সমললৈ যাওক

গৰ্গ সংহিতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গৰ্গ সংহিতা
তথ্য
ধৰ্ম হিন্দুধৰ্ম
ৰচয়িতা গৰ্গ ঋষি
ভাষা সংস্কৃত
অধ্যায় ২৬৭
শ্লোক ১২,০০০

গৰ্গ সংহিতা হিন্দু দেৱ-দেৱী ৰাধা আৰু কৃষ্ণৰ আধাৰত সংস্কৃত ভাষাত ৰচিত বৈষ্ণৱী শাস্ত্ৰ। ইয়াৰ ৰচনা কৃষ্ণৰ বংশ যাদৱৰ প্ৰধান পুৰোহিত গৰ্গ ঋষিয়ে কৰিছিল বাবে গৰ্গ সংহিতা বুলি কোৱা হয়।[1][2] ই ৰাধা কৃষ্ণ আৰু গোপীসকলক হোলী উৎসৱৰ সৈতে জড়িত কৰা আদিম গ্ৰন্থ।[3]

অধ্যায়

[সম্পাদনা কৰক]

গৰ্গ সংহিতাত ১১টা স্কন্ধ বা অধ্যায় আছে:[4][1]

গৰ্গ সংহিতাৰ বিষয়
# খণ্ড (গ্ৰন্থ) অধ্যায়ৰ সংখ্যা বিষয়
গোলোক খণ্ড ২০ গোলোকত ৰাধা কৃষ্ণৰ খেলা-ধূলা গোলোকৰ গঠন।
বৃন্দাবন খণ্ড ২৬ ৰাধা, গোপী আৰু গোপ (গোপালক)ৰ লগত কৃষ্ণৰ খেলা-ধূলা; মথুৰা মণ্ডল (অঞ্চল)ৰ বিভিন্ন স্থান (বৃন্দাবনকে ধৰি) এই পৰিঘটনাৰ স্থান হিচাপে চিনাক্ত কৰে।
গিৰিৰাজ খণ্ড ১১ গোবৰ্ধন পৰ্বতৰ মাহাত্ম্য আৰু ইয়াৰ উৎসৱ
মাধুৰ্য খণ্ড ২৪ ৰাধা কৃষ্ণ, গোপী, যমুনাৰ বৰ্ণনাকে ধৰি বৃন্দাবনত ৰাধা কৃষ্ণৰ প্ৰেম লীলা
মথুৰা খণ্ড ২৫ কৃষ্ণ মথুৰালৈ উভতি অহা, আৰু তেওঁৰ কংস বধ; উদ্ধৱ আৰু গোপীৰ মাজত হোৱা কথোপকথন।
দ্বাৰকা খণ্ড ২২ দ্বাৰকা নগৰৰ প্ৰতিষ্ঠা, ইয়াৰ বৰ্ণনা আৰু তাত কৃষ্ণৰ লীলা
বিশ্বজিৎ খণ্ড ৫০ মহাভাৰত যুদ্ধত কৃষ্ণৰ ভূমিকাকে ধৰি কৃষ্ণৰ কৃতিত্ব আৰু দেৱত্ব
বলোৰাম খণ্ড ১৩ বলোৰামৰ কৃতিত্ব আৰু ঐশ্বৰিকতা
বিজ্ঞান খণ্ড ১০ দেৱতা পূজাৰ বাবে ভক্তিমূলক নিৰ্দেশনা
১০ অশ্বমেধ খণ্ড ৬২ উগ্ৰসেনৰ অশ্বমেধ; বৃন্দাবনত ৰাধা-কৃষ্ণৰ পুনৰ মিলন আৰু গোলোকলৈ যাত্ৰা
১১ গৰ্গ-সংহিতাৰ মাহাত্ম্য গৰ্গ-সংহিতাৰ তাৎপৰ্য

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 Lavanya Vemsani (2016). Krishna in History, Thought, and Culture. ABC-CLIO. পৃষ্ঠা. 99–100. ISBN 978-1-61069-211-3. https://books.google.com/books?id=4fw2DAAAQBAJ&pg=PA99.
  2. (en ভাষাত) Kr̥ṣṇa Comes to Earth (Śrī Garga-saṃhitā: Ist canto, pt. 2. ch. 7-13). Rupanuga Vedic College. 2006. https://books.google.com/books?id=079BzgEACAAJ আহৰণ কৰা হৈছে: 2022-10-21.
  3. Varadpande, M. L. (2007) (en ভাষাত). Love in Ancient India. Wisdom Tree. পৃষ্ঠা. 11–12. ISBN 978-81-8328-217-8. https://books.google.com/books?id=FX2btUszr6cC&dq=Garga+samhita&pg=PT35.
  4. Gita Press Gorakhpur. Garga Samhita Gita Press Gorakhpur. http://archive.org/details/garga-samhita-gita-press-gorakhpur.