গৌড়ীয় নৃত্য
| গৌড়ীয় | |
|---|---|
| বাদ্যযন্ত্ৰ | আনন্ধ, ঘন, সুষিৰ আৰু তত |
| উৎপত্তিমূল | পশ্চিমবংগ, ভাৰত |

গৌড়ীয় নৃত্য (ইংৰাজী: Gaudiya Nritya) হʼল এবিধ ভাৰতীয় বঙালী পৰম্পৰাগত শাস্ত্ৰীয় নৃত্যকলা।[1][2][3] প্ৰাচীনকালতেই ভাৰতীয় উপমহাদেশত বঙ্গীয় অঞ্চলৰ মন্দিৰসমূহত এই নৃত্যবিধৰ উৎপত্তি হৈছিল।[4] বংগৰ প্ৰাচীন কাব্যগ্ৰন্থসমূহত গৌড়ীয় নৃত্যৰ উল্লেখ পোৱা যায়। প্ৰাচীন কবিসকলৰদ্বাৰা, বিশেষকৈ বৈষ্ণৱ ধৰ্মৰ, গৌড়ীয় সংগীতৰ ৰাগ আৰু তাল অনুসৰি ৰচিত আৰু সুৰাৰোপিত গীতৰ মাধ্যমেৰে এই নৃত্যই ধৰ্মীয় গল্প প্ৰকাশ কৰিছিল। গৌড়ীয় নৃত্য প্ৰদৰ্শনসমূহত হিন্দু দেৱতা শিৱ আৰু গণেশ সম্পৰ্কিত অন্যান্য পৰম্পৰাৰ লগতে শাক্ত ধাৰণাসমূহো প্ৰকাশ পাইছে।
গৌড়ীয় নৃত্যৰ তাত্ত্বিক ভিত্তিৰ ভেটি প্ৰাচীন সংস্কৃত গ্ৰন্থ নাট্যশাস্ত্ৰত পোৱা যায়; গৌড়ীয় ৰীতিৰ মন্দিৰ ভাস্কৰ্যত আৰু হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ লগত জড়িত প্ৰত্নতাত্ত্বিক স্থানসমূহত নৃত্যৰ ভঙ্গিমাৰদ্বাৰা প্ৰাচীনকালত ইয়াৰ অস্তিত্ব প্ৰমাণিত হৈছে। ঔপনিৱেশিক শাসনৰপৰা ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছৰেপৰা এই নৃত্যৰ পুনৰুজ্জীৱন, পুনৰ্গঠন আৰু সম্প্ৰসাৰণ ঘটিছিল।
গৌড়ীয় নৃত্য পৰম্পৰাগতভাৱে পৰিৱেশন শিল্পকলাৰ এক নৃত্য-নাট্যৰ ধাৰা, যʼত শিল্পী(সকলে) আৰু সঙ্গীতজ্ঞসকলে প্ৰাচীন সংস্কৃত সাহিত্যত বৰ্ণিত প্ৰতীকী পোছাক, শৰীৰৰ গতিবিধি, অভিনয় (অভিব্যক্তি) আৰু মুদ্ৰা (ভঙ্গিমা আৰু সাংকেতিক ভাষা) ব্যৱহাৰ কৰি এটি গল্প – এটি আধ্যাত্মিক বাৰ্তা বা হিন্দু গ্ৰন্থৰপৰা ভক্তিমূলক কবিতা – পৰিৱেশন কৰে। এই নৃত্যবিধৰ সংসৰ্গী সংগীত আৰু এজন গায়ক থাকে, আৰু সাধাৰণতে নৃত্যশিল্পীৰ গুৰু পৰিৱেশিত নৃত্যানুষ্ঠানৰ পৰিচালক হিচাপে উপস্থিত থাকে। এটি গৌড়ীয় নৃত্য পৰিৱেশনৰ ভিতৰত আছে নৃত্ত (শুদ্ধ নৃত্য), নৃত্য (একক অভিব্যক্তিমূলক নৃত্য) আৰু নাট্য (দলগত নাটকীয় নৃত্য)।
