গৌৰী জোগ
গৌৰী জোগ | |
---|---|
![]() কথক নৃত্য প্ৰদৰ্শন কৰি থকা অৱস্থাত গৌৰী | |
জন্ম | গৌৰী কালে ১৯৭০ নাগপুৰ, ভাৰত |
পেচা | কথক নৃত্যংগনা, গুৰু, কৰিঅ’গ্ৰাফাৰ |
ৱেবছাইট | |
http://www.gaurijog.com |
গৌৰী জোগ (ইংৰাজী: Gauri Jog ) চিকাগোৰ এগৰাকী কথক নৃত্যশিল্পী, কৰিঅ’গ্ৰাফাৰ আৰু গৱেষক পণ্ডিত। লক্ষ্ণৌ আৰু জয়পুৰ ঘৰনাৰ প্ৰতিনিধি হিচাপে গণ্য কৰা জোগে কথক নৃত্যৰ অনুশীলন কৰি আহিছে। তেওঁৰ সৃষ্টিসমূহৰ ভিতৰত আছে কৃষ্ণ লীলা,[1] শকুন্তলা, ঝান্সী কী ৰাণী, কথক যাত্ৰা,[2] পূব মিলে পশ্চিম, ফায়াৰ- দ্য ফিয়েৰী টেল[3] আদি। তেওঁ কথকৰ কাৰিকৰী উপাদানৰ জৰিয়তে পৰম্পৰাগত "গল্প কোৱাৰ কলা"ক জীৱন্ত কৰি তুলিছে। পৰম্পৰাৰ সীমা অতিক্ৰম নকৰাৰ প্ৰতি লক্ষ্য ৰাখি বলীউডৰ কিছুমান ষ্টেপ আৰু যোগক কথকত একীভূত কৰাৰ অনন্য পন্থাৰ বাবে তেওঁ বিশেষকৈ নৱপ্ৰজন্মৰ মাজত অতি জনপ্ৰিয়। ফ্লেমেংকো, ভাৰতনাট্যম, ওডিচি, মেক্সিকান আৰু আমেৰিকান বেলেৰ সৈতে কথকক সংযুক্ত কৰি কৰা তেওঁৰ পৰীক্ষাই বহু প্ৰশংসা লাভ কৰিছে। ১৯৯৯ চনৰ পৰা গৌৰী জোগ[4] আৰু তেওঁৰ দলটোৱে উত্তৰ আমেৰিকা আৰু ভাৰতত ৩২৫টাতকৈও অধিক নৃত্য প্ৰদৰ্শনী কৰিছে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Asian Media USA, Krishna Leela – an artistic portrayal of Lord Krishna’s life story, 14 April 2014
- ↑ Jog/articleshow/12452430.cms Times Of India, Journey of Indian dance by Gauri Jog, 29 March 2012
- ↑ Narthaki, Fire – the Fiery Tale - Gauri Jog and her group captivate the audience, 17 March 2007
- ↑ Artist India Gallery, Artist Gauri Jog, 17 January 2006