গৰুড়ী গোম্বে

গৰুড়ী গোম্বে হৈছে ভাৰতৰ কৰ্ণাটক ৰাজ্যত প্ৰচলিত এক লোকনৃত্য। নৃত্যশিল্পীসকলে বাঁহৰ লাঠিৰে নিৰ্মিত বৃহৎ পুতলা চিত্ৰিত সাজ-পোছাক পৰিধান কৰে। গৰুডি-গোম্বে শব্দৰ অৰ্থ স্থানীয় ভাষা কানাড়াত যাদুকৰী পুতলা। মহীশূৰ দশহৰা উদ্যাপনৰ সময়ত প্ৰধান উৎসৱৰ সময়ত আৰু শোভাযাত্ৰাত এই নৃত্য পৰিৱেশন কৰা হয়। কৰ্ণাটকৰ উপকূলীয় জিলাসমূহত এই নৃত্যক তত্তিৰায় নামেৰেও জনা যায়। তত্তিৰায় শব্দৰ অৰ্থ হ'ল বাঁহৰ লাঠিৰে নিৰ্মিত পুতলা কঢ়িয়াই নিয়া ব্যক্তি।[1]
কিংবদন্তি
[সম্পাদনা কৰক]এটা কিংবদন্তি অনুসৰি হিন্দু মহাকাব্য মহাভাৰতৰ সময়তো এই নৃত্য পৰিৱেশন কৰা হৈছিল। হিন্দু দেৱতা কৃষ্ণৰ পত্নী সত্যভামাই যেতিয়া তেওঁৰ ওপৰত খং কৰিছিল, তেতিয়া তেওঁ গৰুড়ী গোম্বে পুতলা পিন্ধি তেওঁৰ পত্নীৰ খং শান্ত কৰিছিল।[2]
পুতলাৰ নিৰ্মাণ
[সম্পাদনা কৰক]পুতলাটোৰ মুখখন কাঠৰ টোপোলাৰে তৈয়াৰ কৰা হয় আৰু তাৰ ওপৰত পেপিয়াৰ-মেচ লগোৱা হয়। উপযুক্ত স্কেচ আৰু ৰং ব্যৱহাৰ কৰি পুতলাৰ মুখখন সৃষ্টি কৰা হয়। প্ৰতিটো মুখমণ্ডল কাঠৰ ফ্ৰেমেৰে সহায় কৰা হৈছে। পুতলাবোৰৰ উচ্চতা ১০ৰপৰা ১২ ফুট পৰ্যন্ত হ'ব পাৰে আৰু ফ্ৰেমটোকে ধৰি মুঠ ওজন ৪০ কিলোগ্ৰাম পৰ্যন্ত হ'ব পাৰে।[1][2] এই বৃহৎ গঠনটো কান্ধত লৈ এজন ব্যক্তিয়ে তলৰপৰা ফ্ৰেমত প্ৰৱেশ কৰি নৃত্য পৰিৱেশন কৰে[1][2] পৰিৱেশকক ফ্ৰেমৰ এটা ফুটাৰে বাহিৰৰ জগতখন চাবলৈ দিয়া হয়।
নৃত্য
[সম্পাদনা কৰক]পুতলাবোৰৰ গধুৰ ওজনৰ বাবে বেছিভাগ অভিনেতা পুৰুষ।[2] নৃত্য প্ৰদৰ্শন আঠ ঘণ্টালৈকে চলিব পাৰে, এইদৰে পৰিবেশকসকলে পাল পাতি গধুৰ পুতলাবোৰ কঢ়িয়াই লৈ ফুৰে।[2] যদিও এই অভিনয়ৰ আঁৰৰ মূল ধাৰণাটো হ'ল এটা হাস্যকৰ পৰিৱেশ সৃষ্টি কৰা, তথাপিও ইয়াক দুষ্ট আত্মাক দূৰ কৰিবলৈ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয়।[1]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 A description of Gaarudi Gombe is provided by "Folk Arts - Music and Dance". Online webpage of udupipages.com. Shathabdi Graphics Pvt. Ltd.. Archived from the original on 2007-01-02. https://web.archive.org/web/20070102054528/http://www.udupipages.com/home/culture/folk1.html। আহৰণ কৰা হৈছে: 2007-05-13.
- ↑ 2.0 2.1 2.2 2.3 2.4 Legend related to the Gaarudi Gombe dance is mentioned by "On a high of music, dance medley". Online edition of the Times of India, dated 2003-12-12 (© 2007 Times Internet Limited). 2003-12-12. http://timesofindia.indiatimes.com/articleshow/354270.cms.