গো-কালিকা পূজা
গো-কালিকা পূজা হ'ল সোণোৱাল কছাৰী সকলৰ ধৰ্মীয় লোকবিশ্বাসৰ লগত জড়িত এক পূজা। গো-পূজাৰ আন এটা নাম হৈছে গো-কালিকা পূজা। গৰু বিহুৰ দিনা অসমৰ কৃষিজীৱী সকলোৱে ঘৰৰ গৰু কেইটাক মাহ-হালধিৰে গা-পা ধুওৱাৰ উপৰিও সন্ধিয়া পিঠা-পনা খুৱাই ন-পঘাৰে আদৰি আনি জাগ দি গো-পূজা কৰাৰ পৰম্পৰা অতীত কালৰ পৰা প্ৰচলিত লোকাচাৰ।[1] অসমৰ অন্যান্য সমাজেও গৰুৰ বেমাৰ-আজাৰ হ'লে শিৱৰ বাহন বৃষভ আৰু শিৱৰ প্ৰসাদৰূপে প্ৰধানকৈ ভাং এচিলিম খুৱাই নামান্তৰত গো-কালিকা পূজা আয়োজন কৰে। ইয়াতকৈ সোণোৱাল কছাৰীসকলৰ এই পূজাৰ পৰম্পৰা ভালেখিনি পৃথক। তেওঁলোকে অঞ্চলভেদে কুকুৰা বলি দি গো-কালিকা পূজা আয়োজন কৰা দৃষ্টিগোচৰ হয়। এই পূজাৰ দিনা ঘৰৰ সকলো উপবাসে থাকে আৰু গধূলি সময়ত গৰুক পিঠা-পনা খুওৱাৰ পাছত গোহালিত নগছি চাকি-শলিতা জ্বলাই, ন-ভাগ নৈবেদ্যৰ পাতত খাদ্যৰ উপকৰণসমূহ দি তৰোৱালখন লৈ "খ্ৰীং খ্ৰীং খ্ৰীং তাও "বুলি সাতবাৰ তৰোৱালখন শূন্যতে ঘূৰায়। ইয়াৰ পাছত গোহালিৰ বাহিৰত কুকুৰা বলি দি কুকুৰাৰ মাংসৰে তৰকাৰী ৰান্ধি গৰখীয়াৰ সৈতে ভোজ-ভাত খায়। অন্য সময়ত কৰিলে গোহালিৰ কাষতে মাহ-প্ৰসাদ, কল, পিঠা আদিৰে এই গো-কালিকা পূজা আয়োজন কৰা হয়, বলি দিয়া নহয়।[2][1]
পূজাৰ উপকৰণ
[সম্পাদনা কৰক]গো-কালিকা পূজাৰ উপকৰণ বোৰ হ'ল- ন-ভাগ নৈবেদ্যৰ পাত, নগছি চাকি-শলিতা, বিচনি এখন, কাঠৰ তৰোৱাল, গদা এডাল, বাঁহৰ হিলৈ, নটা গুলি (কেঁচা হালধিৰ পৰা বনোৱা), তিনিটা কুকুৰা (এটা ৰঙা কুকুৰা বসুমতীৰ বাবে, এজনী ৰঙা মাইকী কুকুৰা লক্ষ্মীৰ বাবে আৰু আনটো বছৰটো সুকলমে পাৰ কৰাৰ বাবে), এটা কুকুৰা কণী, তামোল-পাণ আদি।[2][3]