গ্ৰেট মোগল ডায়মণ্ড
গ্ৰেট মোগল হীৰাৰ এক প্ৰতিলিপি | |
| মূল দেশ | ভাৰত |
|---|---|
| খনি | কোল্লুৰ খনি |


গ্ৰেট মোগল আছিল এটা বৃহৎ হীৰা, যিটো সম্ভৱতঃ ১৬৫০ চনৰ আশে-পাশে দক্ষিণ ভাৰতৰ গোলকোণ্ডা অঞ্চলৰ কোল্লুৰ খনিৰ পৰা উদ্ধাৰ কৰা হৈছিল। জাঁ-বেপ্টিষ্ট টাভাৰ্নিয়াৰে হীৰাটিৰ বৰ্ণনা এইদৰে দিছিল: "শিলটোৰ আকৃতি এনেকুৱা যেন কোনোবাই এটা কণী মাজভাগত কাটি থৈছে"।[1] ইয়াৰ ওজন ২৮০ কেৰেট (৫৬ গ্ৰাম)।
ইতিহাস
[সম্পাদনা কৰক]৭৮৭ কেৰাট ওজনৰ এই কেঁচা হীৰাটি আমিৰ জেমলাই পঞ্চম মোগল সম্ৰাট ছাহজাহানক দুই পৰিয়ালৰ মাজত কূটনৈতিক সম্পৰ্কৰ অংশ হিচাপে উপহাৰ দিছিল।[2] জেমলাই ইয়াক "সেই বিখ্যাত হীৰা বুলি বৰ্ণনা কৰিছিল যিটো সাধাৰণতে আকাৰ আৰু সৌন্দৰ্যত অতুলনীয় বুলি গণ্য কৰা হয়।"[3]
অৰ্টেন্সিঅ’ বৰ্গিঅ’ নামৰ এজন ভেনিচিয়ান শিল্পীৰ ওপৰত হীৰাটি কটাৰ দায়িত্ব ন্যস্ত কৰা হৈছিল। হীৰাটিৰ ভিতৰত কিছুমান ত্ৰুটি থকাৰ বাবে বৰ্গিঅ’ই সেইবোৰ নোহোৱা নকৰালৈকে হীৰাটি ঘঁহি থকাৰ সিদ্ধান্ত লয়। কিন্তু এই কামৰ ফলত হীৰাটিৰ ওজন বহুখিনি কমি যায় আৰু ফলাফল অত্যন্ত বেয়া হয়। সম্ৰাট শাহজাহানে খঙতে বৰ্গিঅ’ক ১০,০০০ টকা জৰিমনা বিহে। পূৰ্বতে এই কাহিনীটো কোহিনুৰ হীৰাৰ বুলি ভবা হৈছিল, কিন্তু শেহতীয়া গৱেষণাত ই গ্ৰেট মোগল হীৰাৰ বুলি প্ৰমাণিত হৈছে।[4]
১৬৬৫ চনৰ আশে-পাশে ছাহজাহানৰ পুত্ৰ ঔৰংজেৱে এই হীৰাটি বিখ্যাত জহৰী তথা পৰিব্ৰাজক জাঁ বেপ্টিষ্ট টাভাৰ্নিয়াৰক দেখুৱাইছিল। টাভাৰ্নিয়াৰে লিখিছিল যে হীৰাটি আছিল ৰোজ-কাট আৰু ইয়াৰ এফালে এটা সৰু ফাঁট আছিল। সেই সময়ত ইয়াৰ ওজন আছিল ২৮০ কেৰাট।[5]
আধুনিক পণ্ডিতসকলৰ মতে, গ্ৰেট মোগল আচলতে অৰ্লভ হীৰা, যিটো বৰ্তমান ৰাছিয়াৰ ক্ৰেমলিনৰ ইম্পেৰিয়েল চেপ্টাৰৰ অংশ।[6]
কল্পকাহিনীত গ্ৰেট মোগল
[সম্পাদনা কৰক]- চাৰ আৰ্থাৰ কোনান ডয়েলৰ উপন্যাস চাইন অৱ দ্য ফোৰত গ্ৰেট মোগল হীৰাৰ কথা উল্লেখ আছে।
- ১৮৯৮ চনৰ বিজ্ঞানভিত্তিক উপন্যাস এডিছনছ কনকুৱেষ্ট অৱ মাৰ্চত চিয়ামৰ ৰজাই মঙল গ্ৰহ আক্ৰমণৰ বাবে গ্ৰেট মোগল হীৰাটি আগবঢ়ায়।
- বাংলাদেশী লেখক কাজী আনোৱাৰ হোছেইনে তেওঁৰ মাসুদ ৰানা শৃংখলাৰ আই লাভ ইউ, মেন নামৰ কিতাপখনত এই হীৰাটি ব্যৱহাৰ কৰিছে।
আৰু চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Spring 1941, Important Diamonds of the World - The Great Mogul; Star of South Africa (or Dudley), Robert M Shipley, p. 143, 2pp.
- ↑ "George John Younghusband - The jewel house : an account of the many romances connected with the royal regalia, Page 9". Archived from the original on 25 June 2020. https://web.archive.org/web/20200625062055/http://www.ebooksread.com/authors-eng/g-j-george-john-younghusband/the-jewel-house--an-account-of-the-many-romances-connected-with-the-royal-regal-ala/page-9-the-jewel-house--an-account-of-the-many-romances-connected-with-the-royal-regal-ala.shtml। আহৰণ কৰা হৈছে: 14 November 2012.
- ↑ Orpen, Mrs. Goddard. Stories about Famous Precious Stones Boston: D. Lothrop Company, 1890. pp. 204
- ↑ "Koh-i-Noor: Six myths about a priceless diamond". BBC News.. 9 December 2016. https://www.bbc.co.uk/news/world-asia-india-38218308.
- ↑ Streeter, Edwin W. The Great Diamonds of the World: Their History and Romance London: George Bell and Sons, 1882. pp. 69-72
- ↑ "Koh-i-Noor: Six myths about a priceless diamond". BBC News.. 9 December 2016. https://www.bbc.co.uk/news/world-asia-india-38218308.