সমললৈ যাওক

গৰৰৰৰৰৰৰৰৰৰ!!

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গৰৰৰৰৰৰৰৰৰৰ!!
A menacing white dog on a blue background with onomatopoeic growling caption on a yellow background
শিল্পী ৰয় লিচেনষ্টেইন
বছৰ ১৯৬৫
আয়তন 172.7 cm × 142.5 cm (সাঁচ:Convert/LoffAoffDoutput onlySoff × সাঁচ:Convert/LoffAoffDoutput onlySoff)
অৱস্থিতি ছলমেন আৰ. গুগেনহাইম সংগ্ৰহালয়, নিউয়ৰ্ক মহানগৰ

গৰৰৰৰৰৰৰৰৰৰ!! (ইংৰাজী: Grrrrrrrrrrr!!) ১৯৬৫ চনত ৰয় লিচেনষ্টেইনৰ দ্বাৰা অইল আৰু মেগনাৰে অঙ্কিত এখন কেনভাছ পেইণ্টিং। ৬৮ ইঞ্চি × ৫৬.১২৫ ইঞ্চি (১৭২.৭ চে.মি. × ১৪২.৬ চে.মি.) এই পেইণ্টখন লিচেনষ্টেইনে ছলমেন আৰ. গুগেনহাইম সংগ্ৰহালয়লৈ উইল কৰিছিল। "গৰৰৰৰৰৰৰৰৰৰ!!" হৈছে এটা খঙাল কুকুৰৰ মুখৰ অভিব্যক্তি। এই শিল্পকৰ্মটি "আৱাৰ ফাইটিং ফ'ৰ্চেচ"ৰ পৰা প্ৰেৰণা লৈ অঁকা হৈছিল। এই ছবিখনক লিচেনষ্টেইনৰ অন্যান্য সামৰিক কুকুৰৰ চিত্ৰৰ প্ৰেৰণা হিচাপেও অভিহিত কৰা হয়।

a comic frame with military men and a dog
আৱাৰ ফাইটিং ফ'ৰ্চেচ সংখ্যা ৬৬ (ফেব্ৰুৱাৰী ১৯৬২)-ৰ আখ্যান উপাদানৰ উৎস গৰৰৰৰৰৰৰৰৰৰ!!

লিচেনষ্টাইন ফাউণ্ডেচনে মন্তব্য কৰিছে‍ যে এই ছবিখন আৱাৰ ফাইটিং ফ'ৰ্চেচ #৬৬ (ফেব্ৰুৱাৰী ১৯৬২) ছবিখনৰ দ্বাৰা অনুপ্ৰাণিত। যিটো নেচনেল পিৰিয়ডিকেল পাব্লিকেচনে (বৰ্তমান ডি চি) প্ৰকাশ কৰিছিল। সেই ছবিৰ সোঁফালৰ চুকৰ তলত এটা কুকুৰৰ মূৰৰ এটা অংশ দৃশ্যমান আৰু বক্তব্য বেলুনত লেখা আছে‍ "গৰৰৰৰৰ!"[1] চিত্ৰ অংকনৰ উপৰিও লিচেনষ্টেইনে ৫.৭৫ ইঞ্চি × ৪.৫ ইঞ্চি (১৪.৬ চে.মি. × ১১.৪ চে.মি.) সৰু কাগজ এখনত পৰীক্ষামূলক গ্ৰেফাইট এচি অংকন কৰিছিল।[2]

