গ্ৰাছা মাশেল
গ্ৰাছা মাশেল | |||||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
২০১০ চনত গ্ৰাছা মাশেল | |||||||||||||||
| দক্ষিণ আফ্ৰিকাৰ ফাৰ্ষ্ট লেডী | |||||||||||||||
| In role ১৮ জুলাই ১৯৯৮ – ১৪ জুন ১৯৯৯ | |||||||||||||||
| ৰাষ্ট্ৰপতি | নেলছন মেণ্ডেলা | ||||||||||||||
| পূৰ্বসূৰী | জিণ্ডি মেণ্ডেলা জেনানী মেণ্ডেলা | ||||||||||||||
| উত্তৰসূৰী | Zanele Mbeki | ||||||||||||||
| মোজাম্বিকৰ ফাৰ্ষ্ট লেডী | |||||||||||||||
| In role ১১ নবোম্বৰ ১৯৭৫ – ১৯ অক্টোবৰ১৯৮৬ | |||||||||||||||
| ৰাষ্ট্ৰপতি | ছামোৰা মাশেল | ||||||||||||||
| পূৰ্বসূৰী | Position established | ||||||||||||||
| উত্তৰসূৰী | Marcelina Chissano | ||||||||||||||
| |||||||||||||||
| |||||||||||||||
| ব্যক্তিগত তথ্য | |||||||||||||||
| জন্ম | গ্ৰেচ চিম্বিন ১৭ অক্টোবৰ, ১৯৪৫ (৮০ বছৰ) Incadine, Portuguese Mozambique | ||||||||||||||
| ৰাজনৈতিক দল | FRELIMO (1973–present) African National Congress (1998–present) | ||||||||||||||
| দাম্পত্যসঙ্গী |
| ||||||||||||||
| সন্তান | 2, including Josina Z. Machel | ||||||||||||||
| সম্বন্ধীয় | মেণ্ডেলা পৰিয়াল (বিবাহ সূত্ৰে) | ||||||||||||||
| শিক্ষানুষ্ঠান | লিছবন বিশ্ববিদ্যালয় | ||||||||||||||
| পেচা | শিক্ষক, ৰাদনীতিবিদ, সমাজ কৰ্মী | ||||||||||||||
গ্ৰাছা মাশেল (ইংৰাজী: :Graça Machel (পৰ্তুগীজ উচ্চাৰণ: [ˈɡɾasɐ mɐˈʃɛl]; née Simbine [sĩˈbinɨ]; জন্ম ১৭ অক্টোবৰ ১৯৪৫) এগৰাকী মোজাম্বিক ৰাজনীতিবিদ আৰু মানৱতাবাদী কৰ্মী। তেওঁ বিশ্বজুৰি মহিলা আৰু শিশু অধিকাৰৰ এগৰাকী সক্ৰিয় সমৰ্থক। মানৱতাবাদী কামৰ বাবে ১৯৯৭ চনত ৰাণী এলিজাবেথ দ্বিতীয়ই তেওঁক সন্মানীয় ডেম কমাণ্ডাৰ অৱ অৰ্ডাৰ অৱ দ্য ব্ৰিটিছ এম্পায়াৰ হিচাপে নিযুক্তি দিয়ে। তেওঁ আধুনিক ইতিহাসত একমাত্ৰ মহিলা যিয়ে দক্ষিণ আফ্ৰিকা আৰু মোজাম্বিক নামৰ দুখন দেশৰ ফাৰ্ষ্ট লেডী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। মোজাম্বিকৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ছামোৰা মাশেল (১৯৭৫–১৯৮৬) আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি নেলছন মেণ্ডেলাৰ (১৯৯৮–২০১৩) বিধৱা।
