গোল্ডা মেইৰ
গোল্ডা মেইৰ | |
---|---|
גולדה מאיר | |
![]() ১৯৬৪ চনত গোল্ডা মেইৰ | |
ইজৰাইলৰ চতুৰ্থগৰাকী প্ৰধান মন্ত্ৰী | |
কাৰ্যকাল ১৭ মাৰ্চ ১৯৬৯ – ৩ জুন ১৯৭৪ | |
ৰাষ্ট্ৰপতি | জালমান ছাজাৰ এফ্ৰাইম কাটজিৰ |
পূৰ্বসূৰী | য়াগাল এলন, অন্তৰ্ৱতীকালিন |
উত্তৰসূৰী | য়িটজিক ৰেবিন |
লেবাৰ পাৰ্টিৰ নেত্ৰী | |
কাৰ্যকাল ১৭ মাৰ্চ ১৯৬৯ – ৩ জুন ১৯৭৪ | |
পূৰ্বসূৰী | লেভি এশকল |
উত্তৰসূৰী | য়িটজিক ৰেবিন |
Minister of Interior | |
কাৰ্যকাল ১৬ জুলাই ১৯৭০ – ১ ছেপ্তেম্বৰ ১৯৭০ | |
প্ৰধানমন্ত্ৰী | তেখেত নিজেই |
পূৰ্বসূৰী | হেইম-মছে শাপিৰা |
উত্তৰসূৰী | য়োছেফ বাৰ্গ |
বৈদেশিক মন্ত্ৰী | |
কাৰ্যকাল ১৯ জুন ১৯৫৬ – ১২ জানুৱাৰী ১৯৬৬ | |
প্ৰধানমন্ত্ৰী | ডেভিদ বেন-গুৰিয়ন লেভি এশকল |
পূৰ্বসূৰী | মশ্বে ছাৰেট |
উত্তৰসূৰী | আব্বা এবন |
শ্ৰম মন্ত্ৰী | |
কাৰ্যকাল ১০ মাৰ্চ ১৯৪৯ – ১৯ জুন ১৯৫৬ | |
প্ৰধানমন্ত্ৰী | ডেভিদ বেন-গুৰিয়ন মছে শাৰেট |
পূৰ্বসূৰী | মৰদেচাই বেণ্টভ |
উত্তৰসূৰী | মৰদেছাই নামিৰ |
নেচেটৰ সদস্য | |
কাৰ্যকাল ১২ ফেব্ৰুৱাৰী ১৯৪৯ – ৩ জুন ১৯৭৪ | |
ৰাষ্ট্ৰদূত | |
কাৰ্যকাল ১০ ছেপ্তেম্বৰ ১৯৪৮ – ২৫ জানুৱাৰী ১৯৪৯ | |
পূৰ্বসূৰী | কাৰ্যালয় স্থাপিত |
উত্তৰসূৰী | মৰদেছাই নামিৰ |
ব্যক্তিগত তথ্য | |
জন্ম | গোল্ডা মাবোভিটছ ৩ মে', ১৮৯৮ কিয়েভ |
মৃত্যু | ৮ ডিচেম্বৰ, ১৯৭৮ (৮০ বছৰ) পশ্চিম জেৰুজালেম |
ৰাজনৈতিক দল | পোলে জিয়ন (১৯১৫–১৯১৯) আহদুত হাআভোদা (১৯১৯–১৯৩০) মাপাই (১৯৩০–১৯৬৮) লেবাৰ পাৰ্টি (১৯৬৮–১৯৭৮) |
আন ৰাজনৈতিক সম্পৰ্ক |
এলাইনমেণ্ট (ইজৰাইল)(১৯৬৯–১৯৭৮) |
দাম্পত্যসঙ্গী | মৰিছ মেয়েৰচেন (২৪ ডিচেম্বৰ, ১৯১৭-২৫ মে' ১৯৫১) |
সন্তান | ২ |
শিক্ষানুষ্ঠান | মিলৱাউকি ৰাজ্যিক নৰ্মাল বিদ্যালয় |
স্বাক্ষৰ | ![]() |
গোল্ডা মেইৰ (ইংৰাজী: Golda Meir; ৩ মে' ১৮৯৮ – ৮ ডিচেম্বৰ ১৯৭৮) এগৰাকী ইজৰাইলী ৰাজনীতিবিদ আছিল যি ১৯৬৯ চনৰ পৰা ১৯৭৪ চনলৈকে ইজৰাইলৰ চতুৰ্থ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[1]
তেতিয়াৰ ৰাছিয়ান সাম্ৰাজ্য (বৰ্তমান ইউক্ৰেইনৰ ৰাজধানী)ৰ কিয়েভৰ এটা ইহুদী পৰিয়ালত জন্মগ্ৰহণ কৰা [2]মেইৰে ১৯০৬ চনত পৰিয়ালৰ সৈতে আমেৰিকালৈ[3] প্ৰব্ৰজন কৰে। মিলৱাকি[4] ষ্টেট নৰ্মেল স্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি তেওঁ শিক্ষক হিচাপে কাম কৰে। মিলৱাকিত থকাৰ সময়ত তেওঁ লেবাৰ জায়নিষ্ট আন্দোলনক আকোৱালি লৈছিল। ১৯২১ চনত মেইৰ আৰু তেওঁৰ স্বামীয়ে মেণ্ডেৰী পেলেষ্টাইনলৈ প্ৰব্ৰজন কৰি মেৰহাভিয়াত বসতি স্থাপন কৰে আৰু পিছলৈ হিষ্টাড্ৰুটত কিবুটজৰ প্ৰতিনিধি হয়। ১৯৩৪ চনত ট্ৰেড ইউনিয়নৰ কাৰ্যবাহী সমিতিলৈ তেওঁ উন্নীত হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আৰু পৰৱৰ্তী সময়ত মেইৰে ইহুদী এজেন্সীত কেইবাটাও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৯৪৮ চনত ইজৰাইলৰ স্বাধীনতা ঘোষণাপত্ৰত স্বাক্ষৰ কৰা মেইৰে ১৯৪৯ চনত নেচেটলৈ নিৰ্বাচিত হয় আৰু ১৯৫৬ চনলৈকে শ্ৰম মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে৷ তাৰ পিছত প্ৰধানমন্ত্ৰী ডেভিদ বেন-গুৰিয়ানে তেওঁক বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। ১৯৬৬ চনত অসুস্থতাৰ বাবে মন্ত্ৰালয়ৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰে।
