সমললৈ যাওক

গ্ৰীষ্মকালীন পেৰালিম্পিক ২০১৬ত ভাৰত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
২০১৬ গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতবৰ্ষ

ভাৰতৰ পতাকা
আইঅ'চি ক'ড   IND
ব্ৰাজিল, ৰিঅ' দি জেনেৰিঅ'
ছেপ্টেম্বৰ ৭, ২০১৬ (2016-09-07) - ছেপ্টেম্বৰ ১৮, ২০১৬ (2016-09-18)
প্ৰতিযোগী ১৯ জন
পদক
স্থান: ৪৩
স্বৰ্ণ
ৰূপ
ব্ৰঞ্জ
মুঠ
গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতবৰ্ষ
২০১৬ . ২০২০ . ২০২৪
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ২০১৬ ৰিঅ' পেৰালিম্পিকৰ ভাৰতীয় প্ৰতিনিধি দল

ভাৰতে ২০১৬ চনৰ ৭ ছেপ্টেম্বৰৰ পৰা ১৮ ছেপ্টেম্বৰলৈ ব্ৰাজিলৰ ৰিঅ' দি জেনেৰিঅ'ত অনুষ্ঠিত ২০১৬ গ্ৰীষ্মকালীন পেৰালিম্পিক ক্ৰীড়াত অংশগ্ৰহণ কৰে। ১৯৬৮ চনৰ পেৰালিম্পিক ক্ৰীড়াৰ পৰা ভাৰতীয় খেলুৱৈ সকলে গ্ৰীষ্মকালীন পেৰালিম্পিকৰ ১৯৭৬ আৰু ১৯৮০ চনৰ সংস্কৰণক বাদ দি প্ৰতিটো সংস্কৰণত যোগদান কৰি আহিছে।

২০১৬ চনৰ ৮ আগষ্ট তাৰিখে ভাৰতীয় পেৰালিম্পিক সন্থায়ে ১৯ জনীয়া (১৬জন পুৰুষ আৰু ৩ গৰাকী নাৰী) প্ৰতিনিধিৰ দল ৰিঅ' পেৰালিম্পিকৰ ৫তা খেলৰ বাবে ঘোষণা কৰে।[1]

পেৰালিম্পিকৰ ইতিহাসত ভাৰতে গ্ৰীষ্মকালীন পেৰালিম্পিকলৈ পঠিওৱা ইয়ে আটাইতকৈ বেছি সংখ্যক প্ৰতিযোগী। লগতে এইবাৰ ভাৰতে নিজৰ উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰে। ভাৰতে ২টা সোণ, ১টা ৰূপ আৰু ১টা ব্ৰঞ্জৰ পদকৰে পিডক তালিকাৰ ৪৩তম স্থান অধিকাৰ কৰে। এইবাৰ ভাৰতীয় পেৰা খেলুৱৈ দেৱেন্দ্ৰ ঝাঝাৰীয়াই জেভলীন থ্ৰোত বিশ্ব ৰেকৰ্ড গঢ়ি সোণৰ পদক লাভ কৰে।[2]

প্ৰতিযোগিতা

[সম্পাদনা কৰক]
ক্ৰীড়া পুৰুষ মহিলা মুঠ ইভেণ্ট
আৰ্চাৰী
এথলেটিকছ ১৩ ১৫ ১১
ভাৰোলত্তন
সাঁতোৰ
শ্বুটিং
মুঠ ১৬ ১৯ ১৫

পদক বিজয়ী

[সম্পাদনা কৰক]

সৰ্বমুঠ

[সম্পাদনা কৰক]
পদক নাম খেল ইভেণ্ট তাৰিখ
1 স্বৰ্ণ পদক মাৰীয়াপ্পান থানগাভেলু এথলেটিকছ পুৰুষৰ হাই জাম্প এফ৪২ ৯ ছেপ্টেম্বৰ
1 স্বৰ্ণ পদক দেৱেন্দ্ৰ ঝাঝাৰীয়া এথলেটিকছ জেভলীন থ্ৰো এফ৪৬ ১৪ ছেপ্টেম্বৰ
2 ৰূপৰ পদক দীপা মালিক এথলেটিকছ মহিলাৰ শ্বট পুত এফ৫৩ ১২ ছেপ্টেম্বৰ
 ব্ৰঞ্জৰ পদক বৰুণ সিং ভাটী এথলেটিকছ পুৰুষৰ হাই জাম্প এফ৪২ ৯ ছেপ্টেম্বৰ

ক্ৰীড়া অনুযায়ী পদক

[সম্পাদনা কৰক]
ক্ৰীড়া 1 স্বৰ্ণ পদক 2 ৰূপৰ পদক  ব্ৰঞ্জৰ পদক মুঠ
এথলেটিকছ

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]