গোপিচান্দ পৰমানন্দ হিন্দুজা
| গোপিচান্দ হিন্দুজা | |
|---|---|
২০১৯ চনত হিন্দুজা | |
| জন্ম | গোপিচান্দ পৰমানন্দ হিন্দুজা ২৯ জানুৱাৰী, ১৯৪০ ইৰাণ |
| মৃত্যু | ০৪ নৱেম্বৰ, ২০২৫ (৮৫ বছৰ) লণ্ডন,ইংলেণ্ড |
| ৰাষ্ট্ৰীয়তা |
|
| শিক্ষানুষ্ঠান | জয় হিন্দ কলেজ |
| জনা যায় | সহ-অধ্যক্ষ, হিন্দুজা গ্ৰুপ |
| দাম্পত্যসঙ্গী | সুনীতা হিন্দুজা |
| সন্তান | ৩, ধীৰাজ হিন্দুজাৰ সৈতে |
| আত্মীয়-স্বজন | এচ. পি. হিন্দুজা (brother) প্ৰকাশ হিন্দুজা (brother) |
গোপিচান্দ পৰমানন্দ হিন্দুজা (ইংৰাজী: : Gopichand Parmanand Hinduja ; ২৯ জানুৱাৰী ১৯৪০ – ৪ নৱেম্বৰ ২০২৫) ভাৰতীয় সংঘবদ্ধ হিন্দুজা গ্ৰুপ নিয়ন্ত্ৰণ কৰা এজন ভাৰতীয়-ব্ৰিটিছ কোটিপতি ব্যৱসায়ী আছিল। তেওঁৰ ভ্ৰাতৃ শ্ৰীচান্দ “এচ. পি.” হিন্দুজাৰ সৈতে একেলগে বহু দশক ধৰি হিন্দুজা গ্ৰুপৰ নেতৃত্ব দিছিল। ২০২৩চনৰ মে’ মাহত ভ্ৰাতৃ শ্ৰীচন্দৰমৃত্যুৰ পিছতো গোপীচান্দই হিন্দুজা গ্ৰুপৰ কৌশলগত দিশ, বাণিজ্যিক বিস্তাৰ আৰু বিশ্বব্যাপী বিনিয়োগ পৰিকল্পনা আগবঢ়াই লৈ গৈছিল। তেওঁ আৰু তেওঁৰ ভাতৃক বহু বছৰ ধৰি ব্ৰিটেইন আৰু এছিয়াৰ আটাইতকৈ ধনী লোকসকলৰ ভিতৰত স্থান দিয়া হৈছিল । ''২০২৪ চনৰ ছাণ্ডে টাইমছ ৰিচ লিষ্ট''ত ব্ৰিটেইনৰ আটাইতকৈ ধনী লোকসকলৰ ৰেংকিঙত তেওঁক যুক্তৰাজ্যৰ ধনী ব্য়ক্তি হিচাবে প্ৰথম স্থানত স্থান দিছিল। তেতিয়া তেওঁৰ আনুমানিক পাৰিবাৰিক সম্পত্তিৰ পৰিমাণ হব প্ৰায় ৩৭ বিলিয়ন পাউণ্ড।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯৪০ চনৰ ২৯ জানুৱাৰীত গোপিচান্দ পৰমানন্দ হিন্দুজাৰ ইৰাণত জন্মগ্ৰহণ হয়। তেওঁৰ পিতৃ পৰমানন্দ দ্বীপ চান্দ হিন্দুজা[1] বিখ্যাত হিন্দুজা গ্ৰুপৰ প্ৰতিস্থাপক হোৱাৰ লগতে ভাৰত আৰু ইৰানৰ মাজৰ ব্যৱসায়িক যোগসূত্ৰৰও প্ৰথমজন প্ৰতিস্থাপক আছিল।গোপিচন্দ পৰমানন্দই বম্বেৰ জয় হিন্দ কলেজৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল।[2]
ব্যৱসায়ীক জীৱন
[সম্পাদনা কৰক]হিন্দুজা ভাতৃদ্বয়ে ভাৰতৰ বম্বে আৰু ইৰাণৰ তেহৰাণত পিতৃৰ বস্ত্ৰ আৰু বেহা-বেপাৰৰ ব্যৱসায়ত নিজৰ কেৰিয়াৰ আৰম্ভ কৰে।[3] আৰম্ভণিৰ সফল ব্যৱসায়সমূহৰ ভিতৰত আছিল ভাৰতৰ পৰা ইৰাণলৈ আলু আৰু পিঁয়াজ আদি খাদ্য সামগ্ৰী আৰু লোহাৰ অক্সাইড বিক্ৰী।[4]
