| ৰত্নধ্বজপাল
|
| চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা
|
| সম্পূৰ্ণ নাম
|
| ৰত্নধ্বজপাল / গৌৰীনাৰায়ন
|
| পিতৃ
|
বীৰপাল / গয়াপাল
|
ৰত্নধ্বজপাল চুতীয়া ৰজাসকলৰ মাজত এজন উল্লেখযোগ্য ৰজা আছিল। তেওঁ ৰজা হোৱাৰ সময় প্ৰায় ১২৪৪ খ্ৰীষ্টাব্দ।[1]
চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক বীৰপালৰ ৰাণীয়ে ৰূপৱতীয়ে হেনো কুবেৰৰ পূজা কৰি এটি পুত্ৰ সন্তান লাভ কৰে। তেওঁৰ নাম গৌৰনাৰায়ণ আছিল।[1] তেওঁ নিজ বাহু বলেৰে ওচৰৰ ঠাইবোৰ জয় কৰি নিজ ৰাজ্য বহলায় আৰু ৰত্নধ্বজপাল নাম লয়। এওঁ ৰত্নপুৰ নামে নতুন ৰাজধানী পাতি ৰাজ্য শাসন কৰিছিল।[1] তেওঁ কমতাৰ ৰজা সন্ধ্যাৰ কুঁৱৰী এগৰাকীক নিজৰ পুত্ৰ বিজয়ধ্বজলৈ বিয়া কৰাইছিল। এওঁ গৌড় ৰজাৰ বিশ্বৰূপ সেন/কেশৱ সেনৰ লগত মিত্ৰতা কৰি নিজৰ ল’ৰা এটি পঢ়াবলৈকে গৌড়েশ্বৰৰ তাত থৈ আহিছিল। কিন্তু, দুৰ্ভাগ্যবশতঃ ৰত্নধ্বজ কমতাৰ পৰা উলটি অহাৰ কিছুদিনৰ পিছতেই এই কোঁৱৰজনৰ মৃত্যু ঘটে। গৌড়েশ্বৰে কোঁৱৰৰ মৃতদেহটো চুতীয়া ৰাজ্যৰ ৰাজধানীলৈ পঠিয়াই দিয়ে। সেই সময়ত ৰত্নধ্বজে এটি মন্দিৰৰ নিৰ্মাণ কাৰ্য্য চাবলৈ সিন্ধুক্ষেত্ৰ নামৰ ঠাইলৈ গৈছিল। তেওঁ পুতেকৰ শটি পাই সিন্ধুক্ষেত্ৰতে সৎকাৰ কৰে। তেতিয়াৰ পৰাই তাৰ নাম শ-দিয়াপাত হয়। বহুতে কয় যে, এই শ-দিয়াপাতেই বৰ্তমানৰ শদিয়া।[1] ইয়াৰ কিছুদিন পাছতে ৰত্নধ্বজৰো মৃত্যু হয়।