গ্ৰেচ ভেন পেটিন
| গ্ৰেচ ভেন পেটিন | |
|---|---|
২০২১ চনত ভেন পেটিন | |
| জন্ম | গ্ৰেচ ভেন পেটিন ২১ নৱেম্বৰ, ১৯৯৬ নিউয়ৰ্ক চিটি, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০০৬–বৰ্তমান |
| আত্মীয়-স্বজন | ডিক ভেন পেটিন (খুড়াক/বৰদেউতাক) জয়চ ভেন পেটিন (মাহী/পেহী) ভিনচেণ্ট ভেন পেটিন (খুড়াক/বৰদেউতাকৰ পুত্ৰ) টালিয়া বালচাম (মাহী/পেহীৰ জীয়ৰী) |
গ্ৰেচ ভেন পেটিন (জন্ম: ২১ নৱেম্বৰ, ১৯৯৬)এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ নেটফ্লিক্সৰদ্বাৰা বিতৰণ কৰা দুখন চলচ্চিত্ৰ ট্ৰেম্পছ (২০১৬) আৰু দ্য মেয়াৰোউইজ ষ্ট'ৰীজ (২০১৭), আৰু হুলু অৰিজিনেল ধাৰাবাহিক নাইন পাৰফেক্ট ষ্ট্ৰেঞ্জাৰ্ছ (২০২১), টেল মি লাইজ (২০২২) আৰু দ্য টুইষ্টেড টেল অৱ আমাণ্ডা নক্সত (২০২৫) অভিনয় কৰিছে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]ভেন পেটিন নিউয়ৰ্ক চহৰৰ ট্ৰাইবেকাত ডাঙৰ-দীঘল হৈছিল আৰু ফিঅ’ৰেলো এইচ. লা গাৰ্ডিয়া হাইস্কুলত অধ্যয়ন কৰিছিল। তেওঁ পৰিচালক তথা প্ৰযোজক টিমথি ভেন পেটিনৰ তিনিগৰাকী কন্যাৰ ভিতৰত জ্যেষ্ঠ। তেওঁ হাস্য অভিনেতা ডিক ভেন পেটিনৰ ভতিজী।[1] তেওঁৰ মাহী/পেহীৰ জীয়ৰী হ’ল অভিনেত্ৰী টালিয়া বালচাম, যিগৰাকী জয়চ ভেন পেটিনৰ কন্যা।
কৰ্মজীৱন
[সম্পাদনা কৰক]আঠ বছৰ বয়সত ভেন পেটিনৰ প্ৰথম চৰিত্ৰটো আছিল তেওঁৰ পিতৃয়ে পৰিচালনা কৰা ক্ৰাইম ড্ৰামা টেলিভিছন ধাৰাবাহিক দ্য ছ'প্ৰানোছত। পিতৃয়েই তেওঁৰ বাবে অডিচনৰ ব্যৱস্থা কৰি দিছিল আৰু তেওঁ গেংষ্টাৰ ইউজিন পণ্টেকৰ্ভোৰ কন্যা এলিৰ চৰিত্ৰত অভিনয় কৰিছিল।[2] ২০১৪ চনত তেওঁৰ পিতৃৰদ্বাৰা পৰিচালিত আন এখন ধাৰাবাহিক বৰ্ডৱাক এম্পায়াৰৰ এটা খণ্ডতো তেওঁ অভিনয় কৰিছিল।[3] তেওঁ চাউদাৰ্ণ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত নামভৰ্তি পিছুৱাই দি নিউয়ৰ্ক চহৰত অডিচন দিয়াৰ লগতে কমিউনিটি কলেজত মনোবিজ্ঞান আৰু দৰ্শনৰ শ্ৰেণীত অংশ লৈছিল। অৱশ্যে, শিক্ষাবৰ্ষৰ মাজতে কাম পোৱাৰ বাবে তেওঁ সেই পাঠ্যক্ৰমসমূহো স্থগিত ৰাখিছিল।
