সমললৈ যাওক

প্ৰাচীন গোৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(গোৱাৰ গীৰ্জা আৰু কনভেন্টসমূহৰ পৰা পুনঃনিৰ্দেশিত)

স্থানাংক: 15°30′09″N 73°54′42″E / 15.50238°N 73.911746°E / 15.50238; 73.911746

ইউনেস্ক' বিশ্ব ঐতিহ্য ক্ষেত্ৰ
গোৱাৰ গীৰ্জা আৰু কনভেন্টসমূহ
বিশ্ব ঐতিহ্য ক্ষেত্ৰত তালিকাভুক্ত হিচাপে নাম

বোম যীশুৰ গীৰ্জা (Basilica of Bom Jesus)

দেশ  ভাৰত
ধৰণ সাংস্কৃতিক
মাপকাঠি ii, iv, vi
উদ্ধৃতি ২৩৪
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল এছিয়া-পেছিফিক
অভিলিখনৰ ইতিহাস
অভিলিখন ১৯৮৬ (১০ম অধিবেশন)

গোৱাৰ গীৰ্জা আৰু কনভেন্টসমূহ বিশ্ব ঐতিহ্য তালিকাৰ (ii), (iv) আৰু (vi) বিভাগৰ অন্তৰ্গত ১৯৮৬ চনত ইউনেস্কোৰ স্বীকৃতি লাভ কৰে। ষোড়শ-অষ্টাদশ শতাব্দীৰ মধ্যবৰ্তী সময়ত গোৱাৰ পৰ্তুগীজ ঔপনিবেশিক শাসকসকলে এই গীৰ্জাসমূহ নিৰ্মাণ কৰে। সকলোবোৰৰ ভিতৰত গুৰুত্বপূৰ্ণ গীৰ্জাটি হল বোম যীশুৰ গীৰ্জা (Basilica of Bom Jesus)। চেন্ট ফ্ৰান্সিস-জেভিয়াৰ (St. Francis Xavier) সমাধি এই গীৰ্জাতেই অৱস্থিত। গোৱাৰ এই স্মাৰকসমূহ "প্ৰাচ্যৰ ৰোম" নামে পৰিচিত। কেথলিক মিশ্যনেৰীসকলৰ দ্বাৰা প্ৰতিষ্ঠিত এই স্মাৰকসমূহ এছিয়াখ্ৰীষ্টধৰ্ম প্ৰচাৰৰ এক নিদৰ্শন। প্ৰায় ৬০টা গীৰ্জা ইয়াত প্ৰতিষ্ঠিত হয়। ইয়াৰ মাজত 'গোৱা ভেলহা' চহৰত বিদ্যমান সাতটি স্মাৰক হ'ল- চেন্ট কেথেৰিনৰ চাপেল, য়্যাচিচিৰ চেন্ট ফ্ৰান্সিসৰ গীৰ্জা আৰু কনভেন্ট, দ্য কেথেড্ৰেল, বোম যীশুৰ গীৰ্জা, চেন্ট গেগ্টান আৰু ইয়াৰ চেমিনাৰী, আওয়াৰ লেডি অফ্ দা ৰোজাৰি আৰু চেন্ট অগাস্টাইন কনভেন্ট। এই সকলোবোৰ ১৫৭২ চনত নিৰ্মিত হয়। এই স্মাৰকসমূহ এছিয়াৰ ম্যানুলিন (Manueline), ম্যানাৰিস্ট (Mannerist) আৰু ব্যাৰোক (Baroque) স্থাপত্যশৈলীৰ অনুৰূপ। স্মাৰকসমূহ স্থানীয় চূণশিল আৰু বেচাল্টৰ এক সংমিশ্ৰণত প্লাষ্টাৰ কৰা। সেয়ে ইয়াৰ বগা ৰঙটোৱে এক অনন্য শোভা প্ৰদৰ্শন কৰে৷[1][2]


আলোকচিত্ৰ

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Churches and Convents of Goa". UNESCO. http://whc.unesco.org/en/list/234 আহৰণ কৰা হৈছে: 2010-10-07.
  2. "Churches and Convents at Goa: World Heritage List N0. 232" (pdf). UNESCO. http://whc.unesco.org/archive/advisory_body_evaluation/234.pdf আহৰণ কৰা হৈছে: 2010-10-07.


বাহ্যিক সংযোগ

[সম্পাদনা কৰক]