সমললৈ যাওক

গোলাম মোস্তফা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গোলাম মোস্তাফা
স্থানীয় নাম গোলাম মোস্তফা
জন্ম প্ৰায় 1897
মনোহৰপুৰ, বঙ্গ, ব্ৰিটিছ ইণ্ডিয়া
মৃত্যু ১৩ অক্টোবৰ, ১৯৬৪ (৬৭ বছৰ)
পুছ, পূব পাকিস্তান, পাকিস্তান
ৰাষ্ট্ৰীয়তা ব্ৰিটিছ ইণ্ডিয়ান (১৮৯৭-১৯৪৭)
পাকিস্তানী (১৯৪৭-1964)
সন্তান ৭ (মুস্তাফা মনোৱাৰ সহ।)
আত্মীয়-স্বজন ফৰিদা মজিদ (নাতিনী)
নাফিছ বিন জাফৰ (প্ৰপৌত্ৰ)

গোলাম মোস্তাফা (ইংৰাজী: Golam Mostofa; জন্ম: ১৮৯৭ - মৃত্যু: ১৩ অক্টোবৰ ১৯৬৪) এগৰাকী বাঙালী লেখক আৰু কবি।

জন্ম আৰু পৰিয়াল

[সম্পাদনা কৰক]

১৮৯৭ চনত যশোৰ জিলাৰ ঝিনাইদহ মহকুমাৰ শৈলকুপা থানাৰ অন্তৰ্গত মনোহৰপুৰ গাঁৱত গোলাম মুস্তাফাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ কাজী গোলাম ৰাব্বাণী আৰু আজোককাক কাজী গোলাম সৰৱাৰ। তেওঁলোক সাহিত্যপ্ৰেমী হোৱাৰ লগতে‍ পাৰ্চী আৰু আৰৱী ভাষাৰ সুপণ্ডিত আছিল। তেওঁৰ তিনি পুত্ৰৰ ভিতৰত ডাঙৰ পুত্ৰ প্ৰখ্যাত শিক্ষক মুস্তাফা আব্দুল আজিজে দীৰ্ঘদিন ধৰি কেডেট কলেজত (ৰাজশ্বাহী কেডেট কলেজ আৰু বিভিন্ন কেডেট কলেজত) অধ্যাপনা কৰিছিল। দ্বিতীয় পুত্ৰ বিখ্যাত পুতলা আৰু চিত্ৰশিল্পী মুস্তাফা মনোৱাৰ আৰু শেহতীয়াকৈ অস্কাৰ বিজয়ী বাংলাদেশী নাফিছ বিন জাফৰ তেওঁৰ নাতি।[1][2]

শৈক্ষিক জীৱন

[সম্পাদনা কৰক]

গোলাম মোস্তাফাৰ শৈক্ষিক জীৱনৰ আৰম্ভণি হৈছিল চাৰি বছৰ বয়সতে‍ তেওঁৰ ঘৰত আৰু কাষৰীয়া ডামুকদিয়া গাঁৱৰ স্কুলত। কিছুদিন পাছত ফাজিলপুৰ গাঁৱৰ স্কুলত ভৰ্তি হয়। এই বিদ্যালয়ত দুবছৰ পঢ়াৰ পাছত শৈলকুপা উচ্চ ইংৰাজী বিদ্যালয়ত ভৰ্তি হয়। ১৯১৪ চনত এই বিদ্যালয়ৰপৰা সুখ্যাতিৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯১৬ চনত দৌলতপুৰ বি এল কলেজৰপৰা আই এ আৰু ১৯১৮ চনত কলকাতাৰ ৰিপন কলেজৰপৰা বি এ পাছ কৰে। পাছলৈ অৰ্থাৎ ১৯২২ চনত ডেভিদ হেয়াৰ ট্ৰেইনিং কলেজৰপৰা বি টি ডিগ্ৰী লাভ কৰে।[3]

পেছাদাৰী জীৱন

[সম্পাদনা কৰক]

১৯২০ চনৰ জানুৱাৰী মাহত বেৰাকপুৰ চৰকাৰী হাইস্কুলত সহকাৰী শিক্ষক হিচাপে গোলাম মোস্তফাৰ শিক্ষক জীৱন আৰম্ভ হয়। ১৯২৪ চনত তেওঁ বেৰাকপুৰ হাইস্কুলৰপৰা কলিকতা হেয়াৰ স্কুললৈ বদলি হয়। বহুদিন ইয়াত শিক্ষকতা কৰাৰ পাছত তেওঁক কলিকতা মাদ্ৰাছালৈ বদলি কৰা হয়। তাৰপৰাই ১৯৩৫ চনত বালিগঞ্জ চৰকাৰী ডিমনেষ্ট্ৰেশন হাইস্কুললৈ বদলি হৈ সহকাৰী প্ৰধান শিক্ষক পদলৈ উন্নীত হয় আৰু কেইবছৰমান পাছত সেই বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ লাভ কৰে। তেৱেই এই বিদ্যালয়ৰ প্ৰথম মুছলমান প্ৰধান শিক্ষক। ১৯৪০ চনত বাঁকুড়া জিলা বিদ্যালয়লৈ বদলি হয়। শিক্ষকতা কালত বিভিন্ন বিদ্যালয়ত শিক্ষকতা কৰাৰ পাছত ১৯৪৬ চনত ফৰিদপুৰ জিলা বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্ব গ্ৰহণ কৰে। সুদীৰ্ঘ ত্ৰিছ বছৰ শিক্ষকতা কৰাৰ পাছত ১৯৫০ চনত চাকৰিৰপৰা অৱসৰ গ্ৰহণ কৰে।