১৯৮০ চনত অশোক লেলেণ্ড (ব্ৰিটিছ লেলেণ্ডৰ পৰা) আৰু গালফ অইল (চেভ্ৰন কৰ্প'ৰেশ্যনৰ পৰা) অধিগ্ৰহণ আৰু নব্বৈৰ দশকত ছুইজাৰলেণ্ড আৰু ভাৰতত বেংক স্থাপনৰ লগে লগে হিন্দুজা গ্ৰুপ টাটা, বীৰলা, আম্বানী আদি নামৰ সমান্তৰালভাৱে ভাৰতৰ অন্যতম পৰিচিত ব্যৱসায়ত পৰিণত হয়।[5] ২০১২ চনত গ্ৰুপটোৱে বিশ্বৰ সৰ্ববৃহৎ ধাতুৰ তৰল পদাৰ্থ নিৰ্মাতা আমেৰিকাৰ প্ৰতিষ্ঠান হাউটন ইণ্টাৰনেশ্যনেলক ১.০৪৫ বিলিয়ন ডলাৰত অধিগ্ৰহণ কৰে আৰু ঘাউছ মহম্মদ আছিফ (জে পি মৰ্গানৰ প্ৰাইভেট ইকুইটিৰ সঞ্চালক) আৰু আমেৰিকাৰ প্ৰাক্তন কোষাগাৰ সচিব আৰু পূৰ্বৰ গোল্ডমেন চেক্সৰ হেংক পলছনৰ সহায়ত এটা কনচৰ্টিয়াম গঠন কৰে।[6]
সম্পতি
[সম্পাদনা কৰক]২০২৪ চনৰ মে' মাহলৈকে গোপিচান্দ পৰমানন্দ ব্ৰিটেইনৰ আটাইতকৈ ধনী ব্যক্তি বুলি অনুমান কৰা হৈছিল।[7][8] ১৯৯০ চনৰ পৰাই তেওঁক ব্ৰিটেইন আৰু এছিয়াৰ আটাইতকৈ ধনী লোকসকলৰ ভিতৰত ধাৰাবাহিকভাৱে স্থান দিয়া হৈছিল।[9]
২০১৩ চনত এছিয়ান মিডিয়া এণ্ড মাৰ্কেটিং গ্ৰুপে প্ৰস্তুত কৰা এখন সমৃদ্ধ তালিকাত হিন্দুজাৰ সম্পত্তিৰ পৰিমাণ ১৯ বিলিয়ন পাউণ্ড (২৪.৭ বিলিয়ন ডলাৰ) বুলি অনুমান কৰা হৈছে।[10]
২০১৭ চনৰ মে' মাহত হিন্দুজাই ১৬.২ বিলিয়ন পাউণ্ড (২১ বিলিয়ন ডলাৰ) আনুমানিক সম্পত্তিৰে ছাণ্ডে টাইমছৰ ধনী তালিকাৰ শীৰ্ষস্থান দখল কৰে।[11]
২০১৯ চনৰ মে' মাহত বাৰ্ষিক চাণ্ডে টাইমছ ৰিচ লিষ্টৰ সমীক্ষা অনুসৰি হিন্দুজা ভাতৃদ্বয় গোপিচান্দ আৰু শ্ৰীচান্দক পুনৰবাৰ দ্য টাইমছ ইউ কেৰ দ্বাৰা ব্ৰিটেইনৰ আটাইতকৈ ধনী লোক হিচাপে নিৰ্বাচিত কৰা হয় ।[12]
২০২৫ চনত হিন্দুজা পুনৰ আটাইতকৈ ধনী ব্যক্তিৰ ধাৰাবাহিকতাত স্থিত হৈ আছে।[13] ২০২৪ চনত ৩৭.২ বিলিয়ন পাউণ্ডৰ শীৰ্ষত উপনীত হোৱাৰ পিছত তেওঁৰ আনুমানিক সম্পতিৰ মূল্য ৩৫.৩ বিলিয়ন পাউণ্ড।[14]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]গোপিচান্দ হিন্দুজাৰ বিবাহ সুনীতা হিন্দুজাৰ সৈতে হৈছিল, তেওঁলোকৰ দুজন পুত্ৰ আৰু এগৰাকী কন্যা যথাক্ৰমে সঞ্জয় হিন্দুজা, ধীৰাজ হিন্দুজা আৰু ৰীতা হিন্দুজা।[2][15] হিন্দুজা পৰিয়ালটো হিন্দু সিন্ধী ঐতিহ্যৰ। সিন্ধী হৈছে পাকিস্তানৰ এটা অঞ্চল সিন্ধৰ পৰা উৎপত্তি আৰু স্থানীয় ভাৰত-আৰ্য্য জনগোষ্ঠীয়, যিসকলৰ এক উমৈহতীয়া সিন্ধী সংস্কৃতি, ইতিহাস, বংশ আৰু ভাষা আছে।[16] গোপিচান্দ আৰু তেওঁৰ তিনিজন ভাতৃ টিটোটাল আৰু নিৰামিষভোজী।[17]
