গ্ৰেচ কুজুৰ
গ্ৰেচ কুজুৰ (হিন্দী: ग्रेस कुजूर, ইংৰাজী: Grace Kujur; জন্ম: ৩ এপ্ৰিল ১৯৪৯) এগৰাকী ভাৰতীয় আদিবাসী লেখিকা আছিল। তেওঁৰ জন্ম হৈছিল ১৯৪৯ চনত ঝাৰখণ্ডৰ ৰাঁচীত। তেওঁৰ মাতৃভাষা আছিল 'কুড়ুখ'। তেওঁৰ পিতৃৰ নাম আছিল পৈত্ৰিক কুজুৰ আৰু মাতৃৰ নাম আছিল আছিল ৰুথ কেৰকেট্টা। পিতৃ আছিল হস্পিতালৰ কম্পাউণ্ডাৰ আৰু মাতৃ আছিল হেল্থ ভিজিটৰ।
প্ৰাথমিক জীৱন আৰু কেৰিয়াৰ
[সম্পাদনা কৰক]তেওঁৰ প্ৰাৰম্ভিক আৰু উচ্চ শিক্ষা ৰাঁচীতে সম্পূৰ্ণ হৈছিল। ১৯৭৬ চনত তেওঁ অল ইণ্ডিয়া ৰেডিঅ'ত প্ৰগ্ৰেম কৰডিনেটৰ হিচাপে যোগদান কৰিছিল।ইয়াৰ সমানে সমানে তেওঁ ৰাঁচী, পটনা, দিল্লী, ভাগলপুৰ আদি ঠাইতো সেৱা আগবঢ়াইছিল। পিছলৈ তেওঁ পৰিচালক হিচাপে কাম কৰিছিল। ২০০৮ চনত তেওঁ অল ইণ্ডিয়া ৰেডিঅ'ৰ পৰা ডাইৰেক্টৰ জেনেৰেল হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।[1]
সাহিত্য কৰ্ম
[সম্পাদনা কৰক]কুজুৰে ১৯৬৬ চনত লিখা মেলা কাম আৰম্ভ কৰে। তেওঁ মুখ্যতঃ হিন্দী ভাষাত লিখিছিল। তেওঁৰ কবিতাসমূহ 'হিন্দুস্তান', 'আজ', 'যুদ্ধৰত আম আদমী', 'আৰ্যবৰ্ত্ত', 'ঝাৰখণ্ডী ভাষা সাহিত্য সংস্কৃতি অখড়া' আদি বিভিন্ন পত্ৰিকাত প্ৰকাশিত হৈছিল। 'কলম উগলতী আগ', 'লোকপ্ৰিয় আদিবাসী কবিতাএ',[2], 'কলম কো তীৰ হোনে দ' আদি কাব্য সংকলনত তেওঁৰ কবিতাসমূহ সন্নিৱিষ্ট কৰা হৈছে। তেওঁ অনাতাঁৰ নাটকো লিখিছিলে। সমাজত প্ৰচলিত অন্ধবিশ্বাস ডাইনীৰ ওপৰত তেওঁ 'মহুৱা গিৰে আধী ৰাত' নামৰ এখন জনপ্ৰিয় অনাতাঁৰ নাটক লিখিছিল।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "हिन्दी कविताओं की रचयिता - ग्रेस कुजुर". http://kurukhworld.com/literature/misc/gress.htm। আহৰণ কৰা হৈছে: October 2, 2018.
- ↑ Lokpriya Aadivasi Kavitayen | https://www.prabhatbooks.com/lokpriya-aadivasi-kavitayen.htm
- ↑ "कवयित्री ग्रेस ने अपनी रचनाओं से मोहा मन". https://www.prabhatkhabar.com/news/ranchi/story/1018688.html। আহৰণ কৰা হৈছে: October 2, 2018.