বঙালী নৃত্যশিল্পী মহুয়া মুখোপাধ্যায়ে, এই গৌড়ীয় নৃত্যৰ পুনঃনিৰ্মাণ কৰে।[3][5] এই নৃত্যকলা ভিত্তিক গৱেষণাৰ বাবে সংস্কৃতি মন্ত্ৰাণালয়ৰদ্বাৰা গৱেষণামূলক বৃত্তি প্ৰদান কৰা হৈছিল,[6][7] যিটো মূলতঃ স্বীকৃত ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ ক্ষেত্ৰত প্ৰদান কৰা হয়।[5] ৰবীন্দ্ৰভাৰতী বিশ্ববিদ্যালয় আৰু ওকলাহোমা বিশ্ববিদ্যালয়ে ইয়াক একধৰণৰ শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি প্ৰদান কৰিছে।[8][9][10][11][12]
নামকৰণ
[সম্পাদনা কৰক]গৌড়ীয় নৃত্য নামটো ১৯৯৪ চনত ২১ ছেপ্টেম্বৰ তাৰিখে ভাৰততত্ত্ববিদ ব্ৰতীন্দ্ৰনাথ মুখোপাধ্যায়ৰ পৰামৰ্শত গৃহীত হৈছিল।[13] এই নামকৰণৰ কাৰণসমূহৰ ভিতৰত আছে প্ৰাচীন সময়ত − শশাংকৰ শাসনকাল আৰু পাল আৰু সেন যুগ − সমগ্ৰ বংগক গৌড় হিচাপে উল্লেখ আৰু ভাৰতৰ সংগীত আৰু সাহিত্যত গৌড়ীয় ৰীতিৰ উপস্থিতি। ইয়াৰ উপৰি পঞ্চদশ শতিকাত ওড়িশাৰ সংগীত শাস্ত্ৰকাৰ মহেশ্বৰ মহাপাত্ৰই অভিনয় চন্দ্ৰিকাত সাতটা স্বতন্ত্ৰ নৃত্যশৈলীৰ উল্লেখ কৰিছিল, যাৰ ভিতৰত গৌড়ীয় নৃত্যৰ উল্লেখ আছে।
ইতিহাস
[সম্পাদনা কৰক]এই নৃত্যৰ বয়স দুইহাজাৰ বছৰতকৈও বেছি। চতুৰ্থ পৰা অষ্টাদশ শতিকাত বংগত গৌড়ীয় নৃত্যৰ কথা জনা যায়।[14] ভৰতনাট্যশাস্ত্ৰ নামৰ গ্ৰন্থত এই বিষয়ে বিস্তাৰিতভাৱে বৰ্ণনা কৰা হৈছে।
তুৰ্কি, বৰ্গী আৰু অন্যান্য বিদেশী আক্ৰমণ আৰু শাসনৰ ফলত এই নৃত্যধাৰা বিলুপ্ত হৈ গৈছিল। চন্দ্ৰকেতুগড়ত পোৱা প্ৰত্নসামগ্ৰীত, বৰ্ধমানৰ দেওলিয়াৰ মন্দিৰ আৰু বেগুনিয়া মন্দিৰ, বিষ্ণুপুৰৰ জোড় বাংলা মন্দিৰ, টেৰাকোটা মন্দিৰ আৰু শ্যাম মন্দিৰৰ দেৱালৰ ভাস্কৰ্যত এই নৃত্য দেখা পোৱা গৈছে। পাল যুগৰ চিত্ৰত, চৰ্যাপদ, গীত গোবিন্দ, মঙ্গলকাব্যতো ইয়াক দেখা যায়। পণ্ডিত শুভংকৰ লাহিড়ীয়ে তেওঁৰ সংগীতদামোদৰ আৰু শ্ৰীহস্তমুক্তাবলী নামৰ গ্ৰন্থ দুখনত ইয়াৰ উল্লেখ কৰিছে। বংগৰ গ্ৰামীণ গুৰুপৰম্পৰা ধাৰাৰদ্বাৰা এই নৃত্য অনুপ্ৰাণিত হৈছে। তাৰ এই পথ পৰিক্ৰমা চিৰন্তন। গৌড়ীয় নৃত্যৰ লগত ভাব-ৰস সাহিত্যৰ সম্পৰ্ক আছে।[15]
স্বাধীনতা-পৰৱৰ্তী কাল
[সম্পাদনা কৰক]ভাৰতীয়সকলে ঔপনিৱেশিকতাৰপৰা স্বাধীনতা লাভ কৰাৰ পাছত প্ৰাচীন নৃত্যকলা সহ সাংস্কৃতিক ধাৰাকো পুনৰ্জীৱিত কৰি তুলিছিল। ভাৰতৰ সংস্কৃতি মন্ত্ৰণালয় আৰু ১৯৫৩ খ্ৰীষ্টাব্দত প্ৰতিষ্ঠিত সংগীত নাটক একাডেমীৰ পৃষ্ঠপোষকতাত প্ৰাচীন নৃত্যকলা আৰু শাস্ত্ৰীয় নৃত্যসমূহ লাহে লাহে সাংস্কৃতিক আৰু শিক্ষা পৰিমণ্ডলত প্ৰতিষ্ঠিত হʼবলৈ ধৰে। কিন্তু, এই সময়ত পশ্চিমবংগৰপৰা বংগৰ শাস্ত্ৰীয় নৃত্য বিষয়ক কোনো ধৰণৰ গৱেষণা পৰিচালনা বা প্ৰাতিষ্ঠানিক স্বীকৃতিৰ দাবি উত্থাপিত হোৱা নাই। পশ্চিমবংগৰ ৰাজনীতি দেশবিভাজন আৰু তাৰ ফলত উদ্ভূত উদ্বাস্তু সমস্যা লৈ ব্যস্ত হৈ পৰিছিল। আনফালে ভাৰতৰ অন্যন্য ৰাজ্যসমূহে নিজ নিজ অঞ্চলৰ প্ৰাচীন নৃত্যকলাক পুনৰুদ্ধাৰ কৰাত সচেষ্ট আছিল।
বৈশিষ্ট্য
[সম্পাদনা কৰক]গৌড়ীয় নৃত্য মূলতঃ নটৰাজ শিৱ কেন্দ্ৰিক। নৃত্যৰত গণেশ, বিষ্ণুকো ইয়াত দেখা যায়।[16] বংগত নটৰাজক নৰ্ত্যেশ্বৰ বোলা হয়। এই নটৰাজৰ চাৰিটা হাত, দহটা হাত বা বাৰটা হাত থাকে। শিৱক নন্দীৰ ওপৰত ললিত আনন্দ তাণ্ডৱ ভংগীত নচা দেখা যায়।[17]
ধৰণ
[সম্পাদনা কৰক]বন্দনা
[সম্পাদনা কৰক]গৌড়ীয় নৃত্যত বহুতো বন্দনা নৃত্য আছে।[18] চণ্ডীবন্দনা, কৃষ্ণবন্দনা ইয়াৰ ভিতৰত অন্যতম।[19]
আলাপচাৰী
[সম্পাদনা কৰক]ই ৰাগ সাৰগামৰ সৈতে পৰিচিত আৰু প্ৰচলিত হৈছিল। ই তাল সম্পৰ্কিত। ই একপ্ৰকাৰৰ ৰাসনৃত্য।
মহাজনপদ নৃত্য
[সম্পাদনা কৰক]মিশ্ৰ ৰাগ আৰু তাল নিবদ্ধ গানেৰে এইবিধ নৃত্য পৰিৱেশন কৰা হয়।
অষ্টপদী নৃত্য বা নামাবলী
[সম্পাদনা কৰক]ইয়াত শুদ্ধবঙ্গাল ৰাগ আৰু দাশপাহাড়ী তালত শিৱৰ ভিন্ন ভিন্ন নাম লৈ নৃত্য পৰিৱেশন কৰা হয়।
পালানৃত্য
[সম্পাদনা কৰক]ইয়াত একক বা একাহাৰ্য নৃত্য কৰা হয়। ইয়াৰ দেৱ-দেৱতাৰ লীলা শ্ৰীকৃষ্ণৰ পুতনাবধৰ লীলাকীৰ্তন কৰি এই নৃত্য পৰিৱেশন কৰা হয়।[20]
বিখ্যাত নৃত্যশিল্পী
[সম্পাদনা কৰক]লগতে চাওক
[সম্পাদনা কৰক]তথ্য উৎস
[সম্পাদনা কৰক]- ↑ Roma Chatterji (2005). Folklore and the Construction of National Tradition Archived 2018-02-12 at the Wayback Machine. Indian Folklife 19 (Folklore Abroad: On the Diffusion and Revision of Sociocultural Categories): 9. Accessed January 2014. "a classical dance tradition that has vanished from the urban areas".
- ↑ "West Bengal Tourism: Dance". Department of Tourism, Government of West Bengal. 2011. Archived from the original on ২১ অক্টোবৰ ২০১৩. https://web.archive.org/web/20131021225635/http://www.westbengaltourism.gov.in/web/guest/dance। আহৰণ কৰা হৈছে: January 11, 2014.
