গোলিনেহ আটাই
| গোলিনেহ আটাই | |
|---|---|
২০২১ চনত আটাই | |
| জন্ম | ০৮ ডিচেম্বৰ, ১৯৭৪ (৫১ বছৰ) তেহৰাণ, ইৰাণ |
| শিক্ষা | হাইডেলবাৰ্গ বিশ্ববিদ্যালয়,কলাৰ স্নাত্তকোত্তৰ (এম.এ.) |
| পেচা |
|
| নিয়োগকৰ্তা | ZDF |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | মেৰী জুচাচ মহিলা বঁটা (২০২৩) |
গোলিনেহ আটাই (ইংৰাজী: Golineh Atai) (জন্ম ৮ ডিচেম্বৰ, ১৯৭৪, তেহৰাণ) এগৰাকী মহিলা জাৰ্মান সাংবাদিক আৰু টিভি-সংবাদদাতা। বিশেষকৈ ৰাছিয়াৰ বিশেষজ্ঞ হিচাপে পৰিচিত।
এ আৰ ডিত(ARD) জড়িত হোৱাৰ আগতে তেওঁ বিভিন্ন সম্প্ৰচাৰ কেন্দ্ৰ (ৰেডিঅ’ আৰু টিভি)—যেনে SWR, SDR, ৰেডিঅ’ ফ্ৰান্স, জেডডিএফ, আৰু ফিনিক্সৰ বাবে ফ্ৰীলান্স সাংবাদিক হিচাপে কাম কৰিছিল। ২০০৪ চনৰপৰা ২০০৮ চনৰ ভিতৰত আটায়ে মধ্য আৰু সুদূৰ পূবৰ কেইবাখনো দেশত যেনে ইজিপ্ত, লেবানন, চুডান, আৰু ভাৰতত কাম কৰিছিল, বাস কৰিছিল আৰু ভ্ৰমণ কৰিছিল। ২০০৮ চনৰ মে’ মাহৰপৰা তেওঁ এ আৰ ডি-মৰ্গেনমেগাজিনৰ সম্পাদিকা আৰু ঘোষিকা তথা বাতৰি পৰিৱেশিকা হিচাপে কাম কৰি আহিছে। তেওঁৰ সাংবাদিকতাৰ কামৰ বাবে ২০০৭ চনৰ গ্ৰিম বঁটাকে ধৰি বিভিন্ন বঁটাৰ বাবে মনোনীত হৈছে। [1]
জীৱনী
[সম্পাদনা কৰক]১৯৭৪ চনত ইৰাণত জন্মগ্ৰহণ কৰা আটায়ে ১৯৮০ চনত পাঁচ বছৰ বয়সতে তেওঁৰ পিতৃ-মাতৃৰ সৈতে জাৰ্মানীলৈ গুচি যায় আৰু জাৰ্মানীৰ হফেনহাইমত ডাঙৰ-দীঘল হয়। চিনশ্বেইমৰ উইলহেলমি হাইস্কুলত আবিটুৰ (হাইস্কুল শিক্ষা) সম্পূৰ্ণ কৰাৰ পাছত হাইডেলবাৰ্গ বিশ্ববিদ্যালয়ৰপৰা ৰোমাঞ্চ অধ্যয়ন, ৰাজনীতি আৰু ইৰাণী অধ্যয়নত বিজ্ঞান স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে (১৯৯৩–২০০০), আৰু তাৰ পিছত সাংবাদিক হয়। [2]
ইয়াৰ পিছত আটায়ে ছুডৱেষ্ট্ৰণ্ডফাংকত প্ৰশিক্ষণ সম্পূৰ্ণ কৰে আৰু ৰাইনলেণ্ড-পেলেটিনেটৰপৰা বাতৰি পৰিৱেশন কৰি মেইনজত টিভি ৰিপ’ৰ্টাৰ হিচাপে যোগদান কৰে। ২০০৬ চনৰপৰা ২০০৮ চনলৈকে তেওঁ কাইৰোত এ আৰ ডি সম্প্ৰচাৰকৰ সংবাদদাতা হিচাপে কাম কৰিছিল। ২০১০ চনৰপৰা ২০১১ চনলৈকে আটাই এ আৰ ডিৰ মনিং অনুষ্ঠানৰ মুখ্য সম্পাদক আছিল। ২০০৬ চনৰপৰা ২০০৮ চনলৈকে আত্তাই কায়ৰোত আৰব সংবাদদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ছিৰিয়া, লেবানন, চুডান, ডুবাই, লিবিয়া, সংযুক্ত আৰব আমিৰশ্বাহী, জৰ্ডান, ইৰাণ আৰু ইৰাকৰপৰা প্ৰতিৱেদন দিছিল। ২০০৬ চনৰ লেবানন যুদ্ধ আৰু দাৰফুৰ-চুডান সংঘাতৰ বিষয়েও তেওঁ আলোচনা কৰিছিল।[3]