গ্ৰাছা মাশেল আফ্ৰিকা প্ৰগ্ৰেছ পেনেল (এপিপি)ৰ সদস্য। ই দহজন বিশিষ্ট ব্যক্তিৰ এটা গোট, যিয়ে আফ্ৰিকাত ন্যায্য আৰু স্থায়ী উন্নয়নৰ বাবে উচ্চ পৰ্যায়ত সমৰ্থন আগবঢ়ায়। পেনেলৰ সদস্য হিচাপে তেওঁ সহযোগিতা গঢ়ি তোলা, জ্ঞানৰ ব্যৱহাৰ আৰু বিনিময় নিশ্চিত কৰা, আৰু নীতি নিৰ্ধাৰকসকলক একত্ৰ কৰি আফ্ৰিকাত স্থায়ী পৰিৱৰ্তন আনিবলৈ আহ্বান কৰে। ১৯৯৯ চনৰপৰা ২০১৯ চনৰ ভিতৰত কেপ টাউন বিশ্ববিদ্যালয়ৰ চ্যান্সেলৰ আছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]গ্ৰাছা মাশেল পিতৃৰ মৃত্যুৰ ১৭ দিনৰ পিছত জন্মগ্ৰহণ কৰিছিল। তেওঁ ছয়জন সন্তানৰ ভিতৰত সৰ্বকনিষ্ঠ আছিল। [1]তেওঁ পুৰণি পৰ্তুগীজ পূব আফ্ৰিকাৰ (বৰ্তমান মোজাম্বিক) গাজা প্ৰদেশৰ গ্ৰাম্য ইনকাডিন অঞ্চলত জন্মগ্ৰহণ কৰে। তেওঁ মেথডিষ্ট মিছন স্কুলত পঢ়া-শুনা কৰিছিল আৰু পিছত এটা বৃত্তি লাভ কৰি পৰ্তুগালৰ লিছবন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ যায়। তাত তেওঁ জাৰ্মান ভাষা অধ্যয়ন কৰে আৰু স্বাধীনতা আন্দোলনৰ বিষয়ত জড়িত হয়।
মাশেল ফৰাচী, স্পেনিছ, ইটালীয়, পৰ্তুগীজ আৰু ইংৰাজীৰ লগতে তেওঁৰ থলুৱা ছিটছংগা ভাষাও সলহলিয়াকৈ কব পাৰে।
ৰাজনৈতিক কেৰিয়াৰ
[সম্পাদনা কৰক]১৯৭৩ চনত গ্ৰাছাই পৰ্তুগীজ পূব আফ্ৰিকালৈ উভতি আহি মোজাম্বিক লিবাৰেশ্যন ফ্ৰণ্টত যোগদান কৰে আৰু স্কুলৰ [2] হিচাপে কাম কৰে। ১৯৭৫ চনত মোজাম্বিকৰ স্বাধীনতাৰ পিছত ১৯৭৫ চনৰ ২৫ জুনত গ্ৰাছাই মোজাম্বিকৰ প্ৰথম শিক্ষা আৰু সংস্কৃতি মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰে।
তেওঁৰ কাৰ্যকালত প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছিল। বিদ্যালয়লৈ যোৱা বয়সৰ শিশুৰ মাজত নামভৰ্তিৰ হাৰ প্ৰায় ৪০ শতাংশৰপৰা বৃদ্ধি পাই পুৰুষ শিক্ষাৰ্থীৰ ক্ষেত্ৰত ৯০ শতাংশৰ ওপৰলৈ আৰু মহিলা শিক্ষাৰ্থীৰ ক্ষেত্ৰত ৭৫ শতাংশলৈ বৃদ্ধি পাইছিল। [3]
পিছৰ কৰ্মজীৱন
[সম্পাদনা কৰক]গ্ৰাছা মাশেলে ১৯৯২ চনৰ আফ্ৰিকা বঁটা লাভ কৰে, যিটো বছৰি ২০০০ চনৰ ভিতৰত আফ্ৰিকাত ক্ষুধা দূৰ কৰাৰ লক্ষ্যত অৰিহণা যোগোৱা ব্যক্তিক প্ৰদান কৰা হয়।[4]
১৯৯৭ চনত মানৱ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদান আৰু সেৱাৰ বাবে ৰাণী এলিজাবেথ দ্বিতীয়দ্বাৰা মাশেলক ডেম কমাণ্ডাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ব্ৰিটিছ এম্পায়াৰ হিচাপে সন্মানিত কৰা হয়। সেই বছৰতে নিউ ইংলেণ্ড চাৰ্কলৰ গ্ল’বেল চিটিজেন বঁটা লাভ কৰে। ১৯৯৮ চনত ইউৰোপ পৰিষদৰ উত্তৰ-দক্ষিণ কেন্দ্ৰৰদ্বাৰা প্ৰদান কৰা উত্তৰ–দক্ষিণ বঁটাৰ বিজয়ী দুজনৰ ভিতৰত অন্যতম আছিল মাচেল।[5]
১৯৯৯ চনৰপৰা ২০১৯ চনলৈকে কেপ টাউন বিশ্ববিদ্যালয়ৰ চ্যান্সেলৰ আছিল মাশেল।[6][7] ২০০৯ চনত কমনৱেলথ অৱ নেচন'ছৰ বিশিষ্ট ব্যক্তি গোটত নিযুক্তি দিয়া হয়। ২০১২ চনত লণ্ডন বিশ্ববিদ্যালয়ৰ স্কুল অৱ অৰিয়েণ্টেল এণ্ড আফ্ৰিকান ষ্টাডিজৰ সভানেত্ৰী হিচাপে নিযুক্তি লাভ কৰে।[8] ২০১৬ চনত আফ্ৰিকান লিডাৰশ্বিপ ইউনিভাৰ্চিটিৰ চ্যান্সেলৰ হিচাপে নিযুক্তি দিয়া হয়, যিটো ভূমিকা আজিও তেওঁ পালন কৰি আছে।[9][10]
