সমললৈ যাওক

গোবৰ্ধন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গোবৰ্ধন
গোবৰ্ধন is located in Uttar Pradesh
গোবৰ্ধন
গোবৰ্ধন
Location in Uttar Pradesh, India
স্থানাংক: 27°30′N 77°28′E / 27.5°N 77.47°E / 27.5; 77.47স্থানাংক: 27°30′N 77°28′E / 27.5°N 77.47°E / 27.5; 77.47
Country  ভাৰত
State Uttar Pradesh
District Mathura
উচ্চতা
১৭৯ মিটাৰ (৫৮৭ ফুট)
জনসংখ্যা
 (2011)[1]
 • মুঠ
২২,৫৭৬

গোবৰ্ধনক গিৰিৰাজ বুলিও কোৱা হয়, ভাৰতৰ এখন মূল তীৰ্থ কেন্দ্ৰ আৰু পৌৰসভাৰ চহৰ; এখন নগৰ পঞ্চায়ত; উত্তৰ প্ৰদেশৰ এজন বিধায়ক (বিধানসভাৰ সদস্য)ৰ আসন; ই এটা তহচিল, ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ মথুৰা জিলাত। মথুৰাৰপৰা প্ৰায় ২৩ কিলোমিটাৰ দূৰত্বত এই চহৰখন মথুৰা আৰু দীগৰ মাজৰ পথ সংযোগস্থলত অৱস্থিত।[3]

গোবৰ্ধন (27°30′N 77°28′E / 27.5°N 77.47°E / 27.5; 77.47).[4]২৭.৫° উত্তৰ ৭৭.৪৭° পূবত অৱস্থিত। ইয়াৰ গড় উচ্চতা ১৭৯ মিটাৰ (৫৮৭ ফুট)। উত্তৰ প্ৰদেশ চৰকাৰে মথুৰা জিলাত গোবৰ্ধনক এখন তহচিল কৰি তুলিছে।

জনগাঁথনি

[সম্পাদনা কৰক]

২০১১ চনৰ ভাৰতীয় লোকপিয়লত গোবৰ্ধনৰ জনসংখ্যা আছিল ২২,৫৭৬ জন। জনসংখ্যাৰ ৫৫% পুৰুষ আৰু ৪৫% মহিলা। গোবৰ্ধনৰ গড় সাক্ষৰতাৰ হাৰ ৬২%, যিটো ৰাষ্ট্ৰীয় গড় ৫৯.৫%তকৈ বেছি: পুৰুষৰ সাক্ষৰতা ৭০%, আৰু মহিলাৰ সাক্ষৰতা ৫২%। গোবৰ্ধনত ১৭% জনসংখ্যা ৬ বছৰৰ তলৰ।[1]

গোবৰ্ধন পৰ্বত

[সম্পাদনা কৰক]
শ্ৰী গোবৰ্ধন গিৰিৰাজ জী মন্দিৰ, ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি উৎসৰ্গিত।
শ্ৰী গোবৰ্ধন গিৰিৰাজ জী মন্দিৰ, গোবৰ্ধন পাহাৰ, মথুৰা

তীৰ্থযাত্ৰা

[সম্পাদনা কৰক]

প্ৰতি বছৰে হিন্দু আৰু অন্যান্য মানুহে ভাৰতৰ বিভিন্ন ঠাইৰপৰা আৰু বিশ্বৰ অন্যান্য প্ৰান্তৰপৰা গোবৰ্ধন আৰু ইয়াৰ পৱিত্ৰ গোবৰ্ধন পাহাৰলৈ তীৰ্থভ্ৰমণ কৰিবলৈ আহে। তেওঁলোকে গোবৰ্ধন প্ৰদক্ষিণ কৰি হিন্দু ধৰ্মৰ মূল দেৱতা কৃষ্ণ আৰু ৰাধাক প্ৰণাম জনায়। গোবৰ্ধনত উদযাপিত অন্যতম প্ৰধান উৎসৱ হৈছে গোবৰ্ধন পূজা, যি পূজা গোবৰ্ধন পাহাৰ (গিৰিৰাজ পৰ্বত) আঙুলিৰে উঠাই লৈ বজ্ৰপাত আৰু বৰষুণৰ দেৱতা ইন্দ্ৰৰদ্বাৰা সৃষ্টি হোৱা বানপানীৰপৰা ব্ৰজবাসীক ৰক্ষা কৰাৰ স্মৃতিত কৰা হয়।[5][3] গোবৰ্ধনত উদ্‌যাপন কৰা এটা গুৰুত্বপূৰ্ণ দিন হৈছে গুৰু পূৰ্ণিমা (যাক "মুদিয়া পুনো" বুলিও কোৱা হয়)।[উদ্ধৃতিৰ প্ৰয়োজন] আগদিনা পোহৰৰ উৎসৱ বা দীপাৱলীৰ পিছত ভক্তসকলে পৰিক্ৰমাৰ বাবে গোবৰ্ধনলৈ আহে।[5] চৈতন্য মহাপ্ৰভুৱে চৈতন্য চৰিতামৃতম অনুসৰি এই মন্দিৰ পৰিদৰ্শন কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

ঐতিহাসিক ধৰ্মীয় স্থান

[সম্পাদনা কৰক]

