সমললৈ যাওক

গোলাঘাট এমেচাৰ থিয়েটাৰ ছ'চাইটি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গোলাঘাট এমেচাৰ থিয়েটাৰ ছ'চাইটি

গেটছৰ সমুখভাগ
চমু  নাম গেটছ
প্ৰতিষ্ঠা ১৮৯৫; ১৩১ বছৰ  আগতে (1895)[1]
প্ৰধান  কাৰ্যালয় ধোদৰ আলি‍ (পথ)
গোলাঘাট
সেৱা  ক্ষেত্ৰ অসম, প্ৰাথমিকভাৱে‍ গোলাঘাট
সদস্যপদ কাৰ্যনিবাহক সদস্য - ২৪ কাৰ্যনিবাহক সহযোগী সদস্য - ৮ + আজীৱন সদস্য
আনুষ্ঠানিক  ভাষা অসমীয়া, ইংৰাজী
সভাপতি‍ এ. বৰুৱা [2]
উপ-সভাপতি‍ এম. ৰয় [3]

গোলাঘাট এমেচাৰ থিয়েটাৰ ছ'চাইটি (ইংৰাজী: Golaghat Amateur Theatre Society) হ'ল সংগীত, নৃত্যৰ লগতে‍ থিয়েটাৰৰ দৰে পৰিৱেশ্য কলা প্ৰচাৰ; কবিতা, উপন্যাস আৰু চুটি গল্পৰ দৰে সাহিত্য; আৰু চিত্ৰকলা আৰু ফটোগ্ৰাফীৰ নিচিনা দৃষ্টিগ্ৰাহ্য কলা প্ৰচাৰৰ বাবে এক অনুষ্ঠান। এই অনুষ্ঠানে বিগত ১০০ বছৰৰো অধিক কালৰ গোলাঘাট আৰু অসমৰ কলা উদ্যোগৰ ইতি‍হাসৰ সাক্ষ্য বহন কৰে। পৰিৱেশ্য কলা আৰু দৃষ্টিগ্ৰাহ্য কলাৰ জগতৰ সৈতে‍ জডি়ত অসমীয়া মানুহক ওচৰ চপাই অনাৰ উদ্দেশ্যৰেই অসমৰ গোলাঘাটত এই সমাজ গঠন কৰা হৈছিল।

১৮৯৫ চনত প্ৰতিষ্ঠা হোৱা গোলাঘাট এমেচাৰ থিয়েটাৰ ছ'চাইটি (অনানুষ্ঠানিকভাৱে গেটছ) স্বৰ্গীয় জয় চন্দ্ৰ মৈত্ৰ আৰু অন্যান্য সকলৰ নেতৃত্বত গঢ় লোৱা এক জনহিতৈষী গোটৰ দ্বাৰা গঠন কৰা হৈছিল। অসমৰ, বিশেষকৈ গোলাঘাট অঞ্চলত নাটক আৰু সাংস্কৃতিক প্ৰতিভা বিকাশৰ বাবে এক কেন্দ্ৰ গঢ়ি তোলাৰ কল্পনাৰে ইয়াক গঠন কৰা হৈছিল। সাধাৰণতে "এমেচাৰ থিয়েটাৰ হল" নামেৰে জনাজাত সমাজখনৰ স্থায়ী থিয়েটাৰ হলটো অসমৰ আটাইতকৈ পুৰণি নাট্যকলাৰ ভৱনসমূহৰ ভিতৰত এটা আৰু ১১৭ বছৰৰো অধিক সময় ধৰি ইয়াৰ অস্তিত্ব বৰ্তি‍ আছে।[4] ঐতিহ্য আৰু কলাৰ ক্ষেত্ৰত অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবে‍ ভাৰত চৰকাৰৰ তৰফৰ পৰা এই অনুষ্ঠানলৈ‍ স্বীকৃতি দিয়া হৈছে‍; আৰু ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ ভিজন বুকৰ অধীনত ইয়াৰ উন্নয়নৰ বাবে পুঁজি প্ৰদান কৰা হৈছিল।[5][6]

ছ'চাইটিয়ে বছৰজুৰি‍ ধাৰাবাহিকভাৱে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰে, পৰিচালন সমিতিয়ে গ্ৰহণ কৰা ব্যৱস্থা অনুসৰি পৰীক্ষামূলক থিয়েটাৰ[7] পৰিৱেশন কৰা হয়। ছ'চাইটিখনত আজীৱন সদস্যৰ উপৰিও ৩২জন সদস্যৰে গঠিত এক কাৰ্যনিৰ্বাহক সমিতি আছে।

বৰ্তমান

[সম্পাদনা কৰক]

১৯৮১ চনৰ পৰা বিশিষ্ট নাট্যকাৰ সুৰেন্দ্ৰ নাথ শইকীয়াৰ স্মৃতিত “সদৌ অসম একাংক নাট প্ৰতিযোগিতা” আয়োজন কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নাগৰিকক নাটক আৰু সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে উৎসাহিত কৰি আহিছে।[8] পৰীক্ষামূলক থিয়েটাৰৰ উপৰিও অসমীয়া সাহিত্যৰ কবি আৰু সাহিত্যিক আদি‍ বিভিন্ন স্তৰৰ প্ৰতিভাক স্বীকৃতি দিয়াৰ ক্ষেত্ৰতো চ’ছাইটিয়ে‍ সক্ৰিয়ভাৱে কাম-কাজ কৰি আহিছে।[9][10]

গোলাঘাট এমেচাৰ থিয়েটাৰ ছ'চাইটিৰ উল্লেখযোগ্য দিশ

[সম্পাদনা কৰক]

