গোষ্ঠাষ্টমী
গোষ্ঠাষ্টমীৰ জৰিয়তে মানৱ জাতিৰ কল্যাণৰ বাবে বৃন্দাবনৰ মনোৰম পৰিবেশ সৃষ্টিৰে ভগৱানৰ উপাসনাৰ মন্দিৰত গো-মাতৃ আৰু গোপাল কৃষ্ণৰ পূজা-অৰ্চনা কৰা হয়। কৃষি আৰু মানুহৰ প্ৰাত্যহিক জীৱনৰ নানা কাৰ্যত বিভিন্ন ধৰণে সহায় কৰা গৰুক পূজা-অৰ্চনাৰ দ্বাৰা মানুহৰ প্ৰতি আগবঢ়োৱা অৱদানৰ গোষ্ঠাষ্টমীৰ দ্বাৰা শলাগ লোৱাৰ গভীৰ তাৎপৰ্য নিহিত হৈ আছে এই পৰ্বটি পালনৰ মাজত। গোষ্ঠাষ্টমীক গোপাষ্টমী বা গো-পূজাও বোলা হয়।
'শব্দকল্পদ্ৰুম' গ্ৰন্থত গোষ্ঠাষ্টমীৰ বিষয়ত উল্লেখ আছে-শুক্লাষ্টমী কাৰ্তিকে তুস্মৃতা গোপাষ্টমী বুধেঃ/তদ্দিনে বাসুদেৱোৎভূদ গোপঃপূৰ্বস্তু বৎসপঃ/তত্ৰ কুৰ্যাৎ গোপং পূজা/গো-প্ৰাসংগো প্ৰদক্ষিণম/অৰ্থাৎ কাতি মাহৰ শুক্লাষ্টমীৰ দিনা ভগৱান শ্ৰীকৃষ্ণই নিজ হাতেৰে গৰুক ঘাঁহ খুৱাই, গো-প্ৰদক্ষিণ কৰি, গো-মাতৃলৈ পূজা আগবঢ়াইছে।[1] গো-মাতৃ বা গৰুক ভগৱান শ্ৰীকৃষ্ণই জননীৰূপে শ্ৰদ্ধাভক্তি কৰাৰ কথা পুৰাণত উল্লিখিত হৈছে-ভগৱান শ্ৰীকৃষ্ণ মনুষায়াং বাসুদেৰ ঔৰষে দৈৱকী গৰ্ভে আবিৰ্ভূতো ভবেৎ/পৰন্তু মাতৃ দুগ্ধপানয় কৰ্তুম সমনাৰ্থং ভূত্তা বৃন্দাবনে বিভিন্ন বৰ্ণাঃ গাবঃ চৰন্তি//- অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণই বৃন্দাবনৰ যমুনাৰ তীৰত বিভিন্ন ৰঙৰ গৰু চৰাই ফুৰা কাৰ্যই গৰুক সম্মান কৰাকে সূচাইছে।
গো পূজা পালনৰ নিয়ম
[সম্পাদনা কৰক]পূজাৰ আগনিশাই বেদীৰ ওপৰত অংকিত মণ্ডলৰ ওপৰত সন্ধিয়াপৰত প্ৰতিমা স্থাপন কৰিব লাগে। এই পৰ্বৰ পাছতে অধিবাস কাৰ্য সম্পাদন কৰা হয়। গো-পূজাৰ ক্ৰম হ'ল এনেকুৱা-প্ৰথমতে গণেশাদি পঞ্চ দেৱতাৰ পূজা। তাৰ পাছত ক্ৰমান্বয়ে ঘট স্থাপন, সংকল্প, অৰ্ঘ্য, গণেশপূজা আৰু ধ্যান, শিৱাৰ্চন ন্যাস, প্ৰাণায়াম, ব্যাপক ন্যাস,সামান্যাৰ্ঘ্য, মূল দেৱতা গোপালৰ ধ্যান, ষোড়শোপচাৰে পূজা, পুনঃধ্যান, প্ৰাণ প্ৰতিষ্ঠা, চক্ষুদান, আৱাহন মূল পূজা, বিশেষাৰ্ঘ স্থাপন, পীঠ ন্যাস, ষডাংগ পূজা, হোম,গো পূজা, শান্তি পুষ্পাঞ্জলি, দক্ষিণায়ন আৰু সূৰ্যাৰ্ঘ্য।[1] এই পূজাৰ সৈতে গোপালৰ সহস্ৰ নাম পাঠ কৰিব লাগে।[1]