গোলশ্বিফতেহ ফাৰাহানী
| গোলশ্বিফতেহ ফাৰাহানী | |
|---|---|
২০২৪ বৰ্ষত ফাৰাহানী | |
| স্থানীয় নাম | گلشیفته فراهانی |
| জন্ম | ৰাহাৱাৰ্ড ফাৰাহানী ১০ জুলাই, ১৯৮৩ (৪৩ বছৰ) তেহৰাণ, ইৰান |
| নাগৰিকত্ব | |
| শিক্ষানুষ্ঠান | ইউনিভাৰ্চিটি অব এপ্লাইড ছায়েন্স এণ্ড টেকন’লজী[1] |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ১৯৯৬–বৰ্তমান |
| দাম্পত্যসঙ্গী | অমিন মাহদাৱী (বি. ২০০৩; বিচ্ছেদ ২০১১) খ্ৰীষ্টোছ ডৰ্জ ৱাকাৰ (বি. ২০১৫; বিচ্ছেদ ২০১৮) |
| আত্মীয়-স্বজন | শ্বাগায়েক ফাৰাহানী (ভনীয়েক) |
ৰাহাৱাৰ্ড ফাৰাহানী (ফাৰ্চী: رهاورد فراهانی; জন্ম: ১০ জুলাই, ১৯৮৩), পেছাগতভাৱে গোলশ্বিফতেহ ফাৰাহানী নামেৰে পৰিচিত, এগৰাকী ইৰানী আৰু ফৰাচী অভিনেত্ৰী। তেওঁ এম ফৰ মাদাৰ (২০০৬), বডী অব লাইজ (২০০৮), এবাউট এলি (২০০৯), দ্য পেচেন্স ষ্টোন (২০১২), পেটাৰচন (২০১৬), গাৰ্লছ অব দ্য ছান (২০১৮), এক্সট্ৰেকচন (২০২০) আৰু ইয়াৰ পৰৱৰ্তী সংস্কৰণ এক্সট্ৰেকচন ২ (২০২৩), আৰু ইনভেচন (২০২১–বৰ্তমান) ধাৰাবাহিকত কৰা অভিনয়ৰ বাবে বিশেষভাৱে জনাজাত। দ্য পেচেন্স ষ্টোন ছবিখনত কৰা অনৱদ্য অভিনয়ৰ বাবে তেওঁ ৩৯সংখ্যক চিজাৰ বঁটাত মোষ্ট প্ৰমিজিং এক্ট্ৰেছ (আটাইতকেই প্ৰতিশ্ৰুতিপূৰ্ণ অভিনেত্ৰী) শাখাত মনোনীত হৈছিল।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]
ফাৰাহানীৰ জন্ম ইৰানৰ তেহৰাণত হৈছিল। তেওঁৰ পিতৃ বেহজাদ ফাৰাহানী এজন থিয়েটাৰ পৰিচালক তথা অভিনেতা আৰু মাতৃ ফাহিমেহ ৰহীমিনিয়া এগৰাকী মঞ্চ অভিনেত্ৰী। তেওঁৰ ভগ্নী শ্বাগায়েক ফাৰাহানীও এগৰাকী অভিনেত্ৰী।[2] গোলশ্বিফতেহ নামটো তেওঁৰ পিতৃয়ে তৈয়াৰ কৰিছিল যাৰ অৰ্থ হৈছে মৰমৰ ফুল, আনহাতে তেওঁৰ আইনী নাম হৈছে ৰাহাৱাৰ্ড, যাৰ অৰ্থ পথৰ উপহাৰ।
তেওঁ পাঁচ বছৰ বয়সৰপৰাই সংগীত আৰু পিয়ানো শিকাৰ কাম আৰম্ভ কৰিছিল আৰু পিছলৈ তেহৰাণৰ এখন সংগীত বিদ্যালয়ত নাম ভৰ্তি কৰে। ১৪ বছৰ বয়সত তেওঁ দাৰিউশ্ব মেহৰ্জুইৰ দ্য পিয়েৰ ট্ৰী ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পায়। এই চৰিত্ৰটোৰ বাবে তেওঁ তেহৰাণত অনুষ্ঠিত ১৬সংখ্যক ফাজৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আন্তঃৰাষ্ট্ৰীয় শাখাৰপৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ ক্ৰিষ্টাল ৰক বঁটা লাভ কৰে।[3]