২০০৮ চনৰপৰা আটাই এটা ৰাষ্ট্ৰীয় নেটৱৰ্কৰ পুৱাৰ বাতৰি অনুষ্ঠানৰ সম্পাদকীয় দলৰ অংশ, যিটো তেওঁ মাজে মাজে আয়োজন কৰে। ২০১১ চনৰপৰা তেওঁ বিভিন্ন এ আৰ ডি টিভি আৰু ৰেডিঅ’ অনুষ্ঠানত সমসাময়িক আৰব বিষয়ৰ বিশেষজ্ঞ হিচাপে উপস্থিত হৈ মধ্যপ্ৰাচ্য, ইছলাম আৰু জাৰ্মানীত সংহতি আদি বিষয়ত অনুষ্ঠান উপস্থাপন কৰি আহিছে। ২০১১ চনৰ ডিচেম্বৰৰপৰা কলনত ডব্লিউ ডি আৰৰ ৰিভিউ অৱ দ্য ডেৰ সম্পাদক আৰু সাংবাদিক হিচাপে কাম কৰিছিল। ২০১৩ চনৰপৰা ২০১৮ চনলৈকে তেওঁ মস্কোত এ আৰ ডিৰ সংবাদদাতা হিচাপে কাম কৰিছিল।[4] ইউক্ৰেইনৰ ইউৰোমেইডানৰ সময়ত আটায়ে কিয়েভৰপৰা এ আৰ ডিৰ বাবে বাতৰি পৰিৱেশন কৰিছিল। ৱেল্টস্পিগেলৰ বাবে দিয়া এক প্ৰতিৱেদনত তেওঁ ৰাছিয়া আৰু ইউক্ৰেইনৰ টেলিভিছন ষ্টেচনৰ হেতালি খেলা কাৰ্যকলাপৰ নথিভুক্ত কৰিছিল। [5]
২০২২ চনৰ ১ জানুৱাৰীত তেওঁ জেডডিএফলৈ গুচি যায় আৰু কায়ৰোৰ ষ্টুডিঅ'ৰ মুৰব্বী হিচাপে দায়িত্ব লয়।[6][7] ২০২২ চনত কাটাৰত অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপত তেওঁ জেড ডি এফ স্প’ৰ্ট ষ্টুডিঅ’ৰ অন-ছাইট সংবাদদাতা হিচাপে কাম কৰিছিল।
পুৰস্কাৰ
[সম্পাদনা কৰক]- 2005: Research grant from the Otto Brenner Foundation for critical journalism for the project Foreign Adoptions in the Global Children's Market.
- ২০০৭ চনত তথ্য আৰু সংস্কৃতি শাখাত এডলফ গ্ৰিম বঁটাৰ বাবে মনোনয়ন
- ২০০৮: ৰিমটছমা লিবাৰ্টি বঁটাৰ বাবে মনোনয়ন
- ২০১০: ডব্লিউ ডি আৰৰ দ্বাৰা "চুচে কাইণ্ড, জাহলে বাৰ – ডাই এডপচনছলবী" (চাইচ্চ চাইল্ড, পে কেছ – দ্য এডপচন লবী)ৰ বাবে কিণ্ডাৰনথিলফৰ মিডিয়া বঁটা [8]
- ২০১৪: টেলিভিছন সাংবাদিকতাৰ বাবে হান্স জোৱাচিম ফ্ৰেড্ৰিক্স বঁটা [9]
- 2014: Journalist of the Year by Medium Magazin for her "outstanding reporting in the debate on the Ukraine crisis, which has been going on for more than a year."[10]
- ২০১৫: ৱেল্টস্পিগেলৰ বৈশিষ্ট্যৰ বাবে পিটাৰ স্কল লেটুৰ বঁটা ইউক্ৰেইন: ক্যু ভাডিছ? [11]
- ২০২৩: ৰাছিয়া, ইউক্ৰেইন, ইৰাণ, আৰু আৰব বিশ্বৰ বিশ্বাসযোগ্য, সুষম বিদেশী সাংবাদিকতাৰ জৰিয়তে লিংগ সমতাৰ বাবে মেৰী জুচাচ মহিলা বঁটা। [12]
- ২০২৩: আৰব অঞ্চলৰ পৰা প্ৰতিবেদন দিয়াৰ বাবে গ্ৰিম-প্ৰেইছৰ বাবে মনোনয়ন।[ [13]
গ্ৰন্থ
[সম্পাদনা কৰক]- দ্য ট্ৰুথ ইজ দ্য এনিমি – হোৱাই ৰাছিয়া ইজ চ' দিফাৰেণ্ট (In German: Die Wahrheit ist der Feind – Warum Russland so anders ist), Rowohlt Verlag, Berlin 2019, ISBN 978-3-7371-0061-8.[14][15]
- ইৰান – ফ্ৰীডম ইজ ফিমেইল (In German: Iran – Die Freiheit ist weiblich. Rowohlt, Berlin 2021, ISBN 978-3-7371-0118-9 [16]
তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ https://corporate.dw.com Atai, Golineh
- ↑ Golineh Atai (2015-02-04). "Meine alte Schule, das Wilhelmi-Gymnasium Sinsheim, ist "Schule ohne Rassismus" geworden. Und ich Patin. Freue mich!". Twittertwitter.com. https://twitter.com/golinehatai/status/563012347284168704। আহৰণ কৰা হৈছে: 2023-01-27.
- ↑ "Atai, Golineh" https://corporate.dw.com/en/atai-golineh/a-15906745#:~:text=more%20DW%20sites-,Atai%2C%20Golineh,-April%2024%2C%202012
- ↑ "Golineh Atai ist seit 2013 Fernsehkorrespondentin im Studio Moskau". WDRwdr.de. https://www1.wdr.de/unternehmen/der-wdr/moskau_Atai100.html। আহৰণ কৰা হৈছে: 2023-01-27.
- ↑ "Medienkrieg". ARD Mediathekardmediathek.de. 2014-12-04. https://www.ardmediathek.de/video/weltspiegel/medienkrieg/das-erste/Y3JpZDovL2Rhc2Vyc3RlL1dlbHRzcGllZ2VsLzA3MTI0OTEzNDY। আহৰণ কৰা হৈছে: 2023-01-27.
- ↑ "Golineh Atai" (en-gb ভাষাত). www.globalfemaleleaders.com. Archived from the original on 2024-04-24. https://web.archive.org/web/20240424072047/https://www.globalfemaleleaders.com/speaker/golineh-atai.html। আহৰণ কৰা হৈছে: 2024-03-06.
- ↑ "Biografie" (de-DE ভাষাত). ZDF Presseportal. https://presseportal.zdf.de/biografien/uebersicht/atai-golineh। আহৰণ কৰা হৈছে: 2024-03-06.
- ↑ "kindernothilfe". Medienpreis 2010kindernothilfe.de. Archived from the original on 2015-03-25. https://web.archive.org/web/20150325000000/https://www.kindernothilfe.de/%C3%9Cber%2Buns/Presse/Medienpreis/Archiv.html। আহৰণ কৰা হৈছে: 2023-05-16.
- ↑ "Hanns-Joachim-Friedrichs-Preis: Ehrung für Atai und Lamby". http://www.tagesschau.de/kultur/hanns-joachim-friedrichs-preis-101.html.
- ↑ "Golineh Atai ist "Journalistin des Jahres" – Branchenzeitschrift "medium magazin" zeichnet ARD-Korrespondentin aus". WDRpresse.wdr.de. 2014-12-19. https://presse.wdr.de/plounge/wdr/unternehmen/2014/12/20141219_golineh_atai.html। আহৰণ কৰা হৈছে: 2023-01-27.
- ↑ "WDR-Journalistin Golineh Atai ausgezeichnet". WDRwdr.de. 2015-09-24. https://presse.wdr.de/plounge/wdr/unternehmen/2015/09/20150924_peter_scholl_latour_preis.html। আহৰণ কৰা হৈছে: 2023-01-27.
- ↑ "Frauenpreis für Journalistin Golineh Atai". DLF Kulturdeutschlandfunkkultur.de. 2023-01-27. https://www.deutschlandfunkkultur.de/frauenpreis-fuer-journalistin-golineh-atai-100.html। আহৰণ কৰা হৈছে: 2023-01-27.
- ↑ "Die Nominierungen des 59. Grimme-Preises 2023". Grimme-Institutgrimme-preis.de. 2023-01-19. https://www.grimme-preis.de/presse/pressemeldungen/d/die-nominierungen-des-59-grimme-preises-2023। আহৰণ কৰা হৈছে: 2023-01-27.
- ↑ ""Russland sucht die Konfrontation mit dem Westen"". Rowohlt Verlagrowohlt.de. https://www.rowohlt.de/magazin/im-gespraech/golineh-atai-ueber-die-neuformierung-einer-grossmacht। আহৰণ কৰা হৈছে: 2023-01-27.
- ↑ "Leseprobe – Die Wahrheit ist der Feind – Warum Russland so anders ist". book2look.com. https://www.book2look.com/book/9783737100618। আহৰণ কৰা হৈছে: 2023-01-27.
- ↑ ""Iran – die Freiheit ist weiblich"". rowohlt.de. https://www.rowohlt.de/buch/golineh-atai-iran-die-freiheit-ist-weiblich-9783737101189.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]গোলিনেহ আটাই সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Mitarbeiterin-Profil des ZDF
- Mitarbeiterin-Profil des WDR
- Golineh Atai im Munzinger-Archiv
- Mutig in Moskau: TV-Reporterin Golineh Atai. in Deutsche Welle, Anastassia Boutsko, 23 February 2015