সাহিত্য কৰ্ম

[সম্পাদনা কৰক]

১৯১৩ চনত অষ্টম শ্ৰেণীত পঢ়ি থকাৰ সময়ত ‘সাপ্তাহিক মোহাম্মাদী’ত ‘আন্দ্ৰিয়ানোপল উদ্ধাৰ’ শীৰ্ষক কবিতা এটা প্ৰকাশ কৰি তেওঁ সাহিত্য জগতত প্ৰৱেশ কৰে।[3] মুছলমান জাগৰণৰ পথ-প্ৰদৰ্শক কবি গোলাম মোস্তফাৰ অৱদান বাংলা সাহিত্যৰ এক বিৰল উদাহৰণ। এই কবিৰ সাহিত্য প্ৰতিভাৰ বিকাশ ঘটিছিল স্কুলীয়া জীৱনত।

অনুবাদক হিচাপেও কবি গোলাম মোস্তফাৰ এক বিশেষ সুনাম আছে। তেওঁ আৰৱী আৰু উৰ্দু সাহিত্যৰপৰা গ্ৰন্থ অনুবাদ কৰি বাংলা সাহিত্যক সমৃদ্ধ কৰিছিল। ‘ইখোৱানুছ ছাফা’, ‘মুছাদ্দাছ-ই-হালি’, ‘কালাম-ই-ইকবাল’, ‘ছিকৱা’ আৰু ‘আল-কুৰান’ তেওঁৰ অনুবাদ গ্ৰন্থসমূহৰ ভিতৰত অন্যতম। ইয়াৰ উপৰি তেওঁ চিন্তা আৰু যুক্তিৰ ওপৰত আন কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল। 'ইছলাম ও কমিউনিজম', 'ইছলামে জেহাদ', ‘আমাৰ চিন্তাধাৰা’ এইবোৰ তেওঁৰ গভীৰ বৌদ্ধিক জ্ঞানৰ ফল।

কবি গোলাম মোস্তফাৰ ‘বিশ্বনবী’ এক সফল সৃষ্টি। যদিও এই অমৰ গ্ৰন্থখন গদ্যত ৰচিত, সেই গদ্য কবিতাৰ দৰেই ছন্দময় আৰু মধুৰ। গ্ৰন্থখন হজৰত মহম্মদৰ এক সাৰ্থক জীৱন চৰিত।[4]

সংগীতৰ ক্ষেত্ৰতো তেওঁৰ উল্লেখযোগ্য প্ৰতিভাৰ পৰিচয় পোৱা যায়৷ গায়ক আৰু গীতিকাৰ হিচাপে তেওঁ বিশেষ খ্যাতি অৰ্জন কৰিছিল। বিশেষকৈ ইছলামিক গীত, গজল আৰু মিলাদ মাহফিলৰ বিখ্যাত ‘কিয়ামবানী’ (নবীলৈ আহ্বান) ৰচনা কৰাত তেওঁ অনন্য আছিল। তেওঁৰ বহু গীত আব্বাছ উদ্দিনৰ কণ্ঠতো ৰেকৰ্ডিং কৰা হৈছিল। লগতে তেওঁ নিজৰ কণ্ঠতো বহুকেইটা গীত ৰেকৰ্ডিং কৰিছিল।

বাংলা সাহিত্যৰ সাধক কবি গোলাম মোস্তাফাই জীৱনৰ শেষৰ কেইটামান বছৰ ঢাকাৰ শান্তিনগৰৰ নিজৰ ঘৰত (মোস্তাফা মঞ্জিল) কটাইছিল। বহুদিন অসুস্থতাত ভুগি থকা কবিগৰাকীয়ে ১৯৬৪ চনৰ ১৩ অক্টোবৰত ঢাকা মেডিকেল কলেজ হাস্পতালত শেষ-নিশ্বাস ত্যাগ কৰে।[5][6]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "An Oscar winner of our own". মে ১৮, ২০১৫. http://www.dhakatribune.com/long-form/2013/dec/07/oscar-winner-our-own. 
  2. "বৰেণ্য: কবি গোলাম মোস্তফা" (bn ভাষাত). 2022-05-09. https://www.jugantor.com/todays-paper/tutorials/300176/বৰেণ্য-কবি-গোলাম-মোস্তফা. 
  3. 3.0 3.1 দিগন্ত, Daily Nayadiganta-নয়া (2022-05-08). "গোলাম মোস্তফা তাৰ সাহিত্য সাধনা" (bn ভাষাত). https://www.dailynayadiganta.com/diganta-shahitto/534021/-গোলাম-মোস্তফা-তাৰ-সাহিত্য-সাধনা. [সংযোগবিহীন উৎস]
  4. ইসলাম, শহিদুল (2012). "মোস্তফা, গোলাম". বাংলাপিডিয়া. http://bn.banglapedia.org/index.php?title=মোস্তফা,_গোলাম. 
  5. "Poet Golam Mustafa's ancestral house in ruins: 50th death anniversary observed". 12 December 2014. http://www.thefinancialexpress-bd.com/2014/10/14/60867/print. 
  6. "Grabbers claim poet's home". দ্য ডেইলি ষ্টাৰ. 12 December 2014. http://www.thedailystar.net/grabbers-claim-poets-home-27530.