গ্ৰুহলক্ষ্মী
অৱয়ব
গ্ৰুহলক্ষ্মী (অনু: গৃহলক্ষ্মী: ইংৰাজী: Gruhalakshmi) এইচ এম ৰেড্ডী প্ৰযোজিত আৰু পৰিচালিত, ১৯৩৮ চনৰ ভাৰতীয় তেলেগু ভাষাৰ এখন নাট্যধৰ্মী ছবি। ৰামানুজাচাৰ্য্যুলু, কাঞ্চনমালা, কান্নাম্বা আৰু চিত্তুৰ নাগয়া অভিনীত এই ছবিখন ৰোহিনী পিকচাৰ্ছৰ প্ৰথম প্ৰযোজনা আৰু চিত্তুৰ নাগয়াৰ প্ৰথম ছবি আছিল।[1] ১৯২৯ চনত সোমৰাজু ৰামানুজ ৰাওৰ মঞ্চ নাটক ৰংগুন ৰাউডীৰ অভিযোজন কৰা এই ছবিখন ব্যৱসায়িকভাৱে সফল হৈছিল।[2] গ্ৰুহলক্ষ্মী কাঞ্চনমালাক তেলেগু চিনেমাৰ প্ৰথম "প্ৰাণৱন্ত" ছোৱালী হিচাপে পৰিচয় কৰাই দিয়াৰ বাবে উল্লেখযোগ্য। ছবিখনে কামুকতাৰ সাহসী চিত্ৰয়াণৰ বাবে ব্যাপক চৰ্চা লাভ কৰে।[3] এই ছবিখন কে.ভি. ৰেড্ডীৰ আৰম্ভণিৰ কেৰিয়াৰৰ চিন স্বৰূপ আছিল, যিয়ে এজন বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা হোৱাৰ আগতে ৰোহিনী পিকচাৰ্ছৰ কেচিয়াৰ হিচাপে কাম কৰিছিল।[4]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Gruhalakshmi (1938)". Idlebrain.com. Archived from the original on 21 February 2009. https://web.archive.org/web/20090221152652/http://www.idlebrain.com/nosta/grihalakshmi.html। আহৰণ কৰা হৈছে: 1 September 2009.
- ↑ S. V., Rama Rao; C. V. R., Manikyeswari (8 September 2018). "భాగ్యచక్రము | ఫ్లాష్ బ్యాక్ @ 50" (te ভাষাত). Andhra Bhoomi. http://www.andhrabhoomi.net/content/flashback50-23। আহৰণ কৰা হৈছে: 2022-09-29.
- ↑ Narasimham, M. L. (2019-01-22). "The song from ‘Gruhalakshmi’ released in 1938 featured an item number and a ‘seductive heroine’" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/movies/gruhalakshmi-featured-an-item-number-and-a-seductive-heroine-as-well/article26059512.ece.
- ↑ వేణుగోపాల్, డా. నాగసూరి (2021-08-21). "తెలుగు సినిమా స్వర్ణయుగంలో మూలస్తంభం" (te ভাষাত). Sakshi. https://www.sakshi.com/telugu-news/guest-columns/moola-narayana-swamy-one-basic-pillar-telugu-cinema-golden-era-1389327। আহৰণ কৰা হৈছে: 2022-10-02.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Grihalakshmi সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।