ভেন পেটিনে তেওঁৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ নেটফ্লিক্সৰ ৰোমাণ্টিক কমেডী ট্ৰেম্পছত এলিৰ চৰিত্ৰত অভিনয় কৰিছিল,[4] যিখন ২০১৬ চনৰ টৰেণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল।[2] ইয়াৰ উপৰি তেওঁ ক্ৰাইম ড্ৰামা ষ্টিলিং কাৰ্ছত এটা সৰু চৰিত্ৰত আৰু ২০১৭ চনৰ হৰৰ থ্ৰিলাৰ চেণ্ট্ৰেল পাৰ্কত অভিনয় কৰিছিল।[3][5] কমেডী-ড্ৰামা ছবি দ্য মেয়াৰোউইজ ষ্ট'ৰীজ (নিউ এণ্ড চিলেক্টেড)ত ভেন পেটিনে বাৰ্ড কলেজৰ চলচ্চিত্ৰৰ ছাত্ৰী তথা এডাম ছেণ্ডলাৰৰ চৰিত্ৰ ডেনিৰ কন্যা ইলাইজাৰ চৰিত্ৰত অভিনয় কৰিছিল। নোৱা বাউমবাকৰদ্বাৰা পৰিচালিত আৰু ২০১৭ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত এই ছবিখনত ইলাইজাই নিজকে লৈ যৌনতাপূৰ্ণ চুটি ছবি নিৰ্মাণ কৰে।[2]
মঞ্চত অভিষেক ঘটাই ভেন পেটিনে পাৰ্চিং স্কোৱাৰ চিগনেচাৰ চেণ্টাৰত জোচিয়া মামেটৰ সৈতে হামিছ লিংকলেটাৰৰ অফ-ব্ৰডৱে নাটক দ্য হোৱাৰ্লিগিগত অভিনয় কৰিছিল।[2][4][6] ভেন পেটিনে গ্লেন ক্ল'জ, জন মালকোভিচ, পেট্ৰিক ষ্টুৱাৰ্ট আৰু মিনি ড্ৰাইভাৰৰ সৈতে ২০১৭ চনৰ ৰোমাণ্টিক কমেডী দ্য ৱাইল্ড ৱেডিংত অভিনয় কৰিছিল।[4] ডলি ৱেলছৰ গুড পষ্টিয়াৰৰ মূল চিত্ৰগ্ৰহণ ২০১৭ চনৰ ডিচেম্বৰৰ শেষৰফালে ব্ৰুকলিনত সমাপ্ত হয়, য’ত ভেন পেটিন আৰু এমিলি মৰ্টিমাৰে অভিনয় কৰিছিল।[7]
তেওঁ ডেভিদ ৰবাৰ্ট মিচেলৰ ক্ৰাইম নয়াৰ আণ্ডাৰ দ্য ছিলভাৰ লেকত মামেট, ৰাইলী কিঅ’ আৰু এণ্ড্ৰু গাৰফিল্ডৰ সৈতে ভূমুকি মাৰিছিল।[5][8] ভেন পেটিনক ২০১৭ চনত ভেৰাইটি আলোচনীৰ "১০ এক্টৰছ টু ৱাচ"ৰ অন্যতম হিচাপে নামকৰণ কৰা হৈছিল।[3] ২০১৮ চনৰ শৰৎকালত তেওঁ পাব্লিক থিয়েটাৰৰ নিৰ্মাণ মাদাৰ অৱ দ্য মেইডত গ্লেন ক্ল'জৰ বিপৰীতে জোৱান অৱ আৰ্ক হিচাপে অভিনয় কৰে।[9] তেওঁ কেৰেম চংগাৰ ড্ৰামা ছবি দ্য ভায়োলেণ্ট হাৰ্টত জোভান আডেপোৰ বিপৰীতে অভিনয় কৰিছিল।[10]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]২০২২ চনৰপৰা ভেন পেটিন অভিনেতা তথা টেল মি লাইজ ধাৰাবাহিকৰ সহ-অভিনেতা জেকচন হোৱাইটৰ সৈতে সম্পৰ্কত আছে।[11][12]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Smith, Krista (October 2017). "Grace Van Patten Is a Real New York City Kid". Vanity Fair. https://www.vanityfair.com/style/2017/09/grace-van-patten-is-a-real-new-york-city-kid। আহৰণ কৰা হৈছে: December 2, 2017.