২০১৭ চনৰ জুলাই মাহত যুক্তৰাজ্যৰ মানৱীয় আৰু সমাজ বিজ্ঞানৰ ৰাষ্ট্ৰীয় একাডেমী ব্ৰিটিছ একাডেমীৰ সন্মানীয় ফেলো নিৰ্বাচিত হয়।[11]
ৰাষ্ট্ৰসংঘ
[সম্পাদনা কৰক]২০১৮ চনত তেওঁক মহিলা, শিশু আৰু কিশোৰ-কিশোৰীসকলৰ স্বাস্থ্য আৰু মংগলৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰদ্বাৰা বঁটা প্ৰদান কৰা হয়। ২০১৮ চনৰ ১৭ জুলাইত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছা আৰু আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ সৈতে জোহান্সবাৰ্গৰ ৱাণ্ডাৰাৰছ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ১৬সংখ্যক নেলছন মেণ্ডেলাৰ বাৰ্ষিক বক্তৃতাত মাশেল অংশগ্ৰহণ কৰে। নেলছন মেণ্ডেলাৰ জন্মৰ ১০০বছৰীয়া জয়ন্তী উপলক্ষ্যে প্ৰায় ১৫,০০০ লোকে এই অনুষ্ঠানটো ভ্ৰমণ কৰে।[12]
মাশেলে জলবায়ু ৰাজনীতিত আফ্ৰিকাৰ যুৱক-যুৱতীসকলে অধিক মতামত ৰাখিব লাগে বুলি পোষকতা কৰে।
ৰাষ্ট্ৰসংঘ
[সম্পাদনা কৰক]মোজাম্বিক মন্ত্ৰ্যালয়ৰপৰা অৱসৰ লোৱাৰ পাছত মেচেলক শিশুৰ ওপৰত সশস্ত্ৰ সংঘাতৰ প্ৰভাৱৰ ওপৰত ৰাষ্ট্ৰসংঘৰ যুগান্তকাৰী প্ৰতিৱেদন প্ৰস্তুত কৰাৰ দায়িত্বত থকা বিশেষজ্ঞ হিচাপে নিযুক্তি দিয়া হয়।[13] ২০০৮ চনৰপৰা ২০০৯ চনলৈকে তেওঁ গৰ্ডন ব্ৰাউন আৰু ৰবাৰ্ট জ'লিকৰ সহ-অধ্যক্ষতাত স্বাস্থ্য ব্যৱস্থাৰ বাবে উদ্ভাৱনীমূলক আন্তৰ্জাতিক বিত্তীয় সাহায্যৰ উচ্চ পৰ্যায়ৰ টাস্কফৰ্চৰ সদস্য আছিল।[14] ২০১৩-২০১৮ চনলৈকে তেওঁ দ্য পাৰ্টনাৰশ্বিপ ফৰ মেটাৰ্নেল, নিউবৰ্ণ এণ্ড চাইল্ড হেল্থ (পিএমএনচিএইচ)ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৬ চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান বান কি-মুনে তেওঁক “প্ৰতিজন মহিলা প্ৰতি শিশু”ৰ বাবে উচ্চ পৰ্যায়ৰ পৰামৰ্শদাতা গোটত নিযুক্তি দিয়ে।[15]
২০১৬ চনৰ ১৭ জানুৱাৰীত তেওঁক আন ১৬ গৰাকীৰ সৈতে বহনক্ষম উন্নয়নৰ লক্ষ্যৰ অধিবক্তা[16] হিচাপে নিযুক্তি দিয়া হয়, এই সকলোবোৰ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে নিযুক্তি দিয়ে।
দ্য এলডাৰছ
[সম্পাদনা কৰক]২০০৭ চনৰ ১৮ জুলাইত দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত নেলছন মেণ্ডেলা, গ্ৰাছা মাশেলে আৰু ডেচমণ্ড টুটুৱে মিলি দ্য এলডাৰছ নামৰ সংগঠনটো গঠন কৰে। নেলছন মেণ্ডেলাই নিজৰ ৮৯সংখ্যক জন্মদিনত দিয়া ভাষণত এই সংগঠনটো গঠনৰ কথা ঘোষণা কৰে। এই গোটটোৱে বিষয়ভিত্তিক আৰু নিৰ্দিষ্ট ভৌগোলিক অঞ্চলসমূহৰ গুৰুত্বপূৰ্ণ সমস্যাসমূহত কাম কৰে। দ্য এলডাৰছৰ অগ্ৰাধিকাৰ বিষয়সমূহৰ ভিতৰত আছে — ইজৰাইল–পেলেষ্টাইন সংঘাত, কোৰীয় উপদ্বীপ, চুডান আৰু দক্ষিণ চুডান, স্থায়ী উন্নয়ন, আৰু ছোৱালী আৰু মহিলাৰ সমতা।[17]
