সমললৈ যাওক

গোবিন্দ্ৰচন্দ্ৰ পৈৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(গোবিন্দ্রচন্দ্র পৈৰাৰ পৰা পুনঃনিৰ্দেশিত)
গোবিন্দ্ৰচন্দ্ৰ পৈৰা
জন্ম ২৩ ফেব্ৰুৱাৰী, ১৯১৭
মৃত্যু ৫ জানুৱাৰী, ১৯৯৯
পেচা গল্পকাৰ, ঔপন্যাসিক
ভাষা নেপালী, অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি সপোন আৰু স্মৃতি (১৯৮৮)

গোবিন্দ্ৰচন্দ্ৰ পৈৰা (১৯১৭-১৯৯৯) (ইংৰাজী: Govindra Chandra Poira) জন্মসূত্ৰে নেপালীভাষী এগৰাকী অসমীয়া গল্পকাৰ আৰু ঔপন্যাসিক৷ আৱাহন, জয়ন্তী আদি আলোচনীত তেওঁৰ গল্প প্ৰকাশ পাইছিল৷[1]

জন্ম আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯১৭ চনৰ ২৩ ফেব্ৰুৱাৰী তাৰিখে গোবিন্দ্ৰচন্দ্ৰ পৈৰাৰ জন্ম৷ তেওঁ প্ৰৱেশিকা পৰ্যন্ত শিক্ষা লাভ কৰে৷[1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

গোবিন্দ্ৰচন্দ্ৰ পৈৰাই কেইবছৰমান কহিমা এম ই স্কুলত শিক্ষকতা কৰি পিছত স্বাধীন ব্যৱসায়ত হাত দিয়ে৷ ১৯৬৯-৭৪ সময়ছোৱাত তেওঁ নাগালেণ্ড বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল৷ তেওঁ অসম সাহিত্য সভাৰ উপ-সভাপতি হিচাপে ক্ৰমে ১৯৭৮-৭৯ আৰু ১৯৮৫-৮৬ দুটা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল৷ কহিমা সাহিত্য সভাৰ তেওঁ সভাপতি আছিল৷ তেওঁ কহিমা সমাজ কল্যাণ পৰিষদৰ প্ৰতিষ্ঠাতা আছিল৷[2]

সৃষ্টিকৰ্ম

[সম্পাদনা কৰক]

গোবিন্দ্ৰচন্দ্ৰ পৈৰাৰ একমাত্ৰ গল্পসংকলনখন হ’ল সপোন আৰু স্মৃতি (১৯৮৮)৷ সংকলনটি যোগেশ দাসৰ সম্পাদনাত প্ৰকাশ পায়৷ তেওঁৰ একমাত্ৰ উপন্যাসখন প্ৰেম আৰু পৃথিৱীৰ ১৯৮৮ চনত প্ৰকাশ পায়৷[1]

১৯৯৯ চনৰ ৫ জানুৱাৰী তাৰিখে তেওঁৰ মৃত্যু ঘটে৷[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 কথা বৰেণ্য ১੦੦, সম্পাদক: শোণিত বিজয় দাস, মুনীন বায়ন, কথা পাব্লিকেশ্যনছ, গুৱাহাটী, ২੦੦৬, ISBN 81-89148-14-1.
  2. অসম লেখক কোষ (তৃতীয় খণ্ড), মুখ্য সম্পাদক: নমিতা ডেকা, অসম সাহিত্য সভা, যোৰহাট, ২੦১২৷