সমললৈ যাওক

গোৰ্খা ৰাজ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গোৰ্খা ৰাজ্য
गोरखा राज्य
Gōrakhā Rājya

১৫৫৯–১৭৬৮

গোৰ্খা সাম্ৰাজ্যৰ ভূ-খণ্ড, সম্প্ৰসাৰণ আৰু অধীনস্থ ৰাজ্য।
গোৰ্খা সাম্ৰাজ্যৰ ভূ-খণ্ড, সম্প্ৰসাৰণ আৰু অধীনস্থ ৰাজ্য।

Status কনফেডাৰেচন[1] পিছলৈ ৰাজ্য
ৰাজধানী গোৰ্খা
সাধাৰণ ভাষা খাছ (পিছলৈ নেপালী)
নেৱাৰ[2][3][4][টোকা 1]
ধৰ্ম
হিন্দু
Government ৰাজতন্ত্ৰ

Māhārājādhirāj  
• ১৫৫৯–১৫৭০
দ্ৰাব্য শ্বাহ (প্ৰথম)
• ১৭৪৩–১৭৬৮
পৃথ্বী নাৰায়ণ শ্বাহ (শেষ)

চৰদাৰ  
• ১৭৬৭–১৭৭১
ৰাম কৃষ্ণ কুঁৱৰ (প্ৰথম আৰু শেষ)

ইতিহাস  
• Established
১৫৫৯
• Disestablished
১৭৬৮


গোৰ্খা ৰাজ্য, যাক গোৰ্খা কনফেডাৰেচন বা গোৰ্খা সাম্ৰাজ্য বুলিও কোৱা হয়, হিমালয় আৰু ভাৰত উপমহাদেশৰ সংযোগস্থলত অৱস্থিত চৌবিচি ৰাজ্যসমূহৰ ভিতৰত অন্যতম আছিল। ১৭৪৩ চনত ৰাজ্যখনে সামৰিক সম্প্ৰসাৰণৰ অভিযান আৰম্ভ কৰে, কেইবাখনো চুবুৰীয়া দেশক সংলগ্ন কৰি বৰ্তমানৰ নেপালৰ ভেটি স্থাপন কৰে।

মগৰাট কনফেডাৰেচনৰ বিভাজনৰ পিছত—পূৰ্বতে মগৰে শাসিত—এই অঞ্চলটো সুদূৰ পশ্চিমে থকা বাইছে ৰাজ্য (২২খন ৰাজ্য) আৰু মধ্য নেপালৰ চৌবিচি ৰাজ্য (২৪খন ৰাজ্য)ত বিভক্ত হৈ পৰে।[6]

গোৰ্খা ৰাজ্য পশ্চিমে মাৰ্শ্বিয়াংদী নদীলৈকে বিস্তৃত হৈ লামজুং ৰাজ্যৰ সৈতে সীমা গঠন কৰিছিল। পূবে এই ৰাজ্য ত্ৰিছুলি নদীলৈকে বিস্তৃত হৈ নেপাল মণ্ডলৰ সৈতে ইয়াৰ সীমা গঠন কৰিছিল।[6] লামজুঙৰ ৰজা যশো ব্ৰহ্ম শ্বাহৰ দ্বিতীয় পুত্ৰ ৰাজকুমাৰ দ্ৰাব্য শ্বাহে ১৫৫৯ খ্ৰীষ্টাব্দত গোৰ্খা ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। পূৰ্বতে এই অঞ্চলত শাসন কৰা মগৰ ৰজা মানসিং খদকা মগৰৰ ঠাইত দ্ৰাব্য শ্বাহে আহে।[7]

উৎপত্তি আৰু ইতিহাস

[সম্পাদনা কৰক]

বৰ্তমানৰ পশ্চিম নেপালৰ পাহাৰীয়া ৰাজ্য লামজুঙৰ ৰজা যশো ব্ৰহ্ম শ্বাহৰ কনিষ্ঠ পুত্ৰ দ্ৰাব্য শ্বাহে ১৫৫৯ খ্ৰীষ্টাব্দত গোৰ্খা ৰাজ্য প্ৰতিষ্ঠা কৰিছিল।