- 1 2 3 4 Cusumano, Katherine (October 13, 2017). "Meet Grace Van Patten, 20-Year-Old Star of The Meyerowitz Stories and the Next Great Indie Film Discovery". W. https://www.wmagazine.com/story/grace-van-patten-the-meyerowitz-stories-netflix। আহৰণ কৰা হৈছে: December 2, 2017.
- 1 2 3 Saval, Malina (October 4, 2017). "10 Actors to Watch: Grace Van Patten Stars in 'The Meyerowitz Stories'". Variety. https://variety.com/2017/film/features/10-actors-to-watch-grace-van-patten-1202578278/। আহৰণ কৰা হৈছে: December 2, 2017.
- 1 2 3 Brown, Emma (May 11, 2017). "Discovery: Grace Van Patten". Interview. https://www.interviewmagazine.com/film/discovery-grace-van-patten। আহৰণ কৰা হৈছে: December 2, 2017.
- 1 2 Spellberg, Claire (October 25, 2017). "Who Is Grace Van Patten? Here's Everything You Need To Know About The Scene-Stealing Daughter in 'The Meyerowitz Stories'". Decider. https://decider.com/2017/10/25/who-is-grace-van-patten-heres-everything-you-need-to-know-about-the-scene-stealing-daughter-in-the-meyerowitz-stories/। আহৰণ কৰা হৈছে: December 2, 2017.
- ↑ "Hollywood's Freshmen Class: 6 Young Actresses You Should Know This Fall". Paper. September 14, 2017. http://www.papermag.com/hollywoods-freshmen-class-actresses-1-2479264999.html। আহৰণ কৰা হৈছে: December 2, 2017.
- ↑ Grater, Tom (December 22, 2017). "Emily Mortimer, Grace Van Patten wrap US comedy-drama 'Good Posture'". ScreenDaily. https://www.screendaily.com/news/emily-mortimer-grace-van-patten-wrap-us-comedy-drama-good-posture-exclusive/5125201.article। আহৰণ কৰা হৈছে: December 24, 2017.
- ↑ N'Duka, Amanda (August 14, 2017). "Actress Grace Van Patten Inks With WME". Deadline Hollywood. https://deadline.com/2017/08/actress-grace-van-patten-wme-representation-1202148713/। আহৰণ কৰা হৈছে: December 2, 2017.
- ↑ "Mother Of The Maid. Anspacher Theater, September 25 - December 23". publictheater.org. Archived from the original on 2018-10-18. https://web.archive.org/web/20181018153301/https://publictheater.org/Tickets/Calendar/PlayDetailsCollection/18-19-Season/Mother-of-the-Maid/। আহৰণ কৰা হৈছে: 2026-03-16.
- ↑ Fleming, Mike Jr. (December 6, 2017). "'Meyerowitz's Grace Van Patten & 'Fences' Jovan Adepo Set For 'The Violent Heart'". Deadline Hollywood. https://deadline.com/2017/12/grace-van-patten-jovan-adepo-the-violent-heart-21-laps-kerem-sanga-1202220721/। আহৰণ কৰা হৈছে: December 9, 2017.
- ↑ Rebecca Aizin (September 4, 2024). "Grace Van Patten and Jackson White's Relationship: All About the Tell Me Lies Costars' Romance". People.com. https://people.com/all-about-grace-van-patten-jackson-white-relationship-8706225। আহৰণ কৰা হৈছে: September 5, 2024.
- ↑ Julia Moore (September 3, 2024). "Grace Van Patten Says She and Boyfriend Jackson White Are 'Wildly Different' from Their Toxic Tell Me Lies Characters (Exclusive)". People.com. https://people.com/grace-van-patten-jackson-white-are-wildly-different-from-tell-me-lies-characters-exclusive-8705779। আহৰণ কৰা হৈছে: September 5, 2024.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- গ্ৰেচ ভেন পেটিন সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।