গ্ৰাছা মাশেলে বিশেষকৈ শিশুবিবাহ সম্পৰ্কীয় দ্য এলডাৰছৰ কামত সক্ৰিয়ভাৱে জড়িত আছিল। তেওঁ বাল্যবিবাহ বন্ধ কৰিবলৈ গঠিত গাৰ্লছ নট ব্ৰাইডছ: দ্য গ্ল’বেল পাৰ্টনাৰশ্বিপ টু এণ্ড চাইল্ড মেৰেজৰ প্ৰতিষ্ঠাতাসকলৰ এজন আছিল।[18][19]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]১৯৭৫ চনত গ্ৰাছাই মোজাম্বিকৰ প্ৰথম ৰাষ্ট্ৰপতি ছামোৰা মাশেলে সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ দুটা সন্তান ক্ৰমে, কন্যা জোচিনা (জন্ম এপ্ৰিল ১৯৭৬) আৰু পুত্ৰ মালেগানে (জন্ম ডিচেম্বৰ ১৯৭৮)। ১৯৮৬ চনত মোজাম্বিক-দক্ষিণ আফ্ৰিকা সীমান্তৰ ওচৰত তেওঁৰ পতি ৰাষ্ট্ৰপতিৰ ছামোৰা মাশেলৰ বিমান দুৰ্ঘটনাগ্ৰস্ত মৃত্যু হয়।
গ্ৰাছা মাশেলে মেণ্ডেলাই ১৯৯৮ চনৰ ১৮ জুলাইত মেণ্ডেলাৰ ৮০বছৰীয়া জন্মদিনত জোহান্সবাৰ্গত দ্বিতীয় স্বামী নেলছন মেণ্ডেলাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। সেই সময়ত মেণ্ডেলাই দক্ষিণ আফ্ৰিকাৰ বৰ্ণবৈষম্যৰ পিছৰ প্ৰথমজন ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।[20] তেওঁ দুখন দেশৰ ফাৰ্ষ্ট লেডী হোৱা একমাত্ৰ মহিলা হিচাপে পৰিগণিত হয়।[21] ২০১৩ চনৰ ৫ ডিচেম্বৰত নিউমোনিয়াত আক্ৰান্ত হৈ মেণ্ডেলাৰ মৃত্যু হয়।[22]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Graca Machel: There Is Nothing Exceptional About Me...". This Day Live. 16 August 2014. Archived from the original on 13 July 2015. https://web.archive.org/web/20150713231840/http://www.thisdaylive.com/articles/graca-machel-there-is-nothing-exceptional-about-me-/186451.
- ↑ "Nelson Mandela Has Died, A Look Back at His Legacy" (en-us ভাষাত). Biography. Archived from the original on 28 June 2018. https://web.archive.org/web/20180628125052/https://www.biography.com/news/mandela-dead-at-95। আহৰণ কৰা হৈছে: 6 May 2018.
- ↑ "Graça Simbine Machel". sahistory. 2011. https://www.sahistory.org.za/people/graca-simbine-machel। আহৰণ কৰা হৈছে: 4 May 2020.
- ↑ "Nansen Refugee Award". United Nations High Commissioner for Refugees. http://www.unhcr.org/nansen/50374dc66.html। আহৰণ কৰা হৈছে: 13 December 2016.