সেই সময়ত লিগলীগ আৰু গোৰ্খাৰ আশে-পাশে থকা অঞ্চলত স্থানীয় মগৰ ৰজাসকলে শাসন কৰিছিল, বিশেষকৈ লিগলিগকোটৰ ৰজা দলশুৰ ঘলে মগৰ[8] আৰু গোৰ্খাৰ ৰজা মানসিং খডকা মগৰ। এই অঞ্চলসমূহ আছিল ঐতিহাসিক মগৰাট কনফেডাৰেচনৰ অংশ, যিটো আছিল মগৰ ৰাজ্যসমূহৰ এটা শিথিল মিত্ৰতা।

পৰম্পৰাগত লিগলিগকোট দৌৰৰ সময়ত গংগাৰাম ৰাণা মগৰকে ধৰি প্ৰভাৱশালী স্থানীয় মগৰসকলৰ সহায়ত দ্ৰাব্য শ্বাহে ক্ষমতালৈ আহে য’ত বিজয়ীয়ে ৰজাৰ পদ গ্ৰহণ কৰিব। লিগলিগকোট দখল কৰাৰ পাছত তেওঁ ৰজা মানসিং খডকা মগৰৰপৰা গোৰ্খাকোট জয় কৰে আৰু তাৰ ফলত ১৫৫৯ খ্ৰীষ্টাব্দত গোৰ্খা ৰাজ্য প্ৰতিষ্ঠা কৰে।

গোৰ্খা নামটো যোগী সাধু গোৰখনাথৰপৰাই উদ্ভৱ হোৱা বুলি বিশ্বাস কৰা হয়, যিজনে দ্ৰাব্য শ্বাহৰ ক্ষমতালৈ আশীৰ্বাদ দিছিল বুলি কোৱা হয়। গোৰ্খাৰ গোৰখনাথ মন্দিৰকে ধৰি অঞ্চলটোত তেওঁৰ প্ৰভাৱ অব্যাহত আছে।

দ্ৰাব্য শ্বাহৰ বংশধৰসকলে অৱশেষত পৃথ্বী নাৰায়ণ শ্বাহৰ নেতৃত্বত বৰ্তমানৰ নেপালৰ বহু অংশ একত্ৰিত কৰি ১৮ শতিকাত নেপালৰ একত্ৰীকৰণৰ সূচনা কৰে।

গোৰ্খাৰ ৰজাৰ তালিকা

[সম্পাদনা কৰক]
খাছ বা কুছ গোট, গোৰ্খা, প্ৰধান জনজাতি, নেপাল

গোৰ্খা ৰাজ্যৰ দহজন ৰজাৰ তালিকা তলত দিয়া হ’ল।[উদ্ধৃতিৰ প্ৰয়োজন] সাঁচ:Succession table monarch

সম্প্ৰসাৰণ অভিযান

[সম্পাদনা কৰক]

১৭৩০ চনৰপৰা ৰজা নৰ ভূপাল শ্বাহৰ অধীনত গোৰ্খা ৰাজ্যৰ সম্প্ৰসাৰণ আৰম্ভ হয় যদিও অধিকাংশ উল্লেখযোগ্য বিজয় তেওঁৰ পুত্ৰ পৃথ্বী নাৰায়ণ শ্বাহৰ ৰাজত্বকালত ১৭৪৩ চনৰপৰা আৰম্ভ হৈছিল। পিছলৈ তেওঁৰ কনিষ্ঠ পুত্ৰ বাহাদূৰ শ্বাহে তেওঁৰ অভিযান অব্যাহত ৰাখিছিল। সময়ৰ লগে লগে তেওঁলোকে গোৰ্খাৰ পূব আৰু পশ্চিম দিশৰ বৃহৎ অঞ্চলত নিজৰ নিয়ন্ত্ৰণ বৃদ্ধি কৰিলে।

তেওঁলোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অধিগ্ৰহণৰ ভিতৰত আছিল কাঠমাণ্ডু উপত্যকাক কেন্দ্ৰ কৰি নেপাল মণ্ডলৰ ধনী নেৱাৰ কনফেডাৰেচন। ১৭৬০ চনৰপৰা আৰম্ভ কৰি গোৰ্খালীসকলে উপত্যকাৰ ৰাজ্যসমূহ দুৰ্বল কৰাৰ বাবে অৱৰোধ আৰোপ কৰে। ইয়াৰ উত্তৰত মল্ল ৰজাসকলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক সহায়ৰ বাবে আবেদন জনায়। ১৭৬৭ চনত কোম্পানীয়ে কেপ্তেইন জৰ্জ কিনলোচৰ নেতৃত্বত অভিযান পঠিয়াইছিল আৰু কাঠমাণ্ডু পোৱাৰ আগতেই বিফল হৈছিল।

