গোবিন্দ নিহলানী
| সাময়িক সংশোধনৰ প্ৰয়োজন। এই প্ৰবন্ধৰ বিষয়বস্তু এনে ধৰণৰ যে সময়ৰ সৈতে তথ্য সলনি হ'ব পাৰে। কাৰণ: জীৱিত ব্যক্তি। বৰ্তমানে উপলব্ধ তথ্যৰ সত্যাসত্য ২০২৬ চনৰ জানুৱাৰী মাহৰ ১৮ তাৰিখে পৰীক্ষা কৰা হৈছিল। |
| গোবিন্দ নিহলানী | |
|---|---|
২০০৬ চনত গোবিন্দ নিহলানী | |
| জন্ম | ১৯ ডিচেম্বৰ, ১৯৪০ (৮৫ বছৰ) কৰচী, সিন্ধ, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ পাকিস্তান) |
| সক্ৰিয় হৈ থকা সময় | ১৯৬২–বৰ্তমান |
গোবিন্দ নিহলানী (ইংৰাজী: Govind Nihalani; ১৯ ডিচেম্বৰ ১৯৪০) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিনেমাটোগ্ৰাফাৰ, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক; বিশেষকৈ সমান্তৰাল হিন্দী চিনেমা আন্দোলনৰ বাবে তেওঁ পৰিচিত। তেওঁ ছটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, আৰু পাঁচটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।[1][2]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]গোবিন্দ নিহলানীৰ জন্ম হৈছিল ১৯৪০ চনৰ ১৯ ডিচেম্বৰত সিন্ধ প্ৰদেশৰ কৰাচীত (বৰ্তমান পাকিস্তানত) আৰু ১৯৪৭ চনৰ দেশ বিভাজনৰ সময়ত তেওঁলোকৰ পৰিয়ালটো ভাৰতলৈ প্ৰব্ৰজন কৰে।
১৯৬২ চনত বাংগালুৰুৰ শ্ৰী জয়া চমৰাজেন্দ্ৰ পলিটেকনিক (বৰ্তমানৰ চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান)ৰ[3] পৰা চিনেমাট’গ্ৰাফীত স্নাতক ডিগ্ৰী লাভ কৰে।
কেৰিয়াৰ
[সম্পাদনা কৰক]তেওঁ ভি কে মূৰ্তিৰ সহকাৰী চিনেমাট’গ্ৰাফাৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু তাতেই তেওঁ চিনেমাট’গ্ৰাফাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। শ্যাম বেনেগালৰ পূৰ্বৰ সকলো ছবি আৰু ৰিচাৰ্ড এটেনব’ৰ’ৰ অস্কাৰ বিজয়ী জীৱনীমূলক ছবি গান্ধী (১৯৮২)ৰ চিনেমেট’গ্ৰাফীৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল। গান্ধী ছবিখনত তেওঁ এজন অক্ৰেডিটেড ছেকেণ্ড ইউনিট পৰিচালক হিচাপে কাম কৰিছিল, গান্ধীৰ বিশাল অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰাৰ দৰে উল্লেখযোগ্য দৃশ্যৰ শ্বুটিঙৰ ক্ষেত্ৰত তেওঁ মূল ভূমিকা পালন কৰিছিল।[4] নিহলানী আৰু বেনেগাল সামাজিকভাৱে প্ৰাসংগিক ছবিৰ বাবে সুপৰিচিত।[5][6]
তেওঁৰ প্ৰথম পৰিচালনাৰ উদ্যোগ আছিল আইনী নাট্যছবি আক্ৰোশ, য'ত ওম পুৰী, নাছিৰুদ্দিন শ্বাহ, স্মিতা পাটিল আৰু অমৰীশ পুৰীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনৰ চিত্ৰনাট্য আছিল বিখ্যাত মাৰাঠী নাট্যকাৰ বিজয় তেণ্ডুলকাৰৰ৷ ১৯৮১ চনত নতুন দিল্লীত অনুষ্ঠিত ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই ছবিখনে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ গোল্ডেন পিকক বঁটা লাভ কৰে।[7][8] ইয়াৰ পাছত তেওঁ ১৯৮৩ চনত এছ ডি পাণৱালকাৰৰ কাহিনীৰ আধাৰত নিৰ্মিত অৰ্ধ সত্য ছবিখন পৰিচালনা কৰে।
১৯৯৬ চনত তেওঁৰ দ্ৰোহকালৰ চিত্ৰনাট্য কমল হাছানে তামিল ভাষাত কুৰুতিপুনাল নামেৰে পুনৰ্নিৰ্মাণৰ বাবে গ্ৰহণ কৰে আৰু পৰৱৰ্তী সময়ত ই ৬৮ সংখ্যক একাডেমী বঁটাৰ শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ শাখাত ভাৰতৰ আনুষ্ঠানিক প্ৰৱেশ পত্ৰ লাভ কৰিবলৈ সক্ষম হয়।[9]
১৯৯৭ চনত তেওঁ বাঙালী ঔপন্যাসিক মহাস্বেতা দেৱীৰ একে নামৰ প্ৰশংসিত উপন্যাসখন হাজাৰ চৌৰাচী কী মা নামেৰে অভিযোজনা কৰে।[10][11]
সাহিত্য-কৰ্ম
[সম্পাদনা কৰক]- হিন্দী চিনেমাৰ বিশ্বকোষ, গোবিন্দ নিহলানী, শৈবাল চেটাৰ্জী, গুলজাৰ। পপুলাৰ প্ৰকাশন, ২০০৩।[12]
পুৰস্কাৰ
[সম্পাদনা কৰক]- অসামৰিক সন্মান