২০১৫ চনত তেওঁলোকৰ পুত্ৰ সঞ্জয় হিন্দুজাই ভাৰতৰ উদয়পুৰত দীৰ্ঘদিনীয়া প্ৰেমিকা ডিজাইনাৰ অনু মাহতানীক বিয়া কৰায়। এই বিয়াখনৰ বাবে ১৫ মিলিয়ন পাউণ্ড খৰচ হৈছিল আৰু মনোৰঞ্জনৰ বাবে পপ গায়ক জেনিফাৰ লোপেজ, নিকোল শ্বাৰজিংগাৰ আৰু অভিনেতা অৰ্জুন কাপুৰ আছিল।[18]
নাগৰিকত্ব
[সম্পাদনা কৰক]১৯৯৭ চনত গোপিচাণ্ডে ব্ৰিটিছ নাগৰিকত্ব লাভ কৰে।[19] ২০০১ চনত ব্ৰিটেইনৰ পাছপ’ৰ্টৰ বিনিময়ত নগদ ধনৰ কেলেংকাৰীত হিন্দুজা জড়িত হৈছিল, আৰু ব্ৰিটিছ নাগৰিকত্বৰ বাবে আবেদন কৰাৰ সময়ত মিলেনিয়াম ড’মক ধন দান দিয়াৰ বাবত পিটাৰ মেণ্ডেলছনে পদত্যাগ কৰিছিল।[20][21]
পিছৰ জীৱন আৰু মৃত্যু
[সম্পাদনা কৰক]২০২১ চনত লণ্ডনৰ আদালতৰ কক্ষত হোৱা কাজিয়াৰ বাবে হিন্দুজা পৰিয়ালে শিৰোনাম দখল কৰিছিল। শ্ৰীচান্দ হিন্দুজাৰ কন্যা বিনু আৰু শ্বানুৱে তেওঁলোকৰ তিনিজন ককাকে তেওঁলোকক পুঁজি আৰু সিদ্ধান্ত গ্ৰহণৰ পৰা আঁতৰাই পেলোৱাৰ অভিযোগ উত্থাপন কৰে। সেই সময়ত শ্ৰীচান্দ (গোপিচান্দৰ ডাঙৰ ভাতৃ) ডিমেনচিয়াত আক্ৰান্ত আছিল, আৰু ২০২৩ চনত তেওঁৰ মৃত্যু হয়।
লণ্ডনৰ এখন চিকিৎসালয়ত ২০২৫ চনৰ ৪ নৱেম্বৰত ৮৫ বছৰ বয়সত গোপীচান্দ হিন্দুজাৰ মৃত্যু হয়।[22] মৃত্যু পৰ্যন্ত বাণিজ্যক্ষেত্ৰত তেওঁৰ দৃঢ় নেতৃত্ব, সামাজিক সেৱাত অংশগ্ৰহণ আৰু দাতব্যকৰ্মৰ বাবে ব্যাপকভাৱে সমাদৃত হৈছিল।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Telegraph Obituaries". Telegraph.co.uk (United Kingdom: Telegraph Media Group). 4 November 2025. https://www.telegraph.co.uk/obituaries/2025/11/04/gopichand-hinduja-india-billionaire-brothers-war-office/. সাঁচ:Web archive
- ↑ 2.0 2.1 Europa Publications (2003). The International Who's Who 2004. Psychology Press. পৃষ্ঠা. 733. ISBN 978-1-85743-217-6. https://books.google.com/books?id=sR4Ch1dMe8IC&pg=PA733। আহৰণ কৰা হৈছে: 22 May 2016.
- ↑ Pranay Gupte (28 December 1987). "The world is their bazaar". Forbes. Archived from the original on 19 January 2015. https://web.archive.org/web/20150119120351/http://www.pranaygupte.com/article.php?index=590। আহৰণ কৰা হৈছে: 21 August 2012.