প্ৰতিবছৰে এই অনুষ্ঠানটোৱে নাটক মঞ্চস্থ কৰি আহিছে। এই মঞ্চৰ পৰাই অসমৰ নাট্যমঞ্চ আৰু চিনেমা জগতত মুনিন বৰুৱাকে আদি কৰি ভালেকেইজন প্ৰসিদ্ধ ব্যক্তিয়ে খ্যাতি অৰ্জন কৰিছে।[11] অসমৰ জনপ্ৰিয় ছবি ‘বিদুৰভাই’ৰ পৰিচালক সুব্ৰত কাকতিৰ লগতে কেইবাজনো অভিনেতা-অভিনেত্ৰী এই অনুষ্ঠানৰে সন্তান।[11] নিৰৱচ্ছিন্নভাৱে ১২৮ বৰ্ষ গৰকা এই অনুষ্ঠানৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যিক ভিত্তিত প্ৰদান কৰি আহিছে হৰিপদ চেতিয়া বঁটা আৰু কেইবাটাও বিশেষ বঁটা।[11] এনেদৰেই গোলাঘাটৰ মজিয়াত শিল্প আৰু সাংস্কৃতিক ঐতিহ্য বহন কৰি থকা এই অনুষ্ঠানভাগি জিলিকি ৰৈছে নিৰৱচ্ছিন্ন আৰু সবলৰূপে।

অসমৰ বিশিষ্ট নাট্যশিল্পী সীমান্ত ফুকনক হৰিপদ চেতিয়া ৰাজ্যিক বঁটা ২০২৩, বিশিষ্ট নাট্যশিল্পী হৰিপ্ৰসাদ বৰঠাকুৰক গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটি বঁটা ২০২৩, প্ৰিনাক্ষী প্ৰিয়া দত্ত আৰু কক্ষয়া ৰণধীৰক উদীয়মান শিল্পী বঁটা প্ৰদান কৰা হয়৷[12][13]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Sharma, Anil Kumar (2007). "Quit India Movement In Assam, Quit India and Student and Woman Movements in Golaghat District, page 6". Anil Kumar Sharma. ISBN 9788183242424. https://books.google.com/books?id=gZmusO1pWjUC&q=ameteur+theatre+society&pg=PA6.
  2. "Members of Executive Body members, GATS". 2014. Archived from the original on 2018-09-03. https://web.archive.org/web/20180903000824/http://amateurtheatresociety.org/list-of-executive-body-for-the-year-2012-13-2013-14/.
  3. "Members of Executive Body members, GATS". 2014. Archived from the original on 2018-09-03. https://web.archive.org/web/20180903000824/http://amateurtheatresociety.org/list-of-executive-body-for-the-year-2012-13-2013-14/.
  4. "আৰ্কাইভ কপি". 27 November 2015. Archived from the original on 28 April 2025. https://web.archive.org/web/20250428192510/http://www.eastern-today.com/entries/assam/golaghat-district-journalist-association-s-golden-jubilee-celebrations-underway.
  5. . 20 May 2004. http://www.rediff.com/news/2004/may/20spec2.htm.
  6. Bhushan, K.; Katyal, G. (2004). Manmohan Singh: Visionary to Certainty – Ideas is what he likes to talk about, page 77. APH. ISBN 9788176486941. https://books.google.com/books?id=QEaDKgzcs3gC&q=golaghat+amateur+society&pg=PA77.
  7. "Golaghat to witness new theatre, The Telegraph - Calcutta - Gauhati". Ritupallab Saikia. 19 June 2014. Archived from the original on 12 August 2014. https://web.archive.org/web/20140812140031/http://www.telegraphindia.com/1140620/jsp/northeast/story_18529364.jsp#.WHQXgbaLQcg আহৰণ কৰা হৈছে: 20 June 2014.
  8. "A brief introduction, GATS". Archived from the original on 2018-09-03. https://web.archive.org/web/20180903002646/http://amateurtheatresociety.org/golaghat-amateur-theatre-society-a-brief-introduction/ আহৰণ কৰা হৈছে: 2025-02-01.
  9. "Book Quest, Volume I, Issue II - Awards and Honours". Book Quest. 9 March 2014. http://bhabanibooks.com/wp-content/uploads/2014/04/Book_Quest_April_May_issue.pdf.
  10. "Golaghat Ratna Award conferred, The Assam Tribune". Correspondent. 20 September 2016. Archived from the original on 25 September 2016. https://web.archive.org/web/20160925045107/http://www.assamtribune.com/scripts/detailsnew.asp?id=sep2116/state050 আহৰণ কৰা হৈছে: 21 September 2016.
  11. 1 2 3 "ঐতিহ্যমণ্ডিত গোলাঘাট এমেছাৰ থিয়েটাৰ ছ’চাইটিৰ বিষয়ে জানো আহক... অসমৰ চিনেমা আৰু নাট্যক্ষেত্ৰলৈ যিটো অনুষ্ঠানে আগবঢ়াই আহিছে অৱদান". https://assam.news18.com/news/assam/glorious-ameture-theatre-society-golaghat-local18-411937.html আহৰণ কৰা হৈছে: 2 February 2025.
  12. "গোলাঘাট এমেচাৰ থিয়েটাৰ ছ'চাইটিৰ প্ৰতিষ্ঠা দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান - গোলাঘাট". https://www.etvbharat.com/assamese/assam/videos/other-videos/129th-foundation-day-of-golaghat-amateur-theatre-society-celebrated/assam20231125225144389389821 আহৰণ কৰা হৈছে: 2 February 2025.
  13. "গোলাঘাট এমেচাৰ থিয়েটাৰ চ'চাইটিৰ ১২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰম্ভ...". https://www.asomiyapratidin.in/assam/golaghat/golaghat-amateur-theatre-societys-129th-foundation-day-begins আহৰণ কৰা হৈছে: 2 February 2025.