১৯৯২ চনত দিয়া প্ৰতিশ্ৰুতিৰ আধাৰত ১৯৯৭ চনত লিচেনষ্টেইনৰ মৃত্যুৰ পাছত এই ছবিখন গুগেনহাইম সংগ্ৰহালয়লৈ উইল কৰা হৈছিল। ১৯৯৩ চনত সংগ্ৰহালয়টোৰ কৰ্তৃপক্ষই "ৰয় লিচেনষ্টাইন: এ ৰেট্ৰ'স্পেকটিভ" প্ৰদৰ্শনীৰ প্ৰচাৰ পোষ্টাৰ হিচাপে গৰৰৰৰৰৰৰৰ!! ছবিখন ব্যৱহাৰ কৰিছিল আৰু ১৯৯৩ চনৰ ৭ অক্টোবৰ – ১৯৯৪ চনৰ ১৬ জানুৱাৰীলৈকে প্ৰদৰ্শিত হৈছিল।[3][4] নিউয়ৰ্কৰ গুগেনহাইম সংগ্ৰহালয়কে ধৰি অন্যান্য উল্লেখযোগ্য স্থানতো এই ছবিখন প্ৰদৰ্শিত হৈছিল। ১৯৯৮ চনৰ ১৬ অক্টোবৰৰ পৰা ১৯৯৯ চনৰ ২৪ জানুৱাৰীলৈকে গুগেনহাইম সংগ্ৰহালয়ত "ৰেণ্ডেভু: চেণ্টাৰ জৰ্জ পম্পিডু আৰু গুগেনহাইম সংগ্ৰহালয়ৰ পৰা মাষ্টাৰপিছ" প্ৰদৰ্শনীৰ অংশ হিচাপে এই ছবিখন প্ৰদৰ্শিত কৰা হৈছিল। ইয়াৰ উপৰিও ইয়াক "আৰ্ট ইন আমেৰিকা: থ্ৰী হাণ্ড্ৰেড ইয়াৰ্ছ অৱ ইনোভেচন" নামৰ এখন ভ্ৰাম্যমাণ প্ৰদৰ্শনীতো দেখুওৱা হৈছে। ২০০৭ চনৰ পৰা ২০০৮ চনৰ ভিতৰত চীনৰ বিভিন্ন সংগ্ৰহালয়ৰ প্ৰদৰ্শনীৰ সময়ত প্ৰদৰ্শিত হৈছিল।[5][6]

১৯৯৩ চনৰ নৱেম্বৰ মাহৰ আৰ্ট নিউজৰ প্ৰচ্ছদত এই ছবিখন প্ৰকাশ পাইছিল।[7][8]

a male black and white portrait
১৯৬৭ চনত লিচেনষ্টাইন

যদিও গৰৰৰৰৰৰৰৰৰৰ!! লিচেনষ্টেইনৰ এটা আদৰ্শ উৎস তথাপিও ই গুগেনহাইমৰ জ্যেষ্ঠ কিউৰেটৰ চুজান ডেভিডছনৰ মতে ই এটা "নিম্ন শ্ৰেণীৰ কমিক ষ্ট্ৰিপ।" কিন্তু ই লিচেনষ্টেইনৰ মোহিনীশক্তিক প্ৰতিনিধিত্ব কৰে কাৰণ ইয়াত "বেন-ডে বিন্দু পদ্ধতিৰ আণৱিক ভাষা, ক'লা ৰূপৰেখাৰ ব্যৱহাৰ আৰু কম বাজেটৰ বাণিজ্যিক চিত্ৰকলাত ব্যৱহৃত প্ৰাথমিক তিনিটা মৌলিক ৰং ব্যৱহাৰ কৰা হৈছে।[9]

গুগেনহাইমৰ জেনিফাৰ ব্লেছিঙৰ মতে, "গৰৰৰৰৰৰৰৰৰৰ!! ছবিখনৰ অঙ্কন কৌতুকপূৰ্ণ আৰু ইয়াত ললিতকলাৰ ৰসবোধৰ উপাদান আছে যিটো একে সময়তে কুকুৰৰ ধ্বনিযুক্ত শিৰোনাম আৰু কুটিল অভিব্যক্তিৰ মাধ্যমত স্পষ্ট হৈছে‍।[10]

সম্পৰ্কিত চিত্ৰকৰ্ম

[সম্পাদনা কৰক]

