সমললৈ যাওক

গোপাল ভাঁড়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গোপাল ভাঁড়
কৃষ্ণনগৰৰ দৰবাৰী ৰসিক

নদিয়াৰ কৃষ্ণনগৰত থকা গোপাল ভাঁড়ৰ প্ৰতিমূৰ্তি
দাম্পত্য সঙ্গী পাৰ্বতী
জন্ম 1701 (1701)
ঘূৰ্ণী, নদিয়া ৰাজ
মৃত্যু ১৭৬৭ (বয়স ৬৫–৬৬)
কৃষ্ণনগৰ, নদিয়া ৰাজ (বৰ্তমান পশ্চিমবংগ, ভাৰত)
পেছা ৰাজ কৃষ্ণচন্দ্ৰৰ ৰাজসভাৰ সভাসদ আৰু ৰসিক

গোপাল ভাঁড় (ইংৰাজী: Gopal Bhar) বা গোপাল ভাণ্ড মধ্যযুগীয় বংগৰ এগৰাকী দৰবাৰী ৰসিক আছিল। তেওঁৰ আচল নাম আছিল গোপাল চন্দ্ৰ প্ৰামাণিক। তেওঁ অষ্টাদশ শতিকাত নদিয়াৰ ৰজা কৃষ্ণচন্দ্ৰৰ (১৭১০–১৭৮৩) ৰাজসভাৰ এগৰাকী সভাসদ আছিল।[1] গোপালে হাঁহি-ধেমালি কৰি আনক হহুৱাইছিল। ৰজা কৃষ্ণচন্দ্ৰই গোপালক নিজৰ ৰাজসভাৰ এক নৱৰত্ন বুলি গণ্য কৰিছিল। তেওঁৰ প্ৰতিমূৰ্তি এতিয়াও ৰজা কৃষ্ণচন্দ্ৰৰ ৰাজপ্ৰাসাদ আৰু কৃষ্ণনগৰ চহৰৰ ঘূৰ্ণীত দেখিবলৈ পোৱা যায়। তেওঁ সৎ আৰু তীক্ষ্ণ বুদ্ধিমত্তাৰ অধিকাৰী আছিল বুলি অনুমান কৰা হয়।[2]

গল্পসমূহ

[সম্পাদনা কৰক]

পশ্চিমবংগ আৰু বাংলাদেশত আজিও তেওঁৰ এই কীৰ্তিকলাপৰ কাহিনী অসংখ্য চুটিগল্পৰ ৰূপত বৰ্ণিত হয়। এইবোৰৰ উৎস স্থানীয় মৌখিক হাস্যৰসৰ সংস্কৃতিৰ লগত জড়িত থাকিব পাৰে। কাহিনীবোৰ জনপ্ৰিয় আৰু হাস্যৰসময়ী, যিবোৰত প্ৰায়ে ৰজা কৃষ্ণচন্দ্ৰকে ধৰি ক্ষমতাত থকা ব্যক্তিসকলক উপহাস কৰা হয়। তেওঁৰ বহু কাহিনীত দেখা যায় যে তেওঁ মহাৰাজ আৰু ৰাণীৰ দৰে ৰাজকীয় ব্যক্তিসকলৰ ৰূপহী চাহিদা পূৰণৰ বাবে নতুন আৰু চতুৰ উত্তৰ দিছিল। কিছুমান কাহিনীত ৰাজকৃষ্ণচন্দ্ৰই তেওঁক বিশেষভাৱে তেওঁৰ বুদ্ধিমত্তা পৰীক্ষা কৰিবলৈ বা ৰাজহুৱা স্থানত লজ্জিত কৰিবলৈ কিছুমান বিশেষ কাম সম্পন্ন কৰিবলৈ কয়। গোপাল ভাঁড়ে সদায়েই চতুৰালিৰে তেওঁৰ প্ৰচেষ্টাক বিফল কৰি দিয়ে। হাস্যৰসৰ প্ৰয়োগ কেতিয়াও প্ৰত্যক্ষ অসন্মানৰ পৰ্যায়লৈ সলনি হৈ নাযায়, বৰঞ্চ বিৰোধীৰ যুক্তি বা প্ৰত্যয়ৰ দুৰ্বলতাক আঙুলিয়াই দিবলৈ সক্ষম হয়। সেই হিচাপে তেওঁৰ কাহিনীবোৰক বীৰবল, তেনালি ৰমন, গনু ঝা আৰু নাছিৰুদ্দিনৰ কাহিনীৰ সৈতে তুলনা কৰিব পৰা যায়।[উদ্ধৃতিৰ প্ৰয়োজন]

প্ৰামাণিকতা

[সম্পাদনা কৰক]

ঊনবিংশ শতিকাৰ আৰম্ভণিতে বঙালী সাহিত্যত গোপাল ভাঁড়ৰ নাম প্ৰথমবাৰৰ বাবে উল্লিখিত হৈছিল। প্ৰায়ে কোৱা হয় যে গোপাল ভাঁড় এজন মহান ব্যক্তিত্ব আছিল। কিন্তু আন এক সূত্ৰমতে, নদিয়াৰ ৰজা কৃষ্ণচন্দ্ৰৰ শংকৰ তৰংগ নামৰ এজন সন্মানীয় আৰু বৃদ্ধ দেহৰক্ষী আছিল। তেওঁ চহৰখনৰ নিৰাপত্তাৰ দায়িত্বত আছিল। তেওঁক ৰজাই তেওঁৰ সাহস আৰু জ্ঞানৰ বাবে বিশেষ মৰ্যাদা দিছিল আৰু সম্ভৱতঃ ইয়াৰ পৰাই গোপাল ভাঁড়ৰ কাহিনীৰ উৎপত্তি হৈছিল। গোপাল ভাঁড়ৰ অস্তিত্বক লৈ এতিয়াও বিজ্ঞসকলৰ মাজত মতভেদ আছে। আচাৰ্য সুকুমাৰ সেনৰ আগবঢ়োৱা মতামত অনুসৰি, গোপালৰ চৰিত্ৰটো সম্পূৰ্ণ কাল্পনিক। কিন্তু একাংশ সূত্ৰই দাবী কৰে যে গোপাল আছিল প্ৰকৃত চৰিত্ৰ।[উদ্ধৃতিৰ প্ৰয়োজন]

জনপ্ৰিয় সংস্কৃতিত

[সম্পাদনা কৰক]
  • গোপাল ভাঁড় (চলচ্চিত্ৰ), অমল সুৰৰ দ্বাৰা পৰিচালিত, ১৯৮০ চনত মুক্তিপ্ৰাপ্ত, বঙালী হাস্যৰসাত্মক চলচ্চিত্ৰ। এই ছবিখনত অভিনেতা সন্তোষ দত্তই গোপাল ভাঁড়ৰ চৰিত্ৰত অভিনয় কৰিছিল।[3]
  • গোপাল ভাঁড় (টিভি ধাৰাবাহিক), বঙালী টেলিভিছন ধাৰাবাহিক, যʼত অভিনেতা ৰক্তিম সামন্তই বাল্যকালৰ গোপাল ভাঁড়ৰ চৰিত্ৰত অভিনয় কৰিছিল। এই ধাৰাবাহিকখন ২০১৭ চনৰ পৰা ২০১৮ চনলৈকে ষ্টাৰ জলছা চেনেলত সম্প্ৰচাৰিত হৈছিল।[4]
  • গোপাল ভাঁড় (এনিমেটেড টিভি ধাৰাবাহিক), চনী আঠ ইউটিউব চেনেলতো জনপ্ৰিয় এনিমেচন ধাৰাবাহিক। ইউটিউবত ইতিমধ্যে ১০০০তকৈ অধিক খণ্ড[5] নিৰ্মিত হৈছে আৰু এতিয়াও নিৰ্মাণ হৈয়ে আছে।

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Siegel, Lee (1987). Laughing Matters: Comic Tradition in India. University of Chicago Press, United States. আই.এচ.বি.এন. 0-226-75691-2. pp. 314-318.
  2. "Legendary jester Gopal Bhar to be poll mascot in Nadia". Indiatoday.in. 14 March 2016. http://indiatoday.intoday.in/story/legendary-jester-gopal-bhar-to-be-poll-mascot-in-nadia/1/619785.html। আহৰণ কৰা হৈছে: 16 February 2017. 
  3. "Baba never got his due: Santosh Dutta" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/bengali/movies/news/Baba-never-got-his-due-Santosh-Dutta/articleshow/7139765.cms. 
  4. "Raktim Samanta gets nostalgic as 'Gopal Bhar' comes to an end" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/tv/news/bengali/raktim-samanta-gets-nostalgic-as-gopal-bhar-comes-to-an-end/articleshow/65473543.cms. 
  5. "Gopal Bhar - গোপাল ভাঁড় - (Bengali) | Sony Aath - YouTube". www.youtube.com. https://www.youtube.com/playlist?app=desktop&list=PL5O3zv2ZcASh8p9kUDsJ9I8q5BTTd0cmw। আহৰণ কৰা হৈছে: 2022-12-30. 

অধিক পঢ়ক

[সম্পাদনা কৰক]