- ↑ "The North South Prize of Lisbon". North-South Centre. Council of Europe. http://www.coe.int/t/e/north%2Dsouth_centre/programmes/7_north%2Dsouth_prize/winners_PNS.asp। আহৰণ কৰা হৈছে: 21 January 2008.
- ↑ Kassen, Jarita (15 December 2019). "Graca Machel steps down as UCT chancellor". Eyewitness News. https://ewn.co.za/2019/12/14/graca-machel-steps-down-as-uct-chancellor। আহৰণ কৰা হৈছে: 15 December 2019.
- ↑ Davids, Niémah (13 December 2019). "I am not leaving UCT, I am taking UCT with me". University of Cape Town. https://www.news.uct.ac.za/article/-2019-12-13-i-am-not-leaving-uct-i-am-taking-uct-with-me। আহৰণ কৰা হৈছে: 15 December 2019.
- ↑ "Graça Machel Appointed as President of SOAS". Archived from the original on 26 October 2020. https://web.archive.org/web/20201026134809/https://www.soas.ac.uk/news/newsitem75798.html। আহৰণ কৰা হৈছে: 22 August 2020.
- ↑ "Evening with Graca Machel and Fred Swaniker". Ayiba TeamEvening with Graca Machel and Fred Swaniker. 4 November 2015. Archived from the original on 1 December 2017. https://web.archive.org/web/20171201041905/http://ayibamagazine.com/an-evening-with-graca-machel-and-fred-swaniker/। আহৰণ কৰা হৈছে: 4 July 2016.
- ↑ "Our Leadership – ALU" (en-US ভাষাত). ALU. https://alueducation.com/about/our-leadership/.
- ↑ "Elections to the British Academy celebrate the diversity of UK research". 21 July 2017. https://www.britac.ac.uk/news/elections-british-academy-celebrate-diversity-uk-research.
- ↑ Ella Wills (17 July 2018). "Barack Obama in coded attack on Donald Trump in his most significant speech since the end of his presidency". https://www.standard.co.uk/news/world/barack-obama-makes-coded-attack-on-donald-trump-in-most-significant-speech-since-the-end-of-his-a3889671.html.
- ↑ The impact of Armed Conflict on Children Archived 4 May 2019 at the Wayback Machine. Unicef.org. Retrieved 7 November 2011.
- ↑ High Level Taskforce on International Innovative Financing for Health Systems: Report released WHO, press release of 29 May 2009.
- ↑ UN Secretary-General Announces Members of the High-Level Advisory Group for Every Woman Every Child Archived 28 August 2016 at the Wayback Machine Every Woman Every Child, press release of 21 January 2016.
- ↑ "graca-machel" (en-US ভাষাত). SDG Advocates. https://www.unsdgadvocates.org/graca-machel। আহৰণ কৰা হৈছে: 19 September 2020.
- ↑ "The Elders: Our Work". TheElders.org. http://www.theelders.org/our-work। আহৰণ কৰা হৈছে: 7 March 2013.
- ↑ Elisabeth Braw, Metro International (10 October 2011). "Graca Machel: Within Ten Years Women Will Have Changed Africa". The Huffington Post. http://www.huffingtonpost.com/elisabeth-braw/graca-machel-within-ten-y_b_1003051.html। আহৰণ কৰা হৈছে: 7 March 2013.
- ↑ Graça Machel and Desmond Tutu (1 August 2012). "Early marriage robs children of their opportunities". The Washington Post. https://www.washingtonpost.com/opinions/child-marriage-robs-girls-of-their-opportunities/2012/07/31/gJQAUd7kNX_story.html.
- ↑ "Nelson Mandela marries Graça Machel on his 80th birthday | South African History Online" (en ভাষাত). sahistory.org.za. https://sahistory.org.za/dated-event/nelson-mandela-marries-graca-machel-his-80th-birthday.
- ↑ "First First Lady of more than one country". guinnessworldrecords.com. https://www.guinnessworldrecords.com/world-records/first-female-to-be-first-lady-of-more-than-one-country। আহৰণ কৰা হৈছে: 3 December 2025.
- ↑ "Nelson Mandela Has Died, A Look Back at His Legacy" (en-us ভাষাত). Biography. Archived from the original on 28 June 2018. https://web.archive.org/web/20180628125052/https://www.biography.com/news/mandela-dead-at-95। আহৰণ কৰা হৈছে: 6 May 2018.