সমললৈ যাওক

গোলাপী জামু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গোলাপী জামু
সংৰক্ষণ স্থিতি
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
অধিজগৎ: সংকোষকেন্দ্ৰী
ৰাজ্য: Plantae
ক্লেড: Angiosperms
ক্লেড: Eudicots
ক্লেড: Rosids
বৰ্গ: Myrtales
পৰিয়াল: Myrtaceae
গণ: Syzygium
প্ৰজাতি: S. jambos
দ্বৈৰাশিক নামকৰণ
Syzygium jambos
L. (Alston)
সমাৰ্থক

Eugenia jambos
গোলাপী জামু

গোলাপী জামু
Syzygium jambos Fruit and seeds IMG 4906.JPG
Fruit and seeds. One fruit is split to show seeds.
পৌষ্টিক মূল্য প্ৰতি ১০০ গ্ৰামত
শক্তি 105 কিলোজুল (২৫ কিলোকেলৰি)
শৰ্কৰাসমূহ 5.7 g
চৰ্বী 0.3 g
প্ৰ’টিন 0.6 g
ভিটামিন এ সমতুল্য 17 μg (2%)
থায়েমিন (ভিটামিন বি) 0.02 mg (2%)
Rৰাইবফ্লভিন (ভিটামিন বি) 0.03 mg (3%)
নিয়াচিন (ভিটামিন বি) 0.8 mg (5%)
ভিটামিন চি 22.3 mg (27%)
কেলচিয়াম 29 mg (3%)
লো 0.07 mg (1%)
মেগনেছিয়াম 5 mg (1%)
মেংগানিজ 0.029 mg (1%)
ফছফ’ৰাছ 8 mg (1%)
পটাছিয়াম 123 mg (3%)
ছডিয়াম 0 mg (0%)
জিংক 0.06 mg (1%)
Link to USDA Database entry
শতাংশসমূহ প্ৰাপ্তবয়স্কৰ বাবে ইউ.এছ.
পৰামৰ্শৰ ভিত্তিত আনুমানিকভাৱে দিয়া হৈছে।
উৎস: ইউ.এছ.ডি.এ. পোষক তথ্যকোষ

গোলাপী জামু (ইংৰাজী: Rose-apple) দক্ষিণ-পূব এছিয়াত উৎপত্তি হোৱা লগতে পৃথিৱীৰ বিভিন্ন ঠাইত বহুলভাৱে পোৱা এবিধ উদ্ভিদ , ইয়াক অলংকাৰিক আৰু ফলমূলৰ গছ হিচাপে জনা যায় ।[2]

গোলাপী জামু এবিধ সৰুৰ পৰা মজলীয়া আকাৰৰ চিৰসেউজ জোপোহা গছ, সাধাৰণতে ৩ মিটাৰৰ পৰা ১৫ মিটাৰ (১০–৪৯ ফুট) উচ্চতা পৰ্যন্ত বৃদ্ধি পায়। ইয়াৰ ডাল-পাত বেছিভাগ তলৰ অংশৰ পৰাই ওলায়। পাত আৰু কুঁহিপাত মসৃণ (লোমবিহীন) হয়। গছৰ ছাল গাঢ় বাদামী ৰঙৰ যদিও যথেষ্ট মসৃণ আৰু তাত বিশেষ খাঁজ বা উঁচু-নিচা নাথাকে। পাতবোৰৰ আকৃতি ২–৪ ছেণ্টিমিটাৰ বহল আৰু ১০–২০ ছেণ্টিমিটাৰ দীঘল। পাতৰ আগভাগ সূচালো, তলভাগ কিউনিয়েট (পাচলি সদৃশ সংকীৰ্ণ) আৰু পাতৰ ডাঁটি অতি সৰু বা প্ৰায় নাথাকেই। নতুনকৈ ওলোৱা পাতবোৰ উজ্জ্বল ৰঙা হয়, কিন্তু পূৰ্ণবয়স্ক হ’লে গাঢ়, চকচকীয়া সেউজীয়া ৰং ধাৰণ কৰে। ফুলবোৰ ডালৰ আগভাগত সৰু থুপত ফুলে। ফুলৰ ৰং বগা বা সেউজীয়া-বগা হয়। দীঘল আৰু অসংখ্য পুংকেশৰৰ বাবে ফুলবোৰৰ ব্যাস প্ৰায় ৫–৮ ছেণ্টিমিটাৰ (২–৩¼ ইঞ্চি) হয়। নাতিশীতোষ্ণ অঞ্চলত এই গছ সাধাৰণতে গ্ৰীষ্মকালত ফুলে।

চিত্ৰমালা

[সম্পাদনা কৰক]