১৭৬৮ চনৰপৰা ১৭৬৯ চনৰ ভিতৰত নেৱাৰৰ তিনিখন ৰাজধানী—কাঠমাণ্ডু, ললিতপুৰ আৰু ভক্তপুৰ গোৰ্খালীৰ হাতত পৰে। তাৰ পিছত পৃথ্বী নাৰায়ণ শ্বাহে কাঠমাণ্ডুক নিজৰ একত্ৰিত ৰাজ্যৰ নতুন ৰাজধানী হিচাপে ঘোষণা কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]

১৭৮৮ চনত গোৰ্খালিসকলে উত্তৰ দিশলৈ মনোযোগ দি তিব্বত আক্ৰমণ কৰি কিয়ৰং আৰু কুটি চহৰ দখল কৰি তিব্বত চৰকাৰক কৰ দিবলৈ বাধ্য কৰে। যেতিয়া তিব্বতে ধন পৰিশোধ বন্ধ কৰি দিয়ে, তেতিয়া ১৭৯১ চনত গোৰ্খাসকলে দ্বিতীয়বাৰৰ বাবে আক্ৰমণ আৰম্ভ কৰে, য’ত তেওঁলোকে শ্বিগাট্চেৰ তাছিলহুনপো মঠ লুট-পাত কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে চীনৰ কিং বংশই নেপাললৈ সেনাবাহিনী প্ৰেৰণ কৰে। চীনা বাহিনীয়ে নুৱাকোটলৈ আগবাঢ়িছিল যদিও কঠোৰ প্ৰতিৰোধ আৰু লজিষ্টিক প্ৰত্যাহ্বানৰ বাবে বন্ধ হৈ পৰিছিল।

গোৰ্খাৰ ৰিজেণ্ট বাহাদূৰ শ্বাহে ১০খন হাউইটজাৰকে ধৰি ব্ৰিটিছৰপৰা সামৰিক সহায় বিচাৰিছিল যদিও অস্ত্ৰৰ চুক্তিখন ক্ষতিগ্ৰস্ত হৈছিল। অৱশেষত শান্তিৰ আলোচনা হয় আৰু ১৭৯২ চনত বেতৰাৱতী সন্ধি স্বাক্ষৰিত হোৱাৰ লগে লগে চীন-নেপাল যুদ্ধৰ অন্ত পৰে।

পিছৰ সংঘাত নেপাল–তিব্বত যুদ্ধ (১৮৫৫–১৮৫৬)ৰ ফলত নেপালৰ জয় আৰু থাপাথালি সন্ধি স্বাক্ষৰিত হয়, য’ত নেপালক আৰ্থিক ক্ষতিপূৰণ আৰু বাণিজ্যিক বিশেষাধিকাৰ প্ৰদান কৰা হয়।

১৯ শতিকাৰ আৰম্ভণিতে পশ্চিমে কুমাওন আৰু গড়ৱালৰপৰা পূবে ছিকিমলৈকে গোৰ্খাৰ আধিপত্য বিস্তৃত হৈ পৰিছিল। কিন্তু এংলো-নেপালী যুদ্ধত (১৮১৪–১৮১৬) পৰাজয়ৰ পিছত গোৰ্খালীসকলে চুগাউলী সন্ধি স্বাক্ষৰ কৰিবলৈ বাধ্য হয়, বৃহৎ ভূ-খণ্ড ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক অৰ্পণ কৰি ৰাজ্যখন বৰ্তমানৰ সীমালৈ হ্ৰাস কৰে।

গোৰ্খাৰপৰা নেপাললৈ

[সম্পাদনা কৰক]
ডাক টিকট ১৯০৭ চনত গোৰ্খা চৰকাৰে জাৰি কৰা
গোৰ্খাপত্ৰ তাৰিখ ৯ জানুৱাৰী, ১৯৩৩

