সমললৈ যাওক

গৌহেৰ চুলতানা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গৌহেৰ চুলতানা
{{{imagealt}}}
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নাম গৌহেৰ চুলতানা
জন্ম ৩১ মাৰ্চ, ১৯৮৮ (৩৮ বছৰ)
হায়দৰাবাদ, অন্ধ্ৰপ্ৰদেশ ভাৰত
বেটিং শৈলী সোঁহতীয়া
বলিং শৈলী মন্থৰ গতানুগতিক বাঁওহতীয়া
আন্তঃৰাষ্ট্ৰীয় তথ্য
অ'ডিআই অভিষেক (কেপ ৮৭) ৫ মে’ ২০০৮ বনাম পাকিস্তান
অন্তিম অ'ডিআই ২১ জুন ২০১৪ v শ্ৰী লংকা
আন্তৰ্জাতিক টি২০ অভিষেক (কেপ ১৫) ২৮ অক্টোবৰ ২০০৮ v অষ্ট্ৰেলিয়া
অন্তিম আন্তৰ্জাতিক টি২০ ২ এপ্ৰিল ২০১৪ বনাম পাকিস্তান
কেৰিয়াৰ পৰিসংখ্যা
প্ৰতিযোগিতা ODI T20I
মুঠ খেল 50 37
ৰাণ 96 6
বেটি গড় 10.66 6.00
শতক/অৰ্ধশতক 0/0 0/0
সৰ্বোচ্চ ৰাণ 22 3*
বল 2308 797
উইকেট 66 29
বলিং গড় 19.39 26.27
এটা ইনিংছত ৫টা উইকেট 0 0
এখন খেলত ১০টা উইকেট 0 0
শ্ৰেষ্ঠ বলিং 4/4 3/17
কেচ্চ/ষ্টাম্পিং 15/– 13/–
উৎস: http://content.cricinfo.com/india/content/player/263980.html ESPNcricinfo, 17 April 2014

গৌহেৰ চুলতানা (ইংৰাজী: Gouher Sultana; জন্ম: ৩১ মাৰ্চ ১৯৮৮) এগৰাকী ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ।[1] চুলতানাৰ জন্ম হায়দৰাবাদত। তেওঁ ভাৰতৰ ২১ বছৰ অনূৰ্ধ্ব মহিলা দল, আৰু ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত মূলতঃ বাঁওহাতৰ গতানুগতিক স্পিন বলাৰ হিচাপে খেলিছে।[2]

২০০৮ চনৰ ৫ মে’ত কুৰুনেগালাত অনুষ্ঠিত হোৱা মহিলা এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে অভিষেক ঘটোৱাৰ পিছত ২০০৯ চনৰ মহিলা ক্ৰিকেট বিশ্বকাপকে ধৰি ২৩খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত খেলিছে। ঘৰুৱা ক্ৰিকেটত তেওঁ হায়দৰাবাদ, ভাৰতীয় ৰেলৱে, পণ্ডিচেৰী, আৰু বংগক প্ৰতিনিধিত্ব কৰিছিল। ২০০৮ চনৰ ২৮ অক্টোবৰত ছিডনীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অভিষেক ঘটোৱাৰ পিছত তেওঁ সাতখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচতো খেলিছে।[3]

তেওঁ আৰু অমিতা শৰ্মাই মহিলাৰ এদিনীয়া ইতিহাসত এতিয়ালৈকে সৰ্বাধিক দশম উইকেটৰ অংশীদাৰিত্বৰ অভিলেখ (৫৮ ৰান) লাভ কৰিছে।[4][5][6]

২০২৩ চনৰ ডিচেম্বৰ মাহত ভাৰতৰ মহিলা প্ৰিমিয়াৰ লীগ নিলামত ইউ পি ৱাৰিয়ৰ্জে তেওঁক ২০২৪ চনৰ ছিজনৰ বাবে চুক্তিবদ্ধ কৰে।[7]

২০২৫ চনৰ আগষ্ট মাহত চুলতানাই সকলো ধৰণৰ ক্ৰিকেটৰ অৱসৰৰ কথা ঘোষণা কৰে।[8][9][10]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. NDTVSports.com. "Gouher Sultana Profile – Cricket Player, India|Gouher Sultana Stats, Ranking, Records inCricket -NDTV Sports" (en ভাষাত). NDTVSports.com. Archived from the original on 2017-03-20. https://web.archive.org/web/20170320053405/https://sports.ndtv.com/cricket/players/42742-gouher-sultana-playerprofile.
  2. "G Sultana". ESPNcricinfo. http://www.cricinfo.com/wwt202009/content/player/263980.html আহৰণ কৰা হৈছে: 6 March 2010.
  3. "G Sultana". CricketArchive. Archived from the original on 10 March 2009. https://web.archive.org/web/20090310125937/http://iccwomensworldcup.yahoo.net/teams-and-players/player-profile/india/gouher-sultana.html আহৰণ কৰা হৈছে: 6 March 2010.
  4. "2nd ODI: England Women v India Women at Taunton, Jul 4, 2012. Cricket Scorecard". ESPNcricinfo. http://www.espncricinfo.com/ci/engine/match/542853.html.
  5. "Records. Women's One-Day Internationals. Partnership records. Highest partnership for the tenth wicket". ESPNcricinfo. http://stats.espncricinfo.com/ci/content/records/283518.html.
  6. "Records. Women's One-Day Internationals. Partnership records. Highest partnerships by wicket". ESPNcricinfo. http://stats.espncricinfo.com/ci/content/records/283613.html.
  7. "Bid-by-bid updates – 2024 WPL auction". ESPNcricinfo. 9 December 2023. https://www.espncricinfo.com/live-blog/women-s-premier-league-2024-auction-live-blog-1411991 আহৰণ কৰা হৈছে: 10 December 2023.
  8. "India spinner Gouher Sultana retires from all forms of cricket". ESPNcricinfo. https://www.espncricinfo.com/story/india-women-spinner-gouher-sultana-retires-from-all-forms-of-cricket-1499978 আহৰণ কৰা হৈছে: 21 August 2025.
  9. "Gouher Sultana announces retirement from all forms of cricket". Sportstar. https://sportstar.thehindu.com/cricket/womens-cricket/gouher-sultana-retires-career-stats-india-odis-t20is-wpl-up-warriorz-indian-womens-cricket/article69961616.ece আহৰণ কৰা হৈছে: 21 August 2025.
  10. "Seasoned India Spinner Gouher Sultana Steps Away from Professional Cricket". Female Cricket. https://femalecricket.com/women-cricket-news/72272-seasoned-india-spinner-gouher-sultana-steps-away-from-professional-cricket.html আহৰণ কৰা হৈছে: 21 August 2025.