সমললৈ যাওক

গোৰা (উপন্যাস)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গোৰা  
লেখক ৰবীন্দ্ৰনাথ ঠাকুৰ
শিৰোনাম গোৰা (White or Fair)
দেশ ব্ৰিটিছ ভাৰত
ভাষা বাংলা
প্ৰকাৰ উপন্যাস
প্ৰকাশ ১৯১০
পৃষ্ঠা সংখ্যা ৬২৪
আই.এচ.বি.এন. 978-8-171-67755-9
পূৰ্বৱৰ্তী নৌকাডুবি
পৰৱৰ্তী চতুৰংগ

গোৰা (ইংৰাজী: Gora) ৰবীন্দ্ৰনাথ ঠাকুৰৰ এখন উপন্যাস। এইখন ১৮৮০ দশকত ব্ৰিটিছ ৰাজত্বকালৰ সময়ত কলকাতাৰ পটভূমিত ৰচনা কৰা উপন্যাস। লিখাৰ ক্ৰম অনুযায়ী এইখন পঞ্চম আৰু তেৰখন উপন্যাসৰ ভিতৰত ই দীঘলীয়া উপন্যাস।[1] এইখন ৰাজনীতি আৰু ধৰ্ম বিষয়ক দাৰ্শনিক বিতৰ্কৰে সমৃদ্ধ উপন্যাস। উপন্যাসখনত মুক্তি, সৰ্বজনীনতাবাদ, ভ্ৰাতৃত্ববোধ, লিংগ, নাৰীবাদ, বৰ্ণ, শ্ৰেণী, পৰম্পৰা বনাম আধুনিকতা, নগৰীয়া অভিজাত শ্ৰেণী বনাম গ্ৰাম্য কৃষক, ঔপনিৱেশিক শাসন, জাতীয়তাবাদ আৰু ব্ৰাহ্ম সমাজৰ বিষয়ে আলোচনা কৰা হৈছে। উপন্যাসখনৰ মূল চৰিত্ৰ হিচাপে চকুত পৰে‍ গোৰা

গোৰা উপন্যাসখন গোৰা আৰু সুচৰিতা, বিনয় আৰু ললিতা নামৰ দুহাল প্ৰেমিকৰ দুটা সমান্তৰাল প্ৰেম কাহিনীৰে গঠিত। ইয়াত ১৯ শতিকাৰ শেষৰ ফালে ভাৰতত প্ৰচলিত সামাজিক আৰু ৰাজনৈতিক সমস্যাৰ পটভূমিত তেওঁলোকৰ আৱেগিক বিৱৰ্তন দেখুওৱা হৈছে।

অন্যান্য বিনোদনত গ্ৰহণ

[সম্পাদনা কৰক]

উপন্যাসখনৰ আধাৰত পৰিচালক নৰেশ মিত্ৰই ১৯৩৮ চনত একে নামৰ এখন বাংলা বোলছবি নিৰ্মাণ কৰে।[2] পৰিচালক শুক্ল মিত্ৰই ২০১৫ চনত একে নামৰ আন এখন ছবি নিৰ্মাণ কৰিছিল। ২০১২ চনত হিন্দী চেনেল দূৰদৰ্শনে গাৰ্গী সেনৰ প্ৰযোজনা আৰু সোমনাথ সেনৰ পৰিচালনাৰে ২৬ খণ্ডৰ টেলিভিছন ধাৰাবাহিক প্ৰচাৰ কৰে।[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]