সমললৈ যাওক

গোমতী কে কিনাৰে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গোমতী কে কিনাৰে
পৰিচালক সাৱন কুমাৰ টাক
প্ৰযোজক সাৱন কুমাৰ টাক
অভিনয়ত মীনা কুমাৰী
মুমতাজ
সংগীত পৰিচালক ৰাহুল দেৱ বৰ্মন
মজৰুহ চুলতানপুৰী (গীত)[1]
মুক্তি
২২ নৱেম্বৰ ১৯৭২ (1972-11-22)
দেশ ভাৰত
ভাষা হিন্দী

গোমতী কে কিনাৰে' (ইংৰাজী: Gomti Ke Kinare) ১৯৭২ চনত নিৰ্মিত এখন বলীউডী নাট্যধৰ্মী ছবি। এইখন সাৱন কুমাৰ টাকৰ প্ৰথম পৰিচালিত ছবি। ইয়াত অভিনয় কৰিছে মীনা কুমাৰী আৰু মুমতাজে। এইখনে আছিল মীনা কুমাৰীৰ শেষ মুক্তি পোৱা ছবি আৰু ৩১ মাৰ্চত মৃত্যুৰ ৮ মাহৰ পিছত ১৯৭২ চনৰ ২২ নৱেম্বৰত মৰণোত্তৰভাৱে মুক্তি পাইছিল।

১৯৭১ চনত তেওঁৰ বিকল স্বাস্থ্যৰ মাজেৰে ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছিল আৰু চিত্ৰগ্ৰহণ সম্পূৰ্ণ কৰিব পাৰিবনে নাই সেই বিষয়ে আশংকাৰ সৃষ্টি হৈছিল। অৱশেষত ১৯৭১ চনৰ ২৯ ডিচেম্বৰত তেওঁ শেষৰ দৃশ্যগ্ৰহণ সমূৰ্ণ কৰে।[2] আৰ ডি বৰ্মনৰ সংগীত[3] সত্ত্বেও ছবিখন বক্স অফিচত বিফল হয়।[4]

সাৱন কুমাৰ আৰু মীনা কুমাৰীয়ে মুমতাজৰ বিপৰীতে নায়কৰ চৰিত্ৰত অভিনয় কৰিবলৈ অমিতাভ বচ্চনক বিবেচনা কৰি আছিল। কিন্তু সেই সময়ত খান ভাতৃদ্বয়ৰ সৈতে থকা ঘনিষ্ঠতাৰ বাবে মুমতাজে বচ্চনৰ পৰিৱৰ্তে সমীৰ খানক লোৱাৰ পৰামৰ্শ দিছিল।

সমীৰে মাক গংগা আৰু মাকৰ ফালৰ ককাক নেকিৰামৰ সৈতে বম্বেত থাকে, তেওঁলোকৰ জীৱনশৈলী নিম্নস্তৰৰ। নেকিৰামে পেট্ৰ’ল পাম্পত কাম কৰে, আৰু মাকে হিন্দু দেৱতাৰ ছবি আঁকে আৰু মূৰ্তি তৈয়াপ কৰে। সমীৰ ডাঙৰ হৈ অভিযন্তা হয় আৰু অধ্যক্ষ গোপালদাস খোছলাৰ দ্বাৰা পৰিচালিত খোছলা এণ্টাৰপ্ৰাইজত চাকৰি লয়, য’ত তেওঁ নিজৰ সামৰ্থ্য প্ৰমাণ কৰে। অতি সোনকালেই মুখ্য অভিযন্তা হিচাপে পদোন্নতি পায় আৰু থাকিবলৈ বাংলোৰ লগতে এখন আড়ম্বৰপূৰ্ণ গাড়ীও পায়। গোপালদাসৰ কন্যা ৰোচনীক লগ পায়; তেওঁলোকৰ প্ৰেমত হয় আৰু অতি সোনকালেই দুয়োৰো মাজত বাকদান হয়। তেওঁৰ আদৰ্শ জীৱনশৈলী ছিন্নভিন্ন হৈ পৰে, যেতিয়া এজন প্ৰতিদ্বন্দ্বী ব্যৱসায়ী চগনমলে অভিযোগ কৰে যে সমীৰৰ মাতৃ আচলতে গংগাবাই, লক্ষ্ণৌৰ এগৰাকী তৱাইফ আছিল, যিয়ে কেতিয়াও বিয়া কৰোৱা নাছিল আৰু নেকিৰামো তেওঁৰ মাকৰ ফালৰ ককাক নহয়।[5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. গোমতী কে কিনাৰে সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য
  2. Vittal, Anirudha Bhattacharjee Balaji (21 July 2012). R. D. Burman: The Man, The Music. HarperCollins Publishers. পৃষ্ঠা. 72–. ISBN 978-93-5029-236-5. https://books.google.com/books?id=tg49WV0j0IAC&pg=PT72. 
  3. Somaaya, Bhawana (2003). The Story So Far. Indian Express Group. পৃষ্ঠা. 101. https://books.google.com/books?id=mK4aAQAAIAAJ. 
  4. "Gomti Ke Kinare". IMDb. 22 November 1972. https://www.imdb.com/title/tt0139248/. 
  5. "Gomti Ke Kinare". IMDb. 22 November 1972. https://www.imdb.com/title/tt0139248/. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]