গৰিমা অৰোৰা
গৰিমা অৰোৰা গৰিমা অৰোৰা এগৰাকী ভাৰতীয় মাষ্টাৰ চেফ, জজ হোটেলিয়াৰ, ৰেষ্টুৰেণ্টৰ মালিক আৰু এগৰাকী মহিলা ব্যৱসায়িক। তেখেত ২০১৮ চনৰ নৱেম্বৰ মাহত মিচেলিন ষ্টাৰ লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়। [1][2][3]
প্ৰাথমিক জীৱন আৰু পেচা
[সম্পাদনা কৰক]অৰোৰা মুম্বাইত ডাঙৰ-দীঘল হৈছিল। তেওঁ এটা পাঞ্জাবী অৰোৰা পৰিয়ালৰ। প্ৰথমতে চেফ হোৱাৰ আগতে তেওঁ সাংবাদিকতাত কেৰিয়াৰ গঢ়িছিল।
২০০৮ চনত তেওঁ ফ্ৰান্সলৈ ৰাওনা হয়। পেৰিছৰ লে কৰ্ডন ব্লুত অধ্যয়ন কৰি ২০১০ চনত স্নাতক ডিগ্ৰী লাভ কৰে। ২০১৭ চনৰ এপ্ৰিল মাহত বেংককত নিজাকৈ ৰেষ্টুৰেণ্ট গায়া খোলাৰ পূৰ্বে তেওঁ কোপেনহেগেনৰ নোমাৰ গৰ্ডন ৰামছে আৰু ৰেনে ৰেডজেপিৰ সৈতে কাম কৰে [4]।
বেংককৰ মাজমজিয়াত থকা এটা পৰম্পৰাগত থাই ঘৰত অৱস্থিত গা হৈছে এখন মডাৰ্ণ ইণ্ডিয়ান ফাইন ডাইনিং ৰেষ্টুৰেণ্ট। [1]
বঁটা আৰু সংস্থাসমূহ
[সম্পাদনা কৰক]২০১৮ চনৰ নৱেম্বৰ মাহত তেওঁ আৰু তেওঁৰ ৰেষ্টুৰেণ্টখনে মিচেলিন ষ্টাৰ লাভ কৰে। অৰোৰা এই সন্মান লাভ কৰা প্ৰথমগৰাকী মহিলা ভাৰতীয় চেফ। [5]
২০১৯ চনৰ মাৰ্চ মাহত ৰেষ্টুৰেণ্ট গাৱে এছিয়াৰ ৫০খন শ্ৰেষ্ঠ ৰেষ্টুৰেণ্টৰ তালিকাত ১৬ নম্বৰ স্থানত আত্মপ্ৰকাশ কৰি সৰ্বোচ্চ নৱ প্ৰৱেশ বঁটা লাভ কৰে।
২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত অৰোৰাক বিশ্বৰ ৫০খন শ্ৰেষ্ঠ ৰেষ্টুৰেণ্টে বছৰৰ বাবে এছিয়াৰ শ্ৰেষ্ঠ মহিলা চেফ হিচাপে নিৰ্বাচিত কৰে। [6][7]
২০১৯ চনৰ জুন মাহত ৰেষ্টুৰেণ্ট গাৱে বিশ্বৰ ৫০খন শ্ৰেষ্ঠ ৰেষ্টুৰেণ্ট [8] তালিকাত ৯৫ নম্বৰত আত্মপ্ৰকাশ কৰে।
২০১৯ চনৰ আগষ্ট মাহত অৰোৰাই ভাৰতীয় খাদ্যৰ ভৱিষ্যতক অগ্ৰাধিকাৰ দি ফুড ফৰৱাৰ্ড ইণ্ডিয়া[9] আৰম্ভ কৰে। ২০১৯ চনৰ ১৭ অক্টোবৰত মুম্বাইত অনুষ্ঠিত হোৱা এই উদ্বোধনী অনুষ্ঠানত ভাৰতীয় খাদ্য সমাজৰ মুম্বাইৰ উজ্জ্বল মনবোৰক একত্ৰিত কৰি আলোচনা, খাদ্য সোৱাদ আৰু পেনেল আলোচনাৰে ভৰা এটা দিনত অংশগ্ৰহণ কৰে।
মাষ্টাৰচেফ ইণ্ডিয়াৰ অন্যতম বিচাৰক। (২০২৩)
২০২৩ চনৰ ডিচেম্বৰ মাহত অৰোৰাক দ্বিতীয় মিচেলিন ষ্টাৰ প্ৰদান কৰা হয়। ইয়াৰ লগে লগে তেওঁ দুটা মিচেলিন ষ্টাৰ লাভ কৰা প্ৰথম আৰু একমাত্ৰ মহিলা ভাৰতীয় চেফ হিচাপে পৰিগণিত হয়। [10]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 "Chef Arora: India's first woman with a Michelin star" (en ভাষাত). CNN Travel. 2018-11-16. https://www.cnn.com/travel/article/garima-arora-indian-chef-michelin-star/index.html.
- ↑ "India's first woman to win a Michelin star" (en-GB ভাষাত). BBC News. 2018-11-15. https://www.bbc.com/news/world-asia-india-46219876.
- ↑ "Garima Arora: an Indian Chef & Michelin Star" (en ভাষাত). Suger Mint. https://sugermint.com/garima-arora। আহৰণ কৰা হৈছে: 2023-03-28.
- ↑ "Chef Arora: India's first woman with a Michelin star" (en ভাষাত). CNN Travel. 2018-11-16. https://edition.cnn.com/travel/article/garima-arora-indian-chef-michelin-star/index.html.
- ↑ "Garima Arora becomes first Indian woman to bag a Michelin Star for Bangkok restaurant". The News Minute. 2018-11-15. https://www.thenewsminute.com/article/garima-arora-becomes-first-indian-woman-bag-michelin-star-bangkok-restaurant-91635.
- ↑ Tiu, Cheryl. "Garima Arora, The First Indian Woman To Receive A Michelin Star, Is Now Asia's Best Female Chef 2019" (en ভাষাত). Forbes. https://www.forbes.com/sites/cheryltiu/2019/02/28/garima-arora-the-first-indian-woman-to-receive-a-michelin-star-is-now-asias-best-female-chef-2019/। আহৰণ কৰা হৈছে: 2019-08-12.
- ↑ "Mumbai girl voted Asia's best female chef" (en-US ভাষাত). Condé Nast Traveller India. 2019-02-28. https://www.cntraveller.in/story/mumbai-girl-voted-asias-best-female-chef/। আহৰণ কৰা হৈছে: 2019-08-12.
- ↑ "1-50 The Worlds 50 Best Restaurants" (en ভাষাত). The World's 50 Best Restaurants. https://www.theworlds50best.com/list/1-50-winners#t51-100। আহৰণ কৰা হৈছে: 2019-11-17.
- ↑ "Food Forward India: Can Experts Agree on Indian Food?" (en ভাষাত). MICHELIN Guide. https://guide.michelin.com/th/en/article/features/food-forward-india-can-experts-agree-on-indian-food। আহৰণ কৰা হৈছে: 2019-11-17.
- ↑ Quint, The (2023-12-15). "Indian Chef Garima Arora Makes History with Second Michelin Star" (en ভাষাত). TheQuint. https://www.thequint.com/south-asians/indian-chef-garima-arora-makes-history-with-second-michelin-star-win-at-gaa-restaurant-in-bangkok। আহৰণ কৰা হৈছে: 2023-12-17.