰাকী কন্যা আৰু এজন পুত্ৰ আছিল।[1][2]
প্ৰদীপ দলভিৰদ্বাৰা লিখা আৰু প্ৰথমবাৰৰ বাবে ১৯৯৭ চনত পৰিৱেশন কৰা মাৰাঠী ভাষাৰ নাটক মে নাথুৰাম গডছে বোল্টে (This is Nathuram Godse Speaking) গোপাল গডছেৰ মে ইট প্লেজ ইউ অনাৰ নামৰ গ্ৰন্থখনৰ আধাৰত নিৰ্মিত।[9][10] কাৰ্লিন মেকলেইনৰ মতে, নাটকখনে "গডছেৰ প্ৰতিৰক্ষাৰ অনুৰোধ প্ৰণয়ন কৰে" আৰু এইদৰে "গডছেৰ দৃষ্টিকোণৰপৰা গান্ধীৰ হত্যা আৰু গডছেৰ ভাবধাৰা’’ৰ বিষয়ে অন্বেষণ কৰে।[10]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 "Obituary: Gopal Godse, 86, conspired to kill Gandhi". The New York Times. 27 November 2005. https://www.nytimes.com/2005/11/27/world/asia/obituary-gopal-godse-86-conspired-to-kill-gandhi.html.
- ↑ 2.0 2.1 2.2 2.3 2.4 2.5 "Gandhi assassination plotter dies". Al Jazeera. 29 November 2005. http://english.aljazeera.net/NR/exeres/9941A3E2-A809-4472-A277-996278C3BEC1.htm.
- ↑ Nahar, Sunita (28 November 2005). "Mahatma Gandhi death plotter dies". BBC NEWS. https://news.bbc.co.uk/2/hi/south_asia/4476866.stm.
- ↑ 4.0 4.1 4.2 Suresh, A.E.; Kotamraju, P. (2021). The Murderer, The Monarch and The Fakir: A New Investigation of Mahatma Gandhi's Assassination. HarperCollins India. Prologue. ISBN 978-93-5489-061-1. https://books.google.com/books?id=F5U9EAAAQBAJ। আহৰণ কৰা হৈছে: 4 December 2022.
- ↑ Jagdish Chandra Jain (1987). Gandhi, the Forgotten Mahatma. Mittal Publications. পৃষ্ঠা. 76–77. ISBN 978-81-7099-037-6. https://books.google.com/books?id=NurqxSttqjoC&pg=PA76.
- ↑ "Madanlal Pahwa outlook". Outlook India. https://www.outlookindia.com/magazine/story/i-regret-i-wasnt-the-man-to-kill-gandhi/204997। আহৰণ কৰা হৈছে: 18 November 2019.
- ↑ 7.0 7.1 "Nathuram Godse, the RSS, and the Murder of Gandhi – MANAS". MANAS. 30 January 1948. https://southasia.ucla.edu/history-politics/hindu-rashtra/nathuram-godse-rss-murder-gandhi/। আহৰণ কৰা হৈছে: 4 December 2022.
- ↑ 8.0 8.1 Noorani, A.G.A.M. (2000). The RSS and the BJP: A Division of Labour. Green School Series. LeftWord Books. পৃষ্ঠা. 29, 43-47. ISBN 978-81-87496-13-7. https://books.google.com/books?id=6PnBFW7cdtsC&pg=PT43। আহৰণ কৰা হৈছে: 11 December 2022.
- ↑ Kurian, Susamma (2011-02-04). "Political drama surrounds play on Nathuram Godse". প্ৰকাশক New Delhi: HT Media. Archived from the original on 24 March 2013. https://web.archive.org/web/20130324235733/http://www.hindustantimes.com/India-news/Mumbai/Political-drama-surrounds-play-on-Nathuram-Godse/Article1-658335.aspx। আহৰণ কৰা হৈছে: 9 April 2012.
- ↑ 10.0 10.1 Karline McLain (11 February 2009). India's Immortal Comic Books: Gods, Kings, and Other Heroes. Indiana University Press. পৃষ্ঠা. 192. ISBN 978-0-253-22052-3. https://books.google.com/books?id=V4-Su0whKa0C&pg=PA192। আহৰণ কৰা হৈছে: 10 April 2012.