কৰ্মজীৱন
[সম্পাদনা কৰক]
ফাৰাহানীয়ে এবাউট এলি নামৰ নাট্যধৰ্মী চলচ্চিত্ৰখনত অভিনয় কৰিছিল, যিখনে ২০০৯ চনৰ ট্ৰাইবেঁকা চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ বঁটা আৰু বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত চিলভাৰ বিয়েৰ বঁটা লাভ কৰিছিল। হলিউডৰ ছবি বডী অব লাইজত কৰা অভিনয়ৰ বাবে ইৰান কৰ্তৃপক্ষই ইয়াক আমেৰিকান প্ৰচাৰৰ সৈতে সহযোগিতা আৰু হিজাব নিপিন্ধাকৈ কৰা অভিনয়ৰ বাবে ইছলামিক আইন উলংঘন বুলি গণ্য কৰে। ইয়াৰ ফলস্বৰূপে ২০০৯ চনৰপৰা তেওঁক ইৰানলৈ ঘূৰি আহিবলৈ আৰু তাত কাম কৰিবলৈ অনুমতি দিয়া হোৱা নাই। তেতিয়াৰেপৰা তেওঁ ফ্ৰান্সত বসবাস কৰি আহিছে।[4]
পেৰিচলৈ স্থানান্তৰিত হোৱাৰ পিছত,[5] তেওঁ ৰোলেণ্ড জফে, হুনাৰ চালীম, মাৰ্জানে চাট্ৰাপী, জিম জাৰ্মুশ্ব, নীল বাৰ্জাৰ আৰু জুলিয়া ডুকুৰ্নোকে ধৰি আন বহুতো পৰিচালকৰ সৈতে কাম কৰিছে। ইয়াৰ উপৰি মাৰ্টিন স্কোৰ্চেচিয়ে পৌৰোহিত্য কৰা ১৩সংখ্যক মাৰা্কেচ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তেওঁ আন্তঃৰাষ্ট্ৰীয় জুৰীৰ এগৰাকী সদস্য আছিল। ফাৰাহানীয়ে আতিক ৰাহিমিৰ উপন্যাসৰ আধাৰত নিৰ্মিত আৰু তেওঁ নিজেই পৰিচালনা কৰা দ্য পেচেন্স ষ্টোন (২০১২) ছবিত অভিনয় কৰিছিল; যিখন ছবি বেছিভাগ সমালোচকে ইতিবাচকভাৱে গ্ৰহণ কৰিছিল।[6] তেওঁ ২০১২ চনৰ চিজাৰ বঁটাৰ আটাইতকৈ প্ৰতিশ্ৰুতিপূৰ্ণ অভিনেত্ৰী শাখাৰ এটি ভিডিঅ’তো অংশ লৈছিল।
২০১৬ চনত ফাৰাহানীয়ে পেৰিচৰ মঞ্চত আন্না কাৰেনিনা চৰিত্ৰত অভিনয় কৰি উচ্চ প্ৰশংসা লাভ কৰে। পৰিচালক জিম জাৰ্মুশ্বৰ আমেৰিকান চলচ্চিত্ৰ পেটাৰচনত অভিনেতা এডাম ড্ৰাইভৰৰ বিপৰীতে তেওঁ ল’ৰা নামৰ মুখ্য চৰিত্ৰটোত অভিনয় কৰিছিল। ছবিখনে বিপুলভাৱে ইতিবাচক সঁহাৰি লাভ কৰে আৰু ৰটেন টমেটোজ ৱেবছাইটত ৯৬ শতাংশ অনুমোদন লাভ কৰে।
২০১৭ চনত তেওঁ কাল্পনিক চলচ্চিত্ৰ পাইৰেটছ অৱ দি কেৰিবিয়ান: ডেড মেন টেল নো টেলছত সাগৰীয় ডাইনী শ্বানছাৰ চৰিত্ৰত অভিনয় কৰে।[7]