- শ্ৰেষ্ঠ চিনেমেট'গ্ৰাফীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা - জুনুন (১৯৭৯)
- হিন্দী ভাষাৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (পৰিচালক) - আক্ৰোশ (১৯৮০)
- হিন্দী ভাষাৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (পৰিচালক) - অৰ্ধ সত্য (১৯৮৩)
- হিন্দী ভাষাৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (পৰিচালক) - দৃষ্টি (১৯৯০)
- হিন্দী ভাষাৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (পৰিচালক) - হাজাৰ চৌৰাচী কি মা (১৯৯৮)
- ৰাষ্ট্ৰীয় সংহতিৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ বাবে নাৰ্গিছ দত্ত বঁটা - তমস (১৯৮৮)
- ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফাৰ বঁটা- জুনুন (১৯৭৯)
- ফিল্মফেয়াৰ শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফাৰ বঁটা- বিজেতা (১৯৮৩)
- ফিল্মফেয়াৰ শ্ৰেষ্ঠ পৰিচালক বঁটা - আক্ৰোশ (১৯৮১)
- ফিল্মফেয়াৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা - অৰ্ধ সত্য (১৯৮৪)
- ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ পৰিচালক বঁটা - অৰ্ধ সত্য (১৯৮৪)
- শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বাবে ফিল্মফেয়াৰ সমালোচকৰ বঁটা - দেৱ (২০০৪)
ফিল্মগ্ৰাফী
[সম্পাদনা কৰক]| Year | Title | Director | Cinematographer | Writer | Notes | Ref. |
|---|---|---|---|---|---|---|
| 1974 | Ankur | নহয় | হয় | নহয় | ||
| 1975 | Nishant | নহয় | হয় | নহয় | ||
| 1976 | Manthan | নহয় | হয় | নহয় | ||
| 1977 | Bhumika | নহয় | হয় | নহয় | ||
| 1978 | Kondura | নহয় | হয় | নহয় | Hindi-Telugu bilingual film | |
| 1978 | Junoon | নহয় | হয় | নহয় | ||
| 1980 | Aakrosh | হয় | হয় | নহয় | ||
| 1981 | Kalyug | নহয় | হয় | নহয় | ||
| 1982 | Vijeta | হয় | হয় | নহয় | ||
| 1982 | Arohan | নহয় | হয় | নহয় | ||
| 1983 | Ardh Satya | হয় | হয় | নহয় | ||
| 1983 | Godam | নহয় | হয় | নহয় | ||
| 1984 | Party | হয় | হয় | হয় | ||
| 1985 | Aghaat | হয় | হয় | নহয় | ||
| 1988 | Tamas | হয় | হয় | হয় | ||
| 1990 | Drishti | হয় | হয় | হয় | ||
| 1991 | Pita | হয় | হয় | হয় | ||
| 1991 | Rukmavati Ki Haveli | হয় | হয় | হয় | ||
| 1991 | Jazeere | হয় | হয় | হয় | Television film ; Based on Henrik Isben' Play - "Little Eyolf" | |
| 1994 | Drohkaal | হয় | হয় | হয় | ||
| 1996 | Sanshodhan | হয় | হয় | হয় | ||
| 1996 | Kuruthipunal | নহয় | নহয় | story | Tamil language remake of Drohkaal | |
| 1998 | Hazaar Chaurasi Ki Maa | হয় | হয় | হয় | Also producer | |
| 1999 | Thakshak | হয় | নহয় | হয় | Also producer | |
| 2001 | Deham | হয় | হয় | হয় | ||
| 2004 | Dev | হয় | হয় | হয় | Also producer | |
| 2017 | Ti Ani Itar | হয় | হয় | হয় | Marathi language film | [14] |
| 2019 | Up Up and Up | হয় | নহয় | নহয় | Direct-to-video |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Govind Nihalani interview". Hindustan Times. Archived from the original on 12 June 2004. https://web.archive.org/web/20040612184129/http://www.hindustantimes.com/govindnihalani/profile.shtml। আহৰণ কৰা হৈছে: 8 January 2026.