১৯৬২ চনত লিচেনষ্টেইনে আৰৰৰৰৰফফ! নামেৰে অইল আৰু গ্ৰেফাইট পেঞ্চিলেৰে‍ কুকুৰৰ চিত্ৰসম্বলিত এটি কেনভাচ চিত্ৰ অঙ্কন কৰে যিটো আৱাৰ ফাইটিং ফ'ৰ্চেচৰ পৰা উদ্ভূত গৰৰৰৰৰৰৰৰৰৰ!! ধাৰাবাহিকৰ পৰৱৰ্তী চিত্ৰকৰ্ম।[11] ছবিখনত "পুচ" নামৰ পোহনীয়া কুকুৰ এটাৰ ছবি আছে যাৰ মূৰৰ ওপৰত লিখা আছে "স্নিফ--স্নিফ--স্নিফ--স্নিফ--আৰৰৰৰৰফফ!" এই ছবিখনৰ প্ৰেৰণা হৈছে আৱাৰ ফাইটিং ফ'ৰ্চেচ #৬৯ সংখ্যা (জুলাই ১৯৬২)।[12] আৰৰৰৰৰফফ! চিত্ৰকৰ্মটি ১৯৯৬ চনত ক্ৰীষ্টিজত এজন অজ্ঞাত ক্ৰেতাই ৪ লাখ ২০ হাজাৰ ৫০০ ডলাৰত এই ক্ৰয় কৰিছিল।[13]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Our Fighting Forces #66". Lichtenstein Foundation. Archived from the original on February 7, 2016. https://web.archive.org/web/20160207061002/http://image-duplicator.com/sat/sat_source_details.php?source_id=21895l%C3%ADngua%3Dingl%C3%AAs। আহৰণ কৰা হৈছে: May 14, 2012. 
  2. "Grrrrrrrrr! (Study)". Roy Lichtenstein Foundation. Archived from the original on February 7, 2016. https://web.archive.org/web/20160207061341/http://image-duplicator.com/sat/sat_study_details.php?study_id=31606l%C3%ADngua%3Dingl%C3%AAs। আহৰণ কৰা হৈছে: August 4, 2015. 
  3. Vogel, Carol (January 16, 1998). "Inside Art". The New York Times. https://www.nytimes.com/1998/01/16/arts/inside-art.html। আহৰণ কৰা হৈছে: May 9, 2012. 
  4. "Past Exhibitions: Solomon R. Guggenheim Museum". Solomon R. Guggenheim Museum. http://www.guggenheim.org/new-york/exhibitions/past। আহৰণ কৰা হৈছে: May 9, 2012. 
  5. Rendezvous: Masterpieces from the Centre Georges Pompidou and the Guggenheim Museums. প্ৰকাশক New York: The Solomon R. Guggenheim Foundation. 1998. পৃষ্ঠা. 539. ISBN 0810969165. 
  6. Davidson, Susan, ed (2007). Art in America: 300 Years of Innovation. প্ৰকাশক London: Merrell Publishers Limited. পৃষ্ঠা. 271. ISBN 9781858943947. 
  7. "Chronology". Roy Lichtenstein Foundation. Archived from the original on May 7, 2012. https://web.archive.org/web/20120507132503/http://www.lichtensteinfoundation.org/frames.htm। আহৰণ কৰা হৈছে: May 9, 2012. 
  8. "Wham! Blam! Pow! Roy Lichtenstein!". ARTnews খণ্ড 92 (9): পৃষ্ঠা cover page. November 1993. 
  9. Davidson, Susan, ed (2007). Art in America: 300 Years of Innovation. Merrell Publishers Limited/Guggenheim Museum Publications/Terra Foundation for American Art. পৃষ্ঠা. 249, 271. ISBN 978-1-8589-4394-7. 
  10. Blessing, Jennifer. "Roy Lichtenstein: 1923-1997". Solomon R. Guggenheim Museum. https://www.guggenheim.org/artwork/2494। আহৰণ কৰা হৈছে: May 10, 2012. 
  11. "Arrrrrff!". Roy Lichtenstein Foundation. Archived from the original on February 7, 2016. https://web.archive.org/web/20160207073904/http://image-duplicator.com/main.php?decade=60&year=62&work_id=728। আহৰণ কৰা হৈছে: August 12, 2015. 
  12. "Our Fighting Forces #69 (h)". Roy Lichtenstein Foundation. Archived from the original on February 7, 2016. https://web.archive.org/web/20160207074521/http://image-duplicator.com/sat/sat_source_details.php?source_id=20470। আহৰণ কৰা হৈছে: August 12, 2015. 
  13. "Roy Lichtenstein (b. 1923)". Christie's. http://www.christies.com/lotfinder/lot/roy-lichtenstein-arrrrrff-1103662-details.aspx?intObjectID=1103662। আহৰণ কৰা হৈছে: August 12, 2015. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]