- ↑ 3.0 3.1 Bharatram, Kumudha (April 9, 2011). "Dance of the ancients". The Hindu. http://www.thehindu.com/features/friday-review/dance/dance-of-the-ancients/article1608014.ece। আহৰণ কৰা হৈছে: November 15, 2013.
- ↑ মুখোপাধ্যায়, মহুয়া (২০০০) (bn ভাষাত). গৌড়ীয় নৃত্য. প্ৰকাশক পাৰ্ক ষ্ট্ৰিট, কলকাতা: দি এশিয়াটিক সোসাইটি.
- ↑ 5.0 5.1 Rajan, Anjana (December 26, 2006). "The wheel has come full circle". The Hindu. Archived from the original on নভেম্বৰ ৮, ২০১২. https://web.archive.org/web/20121108051652/http://www.hindu.com/ms/2006/12/26/stories/2006122600040100.htm। আহৰণ কৰা হৈছে: আগষ্ট ৬, ২০১৬.
- ↑ "Scholarship to Young Artistes". web.archive.org. 2013-10-21. Archived from the original on ২০১৩-১০-২১. https://web.archive.org/web/20131021161953/http://indiaculture.nic.in/indiaculture/scholarship-to-young-artist.html। আহৰণ কৰা হৈছে: 2021-06-28.
- ↑ "Scholarship to Young Artistes, 2005". Ministry of Culture. Government of India. Archived from the original on ২১ অক্টোবৰ ২০১৩. https://web.archive.org/web/20131021161953/http://indiaculture.nic.in/indiaculture/scholarship-to-young-artist.html। আহৰণ কৰা হৈছে: ৬ আগষ্ট ২০১৬.
- ↑ Utpal Kumar Banerjee (2006). Indian performing arts: a mosaic. New Delhi: Harman Publishing House. আই.এচ.বি.এন. 9788186622759. p. 79: "re-creating Gaudiya Nritya as one of the acceptable classical styles will need a formal framework".
- ↑ Leela Venkataraman (2006). Negotiating the Extremes: dance. India International Centre Quarterly, 33 (1): 93-102. (গ্ৰাহকভুক্তি প্ৰয়োজনীয়) "one may have reservations about the classical dance repertoire visualised by [Mukherjee]".
- ↑ Roma Chatterji (2005). p. 9: "Mukherjee tries to reconstitute a Bengali aesthetic within the perspective of pan-Indian civilisation".
- ↑ Susan Leigh Foster (2009). Worlding dance: Studies in international performance. Basingstoke; New York: Palgrave Macmillan. আই.এচ.বি.এন. 9780230205949. p. 125: "I urgently distance my project from that of Kolkata-based scholar, Mahua Mukherjee".
- ↑ "মধ্যযুগেৰ বাংলাৰ ৰাজধানী গৌড় থেকে গৌড়ীয় নৃত্য". archive1.ittefaq.com.bd. Archived from the original on ২০১৯-০৫-০৮. https://web.archive.org/web/20190508221535/https://archive1.ittefaq.com.bd/print-edition/last-page/2017/01/24/171231.html। আহৰণ কৰা হৈছে: 2019-05-08.
- ↑ "নৃত্যে নন্দিতা" (bn ভাষাত). প্ৰথম আলো. https://www.prothomalo.com/we-are/article/830584। আহৰণ কৰা হৈছে: 2019-05-08.
- ↑ "বাংলাৰ বুকে গৌড়ীয় নৃত্য তাৰ প্ৰবল অস্তিত্বেৰ জানান দিয়ে গেল" (en-US ভাষাত). Exclusive Adhirath. 2018-09-19. Archived from the original on ২০১৯-০৫-০৮. https://web.archive.org/web/20190508221526/https://www.exclusiveadhirath.com/gaudiya-nritya-proves-its-strong-existence/। আহৰণ কৰা হৈছে: 2019-05-08.
- ↑ http://www.eswastika.com/PUJA2010/27.pdf
- ↑ Mitrayan Institute of Dance & Research :: Garfa Mitrayan (2009-11-07). Ganesh Vandana : Gaudiya Nritya (Classical Dance Of Bengal), Performed by Mitrayan. https://www.youtube.com/watch?v=EkniM75OFeQ.
