সমললৈ যাওক

গোলকগঞ্জ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গোলকগঞ্জ
নগৰ
গোলকগঞ্জ is located in অসম
গোলকগঞ্জ
গোলকগঞ্জ
অসম, ভাৰতত অৱস্থান
গোলকগঞ্জ is located in ভাৰত
গোলকগঞ্জ
গোলকগঞ্জ
গোলকগঞ্জ (ভাৰত)
স্থানাংক: 26°06′N 89°50′E / 26.10°N 89.83°E / 26.10; 89.83স্থানাংক: 26°06′N 89°50′E / 26.10°N 89.83°E / 26.10; 89.83
দেশ ভাৰত
ৰাজ্য অসম
জিলা ধুবুৰী
উচ্চতা
৫৮ মিটাৰ (১৯০ ফুট)
জনসংখ্যা
 (২০১১)
 • মুঠ
১৬,০০০

গোলকগঞ্জ (ইংৰাজীত Golokganj; কেতিয়াবা Golakganj বা Galakganj বুলিও লিখা হয়) অসম ৰাজ্যৰ ধুবুৰী জিলাত অৱস্থিত এখন সৰু নগৰ। ধুবুৰী জিলাৰ ঐতিহাসিক স্থানসমূহৰ ভিতৰত গোলকগঞ্জ এক গুৰুত্বপূৰ্ণ নাম।

ভৌগোলিক অৱস্থান

[সম্পাদনা কৰক]
গোলকগঞ্জৰ ওচৰত গঙ্গাধৰ নদী

গোলকগঞ্জ 26°06′N 89°50′E / 26.10°N 89.83°E / 26.10; 89.83 অৱস্থানত অৱস্থিত।[1] এই নগৰখনৰ গড় উচ্চতা প্ৰায় 45 মিটাৰ (148 ফুট)। গোলকগঞ্জ জিলা সদৰ ধুবুৰীৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত।

এই অঞ্চলটো গঙ্গাধৰ নদীৰ পূব পাৰত অৱস্থিত আৰু ভাৰত–বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত ইয়াৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত্বত। গোলকগঞ্জ ইয়াৰ কাষৰীয়া গাঁও আৰু চহৰসমূহৰ বাবে এক প্ৰধান বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিগণিত। ইয়াৰ মাটি অত্যন্ত উৰ্বৰ।

জনসংখ্যা

[সম্পাদনা কৰক]

2001 অনুসৰি চনৰ ভাৰতৰ জনগণনা অনুসৰি,[2] গোলকগঞ্জৰ জনসংখ্যা আছিল ৭,৬১২। ইয়াৰ ভিতৰত পুৰুষৰ হাৰ ৫৪% আৰু মহিলাৰ হাৰ ৪৬%। সাক্ষৰতাৰ হাৰ প্ৰায় ৬৩%—পুৰুষৰ ৬৯% আৰু মহিলাৰ ৫৫%। প্ৰায় ১৩% লোক ৬ বছৰৰ তলৰ শিশু। ইয়াত সাধাৰণতে গোৱালপৰীয়া উপভাষা ব্যৱহাৰ কৰা হয়।

যাতায়াত

[সম্পাদনা কৰক]

গোলকগঞ্জত ১৯০১ চনত বৃটিছ শাসনকালত নিৰ্মিত এখন পুৰণি ৰেল-সহ-সড়ক সেঁতু আছে, যি বৰ্তমান ব্যৱহাৰযোগ্য নহয়। গোলকগঞ্জ ৰেলৱে ষ্টেচন নগৰৰ মাজভাগত অৱস্থিত আৰু ইয়াক ১৯০৫ চনৰ পূৰ্বে বৃটিছে নিৰ্মাণ কৰিছিল।

২০১১ চনৰ পৰা পুনৰ ৰেল সেৱা আৰম্ভ হৈছে। বৰ্তমান গুৱাহাটী–ধুবুৰী, শিলিগুৰী–ধুবুৰী আৰু বঙাইগাঁও–নিউ জলপাইগুড়ী ৰেল চলাচল কৰে। তদুপৰি, নাগাঁও জিলাৰ শিলঘাটৰ পৰা পশ্চিমবংগৰ আলিপুৰদুৱাৰলৈ সপ্তাহত তিনিদিনীয়া ৰেলো চলি আছে। ওচৰৰ বিমানবন্দৰ হৈছে ৰূপসী বিমানবন্দৰ, যি প্ৰায় ১৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত। কুচবিহাৰ, শিলিগুৰী আৰু গুৱাহাটীৰ সৈতে বাছ সেৱা সুসংযুক্ত।

গোলকগঞ্জত ১৯৭৩ চনত প্ৰতিষ্ঠিত চিলাৰায় মহাবিদ্যালয় অৱস্থিত। এই মহাবিদ্যালয়ক উন্নীত কৰি ধুবুৰী জিলাৰ প্ৰথম বিশ্ববিদ্যালয় স্থাপন কৰাৰ পৰিকল্পনা চলি আছে। ইয়াৰোপৰি ইয়াত শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ (B.T.C), DIET কেন্দ্ৰ, প্ৰস্তাৱিত ITI, কস্তূৰবা গান্ধী বালিকা বিদ্যালয় আৰু কেইবাখনো উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে।

  • দত্ত ফুড প্ৰডাক্টছ (দাদাগিৰি)

বাণিজ্যিক কেন্দ্ৰ

[সম্পাদনা কৰক]
  • জগন্নাথ ভাণ্ডাৰ
  • ৰিলায়েন্সৰ ‘‘Smart Point’’
  • ‘‘Mall for U’’

ৰাজনীতি

[সম্পাদনা কৰক]

গোলকগঞ্জ ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত।[3] গোলকগঞ্জ বিধানসভা সমষ্টিৰ বৰ্তমান বিধায়ক হৈছে শ্ৰী আব্দুছ চোবাহান আলী চৰকাৰ (ভাৰতীয় জাতীয় কংগ্ৰেছ)।

আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ

[সম্পাদনা কৰক]

ভাৰত চৰকাৰে শেহতীয়াকৈ লক্ষীমাৰীত (ভাৰত–বাংলাদেশ সীমান্ত) এখন আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ আৰম্ভ কৰিছে। এই স্থানখন গঙ্গাধৰ নদীৰ পশ্চিম পাৰত অৱস্থিত আৰু গোলকগঞ্জ নগৰৰ পৰা প্ৰায় ৪ কিলোমিটাৰ দূৰত্বত।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]