এই পাহাৰৰ স্থানসমূহৰ ভিতৰত কুসুম সৰোবৰ, হৰিদেৱ মন্দিৰ,[3] আৰু অন্যান্য মন্দিৰ যেনে দান-ঘাটি মন্দিৰ আৰু মুখৰবিন্দ মন্দিৰ আদি। বিখ্যাত গোৱৰ্ধন পাহাৰৰ ২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ পৰিক্ৰমাৰ বাবেও বিখ্যাত চহৰখন।

মানসী গংগা পবিত্ৰ হ্ৰদ

[সম্পাদনা কৰক]
মানসী গংগা

এই চহৰখনত মানসী গংগা নামৰ এটা বন্ধ হ্ৰদও আছে।[3] এই পবিত্ৰ হ্ৰদৰ পাৰত যথেষ্ট সংখ্যক মন্দিৰ আছে, তাৰ ভিতৰত বিশিষ্ট মুখৰবিন্দ মন্দিৰ।[উদ্ধৃতিৰ প্ৰয়োজন]

কুসুম সৰোৱৰ আৰু সুৰজ মলৰ সমাধি

[সম্পাদনা কৰক]

১৩০ বৰ্গমিটাৰ বহল পৱিত্ৰ কৃত্ৰিম হ্ৰদ কুসুম সৰোৰব (কুসুম কুণ্ড)ৰ পশ্চিম পাৰৰ গোবৰ্ধন পৰিক্ৰমা পথত সুৰজ মলৰ (ৰাজ্য ১৭৫৫ – ২৫ ডিচেম্বৰ ১৭৬৩) আৰু ২ গৰাকী পত্নীৰ সমাধি থকা তিনিটা দৌল আছে, এই সকলোবোৰ স্মৃতিসৌধ তেওঁৰ পুত্ৰ আৰু উত্তৰাধিকাৰী জৱাহৰ সিংহই নিৰ্মাণ কৰিছিল।[6][7]

স্থাপত্য আৰু খোদিত শিলৰ বিন্ধা শৈলীৰ আৰু চেনোটাফৰ চিলিং ভগৱান শ্ৰীকৃষ্ণৰ জীৱনৰ সুন্দৰ চিত্ৰৰে সজাই তোলা হৈছে।[6][7] অধিকাংশ আড়ম্বৰপূৰ্ণ দৌল সুৰজ মলৰ, দুয়োফালে তেওঁৰ দুগৰাকী পত্নী "মহাৰাণী হান্সিয়া" আৰু "মহাৰণী কিশোৰী"ৰ দুটা সৰু দৌল আছে।.[7][8][9]

যাতায়াত

[সম্পাদনা কৰক]

দিল্লীৰপৰা প্ৰায় ১৫০ কিলোমিটাৰ (৯৩ মাইল) দূৰত্বত গোবৰ্ধন অৱস্থিত। মথুৰাত এটা ৰেলৱে ষ্টেচন আছে, য’ৰপৰা টেক্সি ভাড়া কৰি[5] যিখন চহৰখন প্ৰায় ২৩ কিলোমিটাৰ (১৪ মাইল) দূৰৈৰ চহৰখনলৈ যাব পাৰি। মথুৰাৰপৰা যাত্ৰাৰ বাবে পৰ্যটন বাছ[3] আৰু একক লাইন ইলেক্ট্ৰিক ৰে’লৰো চলাচল আছে।[10]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Govardhana (Mathura in Uttar Pradesh)". City Population. http://www.citypopulation.de/php/india-uttarpradesh.php?cityid=0941410000। আহৰণ কৰা হৈছে: 7 April 2017. 
  2. "Goverdhana, Mathura, Uttar Pradesh". pincode.net.in. https://pincode.net.in/UTTAR_PRADESH/MATHURA/G/GOVERDHAN। আহৰণ কৰা হৈছে: 7 April 2017. 
  3. 3.0 3.1 3.2 3.3 3.4 "Travel to Goverdhan". Maps of India. http://www.mapsofindia.com/mathura/travel-guide/goverdhan.html। আহৰণ কৰা হৈছে: 7 April 2017. 
  4. Falling Rain Genomics, Inc - Govardhana
  5. 5.0 5.1 5.2 Amit Sengupta (16 June 2015). "Spiritual Soujourn (sic) in Govardhan". http://www.moneylife.in/article/spiritual-soujourn-in-govardhan/42258.html. 
  6. 6.0 6.1 Madan Prasad Bezbaruah, Dr. Krishna Gopal, Phal S. Girota, 2003, Fairs and Festivals of India: Chandigarh, Delhi, Haryana, Himachal Pradesh, Jammu and Kashmir, Punjab, Rajasthan, Uttaranchal, Uttar Pradesh, p. 480-494.
  7. 7.0 7.1 7.2 D. Anand, 1992, Krishna: The Living God of Braj, Page 56.
  8. Jat Kingdom of Bharatpur
  9. "Haryana Revenue Gazeteer of Gurgaon 1910, Section B - History". http://revenueharyana.gov.in/html/gazeteers/gurgaon_1910/History.pdf। আহৰণ কৰা হৈছে: 30 January 2019. 
  10. "Departures from Goverdhan (GDO)". indiarailinfo.com. http://indiarailinfo.com/departures/5380l। আহৰণ কৰা হৈছে: 7 April 2017.