ফলটোৰ আকৃতি মধুৰি আম দৰে হয়। আচলতে, ইয়াৰ বাহ্যিক ৰূপ মধুৰি আম সৈতে ইমানেই মিল যে যিসকলে এই ফলৰ সৈতে পৰিচিত নহয়, তেওঁলোকে প্ৰথম দৃষ্টিত মধুৰি আম বুলি ভুল কৰিব পাৰে। কিন্তু ইয়াৰ সুগন্ধ, সোৱাদ আৰু গঠন মধুৰি আম পৰা পৃথক। আৰু মধুৰি আমৰ জেলীৰ দৰে কলাত অসংখ্য সৰু আৰু কঠিন গুটি নাথাকে; তাৰ বিপৰীতে, গোলাপী জামুৰ ফলত সাধাৰণতে ১ বা ২টা ডাঙৰ, কোমল আবৰণবিহীন গুটি থাকে, যাৰ ব্যাস প্ৰায় ১ ছেণ্টিমিটাৰ। পকিলে এই গুটিবোৰ ফলৰ ভিতৰৰ অলপ তুলাৰ দৰে ফোপোলা গহ্বৰত ঢিলা অৱস্থাত থাকে। ফলটো জোকাৰি গুটিবোৰৰ শব্দ শুনিলে ই পকিল নে নাই তাৰ কিছু আভাস পোৱা যায়। ফলৰ ছাল পাতল আৰু মোমৰ দৰে মসৃণ। কিছুমানে ইয়াৰ ফুল সুগন্ধিযুক্ত বুলি বৰ্ণনা কৰিছে, যদিও এই বৈশিষ্ট্য সকলো ক্ষেত্ৰতে একে নহ'বও পাৰে। কিন্তু পকা ফলটোৰ এক তীব্ৰ আৰু মনোমোহা ফুলৰ দৰে সুগন্ধ থাকে। সেইবাবেই ইয়াৰ ইংৰাজী সাধাৰণ নামসমূহৰ ভিতৰত ৰোজ এপল(Rose Apple)[3] আৰু পোমাৰোজা (Pomarrosa) আদি নাম প্ৰচলিত।

বিবিধতা

[সম্পাদনা কৰক]

পৃথিৱীৰ বিভিন্ন ঠাইত গোলাপী জামু(ৰোজ এপ্‌ল)ৰ বহুতো জাত পোৱা যায়, যাৰ ভিতৰত কোনো বিশেষ বৈশিষ্ট্য নথকা বনৰীয়া গছো আছে । থাইলেণ্ডত সৰ্বাধিক খেতি কৰা জাতটোৰ ফল সাধাৰণতে শেঁতা সেউজীয়া ৰঙৰ হয়। মালয়েছিয়াৰ জাতসমূহৰ ফলৰ বাকলি সাধাৰণতে ৰঙা হয়। বহু অঞ্চলত ফলবোৰ শেঁতা হালধীয়া ৰঙৰ হয় আৰু কেতিয়াবা সামান্য গোলাপী আভাও দেখা যায়। ফলৰ বাকলি পাতল আৰু মোমজাতীয়। ফলৰ ভিতৰত থকা ফোপোলা অংশত অতি কম পৰিমাণৰ নৰম তুলাসদৃশ পদাৰ্থ থাকে, যাৰ বিশেষ গুৰুত্ব নাই। ফলটো খৰখৰীয়া আৰু ৰসাল। ইয়াৰ সোৱাদ এক বিশেষ ধৰণৰ, যাৰ বাবে কিছুমানে ইয়াক কল্পনাপ্ৰসূতভাৱে এইদৰে বৰ্ণনা কৰে— “নাচপতি (Nashi ) আৰু কেপচিকাম (bell pepper) সংমিশ্ৰণৰ দৰে সোৱাদ, য’ত অতি মৃদু গোলাপৰ সুগন্ধ থাকে আৰু শেষত সামান্য তিতা অনুভূতি ৰৈ যায়।”

সাহিত্যত গোলাপী জামু

[সম্পাদনা কৰক]

অসমীয়া সাহিত্যত এইবিধ ফলৰ এক বিশেষ স্থান আছে। জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকন (কনিষ্ঠ)গোলাপী জামুৰ লগ্ন নামৰ এখন কবিতা পুথিও আছে । সংকলন খনত থকা এটা কবিতাত কবিয়ে লিখিছে হে হৃদয়ৰ ভগা ডালত ওলমি থকা /গোলাপী জামুৰ লগ্ন! [4]

  1. Botanic Gardens Conservation International (BGCI).; IUCN SSC Global Tree Specialist Group (2019). Syzygium jambos. 2019. doi:10.2305/IUCN.UK.2019-1.RLTS.T49487025A144800316.en.
  2. Janick, Jules. Paull, Robert E. The Encyclopedia of Fruit & Nuts. Publisher: CABI 2008. আই.এচ.বি.এন. 978-0-85199-638-7
  3. Hargreaves, Dorothy; Hargreaves, Bob (1964). Tropical Trees of Hawaii. প্ৰকাশক Kailua, Hawaii: Hargreaves. পৃষ্ঠা. 54.
  4. ফুকন নীলমণি (২০২১). নীলমণি ফুকনৰ সম্পূৰ্ণ কবিতা. আঁক-বাক. পৃষ্ঠা. ৬৭. ISBN 978-93-82726-09-8.