২০ শতিকাৰ আৰম্ভণিলৈকে "গোৰ্খা ৰাজ্য" (শব্দ অৰ্থ 'গোৰ্খা ৰাজ্য') লগতে আছাল হিন্দুস্তান নামেৰে জনাজাত হৈ আছিল। ঐতিহাসিকভাৱে ‘নেপাল’ নামটোৱে মূলতঃ নেৱাৰসকলৰ গৃহভূমি কাঠমাণ্ডু উপত্যকাক বুজাইছিল। ১৯৩০ চনৰপৰাই ৰাজ্যখনে ইয়াক সমগ্ৰ দেশক বুজাবলৈ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে আৰু ‘নেপাল খালদো’ (নেপাল উপত্যকা) ‘কাঠমাণ্ডু উপত্যকা’ত পৰিণত হয়।[9][10] গোৰ্খা সৰকাৰ (অৰ্থাৎ গোৰ্খা চৰকাৰ) নামটোও সলনি কৰি নেপাল চৰকাৰ কৰা হয়।

একেদৰে ১৯৩৩ চনত গোৰ্খালী ভাষাৰ নাম সলনি কৰি নেপালী কৰা হয়।[11] পূৰ্বৰ "শ্ৰীমান গম্ভীৰ" শীৰ্ষক জাতীয় সংগীতত গোৰ্খালী শব্দটো ১৯৫১ চনত নেপালীলৈ সলনি কৰা হয়।[12] ১৯০১ চনত আৰম্ভ হোৱা চৰকাৰী কাকতখনক আজিও গোৰ্খাপত্ৰ (অৰ্থাৎ গোৰ্খা গেজেট) নামেৰে জনা যায়।

২০০৮ চনলৈকে শ্বাহ বংশই নেপাল শাসন কৰিছিল আৰু তাৰ পিছত ই জন আন্দোলনৰ পিছত গণৰাজ্যত পৰিণত হৈছিল।[13] আজি মোটামুটিভাৱে পুৰণি ৰাজ্যৰ সৈতে মিল থকা গোৰ্খা জিলা নেপালৰ ৭৭খন প্ৰশাসনিক জিলাৰ ভিতৰত অন্যতম।

গোৰ্খাসকল

[সম্পাদনা কৰক]
মিত্ৰশক্তিৰ দখলদাৰী বাহিনীৰ অংশ হিচাপে ১৯৪৬ চনত জাপানত উপস্থিত হয় গোৰ্খা সৈন্য

গোৰ্খাসকল মূলতঃ নেপাল আৰু ভাৰতৰ কিছু অংশৰপৰা নিযুক্তি পোৱা বিখ্যাত সৈনিক, ব্ৰিটিছ আৰু ভাৰতীয় সেনাবাহিনীত সেৱা আগবঢ়োৱা। তেওঁলোকৰ সামৰিক পৰম্পৰা আৰম্ভ হৈছিল এংলো-নেপালী যুদ্ধ আৰু চুগাউলী সন্ধি (১৮১৬)ৰ পিছত, য’ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে পূৰ্বৰ গোৰ্খা ৰাজ্যৰ পাহাৰৰপৰা পুৰুষক তালিকাভুক্ত কৰিবলৈ অনুমতি দিছিল।

প্ৰথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ গোৰ্খা ৰাইফলছত নিয়োজিত হোৱা সৰ্ববৃহৎ গোট আছিল মগৰ আৰু গুৰুং, তাৰ পিছতে ৰায় আৰু লিম্বুয়েও যুদ্ধৰ প্ৰচেষ্টাত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল।

ব্যতিক্ৰমী বীৰত্বৰ বাবে কেইবাজনো গোৰ্খাক ভিক্টোৰিয়া ক্ৰছ প্ৰদান কৰা হৈছে, য'ত কুলবীৰ থাপা মগৰ, তুল বাহাদূৰ পুন মগৰ, কৰণবাহাদূৰ ৰানা মগৰ, লালবাহাদূৰ থাপা মগৰ, নেত্ৰবাহাদূৰ থাপা মগৰ, ৰামবাহাদূৰ লিম্বু, গঞ্জু লামা, গজে ঘালে, আৰু ডিপ্ৰসাদ পুন আছিল প্ৰথম আৰু একমাত্ৰ গোৰ্খা যিয়ে একবিংশ শতিকাৰ ২০১৯ চনত কনস্পিকুয়াছ গেলেণ্ট্ৰি ক্ৰছ লাভ কৰিছিল।

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত (১৯৩৯–১৯৪৫) ২,৫০,০০০ৰো অধিক গোৰ্খাই বিভিন্ন বেটেলিয়ন আৰু বিশেষ ইউনিটত সেৱা আগবঢ়াইছিল, ২,৭৩৪টা সাহসৰ বঁটা লাভ কৰিছিল আৰু যুদ্ধৰ একাধিক থিয়েটাৰত প্ৰায় ৩২,০০০ লোকৰ মৃত্যু হৈছিল।[14]