- ↑ Cragg, Claudia (1996). The New Maharajahs: The Commercial Princes of India, Pakistan and Bangladesh. Century Ltd. ISBN 9780712677615. https://books.google.com/books?id=EuACvEhzim4C&q=Hinduja+iron+ore+Indira+Gandhi&pg=PA34। আহৰণ কৰা হৈছে: 21 August 2012.
- ↑ Reghu Balakrishnan (18 April 2012). "Hinduja to launch $500-mn infra fund". Business Standard (Mumbai). https://www.business-standard.com/article/companies/hinduja-to-launch-500-mn-infra-fund-112041800093_1.html.
- ↑ James Crabtree (7 November 2012). "Hindujas' Gulf Oil agrees $1bn US deal". Financial Times. https://www.ft.com/content/a0472464-28e2-11e2-b92c-00144feabdc0.
- ↑ "The Sunday Times Rich List 2024 revealed" (en ভাষাত). 17 May 2024. https://www.thetimes.com/uk/society/article/sunday-times-rich-list-2024-revealed-plt3t2xrt.
- ↑ "Rich List puts Bamford in Top 20" (en-gb ভাষাত). Construction Index. 17 May 2024. https://www.theconstructionindex.co.uk/news/view/rich-list-puts-bamford-in-top-20.
- ↑ "Srichand & Gopichand Hinduja". Forbes. https://www.forbes.com/profile/srichand-gopichand-hinduja.
- ↑ Bounds, Andrew (22 March 2013). "Mittal loses top spot in rich list". Financial Times. http://www.ft.com/intl/cms/s/0/dc025004-930a-11e2-9593-00144feabdc0.html#axzz3dbdEP6mh.
- ↑ "The Sunday Times Rich List 2017: Boom time for billionaires". The Times. 7 May 2017. https://www.thetimes.com/sunday-times-rich-list/article/the-sunday-times-rich-list-2017-boom-time-for-billionaires-pzbkrfbv2.
- ↑ Connett, David (11 May 2019). "Hinduja brothers take back top spot in annual Rich List" (en-GB ভাষাত). The Guardian. ISSN 0029-7712. https://www.theguardian.com/business/2019/may/11/hindujas-sunday-times-annual-rich-list-top-spot.
- ↑ "The Sunday Times Rich List 2025". https://www.thetimes.com/sunday-times-rich-list/feature/article/richest-people-uk-2025-revealed-vnkmnlxgz.
- ↑ "Gopi Hinduja and family net worth — Sunday Times Rich List 2025". 16 May 2025. https://www.thetimes.com/sunday-times-rich-list/profile/article/gopi-hinduja-and-family-net-worth-sunday-times-rich-list-5m5r8xfgh.
- ↑ "Hinduja Brothers Family Tree". Hinduja Group. https://www.hindujagroup.com/family-tree.html.
- ↑ Palijo, Waseem (8 January 2019). "Most billionaires in India today once resided in Pakistan's Sindh". Daily Times. https://dailytimes.com.pk/341601/most-billionaires-in-india-today-once-resided-in-pakistans-sindh/.
- ↑ Lamb, Christina; West, Julian (28 January 2001). "The teetotal Hinduja brothers, who partied their way to power". The Telegraph. https://www.telegraph.co.uk/news/uknews/1319931/The-teetotal-Hinduja-brothers-who-partied-their-way-to-power.html.
- ↑ "'India's most eligible bachelor' Sanjay Hinduja marries in £15m ceremony". 13 February 2015. https://www.telegraph.co.uk/news/worldnews/asia/india/11411381/Indias-most-eligible-bachelor-Sanjay-Hinduja-marries-in-15m-ceremony.html। আহৰণ কৰা হৈছে: 11 June 2016.
- ↑ "Mandelson resigns over passport deception". The Guardian. 1 February 2001. https://www.theguardian.com/theguardian/2001/feb/01/guardianweekly.guardianweekly1.
- ↑ "Hindujas' British passports affair". February 25, 2001. https://www.rediff.com/news/2001/feb/25hindu.htm.
- ↑ Miller, Hugo; Browning, Jonathan (23 November 2021). "Billionaire Family Feud Puts a Century-Old Business Empire in Jeopardy". Bloomberg News. https://www.bloomberg.com/news/features/2021-11-24/billionaire-family-feud-puts-a-century-old-business-empire-in-jeopardy.
- ↑ "Hinduja Group Chairman Gopichand P Hinduja, 85 years old, passes away in London". The Times of India. 4 November 2025. https://timesofindia.indiatimes.com/business/india-business/hinduja-group-chairman-gopichand-p-hinduja-85-years-old-passes-away-in-london/articleshow/125084750.cms.