১৯৬৯ চনত লেভি এচকোলৰ মৃত্যুৰ পিছত মেইৰে প্ৰধানমন্ত্ৰীৰ ভূমিকা গ্ৰহণ কৰে। কাৰ্যকালৰ আৰম্ভণিতে তেওঁ অঞ্চলটোত শান্তিৰ দৃষ্টিভংগীক প্ৰচাৰৰ বাবে পশ্চিমীয়া নেতাসকলৰ ওচৰলৈ একাধিক কূটনৈতিক ভ্ৰমণ কৰিছিল। ১৯৭৩ চনত যোম কিপ্পুৰ যুদ্ধৰ আৰম্ভণিয়ে ইজৰাইলক অস্বস্তিকৰ কৰি তুলিছিল আৰু সেনাবাহিনীৰ আগতীয়াকৈ ভয়ংকৰ ক্ষতিসাধন কৰিছিল। ফলত জনসাধাৰণৰ ক্ষোভে মেইৰৰ সুনাম ক্ষতিগ্ৰস্ত কৰে আৰু ব্যৰ্থতাৰ সূচনা কৰে। পৰৱৰ্তী বিধানসভা নিৰ্বাচনত তেওঁৰ এলাইনমেণ্ট মিত্ৰজোঁটক সংখ্যাগৰিষ্ঠতাৰ পৰা বঞ্চিত কৰা হৈছিল৷ পিছৰ বছৰত তেওঁ পদত্যাগ কৰে আৰু তেওঁৰ পিছত প্ৰধানমন্ত্ৰী হিচাপে ইটজাক ৰবিনে শাসনত বহে। ১৯৭৮ চনত লিম্ফ'মাত আক্ৰান্ত হৈ মেইৰৰ মৃত্যু হয় আৰু তেওঁক মাউণ্ট হাৰ্জলত সমাধিস্থ কৰা হয়।
ইজৰাইলৰ বিতৰ্কিত ব্যক্তি মেইৰক ৰাষ্ট্ৰখনৰ প্ৰতিষ্ঠাপক হিচাপে 'সিংহ' নামেৰে অভিহিত কৰা হৈছে আৰু ইজৰাইলৰ ৰাজনীতিৰ "লৌহ নাৰী" বুলি অভিহিত কৰা হৈছে৷ অৱশ্যে ১৯৭৩ চনৰ যুদ্ধৰ সময়ত তেওঁৰ পদক্ষেপক বহুলভাৱে দোষাৰোপ কৰা হৈছে। ইয়াৰ উপৰিও পেলেষ্টাইনীসকলৰ প্ৰতি তেওঁৰ অৱজ্ঞামূলক বক্তব্যক বহুলভাৱে তুচ্ছজ্ঞান কৰা হৈছিল।[5] প্ৰায়বোৰ ইতিহাসবিদে বিশ্বাস কৰে যে মেইৰে প্ৰধানমন্ত্ৰীতকৈ শ্ৰম আৰু গৃহ নিৰ্মাণ মন্ত্ৰী হিচাপে অধিক সফল হৈছিল।[6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Kort, Michael (2002). The Handbook of the Middle East. Lerner Publishing Group. পৃষ্ঠা. 76. ISBN 9781315170688. https://books.google.com/books?id=TkQ68EbRP4wC&dq=Golda+Meir+first+female+head+of+state+in+the+Middle+East&pg=PA76। আহৰণ কৰা হৈছে: February 21, 2023.
- ↑ "Golda Meir becomes Israeli Prime Minister | History Today". www.historytoday.com. https://www.historytoday.com/archive/golda-meir-becomes-israeli-prime-minister। আহৰণ কৰা হৈছে: 2021-04-26.
- ↑ "Golda Meir's American Roots". American Jewish Historical Society. Archived from the original on April 26, 2011. https://web.archive.org/web/20110426080554/http://ajhs.org/scholarship/chapters/chapter.cfm?documentID=272। আহৰণ কৰা হৈছে: June 27, 2016.
- ↑ "Chronology of Golda Meir". Archived from the original on September 20, 2023. https://web.archive.org/web/20230920103931/https://www.msudenver.edu/golda-meir-center/golda-meir/chronology/। আহৰণ কৰা হৈছে: December 1, 2022.
- ↑ "'Golda' biopic aims to counter notion that PM was chiefly to blame for Yom Kippur War". The Times of Israel. 26 August 2023. https://www.timesofisrael.com/new-biopic-seeks-to-counter-notion-that-golda-chiefly-to-blame-for-yom-kippur-war/। আহৰণ কৰা হৈছে: 28 August 2023.
- ↑ Meron Medzini, "Golda Meir–A Forty Year Perspective." Israel Studies 23.1 (2018): 73-85. online Archived September 3, 2021, at the Wayback Machine