২০২০ চনত তেওঁ একচনধৰ্মী চলচ্চিত্ৰ এক্সট্ৰেকচনত নিক খানৰ চৰিত্ৰত অভিনয় কৰিছিল।[8] ২০২৩ চনত ফাৰাহানীক ৭৩সংখ্যক বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ মূল প্ৰতিযোগিতা শাখাৰ জুৰী সদস্য হিচাপে বাছনি কৰা হয়। ২০২৫ চনত তেওঁ জুলিয়া ডুকুৰ্নোৰ শেহতীয়া ছবি আলফাত মুখ্য ভূমিকাত অভিনয় কৰে, যিখন ছবিৰ প্ৰিমিয়াৰ ৭৮সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল।
অনা-চলচ্চিত্ৰ কৰ্ম
[সম্পাদনা কৰক]ফাৰাহানী পৰিৱেশ সংৰক্ষণৰ সৈতে জড়িত কাম-কাজৰ সৈতে সক্ৰিয়ভাৱে জড়িত থকাৰ উপৰি ইৰানত যক্ষ্মা ৰোগ নিৰ্মূলকৰণৰ এগৰাকী সমৰ্থক।
ইৰানত থকাৰ সময়ত তেওঁ কুচ নেচিন (নোমাডছ) নামৰ এটা বেণ্ডৰ সদস্য আছিল, যিয়ে দ্বিতীয় তেহৰাণ এভিনিউ আণ্ডাৰগ্ৰাউণ্ড ৰক প্ৰতিযোগিতাত বিজয়ী হৈছিল। ইৰান এৰাৰ পিছত তেওঁ আন এগৰাকী নিৰ্বাসিত ইৰানী সংগীতজ্ঞ মহচেন নামজুৰ সৈতে কাম কৰে; তেওঁলোকৰ এলবাম অয় ২০০৯ চনৰ অক্টোবৰ মাহত মুক্তি লাভ কৰিছিল।
২০১৪ চনৰ ডিচেম্বৰ মাহত তেওঁ ২০১৪ বৰ্ষৰ বাৰ্ষিক ইণ্ডিপেণ্ডেণ্ট ক্ৰিটিক্স বিউটি লিষ্টৰ (স্বতন্ত্ৰ সমালোচকৰ ধুনীয়া মুখৰ তালিকা) ষষ্ঠ স্থান লাভ কৰিছিল।[9]
আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰত অভিনয় কৰাৰ সময়ত হিজাব পিন্ধিবলৈ অস্বীকাৰ কৰাৰ বাবে ২০০৮ চনৰপৰা ইৰানৰপৰা নিৰ্বাসিত হোৱা ফাৰাহানীয়ে মহছা আমিনীৰ মৃত্যুৰ প্ৰতিবাদক মুকলিকৈ সমৰ্থন কৰিছে।[10][11] ২০২২ চনৰ ২৮ অক্টোবৰত ব্ৰিটিছ ৰক বেণ্ড ক’ল্ডপ্লেই বুয়েনছ আয়াৰ্ছৰ ৰিভাৰ প্লেট ষ্টেডিয়ামত অনুষ্ঠিত তেওঁলোকৰ কনচাৰ্টত প্ৰতিবাদৰ মূল গীত হিচাপে পৰিচিত শ্বেৰভিন হাজিপুৰৰ বাৰায়ে গীতটো গাবলৈ ফাৰাহানীক আমন্ত্ৰণ জনাইছিল। বেণ্ডটোৰ মিউজিক অব দ্য স্ফিয়াৰ্ছ ৱৰ্ল্ড ট্যুৰৰ লেটিন আমেৰিকা ভ্ৰমণৰ অংশ হিচাপে এই কনচাৰ্টটো সমগ্ৰ বিশ্বৰ ৭০খনতকৈও অধিক দেশৰ ৩৫০০ তকৈও অধিক ছবিগৃহত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হৈছিল।[12]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Golshifteh Farahani". Soureh Cinema. Archived from the original on 5 March 2016. https://web.archive.org/web/20160305033402/http://www.sourehcinema.com/People/People.aspx?Id=138112270439/। আহৰণ কৰা হৈছে: 18 June 2023.
- ↑ Tehrani, Souraya (22 August 2008). "Hollywood postponed". TheGuardian.com. https://www.theguardian.com/commentisfree/2008/aug/22/iran.middleeast। আহৰণ কৰা হৈছে: 2 April 2021.
- ↑ Rouiller, Nathalie (14 October 2019). "Golshifteh Farahani, aveuglante". Libération. Archived from the original on 14 May 2022. https://web.archive.org/web/20220514094300/https://www.liberation.fr/cinema/2019/10/14/golshifteh-farahani-aveuglante_1757532/। আহৰণ কৰা হৈছে: 19 November 2021. "Sur les registres, la belle sappelle Rahavard, "cadeau de la route", en allusion aux chemins de hasard et à leurs surprises dimportance. [...] On limaginait double nationale, elle affirme navoir quun passeport, le tricolore [...] "On nest pas responsable de la peur des homes", dit lex de Louis Garrel, deux fois mariée et séparée..."
- ↑ Christianson, Emily. "FRESH FACE: Golshifteh Farahani". Hollywood.com. http://www.hollywood.com/feature/fresh_face_Golshifteh_Farahani_body_of_lies_trial/5343659। আহৰণ কৰা হৈছে: 25 January 2009.
- ↑ "DiCaprio Co-Star in Islamic Hot Water? at Hollywood.com". http://www.hollywood.com/news/Leonardo_DiCaprios_On_Screen_Love_Interest_Fears_Iranian_Trial/5325657। আহৰণ কৰা হৈছে: 10 December 2016.
- ↑ "The Patience Stone". Rotten Tomatoes. http://www.rottentomatoes.com/m/the_patience_stone/। আহৰণ কৰা হৈছে: 30 August 2014.
- ↑ "Golshifteh Farahani in Pirates of the Caribbean". Archived from the original on 30 November 2015. https://web.archive.org/web/20151130030450/http://www.palm-news.com/golshifteh-farahani-in-pirates-of-the-caribbean/। আহৰণ কৰা হৈছে: 16 July 2016.
- ↑ Henderson, Odie (24 April 2020). "Extraction movie review & film summary (2020)". RogerEbert.com. https://www.rogerebert.com/reviews/extraction-movie-review-2020। আহৰণ কৰা হৈছে: 17 May 2025.
- ↑ "100 Most Beautiful Faces 2014... – Independent Critics by TC Candler". Tccandler.com. http://www.tccandler.com/100-beautiful-faces-2014/। আহৰণ কৰা হৈছে: 10 December 2016.
- ↑ "Exiled Iranian actress Golshifteh Farahani lauds protests over Aminis death". Agence France-Presse. 11 October 2022. https://english.alarabiya.net/News/world/2022/10/11/Exiled-Iranian-actress-Golshifteh-Farahani-lauds-protests-over-Amini-s-death.
- ↑ Makooi, Bahar (1 October 2022). "French feminists mobilise in solidarity with Iranian protesters". France 24. https://www.france24.com/en/middle-east/20221001-french-feminists-mobilise-in-solidarity-with-iranian-protesters.
- ↑ Gillett, Katy (30 October 2022). "Coldplay perform Baraye in Farsi with Iranian actress Golshifteh Farahani". The National. https://www.thenationalnews.com/arts-culture/music-stage/2022/10/30/coldplay-perform-baraye-in-farsi-with-iranian-actress-golshifteh-farahani/.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত গোলশ্বিফতেহ ফাৰাহানী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- গোলশ্বিফতেহ ফাৰাহানী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
