গ’লনাৰ আদিলি
| গ’লনাৰ আদিলি | |
|---|---|
| জন্ম | ১৯৭৬ (বয়স ৪৮–৪৯) ফলচ্ চাৰ্চ, ভাৰ্জিনিয়া, ইউ,এছ |
| ৱেবচাইট | http://www.golnaradili.com |
গ'লনাৰ আদিলি (ইংৰাজী: Golnar Adili) তেওঁৰ জন্ম হৈছিল, ১৯৭৬ চনত, ভাৰ্জিনিয়াত। গ’লনাৰে নিউয়ৰ্কৰ ব্ৰুকলিনত বাস কৰা এটা ইৰাণী পৰিয়ালত জন্মগ্ৰহণ কৰা এগৰাকী আমেৰিকান বহুবিষয়ক শিল্পী।[1] তেওঁৰ বহু কামেই তেহৰাণত ইৰাণৰ পিছৰ বিপ্লৱ আৰু স্থানচ্যুতিৰ বিষয়ৰ দ্বাৰা প্ৰভাৱিত হৈছিল।
জীৱনী
[সম্পাদনা কৰক]১৯৭৬ চনত ভাৰ্জিনিয়াৰ ফল্ছ চাৰ্চত জন্মগ্ৰহণ কৰা আদিলিৰ জন্ম হৈছিল যদিও ১৯৮০ চনত চাৰি বছৰ বয়সত তেওঁৰ পৰিয়াল পুনৰ ইৰাণলৈ গুচি যায়।[2][3] তেওঁৰ পিতৃ-মাতৃ ৰাজনৈতিক কৰ্মী আছিল আৰু ইৰাণলৈ যোৱাৰ পিছত তেওঁৰ পিতৃয়ে তেওঁৰ কামৰ বাবেই পুনৰ আমেৰিকালৈ পলায়ন কৰিবলৈ বাধ্য হয়।[4] ১৯৯৪ চনত তেওঁ আমেৰিকালৈ উভতি আহি পিতৃৰ সৈতে পুনৰ মিলিত হয় আৰু কলেজীয়া শিক্ষা গ্ৰহণ কৰে।[4] ১৯৯৮ চনত ভাৰ্জিনিয়া বিশ্ববিদ্যালয়ৰ পৰা চিত্ৰকলাৰ স্নাতক ডিগ্ৰী লাভ কৰে আৰু ২০০৬ চনত মিচিগান বিশ্ববিদ্যালয়ৰ পৰা স্থাপত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[5]
২০০৯ চনত তেওঁ নিউয়ৰ্ক ফাউণ্ডেশ্যন ফৰ দ্য আৰ্টছৰ পৰা প্ৰিন্টমেকিং/ড্ৰয়িং/আৰ্টিষ্ট বুকছৰ ফেল'শ্বিপ লাভ কৰে।[6] আদিলিক মহিলা ষ্টুডিঅ' কৰ্মশালা (২০১৫), দ্য মেকড'ৱেল কলনী (২০০৭, ২০১৩), বেলাজিঅ' চেণ্টাৰৰ ৰকফেলাৰ ফাউণ্ডেশ্যন, আৰু ল'ৱাৰ ইষ্ট চাইড প্ৰিন্টশ্বপ (২০১৪) আদিত ৰেচিডেন্সি প্ৰদান কৰা হৈছে।.[3][7][8]
প্ৰদৰ্শনী
[সম্পাদনা কৰক]গ’লনাৰ আদিলিৰ নিৰ্বাচিত প্ৰদৰ্শনীৰ তালিকা, বছৰ অনুযায়ী।
- ২০১৬ – "লেংগুৱেজ লেণ্ডস্কেপ," কেণ্টলাৰ আন্তৰ্জাতিক অংকন স্থান, ব্ৰুকলিন, নিউয়ৰ্ক[9]
- ২০১৪ – "গুদ নিউজ ফ্ৰম ইৰাণ", পেচিংগাৰ ফেব্ৰিক-মিউনিখ, মিউনিখ, জাৰ্মানী[10]
- ২০১৩ – "আৰ্ট অন পেপাৰ + ১", ব্ৰাছেলছ সমসাময়িক অংকন মেলা, Galeri Coullaud আৰু Koulinsky, পেৰিছ, ফ্ৰান্স[11]
- ২০১৩ – "ডিচপ্লেচমেণ্ট", ক্ৰাফ্ট আৰু লোক কলা সংগ্ৰহালয়, লছ এঞ্জেলছ, কেলিফৰ্নিয়া[11]
- ২০১১ – "ফৰ্গদ্ প্যাটাৰ্নিং: চোলো শ্ব'", আউন গেলেৰী, তেহৰাণ, ইৰাণ[11]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ "Bio". Uprise Art. Archived from the original on 21 October 2016. https://web.archive.org/web/20161021094529/https://www.upriseart.com/discover/artists/golnar-adili। আহৰণ কৰা হৈছে: 7 April 2016.
- ↑ "Golnar Adili". Smack Mellon. https://www.smackmellon.org/artist/golnar-adili/। আহৰণ কৰা হৈছে: 2016-04-07.
- ↑ 3.0 3.1 "Summer Exhibition: In and Out of Context". Rhizome. http://rhizome.org/community/22545/। আহৰণ কৰা হৈছে: 2016-04-10.
- ↑ 4.0 4.1 Hodara, Susan (2016-03-17). "Three Iranian Women Use Art to Pierce Their Homeland's Veil". The New York Times. ISSN 0362-4331. https://www.nytimes.com/2016/03/20/nyregion/threeiranian-women-use-art-to-pierce-their-homelands-veil.html.
- ↑ Ali, Sasha (2014). "Displacements: The Craft Practices of Golnar Adili and Samira Yamin". Craft and Folk Art Museum (CAFAM). Archived from the original on 2016-10-21. https://web.archive.org/web/20161021094725/http://www.cafam.org/media/31284/displacements_press_v2.pdf। আহৰণ কৰা হৈছে: 2016-04-07.
- ↑ "Directory of Artists' Fellows from 1985–2013". New York Foundation for the Arts (NYFA). https://s3.amazonaws.com/NYFA_WebAssets/Pictures/6b2ad3f7-2970-4032-9d75-d886c72943cd.pdf। আহৰণ কৰা হৈছে: 2016-04-07.
- ↑ "Conditions of Longing: Golnar Adili in the Studio – Women's Studio Workshop" (en-US ভাষাত). Women's Studio Workshop. 17 April 2015. http://www.wsworkshop.org/2015/04/golnar-adili/। আহৰণ কৰা হৈছে: 2016-04-10.
- ↑ "Golnar Adili on Her Life-Changing MacDowell Experience". Vimeo. 2015-12-30. https://vimeo.com/146932509। আহৰণ কৰা হৈছে: 2016-04-10.
- ↑ "Home". kentlergallery.org. http://www.kentlergallery.org/.
- ↑ "'Good News From Iran' – Emerging Iranian Artists at Pasinger Fabrik-Munich". Islamic Arts Magazine. http://islamicartsmagazine.com/magazine/view/good_news_from_iran_emerging_iranian_artists_at_pasinger_fabrik-munich/। আহৰণ কৰা হৈছে: 2016-04-10.
- ↑ 11.0 11.1 11.2 "Golnar Adili". Victori Contemporary. Archived from the original on 2016-10-06. https://web.archive.org/web/20161006040945/http://victoricontemporary.com/artists/golnar-adili/। আহৰণ কৰা হৈছে: 2016-04-10.