- ↑ "গৌড়ীয় নৃত্যেৰ শিল্পমুগ্ধতা" (en ভাষাত). print.thesangbad.net. Archived from the original on ২০১৯-০৫-০৭. https://web.archive.org/web/20190507104330/http://print.thesangbad.net/literature/sangbadliterature/%E0%A6%97%E0%A7%8C%E0%A7%9C%E0%A7%80%E0%A7%9F+%E0%A6%A8%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%87%E0%A6%B0+%E0%A6%B6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%AA%E0%A6%AE%E0%A7%81%E0%A6%97%E0%A7%8D%E0%A6%A7%E0%A6%A4%E0%A6%BE-42139/। আহৰণ কৰা হৈছে: 2019-05-08.
- ↑ দাশগুপ্ত, শৰ্মিষ্ঠা. "গৌড়ীয় নৃত্যেৰ আঙ্গিকে" (en ভাষাত). anandabazar.com. https://www.anandabazar.com/supplementary/patrika/review-of-a-dance-programme-produced-by-rudramohan-1.988007। আহৰণ কৰা হৈছে: 2019-05-08.
- ↑ "গৌড়ীয় নৃত্য". bartamanpatrika.com. Archived from the original on ২০১৯-০৫-০৮. https://web.archive.org/web/20190508224942/http://bartamanpatrika.com/detailNews.php%3FcID%3D42%26nID%3D148386%26nPID%3D20190214। আহৰণ কৰা হৈছে: 2019-05-08.
- ↑ "শিল্পকলায় চৰ্যানৃত্য এবং বাংলাৰ শাস্ত্ৰীয়-গৌড়ীয় নৃত্য পৰিৱেশনা". bangla.jagoroniya.com. Archived from the original on 2019-05-08. https://web.archive.org/web/20190508221526/https://bangla.jagoroniya.com/culture/2380/lifestyle। আহৰণ কৰা হৈছে: 2019-05-08.
- ↑ Dec 1, TNN; 2018. "Confluence of Indian dance forms" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/events/chandigarh/confluence-of-indian-dance-forms/articleshow/66896756.cms। আহৰণ কৰা হৈছে: 2019-12-22.
- ↑ "গৌড়ীয় নাচে ৰ্যাচেল প্ৰিয়াঙ্কা" (en ভাষাত). প্ৰিয়.কম. Archived from the original on ২০২১-১১-০৯. https://web.archive.org/web/20211109180731/https://www.priyo.com/i/%E0%A6%97%E0%A7%8C%E0%A7%9C%E0%A7%80%E0%A7%9F-%E0%A6%A8%E0%A6%BE%E0%A6%9A%E0%A7%87-%E0%A6%B0%E2%80%8C%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%9A%E0%A7%87%E0%A6%B2-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A6%99%E0%A7%8D%E0%A6%95%E0%A6%BE। আহৰণ কৰা হৈছে: 2019-12-22.
- ↑ "শাৰদীয় দুৰ্গোৎসবেৰ নাচ–গান–নাটকে তাৰকাৰা" (bn ভাষাত). প্ৰথম আলো. https://www.prothomalo.com/entertainment/article/1617780/%E0%A6%B6%E0%A6%BE%E0%A6%B0%E0%A6%A6%E0%A7%80%E0%A7%9F-%E0%A6%A6%E0%A7%81%E0%A6%B0%E0%A7%8D%E0%A6%97%E0%A7%8B%E0%A7%8E%E0%A6%B8%E0%A6%AC%E0%A7%87%E0%A6%B0-%E0%A6%A8%E0%A6%BE%E0%A6%9A%E2%80%93%E0%A6%97%E0%A6%BE%E0%A6%A8%E2%80%93%E0%A6%A8%E0%A6%BE%E0%A6%9F%E0%A6%95%E0%A7%87-%E0%A6%A4%E0%A6%BE%E0%A6%B0%E0%A6%95%E0%A6%BE%E0%A6%B0%E0%A6%BE। আহৰণ কৰা হৈছে: 2019-12-22.
- ↑ "‘I want to popularise Gaudiya Nritya’" (en ভাষাত). New Age Bangladesh. http://www.newagebd.net/article/73316/i-want-to-popularise-gaudiya-nritya। আহৰণ কৰা হৈছে: 2019-12-22.
- ↑ Indiablooms. "Gaudiya Nritya dancer Satabdi Acharyya talks about her experiences and the future". Indiablooms.com. https://indiablooms.com/life-details/L/2263/gaudiya-nritya-dancer-satabdi-acharyya-talks-about-her-experiences-and-the-future.html। আহৰণ কৰা হৈছে: 2019-12-22.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত গৌড়ীয় নৃত্য সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
| ||||||||||||||||||||||||||||||||||||||||||||||||||
| ||||||||||||||||||||||||||||||||||||||||||||||||