লগতে চাওক

[সম্পাদনা কৰক]
  1. Newari continued to remain in official use in Shah dynasty as shown by the 1775 treaty with Tibet, which was written in Newari. Newari remained as the administration and official language of Nepal till the early 19th centuries. Later since 1906, official documents written in Newari were declared illegal. Since then the use of the language for administration and literary purposes was forbidden.[5]

তথ্যসমূহ

[সম্পাদনা কৰক]
  1. Hamilton, Francis Buchanan (1819). An Account of the Kingdom Of Nepal and of the Territories Annexed to This Dominion by the House of Gorkha. Edinburgh: Longman. http://www.gutenberg.org/files/30364/30364-h/30364-h.htm#page7। আহৰণ কৰা হৈছে: 12 January 2013.  Page 237.
  2. Nepal Bhasa Sahityaya Itihas: History of Nepalbhasa Literature.Tuladhar, Prem Shanti (2000). Kathmandu: Nepal Bhasa Academy. আই.এচ.বি.এন. 99933-56-00-X. Page 37: "The early new rulers cultivated Newari language. Kings Prithvi Narayan Shah, Rana Bahadur and Rajendra Bikram Shah composed poetry and wrote many plays in Newari".
  3. Levy, Robert I. (1990) Mesocosm: Hinduism and the Organization of a Traditional Newar City in Nepal. Delhi: Motilal Banarsidass Publishers. আই.এচ.বি.এন. 81-208-1038-4. Page 15:"Following the advent of the Shahs, the Gorkhali language became the court language, and Newari was replaced as the language of administration".
  4. Malla, kamal. History of the Nepal. Kathmandu, Nepal: Rolwaling press. p. 155
  5. Lienhard 1992, পৃষ্ঠা. 3.
  6. 6.0 6.1 Kirkpatrick, Colonel (1811). An Account of the Kingdom of Nepaul. London: William Miller. https://archive.org/details/bub_gb_ijxAAAAAYAAJ। আহৰণ কৰা হৈছে: 12 January 2013.  Page 123.
  7. Marie Lecomte-Tilouine (Senior Researcher, Anthropology) CNRS, Paris, France. "The Enigmatic Pig: On Magar Participation in the State Rituals of Nepal, pp. 81-120 in M. Lecomte-Tilouine: Hindu Kingship, Ethnic Revival and Maoist Rebellion in Nepal. Delhi: Oxford University Press, "Collected Essays", 2009, 294 p". Oxford University Press. https://www.academia.edu/12163822.  - Page 85, p.95
  8. "King Dalsur Ghale Magar of LigligKot - The tradition of selecting the King by Magar people". Organising committee convenor, Purna Bahadur Rana. Thehimalayantimes.com. 8 October 2016. https://thehimalayantimes.com/sports/anish-thapa-magar-wins-crown-liglige-race-gorkha#:~:text=It%20is%20believed%20that%20Dalsur%20Ghale%20Magar%20became%20the%20first%20king%20of%20Liglig%20Kot। আহৰণ কৰা হৈছে: 2025-10-17. 
  9. Planet, Lonely. "History of Nepal - Lonely Planet Travel Information". www.lonelyplanet.com. http://www.lonelyplanet.com/nepal/history। আহৰণ কৰা হৈছে: 2016-05-08. 
  10. Bindloss, Joseph (2010-09-15) (en ভাষাত). Nepal 8. Lonely Planet. ISBN 9781742203614. https://books.google.com/books?id=wiIw2_WFwC4C. 
  11. Lienhard, Siegfried (1992). Songs of Nepal: An Anthology of Nevar Folksongs and Hymns. প্ৰকাশক New Delhi: Motilal Banarsidas. পৃষ্ঠা. 3. ISBN 81-208-0963-7. 
  12. "The kings song". Himal Southasian. June 2003. Archived from the original on 25 October 2012. https://web.archive.org/web/20121025182216/http://www.himalmag.com/component/content/article/4214-.html. 
  13. "Nepal's Gorkha kingdom falls". The Times of India. 2 June 2008. Archived from the original on 11 April 2013. https://archive.today/20130411033226/http://articles.timesofindia.indiatimes.com/2008-06-02/rest-of-world/27770497_1_narayanhity-dipendra-prithvi-narayan-shah. 
  14. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; wwii_gurkhas নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই