সমললৈ যাওক

গোলাই চোৰ (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গোলাই চোৰ (চলচ্চিত্ৰ)
পৰিচালক ৰক্তিম কমল বৰুৱা
ৰচনা ৰক্তিম কমল বৰুৱা
প্ৰযোজক ধৃতিমান দাস, মাজিদ খান, উদ্দীপন দত্ত (কাৰ্যবাহী প্ৰযোজক)
অভিনয়ত কেনী বসুমতাৰী
হিমাংশু গগৈ
টনী দেউৰী বসুমতাৰী
জয়ন্ত ভাগৱতী
জয়ন্ত দাস
প্ৰতিভা চৌধুৰী
মৈত্ৰী দাস
চিত্ৰগ্ৰহণকাৰী প্ৰয়াস শৰ্মা তামূলী
সম্পাদনা হিৰন্ময় গগৈ
সংগীত পৰিচালক জয় আদিত্য
মুক্তি
১৭ জানুৱাৰী, ২০২৫
দৈৰ্ঘ্য
১৪৪ মিনিট
দেশ ভাৰত
ভাষা অসমীয়া

গোলাই চোৰ (ইংৰাজী: Gulai Soor) হৈছে ২০২৫ চনত মুক্তি লাভ কৰা অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত আৰু ঝেং এণ্টাৰটেইনমেণ্টৰ যৌথ প্ৰযোজনাত নিৰ্মিত আৰু ৰক্তিম কমল বৰুৱাৰ দ্বাৰা নিৰ্দেশিত এখন বিদ্ৰুোপাত্মক কালভিত্তিক ড্ৰামা প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ৷ [1]

ছবিখনে ২০২৬ চনত ঘোষিত হোৱা 'ফিল্মফেয়াৰ-অসমীয়া' বঁটাত শ্ৰেষ্ঠ কথাছবি, শ্ৰেষ্ঠ পৰিচালককে সাঙুৰি মুঠ ৮টা বঁটা পাবলৈ সক্ষম হয়৷[2]

কাহিনীৰ সাৰাংশ

[সম্পাদনা কৰক]

ছবিখনৰ কাহিনীভাগ কুৰি শতিকাৰ ৫০ৰ দশকৰ পৰা আৰম্ভ কৰি শেষৰটো দশক পৰ্যন্ত ব্যপ্ত হৈ থাকে৷ ছবিখনে দীগা চোৰ আৰু তেওঁৰ অধীনত স্থাপিত হোৱা এখন চুৰিবিদ্যাৰ টোলক কাহিনীৰ মুখ্য উপজীৱ্য হিচাপে প্ৰতিষ্ঠিত কৰে৷ সেইখন টোলতে শিক্ষা ল'বলৈ অহা গোলাপী আৰু তেওঁ সতীৰ্থসকলৰ জীৱনক লৈ কাহিনীটো আগবাঢ়ে৷[3]উল্লেখনীয় যে, যোৰহাটৰ এটা অঞ্চলৰ এটা সঁচা ঘটনাৰ আধাৰত এই ছবিখন নিৰ্মিত৷ ২০২২ চনতে ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হৈছিল যদিও কিছুমান কাৰণত ছবিৰ মুক্তিত বিলম্ব হয়৷ [4]

কলা-কুশলী

[সম্পাদনা কৰক]

অভিনয়ত

[সম্পাদনা কৰক]
  • কেনি বসুমতাৰী
  • টনী দেউৰী বসুমতাৰী
  • হিমাংশু গগৈ
  • বনী দেউৰী
  • জয়ন্ত ভাগৱতী
  • জয়ন্ত দাস
  • প্ৰতিভা চৌধুৰী
  • মৈত্ৰী দাস
  • বেদব্ৰত বৰা
  • সপ্তৰ্শী গগৈ
  • নৱজ্যোতি নাথ
  • ৰূপাশ্ৰী ফুকন
  • মৃন্ময় শইকীয়া
  • বনদীপ শৰ্মা
  • কুইন শিৱম
  • হিৰন্ময় গগৈ-সম্পাদক
  • কমল তালুকদাৰ-ৰূপসজ্জা
  • অৰ্ণৱ স্বৰ্গীয়াৰী-কলা নিৰ্দেশনা
  • মজিদ খান-ভিএভ এক্স
  • অৰ্ণৱ স্বৰ্গীয়াৰী-ডিজিটেল ইলাষ্ট্ৰেটৰ
  • দীনেশ কুমাৰ-দিআই কালাৰিষ্ট
  • মণিকুন্দল বৰা-এনিমেটৰ


বঁটা-সন্মান

[সম্পাদনা কৰক]

গোলাই চোৰ-এ ২০২৬ চনৰ ২৭ ফেব্ৰুৱাৰিত ঘোষিত হোৱা ফিল্মফেয়াৰ-অসমীয়া বঁটাত তলৰ শাখাসমূহত শ্ৰেষ্ঠত্ব অৰ্জন কৰে৷ [2]

  • শ্ৰেষ্ঠ ছবি
  • শ্ৰেষ্ঠ পৰিচালক -ৰক্তিম কমল বৰুৱা
  • শ্ৰেষ্ঠ মুখ্য অভিনেতা - হিমাংশু গগৈ
  • শ্ৰেষ্ঠ কাহিনী -ৰক্তিম কমল বৰুৱা
  • শ্ৰেষ্ঠ চিত্ৰনাট্য -মৃন্ময় শইকীয়া, আকাশদীপ ডেকা, ৰক্তিম কমল বৰুৱা
  • শ্ৰেষ্ঠ প্ৰডাকচন ডিজাইন -অৰ্ণৱ স্বৰ্গীয়াৰী
  • শ্ৰেষ্ঠ সংলাপ-ৰক্তিম কমল বৰুৱা
  • শ্ৰেষ্ঠ সম্পাদনা- হিৰন্ময় গগৈ


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Golai Soor". IMDB. https://www.imdb.com/title/tt35379809/ আহৰণ কৰা হৈছে: 22 January 2025.
  2. 1 2 "Filmfare Awards Assamese 2026 Winners: Complete List Out Winners of 2025". Filmfare. https://www.filmfare.com/awards/filmfare-awards-assamese-2026/winners আহৰণ কৰা হৈছে: 28 February 2026.
  3. dutta, dipankar (January 17, 2025). "মুক্তি লাভ কৰিলে অসমীয়া চিনেমা ‘গোলাই চোৰ’, চিনেমাখন উপভোগ কৰি কেনেকুৱা পালে দৰ্শকে?". News18. https://assam.news18.com/news/entertainment/the-film-golai-chur-was-released-today-what-did-the-audience-say-about-the-film-dd-local18-436778.html আহৰণ কৰা হৈছে: 22 January 2025.
  4. ETV Bharat Assamese Team (Dec 13, 2024). "জানুৱাৰীত গোলাই চোৰে চলাব উৎপাত". ETVbharat. https://www.etvbharat.com/as/!entertainment/new-assamese-film-golai-soor-teaser-released-assam-news-ass24121304193 আহৰণ কৰা হৈছে: 22 January 2025.