- ↑ "Rediff On The NeT, Movies: The Govind Nihalani interview". www.rediff.com. https://www.rediff.com/entertai/1999/dec/01nihal.htm। আহৰণ কৰা হৈছে: 28 August 2022.
- ↑ "GFTI alumni". http://www.filminstitutebangalore.com/index.htm.
- ↑ "Indira Gandhi's Order, Nehru's Contribution: Making of 'Gandhi' Film". 1 February 2024. https://bollyy.com/cine-ma/indira-gandhis-order-nehrus-contribution-making-of-gandhi-film-2469316., Archived on 2 September 2025
- ↑ "An interview with Govind Nihalani". Chowk. Archived from the original on 7 June 2007. https://web.archive.org/web/20070607035637/http://www.chowk.com/show_article.cgi?aid=00001910&channel=leafyglade%20inn। আহৰণ কৰা হৈছে: 27 March 2006.
- ↑ "Entertainment News: Latest Bollywood & Hollywood News, Today's Entertainment News Headlines". Archived from the original on 16 May 2007. https://archive.today/20070516034902/http://www.screenindia.com/20020503/fcover.html। আহৰণ কৰা হৈছে: 29 March 2006.
- ↑ "The Hindu : Metro Plus Bangalore : 'Digital video is liberating'". Archived from the original on 11 March 2007. https://web.archive.org/web/20070311034644/http://www.hinduonnet.com/thehindu/mp/2005/09/06/stories/2005090601730100.htm। আহৰণ কৰা হৈছে: 29 March 2006.
- ↑ "Govind Nihalani on Dev". India FM. http://www.indiafm.com/features/2004/6/9/217/index.html। আহৰণ কৰা হৈছে: 2006-03-29.
- ↑ "Rediff on the Net, Life/Style: The silence that speaks". imsports.rediff.com. https://imsports.rediff.com/style/apr/03sriram.htm। আহৰণ কৰা হৈছে: 14 January 2022.
- ↑ Through her writing, you get to hear the voice of a community that is otherwise voiceless' Archived 31 December 2006 at the Wayback Machine Rediff.com.
- ↑ "A film must appeal to all people". Hindustan Times. Archived from the original on 1 March 2005. https://web.archive.org/web/20050301091624/http://www.hindustantimes.com/govindnihalani/interview.shtml। আহৰণ কৰা হৈছে: 8 January 2026.
- ↑ "Vedams eBooks". www.vedamsbooks.com. Archived from the original on 19 March 2006. https://web.archive.org/web/20060319200909/https://www.vedamsbooks.com/no31144.htm। আহৰণ কৰা হৈছে: 29 March 2006.
- ↑ "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: July 21, 2015.
- ↑ Gahlot, Deepa (29 July 2017). "Govind Nihalani on his first Marathi movie 'Ti Ani Itar': 'It's about living between guilt and fear'". Scroll.in. https://scroll.in/reel/845396/govind-nihalani-on-his-first-marathi-movie-ti-ani-itar-its-about-living-between-guilt-and-fear। আহৰণ কৰা হৈছে: 28 August 2022.